Copy Link

আমি জনস্বাৰ্থৰ সৈতে মিল থকা সাময়িক, মৌলিক ফেক্ট চেক প্ৰকাশ কৰোঁ আৰু ট্ৰেণ্ডিং হৈ থকা ভুল তথ্যৰ সত্যতা নিৰূপণ কৰোঁ।

তথ্য বিশ্লেষণ আৰু সম্পাদকীয় বিচাৰৰ সহায়ত আমাৰ ফেক্ট চেকাৰসকলে ক্ষতিসাধনৰ বিশেষ সম্ভাৱনা থকা দাবীসমূহ অগ্ৰাধিকাৰভিত্তিত চিনাক্ত কৰে।   আমাৰ অভিজ্ঞ সম্পাদকীয় দল আৰু দক্ষ ফেক্ট চেকাৰসকলে একোটা দাবীৰ বিস্তাৰ আৰু ইয়াৰ প্ৰচাৰৰ প্ৰভাৱৰ মূল্যায়ন কৰে।

লজিকেলী ফেক্টছে এনে দাবীৰ তদন্ত কৰিব যি তলত উল্লেখ কৰা চৰ্তসমূহ পূৰণ কৰে:

  • ই হৈছে ৰাজহুৱা বা ৰাজহুৱাভাৱে সুলভ অনলাইন প্লেটফৰ্মত দিয়া বক্তব্য।
  • ইয়াক যুক্তিসংগত বা কেৱল সঁচা অথবা মিছা বুলি সঠিকভাৱে মূল্যায়ন কৰিব পাৰি।
  • ইয়াক ৰাজহুৱাভাৱে উপলব্ধ সাধাৰণতে প্ৰচলিত যুক্তিসংগতাৰ মানদণ্ডৰ ভিত্তিত মূল্যায়ন কৰিব পাৰি।
  • লজিকেলী ফেক্টছে কেৱল দাবী বা দাবী হিচাপে ব্যাখ্যা কৰিব পৰা বাক্য়ৰহে তথ্য় পৰীক্ষা কৰিব পাৰে। দাবী হৈছে এনে এটা বক্তব্য যিটোৰ দ্বাৰা কাৰোবাক কিবা এটা কথা সঁচা বুলি পতিয়ন নিওৱাৰ চেষ্টা কৰা হয়।

মূল দাবী কোনে কৰিছিল বা ৰাজনৈতিক ক্ষেত্ৰখনৰ ই কোনটো পক্ষত পৰে সেইয়া বিবেচনা নকৰি আমাৰ দলটোৱে সকলো সম্ভাৱ্য প্ৰমাণৰ মূল্যায়ন কৰোঁতে মানদণ্ডৰ একেই দৃঢ়তা ধৰি ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ দলটোৱে সকলো ৰাজনৈতিক দল-মতাদৰ্শৰ সৈতে জড়িত দাবীসমূহৰ ফেক্ট-চেক কৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰতিটো দলক লৈ কৰা ফেক্ট-চেক সংখ্যা সমান হ’ব।

কেতিয়াবা একোটা দাবী বৈধ হোৱাৰ পিছতো কোনো প্ৰমাণৰ দ্বাৰা আমি তাক নিষ্পত্তি কৰিব নোৱাৰো, যিটো না আমাৰ হাতত আছে, না ভৱিষ্যতেও আমি লাভ কৰিব পাৰোঁ। এইবোৰ সাধাৰণতে এনে দাবী হ’ব যিবোৰ সম্পূৰ্ণৰূপে ৰুচিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে, কোনো প্ৰমাণে সত্যাপন কৰিব নোৱাৰা ঐতিহাসিক দাবী বা মৌলিকভাৱে নৈতিক বা ধৰ্মীয় প্ৰকৃতিৰ দাবী।

আমি এনে কোনো দাবীৰ সৈতে জড়িত নহ’ম য’ত আমি বিশ্বাস কৰোঁ যে তেনে কৰাটো দায়িত্বহীনতা হ’ব৷ ইয়াৰ কাৰণ হ'ব পাৰে যে উক্ত বিষয়টোত আমাৰ পৰ্যাপ্ত দক্ষতা নাই, অথবা দাবীটোক পৰ্যাপ্ত প্ৰসংগৰ সংগতি দিয়াৰ ক্ষমতা নাই, ফলত হয়তো আমি প্ৰদান কৰা সিদ্ধান্ত কোনোধৰণৰ কামত নাহিব। যিকোনো এটা ট্ৰলৰ ক্ষেত্ৰত আমি সেইটোৰ প্ৰত্যুত্তৰ দিবলগীয়াকৈ জড়িত নহওঁ। কোনো এটা দাবীক খণ্ডন কৰিব পৰাকৈ যদি সাংবাদিকতাৰ স্পষ্ট ভিত্তি নাথাকে, তেনেহলে আমি এইধৰণৰ ক্ষতিকাৰক কোনো ষড়যন্ত্ৰকে প্ৰাধান্য নিদিওঁ।

