গুলীবৰ্ষণৰ পুৰণি ভিডিঅ’ মণিপুৰৰ শেহতীয়া সংঘৰ্ষৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ছেপ্তেম্বৰ 7 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
গুলীবৰ্ষণৰ পুৰণি ভিডিঅ’ মণিপুৰৰ শেহতীয়া সংঘৰ্ষৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টো ২০২০ চনৰ জুলাই মাহৰে পৰা ইণ্টাৰনেটত উপলব্ধ, মণিপুৰৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই ।

ক্লেইম আইডি a24a3e98

পৃষ্ঠভূমি

মণিপুৰত মেইটেই সকলক অনুসূচীত জনজাতি (এছ টি) হিচাপে স্বীকৃতি প্ৰদানৰ বাবে কৰা দাবীৰ প্ৰতিবাদত অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ (এ টি এছ ইউ এম)-এ যোৱা ৩ মে’ত আহ্বান জনোৱা “ট্ৰাইবেল চ’লিডাৰিটি মাৰ্চ” ৰেলীৰ পিছৰে পৰা ৰাজ্যজুৰি ভয়ংকৰ গোষ্ঠী সংঘৰ্ষ আৰম্ভ হয়। সেই হিংসাত ২৯ জুলাই লৈকে ১৮১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহতৰ সংখ্যা ৩০০ জন হয়, আৰু প্ৰায় ৫৪,০০০ লোক গৃহহীন হৈ পৰে । 

পৰিস্থিতিয়ে এনে ৰূপ ধাৰণ কৰিছিল যে হিংসা নিয়ন্ত্ৰণৰ বাবে ৪ মে’ত কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তাৰ দায়িত্ব নিজৰ অধীনলৈ আনে আৰু সেনা আৰু অসম ৰাইফলছৰ পঞ্চাশটা গোট নিয়োগ কৰে। এক ভিডিঅ' বিবৃতিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন. বীৰেন সিঙে "সমাজৰ দুটা সম্প্ৰদায়ৰ মাজত বিৰাজমান ভুল বুজাবুজি"ৰ বাবে হিংসাত্মক ঘটনাসমূহ সংঘটিত হোৱা বুলি মন্তব্য কৰিছিল। তেওঁ জনসাধাৰণক তেওঁলোকৰ নিজ নিজ অঞ্চলত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু "উৰাবাতৰি আৰু অপ্ৰমাণিত খবৰত" বিশ্বাস নকৰিবলৈ আহ্বান জনায়।

ইয়াৰ মাজতে মণিপুৰত চলি থকা হিংসাৰ সময়ত সংঘটিত হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰি থকা হৈছে। ভিডিঅ’টোত নিশাৰ আন্ধাৰত তিনিজন লোকে উচ্চ প্ৰযুক্তিৰ মাৰণাস্ত্ৰৰ সহায়ত গুলীচালনা কৰি থকা দেখা গৈছে। এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে- “এয়া কোনো চলচ্চিত্ৰৰ দৃশ্য নহয়, মোডীজীৰ ডাবল ইঞ্জিন চৰকাৰ থকা মণিপুৰৰ হয়”। একেটা ভিডিঅ’ শ্বেয়াৰ কৰি আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কুকী সম্প্ৰদায়ৰ লোকে মেইটেই মানুহৰ ওপৰত এনেদৰে গুলীচালনা কৰে বুলি দাবী কৰে।

কিন্তু প্ৰকৃততে ভিডিঅ’টোৰ সৈতে মণিপুৰত চলি থকা হিংসাত্মক ঘটনাৰ কোনো সম্পৰ্ক নাই।

প্ৰকৃত তথ্য

ভিডিঅ’টোৰ স্ক্ৰীণশ্বট ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি দেখিলোঁ যে একেটা ভিডিঅ’ ২০২৩ চনৰ ২৯ এপ্ৰিলত টুইটাৰত আপলোড কৰা হৈছিল। পৰ্তুগীজ ভাষাত লিখা কেপচনটোত এনেদৰে লিখা আছিল, “লেজাৰ বা ফ্লেছলাইট সংলগ্ন কৰি ৰাতি ৰাইফল বা পিষ্টলেৰে গুলী চলোৱা এই ভিডিঅ’বোৰ মোৰ বিৰাট ভাল লাগিছে। মই @lovearmasvideos-ত এনেধৰণৰ অধিক ভিডিঅ' পোষ্ট কৰিম”। টুইটাৰ প্ৰ’ফাইলটোৰ বায়’ত উল্লেখ কৰা মতে ইয়াত আগ্নেয়াস্ত্ৰ, যুদ্ধ অস্ত্ৰ, তৰোৱাল আদিৰ সৈতে জড়িত বিষয়বস্তু পোষ্ট কৰা হয়।

ইয়াৰ উপৰিও ২০২০ চনৰ ৫ জুলাইত ইনষ্টাগ্ৰামৰ এজন ব্যৱহাৰকাৰীয়ে একেটা ভিডিঅ’ আপলোড কৰিছিল। পোষ্টটোৰ কমেণ্ট ছেকচনত ব্যৱহাৰকাৰী গৰাকীয়ে গেমিং সম্পৰ্কীয় কেইবাটাও হেচটেগ যেনে PUBG, GTA Online, Call of Duty, Xbox আদিৰ কথা উল্লেখ কৰিছে।  threatty_ নামৰ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী গৰাকীয়ে প্ৰফাইলটোৰ বায়’ত নিজকে “ভিডিঅ’ ক্ৰিয়েটৰ” বুলি উল্লেখ কৰিছে আৰু একে নামৰ এটা ইউটিউবৰ লিংক দিয়া আছে। ইউটিউব চেনেলৰ বিৱৰণীত লিখা আছে, “ডাই-হাৰ্ড পিচি গেমাৰ, ইতিহাস অনুৰগী, ফিনিছ আৰ্মি ৰিজাৰ্ভেষ্ট (২০১১ চনত সেৱা আগবঢ়োৱা)। মোৰ লক্ষ্য হৈছে মই খেলা গেমসমূহৰ উৎকৃষ্ট মানৰ মৌলিক বিষয়বস্তু প্ৰদান কৰা।” ভিডিঅ’টোত বাস্তৱত চলা গুলীচালনা দেখা গৈছে নে এইয়া  ভিডিঅ’ গেমৰ অংশ সেইয়া আমি নিজাবীয়াকৈ প্ৰমাণ কৰিব পৰা নাই। কিন্তু যিহেতু ২০২০ চনৰ পৰা ভিডিঅ’টো ইনটাৰনেটত উপলব্ধ গতিকে আমি নিশ্চিতভাৱে ক’ব পাৰো যে মণিপুৰত শেহতীয়াকৈ চলি থকা হিংসাত্মক পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টো ২০২০ চনৰ জুলাই মাহৰে পৰা ইণ্টাৰনেটত উপলব্ধ, মণিপুৰৰ শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই । সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছোঁ ।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।