লজিকেলী ফেক্টছৰ বিষয়ে

লজিকেলী ফেক্টছ হৈছে আয়াৰলেণ্ডত পঞ্জীভুক্ত এটা কোম্পানী আৰু ব্ৰিটেইনত অৱস্থিত ‘দ্য় লজিকেলী’ৰ এটা স্বতন্ত্ৰ সংস্থা। আমাৰ লক্ষ্য হৈছে আমাৰ ফেক্ট-চেকিং প্ৰচেষ্টাৰ জৰিয়তে বিভ্ৰান্তিকৰ আৰু প্ৰতাৰণামূলক অনলাইন বক্তব্য়ই কৰা ব্যক্তিগত, প্ৰতিষ্ঠানিক আৰু সামাজিক ক্ষতি হ্ৰাস কৰা।

লজিকেলী ফেক্টছে জনস্বাস্থ্য, জনসাধাৰণৰ সুৰক্ষা, নিৰ্বাচনৰ অখণ্ডতা, আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভুল/অপপ্ৰচাৰৰ দ্বাৰা উদ্ভৱ হোৱা বিপদাশংকাবোৰ হ্ৰাস কৰাত সহায় কৰে আৰু প্লেটফৰ্মসমূহক সুৰক্ষিতভাৱে, দায়বদ্ধতাৰে আৰু নিয়ম অনুসৰি কাম কৰাত সহায় কৰে। লজিকেলী ফেক্টছ মেটাৰ থাৰ্ড পাৰ্টি ফেক্ট-চেকিং প্ৰগ্ৰাম (3পিএফচি)ৰ এক অংশ হোৱাৰ লগতে ইউৰোপত টিকটকৰ বাবে কাম কৰে। আমি ২০২০ চনৰ পৰা ইন্টাৰনেশ্য়নেল ফেক্ট-চেকিং নেটৱৰ্ক (আইএফচিএন)ৰ এক পৰীক্ষিত স্বাক্ষৰকাৰী সংস্থা হোৱাৰ উপৰি ভাৰতত থকা মিছইনফৰ্মেচন কমবেট এলায়েন্স(এমচিএ) তথা ইউৰোপ অৱস্থিত ইউৰোপিয়ান ডিজিটেল মিডিয়া অবজাৰ্ভেটৰী (ইডিএমও)-ৰ সদস্য।

 
0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।