আমি ইউজাৰসকলক ফেক্ট-চেক কৰিবলগীয়া কিবা দাবী থাকিলে আমাৰ দলটোৰ সৈতে তাক শ্বেয়াৰ কৰিবলৈ আহ্বান জনাওঁ। আপোনালোকে এইখন ফৰ্মত আপোনালোকৰ অনুৰোধসমূহ প্ৰেৰণ কৰিব পাৰে, আৰু আমৰে দলে উক্ত দাবীসমূহে ওপৰত উল্লেখ কৰা ধৰণৰে ফেক্ট-চেকৰ যোগ্য হয় নে নহয় তাক বিচাৰ কৰিব। ইয়াৰ উপৰিও, আমি কেতিয়াবা আমাৰ ছ'চিয়েল মিডিয়া চেনেলৰ জৰিয়তেও টিপ-অফ আৰু ফেক্ট-চেকিঙৰ অনুৰোধ লাভ কৰোঁ। 

Copy Link

 
প্ৰথমে আমি এটা দাবীৰ উৎসৰ সন্ধান উলিয়াওঁ আৰু ইয়াৰ সম্পূৰ্ণ পৃষ্ঠভমূি বিশ্লেষণ কৰোঁ। তাৰ পিছত আমি ইয়াৰ সত্যতা নিৰূপণৰ উদ্দেশ্য়ে তথ্যৰ প্ৰাথমিক উৎসটো বিচাৰি উলিয়াই উদ্ধৃতি দিওঁ।
পৰ্যাপ্ত প্ৰমাণ সংগ্ৰহ কৰাৰ পাছত আমি সেই দাবীটো কিমান নিৰ্ভৰযোগ্য বুলি ভাবোঁ তাৰ মূল্যায়ন কৰোঁ আৰু আমাৰ তথ্যৰ বিষয়ে এটা প্ৰতিবেদনৰ খচৰা প্ৰস্তুত কৰোঁ। তদুপৰি আমি প্ৰমাণ বিচাৰিবলৈ অৱলম্বন কৰা পদ্ধতিটো বিতংভাৱে বৰ্ণনাও কৰোঁ। এইদৰেই আমি আমাৰ ফেক্ট-চেক প্ৰতিবেদনসমূহ লিখোঁ। সম্পাদকীয় পৰ্যালোচনাৰ সকলো স্তৰৰ মাজেৰে পাৰ হোৱাৰ পিছত আমি আমাৰ তথ্যসমূহ প্ৰকাশ কৰোঁ।লজিকেলী ফেক্টছৰ  ফেক্ট চেকাৰসকলে তেওঁলোকৰ অনুসন্ধানসমূহত উল্লেখ কৰিবলৈ অন্ততঃ দুটা উৎস বিচাৰিব লাগিব। সেইসমূহ তলত দিয়া ধৰণৰ হ’ব পাৰে যদিও সেয়া ইমানতে সীমাবদ্ধ নহয়:

  • বিশেষজ্ঞ, প্ৰত্যক্ষদৰ্শী, অংশীদাৰ বা কৰ্তৃপক্ষৰ প্ৰত্যক্ষ উদ্ধৃতি
  • একাডেমিক জাৰ্নেল আৰু গৱেষণা পত্ৰ
  • প্ৰতিষ্ঠিত, নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদন
  • ‘কীফ্ৰেম’ বিশ্লেষণ, ‘ৰিভাৰ্ছ ইমেজ ছাৰ্চ’ আৰু ‘জিঅ' ল'কেচন’ৰ দৰে কৌশলকে ধৰি Open Source Intelligence  (OSINT)-ৰ বিশ্লেষণৰ জৰিয়তে লাভ কৰা তথ্য।
  • য'তেই উপযুক্ত তথা সম্ভৱ হয় আমি দাবী কৰা মূল ব্যক্তি বা সংস্থাটোৰ  সৈতে যোগাযোগ কৰোঁ আৰু/বা যাৰ বিৰুদ্ধে অভিযোগ উঠিছে তেওঁৰ সৈতে যোগাযোগ কৰোঁ, যাতে প্ৰতিবেদনতো প্ৰকাশ পোৱাৰ পূৰ্বে তেওঁলোকেও নিজৰ প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ লাভ কৰে।

ফেক্ট চেকাৰসকলে এটা দাবী নিশ্চিত কৰাৰ পাছত তাক উপ-সম্পাদক, সহকাৰী সম্পাদক বা আঞ্চলিক নেতৃত্ব (ৰিজনেল লীড)-এ অনুমোদন কৰিব লাগিব। ফেক্ট-চেকৰ খচৰা সম্পূৰ্ণ হোৱাৰ পাছত আমাৰ এজন উপ-সম্পাদকে প্ৰতিবেদনটোৰ সম্পাদকীয় দিশটো (প্ৰমাণ, গাঁথনি, যুক্তি, বিশেষজ্ঞ, প্ৰত্যক্ষদৰ্শী, অংশীদাৰ বা কৰ্তৃপক্ষৰ উদ্ধৃতি) পৰ্যালোচনা কৰে। প্ৰথমটো পৰ্যালোচনাৰ পিছত, লজিকেলী ফেক্টছৰ সহকাৰী সম্পাদকসকলে কপি আৰু উৎসসমূহ সঠিক আৰু ব্যাকৰণগতভাৱে ভুলমুক্ত হোৱাটো নিশ্চিত কৰাৰ বাবে দায়বদ্ধ। ইয়াৰ পাছতো মূল্যায়ন, উৎস, বা অন্যান্য সম্পাদকীয় সিদ্ধান্ত সম্পৰ্কীয় যদি আৰু কিবা প্ৰশ্ন থাকে, তেনেহ’লে সহকাৰী সম্পাদকসকলে ফেক্ট-চেকটো প্ৰকাশ কৰাৰ পূৰ্বে তাক ফেক্ট-চেকাৰ আৰু সম্পাদকীয় দলৰ জ্যেষ্ঠ সদস্যসকলৰ দৃষ্টিগোচৰ কৰে।

