নৈতিকতা আৰু স্বচ্ছতা

আমাৰ লক্ষ্য হৈছে ভুল/অপতথ্যৰ লগত সম্বৰ্কিত ক্ষতি হ্ৰাস কৰা আৰু ক্ৰমাগতভাৱে ইয়াক নিৰ্মূল কৰা। আমি বাক স্বাধীনতাৰ গৌৰৱান্বিত সমৰ্থক আৰু অনলাইন ব্যৱস্থাত ব্যক্তিগত মত প্ৰকাশৰ ক্ষেত্ৰত চেন্সৰীয় পদ্ধতিৰ বিৰোধিতা কৰোঁ। আমি বিশ্বাস কৰোঁ যে যেতিয়া বিভ্ৰান্তিকৰ আৰু প্ৰতাৰণামূলক অনলাইন বক্তব্যই সমাজৰ ক্ষতি কৰে, তেতিয়া ইয়াক চিনাক্ত কৰি সমাধান কৰাটো প্ৰয়োজন।

লজিকেলী ফেক্টছে ক্ষতিকাৰক ভুল/অপতথ্যৰ ক্ষেত্ৰত মোকাবিলা কৰিব পৰাকৈ এই উদ্যোগটোৰ ভিতৰত অগ্ৰণী সেৱা গঢ়ি তুলিছে। আমাৰ সেৱাসমূহ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সংস্থা, চৰকাৰ, আৰু নাগৰিক সমাজৰ গোটসমূহৰ লগতে অন্যান্যৰ ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে। আমি আমাৰ সেৱাসমূহ কেৱল সেইসকল ক্লায়েণ্টকহে প্ৰদান কৰোঁ যিসকলে সততা আৰু নৈতিকতাৰ উচ্চতম মানদণ্ড পূৰণ কৰে।

আমি সঠিকতা, বিশ্বাসযোগ্যতা আৰু দৃঢ়তাৰ সৰ্বোচ্চ মানদণ্ডত নিজক বৰ্তাই ৰাখোঁ। আইএফচিএনৰ এক পৰীক্ষিত স্বাক্ষৰকাৰী সংস্থা হোৱা হেতুকে আমি নিৰপেক্ষতা আৰু  ন্যায়পৰায়ণতাৰ লগতে উৎস, পুঁজিৰ যোগান আৰু সাংগঠনিক গাঁথনিৰ স্বচ্ছতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। আমি নীতি সংহিতা মানি চলাৰ দিশটো আই এফ চি এন দ্বাৰা বছৰি পৰ্যালোচনা কৰা হয় আৰু আমাৰ পূৰ্বৰ মূল্যায়নসমূহ ইয়াত পোৱা যাব।

যিকোনো সম্ভাৱ্য ক্লায়েণ্ট লাভৰ সুযোগৰ মূল্যায়ন কৰাৰ সময়ত আমি তলত দিয়া মানদণ্ডসমূহ প্ৰয়োগ কৰো: 

আমি এনে কোনো চুক্তিত স্বাক্ষৰ নকৰো:

  • যি নাগৰিকৰ বাক স্বাধীনতাক সুৰক্ষিত কৰা, গণতান্ত্ৰিক বিতৰ্ক আৰু প্ৰক্ৰিয়াক সুৰক্ষিত কৰা, আৰু বিশ্বাসযোগ্য তথ্যৰ সুবিধা প্ৰদানৰ নীতিৰ ক্ষেত্ৰত বিসঙ্গতিপূৰ্ণ।

  • য'ত আমি লাভ কৰা তথ্য ক্লায়েণ্টে ব্যৱহাৰ কৰাৰ পাছত কোনো ব্যক্তি বা গোটৰ অযথা ক্ষতি কৰাৰ যুক্তিসংগত সম্ভাৱনা থাকে বা যিকোনো ব্যক্তি বা গোটৰ মানৱ অধিকাৰক ক্ষতিগ্ৰস্ত কৰাৰ ভাবুকি থাকে।

