মূল ২২ জানুৱাৰীত ডুবাইৰ বুৰ্জ খলিফাত ভগৱান ৰামৰ ছবি প্ৰদৰ্শন কৰা হৈছিল বুলি ভুৱা ফটো প্ৰচাৰিত

২২ জানুৱাৰীত ডুবাইৰ বুৰ্জ খলিফাত ভগৱান ৰামৰ ছবি প্ৰদৰ্শন কৰা হৈছিল বুলি ভুৱা ফটো প্ৰচাৰিত

লেখক: সোহম শ্বাহ

জানুৱাৰী 25 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২২ জানুৱাৰীত ডুবাইৰ বুৰ্জ খলিফাত ভগৱান ৰামৰ ছবি প্ৰদৰ্শন কৰা হৈছিল বুলি ভুৱা ফটো প্ৰচাৰিত বুৰ্জ খলিফাত ভগৱান ৰামৰ ছবি প্ৰদৰ্শন কৰা হৈছিল বুলি সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত ভুৱা ফটো শ্বেয়াৰ কৰা হৈছিল। (উৎস: আজ টক/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

মূল ফটোখন ২০১৯ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ আৰু ইয়াত ভগৱান ৰামৰ ছবি নাই, ডুবাইৰ বিখ্যাত স্কাইস্ক্ৰেপাৰটোত ৰামৰ ছবিখন সম্পাদনা কৰি লগোৱা হৈছে।

কি দাবী কৰা হৈছে?

২৩ জানুৱাৰীত সংবাদ মাধ্যম আজ টকত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ডুবাইৰ বিখ্যাত বুৰ্জ খলিফাত ভগৱান ৰামৰ ফটো প্ৰদৰ্শন কৰা হৈছিল। প্ৰতিবেদনটো পিছত আপডেইট কৰা হয় যদিও ইয়াৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

আজ টকত প্ৰকাশিত প্ৰতিবেদনৰ স্ক্ৰীণশ্বট। (উৎস: আজ টক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এক্স, ফেচবুককে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহতো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা বুৰ্জ খলিফাত ভগৱান ৰামৰ ছবি প্ৰদৰ্শন কৰা হৈছিল বুলি একেধৰণৰ দাবীৰে পোষ্ট শ্বেয়াৰ কৰা হৈছে। এনে একাংশ পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

বুৰ্জ খলিফাত ৰামৰ ছবি প্ৰদৰ্শিত হোৱা বুলি দাবী কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টত অসমীয়াত লিখা হৈছে, ‘‘ডুবাইৰ ব্ৰুজ খলিফাত শ্ৰীৰাম।’’ ইয়াত আর্কাইভ কৰা হৈছে।

ভাইৰেল ফটোখনৰ এটা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, আমাৰ অনুসন্ধানত যোৱা ২২ জানুৱাৰীত বুৰ্জ খলিফাত ভগৱান ৰামৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰাৰ বিষয়ে কোনোধৰণৰ প্ৰমাণ পোৱা নগ’ল।

প্ৰকৃত তথ্য

আমি চাৰ্চ ইঞ্জিন য়াণ্ডেক্সত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁ আৰু পিন্টৰেষ্টৰ এটা পোষ্টত অট্টালিকাটোৰ একেখন ছবি বিচাৰি পাওঁ, অৱশ্যে ইয়াত ভগৱান ৰামৰ প্ৰতিচ্ছবি নাই। পোষ্টটো ২০১৯ চনৰ ২২ অক্টোবৰৰ ‘জুলিয়া’ছ এলবাম’ নামৰ এটা ব্লগ এণ্ট্ৰিৰ সৈতে লিংক কৰা হৈছে, য’ত অট্টালিকাটোৰ একেধৰণৰ ছবি ব্যৱহাৰ কৰা হৈছিল।

বুৰ্জ খলিফা অট্টালিকাটোৰ বিভিন্ন বৈশিষ্ট্য যেনে ক্ৰেনৰ অৱস্থান আৰু পোহৰেৰে আলোকিত খিৰিকীবোৰৰ আমি তুলনা কৰোঁ আৰু দুয়োখন ছবি একে বুলি নিশ্চিত হওঁ।

প্ৰকৃত ছবি আৰু ভাইৰেল ছবিখনৰ মাজত তুলনা। (উৎস: জুলিয়াৰ এলবাম/এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

যদিও ব্লগটোত মূল ছবিখনৰ উৎস বা তাৰিখ কথা উল্লেখ কৰা নাই, কিন্তু ২০১৯ চনৰ পৰাই যিহেতু ফটোখন ইণ্টাৰনেটত আছে গতিকে এইখন কোনোপধ্যে ২০২২ চনৰ ২২ জানুৱাৰীৰ ফটো হ’ব নোৱাৰে।

তদুপৰি বুৰ্জ খলিফাৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজতো, য’ত নিয়মিতভাৱে পোহৰৰে আলোকিত অট্টালিকাটোৰ ফটো, ভিডিঅ’ পোষ্ট কৰা হয়, এনে কোনো ছবি দেখা নাযায়। আনহাতে, শেহতীয়া পোষ্টসমূহত বুৰ্জ খলিফাৰ কাষত কোনো ক্ৰেন দেখা পোৱা নাযায়, ইয়াৰ দ্বাৰা ভাইৰেল ফটোখন যে সঁচা নহয় সেয়া অধিক স্পষ্ট হয়।

লজিকেলী ফেক্টছে বুৰ্জ খলিফাৰ ইনষ্টাগ্ৰাম একাউণ্ট পৰিচালনা কৰা কোম্পানী ইমাৰ এণ্টাৰটেইনমেণ্টৰ সৈতে মন্তব্যৰ বাবে যোগাযোগ কৰিছে। তেওঁলোকৰ পৰা সঁহাৰি পালে এই লেখাটো আপডেট কৰা হ’ব।

সিদ্ধান্ত

ভাইৰেল ছবিখন এখন পুৰণি আৰু সম্পাদিত ফটো হয়। তদুপৰি, বুৰ্জ খলিফাই এনে কোনো ফটো প্ৰকাশ কৰা নাই, আৰু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ডুবাইৰ এই বিখ্যাত অট্টালিকাটোত ভগৱান ৰামৰ ছবি প্ৰদৰ্শন কৰা হোৱা নাছিল। সেয়েহে, আমি এই দাবীটো ভুৱা বুলি চিহ্নিত কৰিছোঁ।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।