 
Copy Link

নিৰ্ভৰযোগ্য়তাহীন উৎসৰ পৰিৱৰ্তে ৰাজহুৱাভাৱে উপলব্ধ আৰু ভৰসাযোগ্য় তথ্যৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰাটো সহায়ক।  কাৰণ নিৰ্ভৰযোগ্য উৎসই আপোনাক অধিক সঠিক আৰু সম্পূৰ্ণ তথ্য দিয়াৰ সম্ভাৱনা থাকিব।

নায্যতা প্ৰদানৰ ক্ষেত্ৰত উপযুক্ত প্ৰমানৰ অভাৱত দুৰ্বল হৈ পৰা দাবী, সাম্ভাব্যভাৱে বিভ্ৰান্তিকৰ দাবী, অথবা তথ্যৰ সৈতে হেতালি খেলা দাবীসমূহ গ্ৰহণ কৰাটো সুবিধাজনক নহয়। কাৰণ ইয়াৰ দ্বাৰা সত্যৰ পৰিৱৰ্তে অসত্য প্ৰতিস্থা হোৱাৰ সম্ভাৱনা থাকে।

Copy Link

আমাৰ ফেক্ট চেকসমূহত আমি ছয় ধৰণৰ ৰেটিং প্ৰয়োগ কৰো। ইয়াৰ উদ্দেশ্য় হৈছে আমি লাভ কৰা তথ্যৰ অতি সংক্ষিপ্ত সাৰাংশ আৰু দাবীটোৰ বিশ্বাসযোগ্যতাৰ ওপৰত ৰায়দান দিয়া:

  • সঁচা - উক্ত দাবী উপলব্ধ প্ৰমাণৰ দ্বাৰা সম্পূৰ্ণৰূপে ন্যায্য আৰু বিষয়টোক বুজিপোৱাত সহায়ক হয়।
  • আংশিকভাৱে সত্য - উক্ত দাবী কিছুমান অবস্তুগত দিশত বিভ্ৰান্তিকৰ হ'ব পাৰে যদিও বিষয়টোক বুজিপোৱাত সহায়ক হয়।
  • বিভ্ৰান্তিকৰ - লাভ কৰা প্ৰমানে সেই দাবীটোৰ কিছু অংশক নায্যতা প্ৰদান কৰিব পাৰে যদিও বিষয়টো সকলোৱে বুজি পোৱাৰ ক্ষেত্ৰত ই কোনো বিশেষ সহায় নকৰে। 
  • মিছা - উক্ত দাবীটো লাভ কৰা প্ৰমাণৰ দ্বাৰা সম্পূৰ্ণৰূপে সত্যতা নিৰূপক নহয়।
  • ভুৱা- উক্ত দাবীটো উপলব্ধ প্ৰমাণৰ দ্বাৰা সম্পূৰ্ণৰূপে অযুক্তিকৰ আৰু ফটো/ভিডিঅ’টো ভুৱাকৈ প্ৰস্তুত কৰা হৈছিল।
  • অপৰীক্ষাযোগ্য - উক্ত দাবী উপলব্ধ প্ৰমাণৰ ভিত্তিত পৰীক্ষা কৰিব নোৱাৰি।
Copy Link

লজিকেলী ফেক্টছৰ লক্ষ্য হৈছে ভুল/অপতথ্যৰ সৈতে জড়িত ক্ষতি হ্ৰাস কৰা আৰু শেষত নিৰ্মূল কৰা। আমি বাক স্বাধীনতাৰ সমৰ্থক আৰু অনলাইনত ব্যক্তিগত মত প্ৰকাশৰ ক্ষেত্ৰত চেন্সৰীয় পন্থাৰ বিৰোধিতা কৰোঁ। কিন্তু য’ত বিভ্ৰান্তিকৰ আৰু প্ৰতাৰণামূলক অনলাইন বক্তৃতাই ব্যক্তিগত আৰু সমাজৰ ক্ষতি কৰে, আমি বিশ্বাস কৰোঁ যে ইয়াক চিনাক্ত কৰি সমাধান কৰাটো প্ৰয়োজন। আমি বিশ্বাস কৰোঁ যে পক্ষপাতিত্ব নকৰাকৈ ৰাজনৈতিকভাৱে জড়িত হোৱা, সততা আৰু সন্মান সহকাৰে বিতৰ্ক কৰা আৰু মতবিৰোধ কৰা, ৰাজনৈতিক মিত্ৰ আৰু বিৰোধীৰ পৰা একেদৰেই সৌজন্যতা, যুক্তিবাদ আৰু সন্মানৰ উচ্চতম মানদণ্ডৰ দাবী কৰাটো সম্ভৱ আৰু বাঞ্ছনীয়।