  • লজিকেলী ফেক্ট আৰু সেৱা প্ৰাপকৰ মাজত হোৱা সকলো বাণিজ্য়িক চুক্তিৰে যাতে এক নিৰ্দিষ্ট, পৰিসীমিত আৰু স্থিৰ লক্ষ্যৰ এক পৰিসৰ থাকে তাক আমি নিশ্চিত কৰোঁ। এয়া আমাৰ সেৱাসমূহ ব্য়ৱহাৰৰ বাবে অনুজ্ঞাপ্ৰাপ্ত হোৱাকৈ দুয়োপক্ষৰ বুজাবুজি সাপেক্ষে কৰা হয়। উক্ত চৰ্তসমূহৰ কোনো উলংঘন হ’লে সেৱা বন্ধ হ’ব।

  • আমি এনে কোনো অংশীদাৰিত্বত লিপ্ত নহওঁ যিয়ে ৰাজনৈতিক নিৰপেক্ষতাৰ প্ৰতি আমাৰ দায়বদ্ধতাক ক্ষতিগ্ৰস্ত কৰে।

আৰু সদৌ শেষত, যিকোনো নতুন চুক্তি আমাৰ মানদণ্ডৰ সৈতে মিল থকাটো নিশ্চিত কৰিবলৈ আমাৰ পদ্ধতিৰ আধাৰত এটা শক্তিশালী নৈতিক পৰ্যালোচনা প্ৰক্ৰিয়াই সহায় কৰে। নিৰপেক্ষতাৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাক বিঘ্নিত কৰিব পৰা কোনোধৰণৰ স্বাৰ্থজনিত সংঘাত নাই বুলি যেতিয়ালৈকে নেতৃত্বকাৰী দলটো সৰ্বসন্মতিক্ৰমে সন্মত নহয়, তেতিয়ালৈকে কোনো প্ৰকল্পই আমাৰ আভ্যন্তৰীণ নৈতিকতা পৰ্যালোচনাত উত্তীৰ্ণ হ’ব নোৱাৰে। নিৰপেক্ষতাৰ প্ৰতি থকা দায়বদ্ধতাৰ ক্ষেত্ৰত লজিকেলী ফেক্টছ মাৰ্ক উডৰ অধ্যক্ষতাত গঠিত আমাৰ পৰামৰ্শদাতা ব'ৰ্ডৰ ওচৰতো জবাবদিহি হয়।

আমি আমাৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো তলত দিয়া মানদণ্ডসমূহ প্ৰয়োগ কৰো: 

  • আমাৰ সম্পাদকীয় দলৰ সকলো সদস্যই:  

  • যিকোনো প্ৰকল্পত কাম কৰাৰ সময়ত হ’ব পৰা যিকোনো সম্ভাৱ্য স্বাৰ্থজনিত সংঘাতৰ কথা প্ৰকাশ কৰিব লাগিব আৰু আমাৰ নিৰপেক্ষতাৰ সুনাম বিঘ্নিত হ’ব পাৰে নেকি সেয়া আগতীয়াকৈ নিৰ্ধাৰণ কৰিব লাগিব।

  • লজিকেলী ফেক্টছত কৰ্ম আৰম্ভ কৰাৰ পূৰ্বে ব্যক্তিগত অভিৰুচি ঘোষণা সম্পূৰ্ণ কৰিব লাগিব।

  • কোনো এক ফেক্ট-চেকৰ যদি যিকোনো বাণিজ্যিক বা অন্যান্য সম্পৰ্কই সেই প্ৰতিবেদনৰ তথ্যক প্ৰভাৱিত কৰিব পাৰে বুলি জনসাধাৰণে ভাবিবৰ অৱকাশ থাকে, তেন্তে সেইয়া উক্ত ৰিপৰ্টৰ ভিতৰত প্ৰকাশ কৰিব লাগিব।

  • লজিকেলী ফেক্টছৰ কৰ্মচাৰীয়ে:

  • লজিকেলী ফেক্টছৰ সুনাম অযথা ক্ষতিগ্ৰস্থ হ'ব পৰা কোনো কাৰ্য্য যাতে নকৰে তাৰ বাবে বাধ্য, ইয়াৰ ভিতৰত আমাৰ নিৰপেক্ষতাৰ সুনাম বিঘ্নিত নকৰাটোও অন্তৰ্ভুক্ত।

  • কোনো ৰাজনৈতিক পদৰ বাবে থিয় দিয়া, কোনো ৰাজনীতিবিদ বা দলক ৰাজহুৱাভাৱে সমৰ্থন কৰা, বা ছ’চিয়েল মিডিয়াত কোনো ৰাজনৈতিক দল, ৰাজনৈতিক প্ৰাৰ্থী বা ৰাজনৈতিকভাৱে সংযুক্ত আন্দোলনৰ প্ৰতি কোনো আগ্ৰহ, সংযোগ বা সংযোগ প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ সন্মত হ’ব লাগিব।

লজিকেলী ফেক্টছ কোনো চৰকাৰ, ৰাষ্ট্ৰ, ৰাজনৈতিক দল বা ৰাজনীতিবিদৰ সম্পাদকীয় নিয়ন্ত্ৰণত নাই। আমি আমাৰ অনুসন্ধান আৰু প্ৰতিবেদনসমূহল কোনো এটা নিৰ্দিষ্ট ৰাজনৈতিক দল বা ৰাজনৈতিক ক্ষেত্ৰখনৰ কোনো পক্ষক উদ্দেশ্য় কৰি যুগুত নকৰো।

আমি কোনো ৰাজনৈতিক দল, চৰকাৰ, বা ৰাজহুৱা কোম্পানীত দৰমহা পোৱা বা বিশিষ্ট পদবীত থকা কোনো ব্যক্তিক নিযুক্তি নিদিওঁ।

আমি পঢ়ুৱৈসকলক কোনো ৰাজনৈতিক দল, ৰাজহুৱা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী, তথা ফেক্ট-চেকিং প্ৰথাৰ সৈতে প্ৰাসংগিক নীতিৰ বাহিৰে আন কোনো নীতিক ভোট দিবলৈ আহ্বান বা পৰামৰ্শ নজনাও।

লজিকেলী ফেক্টছে কোনো ৰাজনৈতিক দলৰ সৈতে কোনো চুক্তি বা অংশীদাৰিত্ব সম্পন্ন নকৰে আৰু উদ্ধৃতি বা ব্যৱহাৰ কৰা বিশেষজ্ঞ বা সংস্থাসমূহৰ সৈতে কোনো যুক্তিসংগত স্বাৰ্থৰ সংঘাত বা ৰাজনৈতিক পক্ষপাতিত্বৰ উল্লেখ কৰিব।

লজিকেলী ফেক্টছৰ নীতিৰ অধীনত ইয়াৰ সকলো কৰ্মচাৰীক কোম্পানীৰ নামত ৰাজনৈতিক বক্তব্য প্ৰদানত বাধা আৰোপ কৰাৰ লগতে তেওঁলোকে সাধাৰণ, সামাজিক আৰু সৌজন্যমূলক বস্তুৰ বাহিৰে কৰ্ম পৰিৱেশত সুবিধাজনক পৰিস্থিতিৰ সৈতে কোনো উপহাৰ, অনুগ্ৰহ বা সেৱা গ্ৰহণ কৰিব নোৱাৰিব।

লজিকেলী ফেক্টছ হৈছে আয়াৰলেণ্ডৰ এটা পঞ্জীয়নভুক্ত কোম্পানী, যাৰ ৰেজিষ্ট্ৰি নাম হৈছে লজিকেলী ফেক্টছ লিমিটেড, আৰু ৰেজিষ্ট্ৰী নম্বৰ হৈছে ৭০৪১৬৬। ইয়াৰ স্বত্বাধিকাৰী হৈছে ইউনাইটে কিংডমস্থিত দ্য লজিকেলি লিমিটেড। অৱশ্য়ে. লজিকেলী ফেক্টছ ইয়াৰ সম্পাদকীয় আৰু প্ৰশাসনিক বিষয়ত সম্পূৰ্ণ নিলগতা অৱলম্বন কৰে আৰু দ্য লজিকেলী লিমিটেডৰ পৰা কোনো ধৰণৰ পুঁজি লাভ নকৰে। সকলো প্ৰশাসনিক আৰু বাজেটৰ সিদ্ধান্ত সংস্থাটোৰ পৰিচালন সঞ্চালক বেবাৰ্ছ অৰ্চেকে গ্ৰহণ কৰে।

