শেহতীয়াকৈ মৰক্কোত সংঘটিত হোৱা ভূমিকম্পৰ বুলি পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: ছেম ড'ক
ছেপ্তেম্বৰ 12 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
শেহতীয়াকৈ মৰক্কোত সংঘটিত হোৱা ভূমিকম্পৰ বুলি পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

শেহতীয়াকৈ মৰক্কোত সংঘটিত হোৱা ভূমিকম্পৰ বুলি পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: ফেচবুক)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ'টো ২০২০ চনৰ ৫ আগষ্টত কাছাব্লাংকাত ৰেকৰ্ডিং কৰা হৈছিল ।

ক্লেইম আইডি 56e14c0f

পৃষ্ঠভূমি

২০২৩ চনৰ ৮ ছেপ্টেম্বৰত মৰক্কোত ৬.৮ প্ৰাবল্যৰ এক ভূমিকম্প হয়। মৰক্কোৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ কেন্দ্ৰ অৱস্থিত আছিল । এই ভূমিকম্পৰ ফলত অসংখ্য ক্ষতিসাধন হোৱাৰ লগতে কমেও ২৮০০ লোকৰ মৃত্যু হয়।

এই দুৰ্যোগৰ পিছত বিভিন্ন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ লগত সম্পৰ্কিত কৰি যথেষ্ট সংখ্যক ফটো, ভিডিঅ’ শ্বেয়াৰ কৰিছে । এক্স (পূৰ্বৰ টুইটাৰ), টিকটক, ফেচবুকত ব্যাপকভাৱে প্ৰচাৰিত তেনে এটা ভিডিঅ’ত দেখা গৈছে যে এটা বহুমহলীয়া অট্টালিকা নিশা ভাঙি গৈছে । 

যোৱা কেইদিনমানৰ পৰা অসংখ্য ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে। এক্সত তেনে এটা পোষ্টৰ কেপচনত লিখা হৈছে, “এইটো ভয়ংকৰ। মৰক্কোৰ জনসাধাৰণৰ বাবে প্ৰাৰ্থনা ।" এই পোষ্টটো ৫০০ বাৰতকৈও অধিক পুনৰ পোষ্ট কৰা হৈছে আৰু ৩,১০০ৰো অধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লাইক কৰিছে।

ফেচবুক আৰু এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমৰ বিভিন্ন সংবাদ মাধ্যমটো উক্ত ভিডিঅ’টো মৰক্কোৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে । ঈশ্নান নিউজৰ ফেচবুক পে'জৰ পৰা পোষ্ট কৰা তেনে এটা ৰিল ২৩ হাজাৰতকৈ অধিক বাৰ দৰ্শন কৰা হৈছে । আন এটা নিউজ পৰ্টেল অসম লাইভ ২৪ ডিজিটেলৰ ফেচবুক পে'জতও উক্ত ভাইৰেল ভিডিঅ’ ক্লিপটো ১০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে এক বাতৰিৰ অংশ হিচাবে পোষ্ট কৰা হৈছিল । 

লজিকেলী ফেক্টছে নিৰ্ণয় কৰিছে যে শেহতীয়াকৈ হোৱা মৰক্কো ভূমিকম্পৰ সময়ত উক্ত ভাইৰেল ভিডিঅ’ ক্লিপটোৰ চিত্ৰগ্ৰহণ কৰা হোৱা নাছিল।

প্ৰকৃত তথ্য

ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলে দেখা যায় যে এই ভিডিঅ’ ক্লিপটো ২০২০ চনৰ আগষ্ট মাহৰ পৰাই অনলাইন যোগে প্ৰচাৰ হৈ আছিল । আল আলম টিভি নামৰ এটা ইউটিউব চেনেলে দাবী কৰিছে যে ক্লিপটোত “কাছাব্লাংকাৰ ছাবাটাত এটা আৱাসিক ঘৰ ভাঙি যোৱা।” দেখা গৈছে । 

ভাইৰেল ভিডিঅ’ আৰু মূল ভিডিঅ’ৰ এক তুলনা । (উৎস: ফেচবুক, ইউটিউব)

লজিকেলী ফেক্টছে এই সময়ৰ আশে-পাশে প্ৰকাশিত আৰবী ভাষাৰ বাতৰি বিচাৰিছিল যাতে এই কথা পৰীক্ষা কৰিব পৰা যায় । ইয়াৰ ফলত ২০২০ চনৰ ৬ আগষ্টত মৰক্কোৰ এটা উল্লেখযোগ্য অনলাইন বাতৰি প্ৰতিষ্ঠান হেছপ্ৰেছে কাছাব্লাংকাত ঘৰ ভাঙি পৰাৰ বিষয়ে প্ৰকাশ কৰা এটা প্ৰবন্ধ বিচাৰি পোৱা গ'ল।

হেছপ্ৰেছৰ কভাৰেজত এতিয়া ভাইৰেল হোৱা ক্লিপটোত বন্দী হোৱা একেটা পৰিঘটনাকে দেখুওৱা এটা ভিডিঅ’ও আছিল। অট্টালিকাটো ভাঙি পৰাৰ সন্দৰ্ভত আউটলেটটোৱে কয়, “বুধবাৰে নিশা কাছাব্লাংকা চহৰখন জোকাৰি গৈছিল, ছাবটা প্ৰদেশৰ আল-মাছৌদি চুবুৰীৰ এটা তিনিমহলীয়া ঘৰ ভাঙি পৰাৰ ফলত এজন ব্যক্তিৰ মৃত্যু হৈছিল আৰু... আৰু বহুতো বস্তুগত লোকচান হৈছিল।” অট্টালিকাটো ভাঙি পৰাৰ পূৰ্বে বাসিন্দাসকলে অট্টালিকাটোত বৃহৎ ফাট দেখিছিল ।

সিদ্ধান্ত

এই ক্লিপটোত শেহতীয়াকৈ মৰক্কোত হোৱা ভূমিকম্পৰ সময়ত কোনো অট্টালিকা ভাঙি পৰা দেখা যোৱা নাই । ক্লিপটো ২০২০ চনৰ ৫ আগষ্টৰ সন্ধিয়া ৰেকৰ্ডিং কৰা হৈছিল, আৰু পিছদিনা স্থানীয় সংবাদ মাধ্যমে ইয়াক প্ৰকাশ কৰিছিল । এই দাবীটোক সেয়েহে মিছা বুলি চিহ্নিত কৰা হৈছে ।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।