আমি বিশ্বাস কৰোঁ যে যি তথ্য সকলো বিতৰ্কৰ বাহিৰত, সেই তথ্যৰ ভিত্তিত যি যি মন্তব্য যুক্তিসংগতভাৱে ৰাখিব পাৰি আৰু যি যুক্তিয়ে আমাৰ নিৰপেক্ষতাক গঢ়ি তোলে সেই তথ্যক বিশ্বাস কৰিব পাৰি। 

লজিকেলী ফেক্টছৰ কৰ্মচাৰী হিচাপে আমি বুজোঁ যে কি সত্য আৰু কি সত্য় নহয় সেইটো প্ৰতিষ্ঠা কৰাত আমাৰ ভূমিকা পালন কৰিবলৈ হ’লে লজিকলী ফেক্টছ ৰাজনৈতিক মত, পন্থা নিৰ্বিশেষে বিশ্বাসযোগ্য় হ’ব লাগিব। তদুপৰি আমি বুজো যে ৰাজনৈতিকভাৱে নিয়োজিত হোৱাটো এটা নাগৰিক কৰ্তব্য যদিও এটা স্বতন্ত্ৰ ফেক্ট-চেক সংস্থা হিচাপে আমি কৰা কামৰ ভূমিকা আমাৰ একপক্ষীয় ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থক অতিক্ৰম কৰা বহল ৰাজনৈতিক আৰু নৈতিক বিবেচনাৰ দ্বাৰা প্ৰেৰিত হোৱাটো প্ৰয়োজনীয়।

সেই হিচাপে আমি এইটো নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতি দিছো যে লজিকেলী ফেক্টছত আমাৰ সকলো কাম পক্ষপাতিত্ব আৰু পক্ষপাতমূলক স্বাৰ্থৰ পৰা মুক্ত আৰু আমাৰ ব্যক্তিগত ৰাজনৈতিক দৃষ্টিভংগীয়ে আমাৰ কামত কেতিয়াও প্ৰভাৱ পেলাব নোৱাৰে।তদুপৰি আমি আমাৰ ব্যক্তিগত জীৱন আৰু আমাৰ অনলাইন তথা অন্যান্য যোগাযোগ ব্যৱস্থাত কৰা আচৰণ এনেদৰে প্ৰকাশ কৰোঁ যাতে লজিকেলী ফেক্টছ এটা নিৰপেক্ষ সংগঠন হিচাপে প্ৰতিস্থা হৈ থাকে।  সকলো কৰ্মচাৰীয়ে আমাৰ নিৰপেক্ষ নীতিৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব।

Copy Link

আমাৰ ফেক্ট-চেকিঙৰ কৰ্মসূচীৰ ওপৰত আমাৰ শ্বেয়াৰহোল্ডাাৰ, ক্লায়েণ্ট আৰু আমাৰ মূল কোম্পানী ‘দ্য লজিকেলী’ৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকে। লগতে আমাৰ সম্পাদকীয় সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো তেওঁলোকৰ কোনো হস্তক্ষেপ নাই। সম্পাদকীয় কঠোৰতা,গুণাগুণ আৰু ধাৰাবাহিকতাৰ ক্ষেত্ৰত আঞ্চলিক সম্পাদকীয় নেতৃত্ব দায়বদ্ধ। গ্ল’বেল হে’ড অৱ এডিটৰিয়েল অপাৰেচনছ জাস্কিৰত সিং বাৱায়ে হৈছে মূলত গ্ল’বেল এডিটৰিয়েল দলটোৰ সম্পাদকীয় নীতি আৰু মানদণ্ডৰ বাবে দায়বদ্ধ। লজিকেলী ফেক্টছৰ মেনেজিং ডিৰেক্টৰ বেবাৰ্ছ অৰ্চেকে কাৰ্য্যকলাপৰ তদাৰক, ব্যৱসায়ৰ পি এণ্ড এল প্ৰশাসন আৰু ক্লায়েণ্ট আৰু অংশীদাৰসকলৰ সৈতে একাউণ্ট পৰিচালনাৰ দায়িত্ব লয়। আমাৰ ‘মিট দ্য টিম’ পেজত অধিক জানিব পাৰিব।

যিকোনো দাবী আৰু ফেক্ট-চেকত কাম কৰাৰ সময়ত আমাৰ ফেক্ট চেকাৰসকলে উপ আৰু সহকাৰী সম্পাদকৰ তত্বাৱধানত এক তিনি-তৰপীয়া গাঁথনিত কাম কৰে।