লজিকেলী ফেক্টছৰ সম্পাদকীয় মানদণ্ডসমূহ ৰয়টাৰৰ প্ৰাক্তন মুখ্য সম্পাদক মাৰ্ক উডৰ অধ্যক্ষতাত লজিকেলী ফেক্টছৰ পৰামৰ্শদাতা ব’ৰ্ডৰ তদাৰকীৰ অধীনত থাকে। 

শেহতীয়া বিত্তীয় বৰ্ষৰ (২০২২) বাৰ্ষিক আয় আৰু মুঠ বাৰ্ষিক আয়ৰ ৫ শতাংশতকৈ অধিক অৰিহণা যোগোৱা উৎসসমূহ তলত পোৱা যাব।

যোৱা সমাপ্ত বছৰৰ আপোনাৰ বাৰ্ষিক উপাৰ্জন:

£১,৭৯৯,৫২৭

মুঠ বাৰ্ষিক উপাৰ্জনৰ ৫ % তকৈ অধিক অৰিহণা যোগোৱা আয়ৰ উৎস

বাইটেডান্স, মেটা

অনুচ্ছেদ ৪.২.বিৰ দ্বাৰা বুজোৱা আয়ৰ অন্যান্য প্ৰাসংগিক উৎসসমূহ:

একো নাই

 

আমাৰ অংশীদাৰী সংস্থাসমূহৰ সৈতে আমি কৰা কামৰ বিৱৰণ আপুনি তলত চাব পাৰে।

অংশীদাৰ সংস্থাৰ নাম

কামৰ বিৱৰণ

মেটা

থাৰ্ড পাৰ্টি ফেক্ট-চেকিং প্ৰগ্ৰামৰ অংশীদাৰ

বাইটেডান্স (টিকটক)

থাৰ্ড পাৰ্টি ফেক্ট-চেকিং প্ৰগ্ৰামৰ অংশীদাৰ

 

লজিকেলী ফেক্টছ লিমিটেডৰ উপ-বিধিসমূহ (লজিকেলী ফেক্টছ)

অনুচ্ছেদ I: নাম, উদ্দেশ্য, আৰু স্বতন্ত্ৰতা

১.১ এই সংস্থাটোৰ নাম হ’ব লজিকেলী ফেক্টছ।

১.২ লজিকেলী ফেক্টছৰ উদ্দেশ্য হৈছে স্বতন্ত্ৰ ফেক্ট-চেকিং কাৰ্য সম্পাদন কৰা আৰু ভুল তথ্য তথা অপতথ্য সৈতে সম্পৰ্কিত ক্ষতিবোৰ সমাধান কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু জনসাধাৰণক সেৱা আগবঢ়োৱা।

১.৩ লজিকেলী ফেক্টছে ইয়াৰ মূল কোম্পানী দ্য লজিকেলী লিমিটেড (লজিকেলী হিচাপেও জনা যায়)ৰ পৰা এক সুকীয়া আৰু স্বতন্ত্ৰ ব্যৱসায়িক ইউনিট হিচাপে কাম কৰে। লজিকলী ফেক্টছ আয়াৰলেণ্ডৰ এটা পঞ্জীয়নভুক্ত কোম্পানী, যাৰ পঞ্জীকৃত নাম হৈছে লজিকলী ফেক্টছ লিমিটেড, আৰু পঞ্জীয়ন নম্বৰ হৈছে ৭০৪১৬৬।