মত পাৰ্থক্য়ৰ সম্ভাৱনা থকা যিকোনো সম্পাদকীয় সিদ্ধান্ত, অভিযোগ বা প্ৰয়োজনীয় সংশোধনত হস্তক্ষেপ কৰে, আৰু তেওঁলোকে গ্ল’বেল হে’ড অৱ এডিটৰিয়েল অপাৰেচনছৰ ওচৰতো প্ৰতিবেদন দিয়ে।

Copy Link

বিভিন্ন ধৰণৰ প্ৰমাণৰ দ্বাৰা বিভিন্ন ধৰণৰ দাবীৰ সত্য়তা নিৰূপণ কৰা হয়; ব্য়ৱহাৰিক দাবীসমূহ বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা অনুসন্ধান কৰিব পাৰি, অৰ্থনৈতিক ভৱিষ্যদ্বাণীসমূহ বিশেষজ্ঞ সংস্থাসমূহৰ সহায় গ্ৰহন কৰি অনুসন্ধান কৰিব পাৰি, ৰাজনৈতিক দাবীসমূহ ভোটদানৰ তথ্যৰ দ্বাৰা বা সাধাৰণতে একমত হোৱা ৰাজনৈতিক নীতিসমূহৰ ওপৰত ভিত্তি কৰি অনুসন্ধান কৰিব পাৰি। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ প্ৰমাণ পূৰণ কৰিব পৰা মানদণ্ড আছে, যাৰ দ্বাৰা গুণগত মানৰ তুলনা কৰিব পৰা যায়।

আমাৰ উৎসৰ স্তৰৰ ক্ষেত্ৰত আমি কমৰ তুলনাত অধিক ৰেটিং পোৱা উৎসক বেছি পছন্দ কৰোঁ। য'তে প্ৰযোজ্য হয়, আমি গৌণ উৎস (প্ৰাথমিক উৎসৰ বিষয়ে তথ্য)-তকৈ প্ৰাথমিক উৎস (প্ৰত্য়ক্ষ তথ্য়) দিয়াটো পছন্দ কৰোঁ। কোনো উদ্ধৃত উৎস কেনেবাকৈ নিৰ্ভৰযোগ্য় নহয় বুলি বিশ্বাস কৰাৰ কিবা যুক্তি বা তেওঁলোকৰ প্ৰতিবেদনত কোনো যুক্তিযুক্ত স্বাৰ্থজনিত সংঘাত আছে নেকি সেই কথা আমি সদায় উল্লেখ কৰিম।

যিকোনো উৎসৰ গুণগত মান নিৰ্ণয় কৰাৰ বাবে আমি এটা কথা লক্ষ্য ৰাখোঁ যে আমাক বিপথে পৰিচালিত কৰি কোনো বেমানী পোষ্ট বা তেনেকুৱা বক্তব্যৰে পোষ্টকৰ্তা কিমান লাভান্বিত হ’ব অথবা অইন লোক কিমান ক্ষতিগ্ৰস্থ হ’ব। উত্থাপিত দাবীটোৰ ক্ষেত্ৰত সত্য বা ভুৱা বুলি এক ৰায় প্ৰদানৰ ক্ষেত্ৰত তেনেকুৱা অন্ততঃ দুটা উচ্চ মানৰ উৎসৰ প্ৰয়োজন হয়। 

যিকোনো উৎসৰ গুণগত মান নিৰ্ণয় কৰাৰ বাবে আমি এটা কথা লক্ষ্য ৰাখোঁ যে আমাক বিপথে পৰিচালিত কৰি কোনো বেমানী পোষ্ট বা তেনেকুৱা বক্তব্যৰে পোষ্টকৰ্তা কিমান লাভান্বিত হ’ব অথবা অইন লোক কিমান ক্ষতিগ্ৰস্থ হ’ব। উত্থাপিত দাবীটোৰ ক্ষেত্ৰত সত্য বা ভুৱা বুলি এক ৰায় প্ৰদানৰ ক্ষেত্ৰত তেনেকুৱা অন্ততঃ দুটা উচ্চ মানৰ উৎসৰ প্ৰয়োজন হয়। 

  • বিশেষজ্ঞৰ ঐকমত্য: য’ত আন্তঃৰাষ্ট্ৰীয়ভাৱে সন্মানীয় সংস্থা আৰু সংশ্লিষ্ট ক্ষেত্ৰৰ বিশেষজ্ঞসকলে যিকোনো প্ৰকাশিত গৱেষণা বা চৰকাৰী বিবৃতিতে হওক, আমাৰ বিচাৰৰ ভিত্তি নিৰ্বিবাদ বুলি স্পষ্টভাৱে গ্ৰহণ কৰিছে।
  • সহ-বিশেষজ্ঞৰ দ্বাৰা পৰ্যালোচিত গৱেষণা: প্ৰতিষ্ঠিত, সহ-বিশেষজ্ঞৰ দ্বাৰা পৰ্যালোচিত (peer-reviewed) আলোচনীসমূহৰ প্ৰবন্ধত প্ৰকাশিত তথ্য আৰু সিদ্ধান্ত।
  • পক্ষপাতহীন চৰকাৰী/বিভাগীয় উৎস: উপযুক্ত পৰীক্ষণৰ অধীনত নিৰ্ভৰযোগ্য, প্ৰতিষ্ঠিত আৰু নিৰপেক্ষ চৰকাৰী সংস্থাৰ পৰিসংখ্যা, নীতি আৰু আইনকে ধৰি অন্য তথ্য। ইয়াৰ ভিতৰত বিশ্বাসযোগ্য়তা আৰু সঠিকতাৰ বাবে সুনাম থকা ৰাষ্ট্ৰীয় সংস্থাসমূহৰ (যেনে ইউ.এছ. ব্যুৰো অৱ লেবাৰ ষ্টেটিষ্টিকছ বা আন্তঃৰাষ্ট্ৰীয় সংস্থা যেনে বিশ্ব স্বাস্থ্য সংস্থা বা বিশ্ব বেংক) বক্তব্যও অন্তৰ্ভুক্ত। ইয়াত কোনো দলীয় ৰাজনৈতিক ব্যক্তি, ৰাজনৈতিক দল বা তেওঁলোকৰ মুখপাত্ৰৰ কোনো বক্তব্য অন্তৰ্ভুক্ত কৰা নহয় (যদিহে বিষয়টো তেওঁলোকৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয় আৰু প্ৰশ্ন কৰা বিষয়টো তেওঁলোকৰ একচেটিয়া জ্ঞানৰ ভিতৰত নপৰে)।
  • বিশেষজ্ঞৰ মতামত: নিৰ্দিষ্ট দাবীটোৰ সৈতে সম্পৰ্ক থকা মানবিশিষ্ট আন্তঃৰাষ্ট্ৰীয় সংস্থাসমুহৰ সৈতে ভাল সম্পৰ্ক তথা সমুচিত বিশেষত্ব ৰক্ষা কৰা যিকোনো সংস্থা বা সংগঠনে প্ৰদান কৰা বা সহ-বিশেষজ্ঞৰ দ্বাৰা পৰ্যালোচিত নোহোৱা গৱেষণা অথবা অন্য ধৰণৰ ভৰসাযোগ্য় মতামত। 
  • নন-এক্সপাৰ্ট সাংবাদিকতাৰ তদন্ত: কোনো বিশেষ বিষয়ৰ ক্ষেত্ৰত দক্ষতা অথবা বিশেষজ্ঞ গুণ নথকাকৈয়ে কোনো প্ৰতিষ্ঠিত আৰু বিশ্বাসযোগ্য় সংবাদ প্ৰতিষ্ঠান, তদন্তকাৰী সংস্থা বা গৱেষণা প্ৰতিষ্ঠানৰ সৈতে প্ৰতিষ্ঠানিকভাৱে জড়িত লোকে কৰা তদন্ত।
  • প্ৰত্যক্ষদৰ্শীৰ বিৱৰণী: যিকোনো এটা ঘটনাৰ চাক্ষুষ অভিজ্ঞতা থকা প্ৰত্য়ক্ষদৰ্শীৰ বৰ্ণনা (এনে বৰ্ণনাক সদায় অতিৰিক্ত সাক্ষ্য় বা প্ৰমাণৰ দ্বাৰা নিশ্চিত কৰিব লাগিব)।
  • য’ত সম্ভৱ আৰু উপস্থিত, আমাৰ নিজৰ সম্পাদকীয় দলৰ সদস্যসকল । 

লজিকেলী ফেক্টছে, স্বচ্ছতাৰ উদ্দেশ্যে, সদায় চেকত ব্যৱহৃত সকলো উৎসৰ নাম উল্লেখ কৰাৰ লক্ষ্য ৰাখে কিন্তু কেতিয়াবা ব্যতিক্ৰম থাকিব পাৰে। যেনে ধৰক, যদি কোনো চৰকাৰী বিষয়াই নিজৰ পৰিচয়ৰ বিপৰীতে তেওঁ কাম কৰা সংস্থা বা প্ৰতিস্থানটোৰ হৈ মন্তব্য দিয়ে। তদুপৰি আমি উৎসটোক বেনামী কৰি ৰাখিম যদিহে তেওঁলোকৰ নাম উল্লেখ কৰিলে উৎসটো বিপদত পৰা সম্ভাৱনা থাকে। যদিহে ই নাম উল্লেখ কৰিব পৰা উৎস বা বস্তুগত প্ৰমাণৰ দ্বাৰা সমৰ্থিত হয়, তেন্তে আমি উক্ত তথ্যসমূহ চেকত অন্তৰ্ভুক্ত কৰিম। দলটোৰ জ্যেষ্ঠ পৰ্যায়ৰ সম্পাদকসকলে উৎস এটাৰ নাম গোপন ৰখাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।