অনুচ্ছেদ II: সম্পাদকীয় স্বাধীনতা

২.১ সম্পাদকীয় স্বাধীনতা: লজিকেলী ফেক্টছে লজিকেলীৰ পৰা সম্পূৰ্ণ সম্পাদকীয় স্বাধীনতা বজাই ৰাখে। ইয়াৰ ফেক্ট-চেকিং কাৰ্যৰ অখণ্ডতা আৰু বিশ্বাসযোগ্যতা সুনিশ্চিত কৰাৰ বাবে এই স্বতন্ত্ৰতা অতি গুৰুত্বপূৰ্ণ।

২.২ সম্পাদকীয় সিদ্ধান্ত: ফেক্ট-চেকিং কৰা লেখাসমূহৰ বিষয়বস্তুৰ নিৰ্বাচন, নিৰীক্ষণ, আৰু প্ৰকাশকে ধৰি সকলো সম্পাদকীয় সিদ্ধান্ত লজিকেলী ফেক্টছৰ সম্পাদকীয় দলে নিজাববীয়াকৈ গ্ৰহণ কৰে, ইয়াত লজিকেলীৰ কোনো হস্তক্ষেপ বা প্ৰভাৱ নাথাকে।

২.৩ সুকীয়া ব্যৱস্থাপনা আৰু কাৰ্যপ্ৰণালী: লজিকেলীৰ সৈতে যাতে কোনোধৰণৰ স্বাৰ্থৰ সংঘাত আহি নপৰে তাৰ বাবে লজিকেলী ফেক্টছৰ সুকীয়া ব্যৱস্থাপনা দল আৰু কাৰ্য্যকৰী কৰ্মচাৰী আছে।

২.৪ বিত্তীয় স্বাধীনতা: লজিকেলী ফেক্টছ লজিকেলীৰ এটা সুকীয়া আৰু স্বতন্ত্ৰ পৰিপূৰক কোম্পানী হয় আৰু ই এক সুকীয়া বাজেট আৰু বিত্তীয় সম্পদৰ দ্বাৰা পৰিচালিত হয়, যাতে মূল কোম্পানীটোৰ বিত্তীয় বিবেচনাই ইয়াৰ সম্পাদকীয় সিদ্ধান্তসমূহক প্ৰভাৱিত নকৰে।

অনুচ্ছেদ III: পৰিচালনা আৰু দায়বদ্ধতা

৩.১ পৰিচালনাৰ বিন্যাস: লজিকেলী ফেক্টছৰ নেতৃত্বত আছে পৰিচালন সম্পাদক, যি সংস্থাটোৰ লক্ষ্য, সম্পাদকীয় স্বাধীনতা ৰক্ষা কৰা, আৰু ইয়াৰ অংশীদাৰ আৰু গ্ৰাহকসকলক ডেলিভাৰী দিয়াৰ বাবে দায়বদ্ধ। ইয়াৰ উপৰি তেওঁ সম্পাদকীয় উৎকৃষ্টতাৰ বাবে পৰামৰ্শদাতা ব’ৰ্ডক প্ৰতিবেদন দিয়ে।

৩.২ স্বচ্ছতা আৰু প্ৰতিবেদন: লজিকেলী ফেক্টছে ইয়াৰ কাৰ্য্যপ্ৰণালীৰ স্বচ্ছতাৰ ক্ষেত্ৰত দৃঢ়প্ৰতিজ্ঞ। স্বনিয়ামক সংস্থা যেনে ইণ্টাৰনেচনেল ফেক্ট-চেকিং নেটৱৰ্ক আৰু ইউৰোপিয়ান ফেক্ট-চেকাৰ্চ ষ্টেণ্ডাৰ্ডছ নেটৱৰ্ক আদিৰ, কিন্তু ইয়াতে সীমিত নহয়, দ্বাৰা প্ৰদান কৰা প্ৰয়োজনীয়তা অনুসৰি লজিকেলী ফেক্টছৰ সম্পাদকীয় সিদ্ধান্ত, পৰিচালনা বিন্যাস, আৰু বিত্তীয় প্ৰতিবেদনৰ হিচাপৰ বিৱৰণ দিয়া এক বাৰ্ষিক প্ৰতিবেদন ইয়াৰ ৱেবছাইটত সকলোৰে বাবে উপলব্ধ থাকিব। 