আমি আমাৰ প্ৰতিবেদনসমূহৰ তলত 'ৰেফাৰেন্স লিংক' নামৰ এটা শাখাত উৎসসমূহ অন্তৰ্ভুক্ত কৰোঁ, যাৰ দ্বাৰা পঢ়ুৱৈসকলে ফেক্ট-চেক কৰোঁতে আমি ব্যৱহাৰ কৰা উৎসসমূহ জানিব পাৰে। এই উৎসসমূহৰ ভিতৰত প্ৰতিবেদনৰ পৰা আৰম্ভ কৰি চৰকাৰী নথিপত্ৰ, সংবাদ মাধ্যমত প্ৰকাশিত প্ৰৱন্ধ, কৰ্তৃত্বশীল ৱেবছাইট, আৰু বিশেষজ্ঞৰ বায়’ ইত্যাদি অন্তৰ্ভুক্ত।

ৰেফাৰেন্স লিংকসমূহত আমি এই উৎসবোৰ নিৰপেক্ষ নে দাবীটোক সমৰ্থন কৰে নে খণ্ডন কৰে সেয়াও অন্তৰ্ভুক্ত কৰোঁ। উৎসটোৱে দাবীটোত থকা কথাবোৰ সমৰ্থন কৰিল ‘support’, অস্বীকাৰ কৰিলে 'refute' আৰু যেতিয়া ই প্ৰসংগ প্ৰদান কৰে কিন্তু দাবীটো সমৰ্থন বা খণ্ডন নকৰে তেতিয়া আমি 'neutral' লেবেলটো ব্যৱহাৰ কৰোঁ।

আমি প্ৰতিটো ফেক্ট-চেকত দাবীসমূহৰ আৰ্কাইভ লিংক অন্তৰ্ভুক্ত কৰোঁ, আৰু ৰেফাৰেন্স লিংকসমূহ প্ৰয়োজন অনুসৰি লেখাটোত হাইপাৰলিংক কৰোঁ যাতে ফেক্ট-চেকটো পঢ়াৰ সময়ত কি উৎস ব্যৱহাৰ কৰা হৈছে তাক জনাত পাঠকসকলৰ বাবে সহজ হয়।

Copy Link

নতুন তথ্যৰ আৱিৰ্ভাৱ, নতুন প্ৰমাণ আৱিষ্কাৰ বা টাইপোগ্ৰাফিক ভুলসমূহ শুধৰোৱা আদি কেইবাটাও কাৰণত ফেক্ট-চেকসমূহ সংশোধন কৰিবলগীয়া হ’ব পাৰে। যদি আপুনি বিশ্বাস কৰে যে আমি আমাৰ কোনো এটা তথ্য পৰীক্ষাৰ কোনো দিশত ভুল কৰিছোঁ, তেন্তে আমাৰ প্ৰতিটো প্ৰকাশিত ফেক্ট চেকত থকা “কল টু একচন”ৰ জৰিয়তে আমাৰ সৈতে যোগাযোগ কৰক।

প্ৰতিটো ফেক্ট চেকৰ এটা একক চিনাক্তকৰ্তা থাকে, যিয়ে আমাৰ সম্পাদকীয় দলটোক যিকোনো আপডেট, অভিযোগ বা সংশোধনীৰ প্ৰয়োজন থাকিলে ক্ষিপ্ৰতাৰে সেই ফেক্ট চেক বিচাৰি উলিওৱাত সহায় কৰে।

  • যি সমূহ ফেক্ট চেক সংশোধন কৰাৰ সময়ত যথেষ্ট শুধৰাব লগীয়া হৈছে সেইবোৰক ‘সংশোধন’ হিচাপে চিহ্নিত কৰা হ’ব l
  • যদি কোনো এটা ফেক্ট-চেকৰ সংশোধনৰ সময়ত ফেক্ট-চেকটোৰ সিদ্ধান্তক যথেষ্ট সলনি কৰে বা দলটো অৱলম্বন কৰা পদ্ধতি আৰু নীতিবোৰতকৈ বহুত পৃথক হয় আমি সেই ফেক্ট-চেকটো উঠাই ল’ব আৰু কি কাৰণত সেই সিদ্ধান্ত গ্ৰহণ কৰা হ’ল তাৰ ব্যাখ্যা প্ৰদান কৰিম। আমি ইয়াক "স্পষ্টীকৰণ" হিচাপে চিহ্নিত কৰিম, কিয় ফেক্ট-চেকটো প্ৰত্যাহাৰ কৰা হ’ল, আৰু ফেক্ট-চেকটোৰ কোনখিনি অংশ সঠিক আছিল আৰু কোনখিনি সঠিক নাছিল তাক বাখ্যা কৰিম। 
  • যিসমূহ ফেক্ট চেক সংশোধন কৰোতে বিশেষ সম্পাদনাৰ প্ৰয়োজন নহয়, (বানান, ব্যাকৰণগত বা অন্যান্য ভুলসমূহৰ সংশোধন) আৰু দাবী বা ৰায়দানৰ ক্ষেত্ৰত বিষয়বস্তুগত সংশোধনৰ প্ৰয়োজন নহয়, সেইবোৰক 'আপডেটেড’ হিচাপে চিহ্নিত কৰা হ’ব l
  • যেতিয়া ভুলটো কৰা মূল প্ৰকাশন বা পোষ্টটো সম্পাদনাযোগ্য নহ’ব তেতিয়া আমি মূলৰ দৰেই একে ফৰ্মেট আৰু চেনেলত সংশোধনটো প্ৰচাৰ কৰিম।
  • অভিযোগসমূহ ফেক্ট চেক কৰা সম্পাদকীয় দলৰ জ্যেষ্ঠ সদস্যসকলে মূল্যায়ন কৰিব আৰু তৎকালীনভাৱে সঁহাৰি জনাব, ফেক্ট চেকটোক হয় শুধৰোৱা বা যিদৰে আছে তেনেকৈয়ে এৰি দিয়া হ’ব, আৰু আমি গ্ৰহণ সিদ্ধান্তৰ ব্যাখ্যা আগবঢ়োৱা হ’ব। সম্পাদকীয় দলৰ এজন সদস্যই আমি পঢ়ুৱৈসকলৰ পৰা পোৱা সকলো অনুৰোধ পৰ্যালোচনা কৰিবলৈ আৰু সেই অনুসৰি সঁহাৰি দিবলৈ দৈনিক আমাৰ সংশোধন চেনেল আৰু পাইপলাইন নিৰীক্ষণ কৰে।
  • যদি সংশোধন এটা জাৰী কৰাৰ প্ৰয়োজন হয়, দলটোৰ এজন জ্যেষ্ঠ সদস্যই ইয়াক আঞ্চলিক নেতৃত্বৰ সৈতে আলোচনা কৰিব, সংশোধনটো পুনৰীক্ষণ কৰিব, আৰু যাতে কোনো ত্ৰুটি নাথাকে তাক নিশ্চিত কৰিবলৈ কি সংশোধন কৰিব লাগিব তাৰ সিদ্ধান্ত ল’ব।
  • যদি আপুনি আমাৰ সঁহাৰিত সন্তুষ্ট নহয়, তেন্তে আপুনি আমাৰ ফেক্ট চেক গোটৰ জ্যেষ্ঠ সম্পাদকীয় সদস্যসকলক আৰু এটা অভিযোগ দাখিল কৰিব পাৰিব, তেওঁলোকে সমস্যাটোৰ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব, ইয়াৰ বাবে এজন স্বতন্ত্ৰ উপদেষ্টা নিযুক্তি দিয়ালৈকে দাবীটোৰ তদন্ত কৰা হ’ব।
  • যিসকল ব্যৱহাৰকাৰীয়ে আপডেট অথবা সংশোধন কৰিবলগীয়া একোটা ফেক্ট চেক লাভ কৰিছে বা তাক ট্ৰেক কৰিছে, তেওঁলোকক ইয়াৰ ফলাফল 

ইয়াত আমাৰ প্ৰতিবেদনৰ তালিকা দিয়া হৈছে য’ত সংশোধন কৰা হৈছিল।

Copy Link

যদি আপুনি অনুভৱ কৰে যে আমাৰ সাংবাদিকতা, আমাৰ গৱেষণা অথবা শিক্ষণমূলক যিকোনো কৰ্মৰ প্ৰকাশিত যিকোনো এটা তথ্য ভুল হৈছে বা বিভ্ৰান্তিকৰ হৈছে অথবা অযুক্তিকৰ হৈছে তেনেহ’লে সেইটো অনুগ্ৰহ কৰি আমাৰ তথ্য-পৰীক্ষাৰ পৃষ্ঠাৰ শেষত ফৰ্মখনৰ জৰিয়তে সেইটোৰ সংশোধনৰ অনুৰোধ আমালৈ প্ৰেৰণ কৰিব পাৰে। আমাৰ ‘আমাৰ সৈতে যোগাযোগ কৰক’ পেজতো আপুনি ফৰ্মখন বিচাৰি পাব ।

যিকোনো অভিযোগ আমাৰ সম্পাদকীয় নেতৃত্বলৈ উত্থাপন কৰা হ’ব আৰু ৪৮ ঘণ্টাৰ ভিতৰত উত্তৰ দিয়া হ’ব। যথোচিত গুৰুত্ব থকা বুলি বিবেচনা কৰা যিকোনো অভিযোগ ৰাজহুৱাভাৱে শুধৰণি কৰা হ’ব, আৰু সংশ্লিষ্ট প্ৰতিবেদনটো সংশোধনক সমানেই প্ৰাধান্য দিয়া হ’ব। আমাৰ প্ৰতিবেদনত সমালোচনাৰ বিষয় হোৱা যিকোনো ব্যক্তিক আমি উত্তৰ দিয়াৰ অধিকাৰ প্ৰদান কৰোঁ, যদিহে আমাৰ সমালোচনাসমূহক ন্যায্যভাৱে সম্বোধন কৰিব পৰাকৈ প্ৰথমিক তথ্য লাভ কৰিব পৰা যায়। কোনো ধৰণৰ উত্তৰ দিয়াৰ অধিকাৰ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ কাৰণ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হ’ব।

যদি আপুনি বিশ্বাস কৰে যে লজিকেলী ফেক্টছে IFCN নীতিৰ সংহিতা উলংঘা কৰিছে, তেন্তে আপুনি ইয়াত IFCN-ক পোনপটীয়াকৈ জনাব পাৰে।

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।