অনুচ্ছেদ IV: ৰাজনৈতিক পক্ষপাতহীন নীতি

৪.১ লজিকেলী ফেক্টছে ইয়াৰ সকলো কাম-কাযত এক নিৰপেক্ষ স্থিতি আৰু পদ্ধতি বজাই ৰখাৰ ক্ষেত্ৰত দৃঢ় প্ৰতিজ্ঞ। আমি নিশ্চিত কৰোঁ যে কোনো ৰাজনৈতিক ব্যক্তি, দল বা মতাদৰ্শগতভাৱে পৰিচালিত সংগঠনৰ সৈতে আমাৰ কোনো বাণিজ্যিক, প্ৰতিষ্ঠানিক বা বিত্তিয় সম্পৰ্ক নাই। আমাৰ সেৱা এনে সংস্থা বা গোটৰ বাবে উপলব্ধ নহয়, তদুপৰু আমাৰ প্ৰডাক্ট বা সেৱাসমূহ ৰাজনৈতিক বিজ্ঞাপনৰ উদ্দেশ্যে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান নকৰোঁ।

৪.২ লজিকেলী ফেক্টছৰ দলৰ প্ৰতি গৰাকী সদস্যই কোনো ৰাজনৈতিক দলৰ হৈ ৰাজহুৱাভাৱে প্ৰচাৰ চলাব নোৱাৰিব বুলি চুক্তিবদ্ধ, তেওঁ এনে কোনো দল বা সংগঠনৰ সদস্য পদো গ্ৰহণ কৰিব নোৱাৰে।

৪.৩ তদুপৰি, লজিকেলী ফেক্টছৰ কৰ্মচাৰীসকলক কোনো ৰাজনৈতিক দল, প্ৰাৰ্থী বা ৰাজনৈতিকভাৱে সংযুক্ত আন্দোলনৰ সৈতে কোনোধৰণৰ সম্পৰ্ক, সমৰ্থন বা জড়িত থকাৰ কথা ছ’চিয়েল মিডিয়াত ৰাজহুৱাভাৱে প্ৰকাশ কৰাত বাধা আৰোপ হৈছে। ইয়াৰ অধীনত তেওঁলোকে ৰাজনৈতিক বিষয়বস্তু পোষ্ট, শ্বেয়াৰ বা সমৰ্থন প্ৰকাশ কৰিব নোৱাৰিব। কৰ্মচাৰীসকলে সাংস্কৃতিক বা সামাজিকভাৱে স্পৰ্শকাতৰ বিষয়ত হোৱা ৰাজনৈতিকভাৱে উদ্বুদ্ধ আলোচনা, য’ত তেওঁলোকৰ অংশগ্ৰহণে ৰাজনৈতিক পক্ষপাতিত্বৰ ইংগিত বহন কৰে, এৰাই চলিব বুলি আশা কৰা হৈছে।

৪.৪ ইয়াৰ উপৰিও, লজিকেলী ফেক্টছৰ সকলো কৰ্মচাৰীয়ে একোটা নিৰ্দিষ্ট প্ৰকল্পত তেওঁলোকৰ কামত প্ৰভাৱ পেলাব পৰা যিকোনো সম্ভাৱ্য স্বাৰ্থৰ সংঘাত প্ৰকাশ কৰিব লাগিব। একোটা প্ৰকল্পত তেওঁলোকৰ অংশগ্ৰহণে আমাৰ পক্ষপাতহীনতা বজাই ৰখাৰ সুনামত কেনেবাকে ব্যাঘাত জন্মাব পাৰে নেকি সেয়া তেওঁলোকে বিচাৰ কৰিব লাগিব আৰু আমাৰ ফেক্ট-চেকিং অভিযানৰ সততা আৰু নিৰপেক্ষতা যাতে অক্ষুণ্ণ থাকে সেই অনুসৰি কাম কৰিব লাগিব।

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।