মূল লেজাৰ ৰশ্মিয়ে হাৱাইত অগ্নিসংযোগ ঘটোৱাৰ দাবী কৰিবলৈ সম্পাদিত ছবি ব্যৱহাৰ কৰা হৈছে

লেজাৰ ৰশ্মিয়ে হাৱাইত অগ্নিসংযোগ ঘটোৱাৰ দাবী কৰিবলৈ সম্পাদিত ছবি ব্যৱহাৰ কৰা হৈছে

লেখক: উম্মে কুলচুম

আগষ্ট 22 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
লেজাৰ ৰশ্মিয়ে হাৱাইত অগ্নিসংযোগ ঘটোৱাৰ দাবী কৰিবলৈ সম্পাদিত ছবি ব্যৱহাৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

এই ফটোখন ডিজিটেলভাৱে সম্পাদিত কৰা হৈছে। মূল ফটোখন ক্ৰপ কৰি পথালিকৈ ওলোটাই এইয়া লেজাৰ ৰশ্মিয়ে হাৱাইত অগ্নিসংযোগ ঘটোৱাৰ ছবি বুলি দাবী কৰা হৈছে ।

পৃষ্ঠভূমি

হাৱাইত এক লেজাৰ ৰশ্মিয়ে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটোৱা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এখন ছবি প্ৰচাৰ কৰি থকা হৈছে। ছবিখনত এটা জ্বলি থকা আকৃতি দেখা হৈছে য’ত লেজাৰ সদৃশ এক বস্তুৱে আঘাত কৰিছে। ফটোখন শ্বেয়াৰ কৰা এটা X(এক্স) পোষ্ট (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত)ত এইদে লিখা আছে- "মাউই ফায়াৰ্ছ ডাইৰেক্ট এনাৰ্জি ৱেপন। আপুনি এবাৰ চাবনে (ইংৰাজীৰ পৰা অনুবাদিত)", এই বাতৰি লিখাৰ সময়ত এই পোষ্টটোৱে ৩২ হাজাৰ ভিউ লাভ কৰিছিল।

ফটোখন এক্স(X)-ত ভাইৰেল। উৎস: (X/@MattaWallace/@TruthSeeker__)

আন এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখিছে, “আপুনি সত্য জানিবলৈ সাজু হৈছেনে?।” এই পোষ্টটোৱে ৯৬ লাখ ভিউ আৰু ৯,০৩৮ টাতকৈও অধিক ৰিশ্বেয়াৰ লাভ কৰে। ৱালেছে মাউইৰ জুইৰ বিষয়ে আন কেইবাটাও ভুৱা দাবী পোষ্ট কৰিছে, য’ত এটা ষড়যন্ত্ৰমূলক ভিডিঅ’ও আছে আৰু উক্ত ভিডিঅ’ত এই ছবিখন ইয়াৰ থাম্বনেইল হিচাপে সন্নিবিষ্ট কৰা হৈছে । 

অৱশ্যে, ভাইৰেল ফটোখন ডিজিটেলভাৱে সম্পাদিত কৰা হৈছে। মূল ফটোখন এছ’চিয়েটেড প্ৰেছ (এপি)ৰ ফটোগ্ৰাফাৰ মেথিউ থায়েৰে কেমেৰাত বন্দী কৰিছে।

প্ৰকৃত তথ্য

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি এ পি নিউজৰুম ৱেবছাইটত থকা মূল ছবিখন বিচাৰি পালোঁ, ইয়াত ফটোখনৰ ক্ৰেডিট এ পি ফটোগ্ৰাফাৰ মেথিউ থায়াৰক দিয়া আছে । ফটোখনত দেখা পোৱা অট্টালিকাটো লাহাইনাৰ ৱাইঅ’লা গীৰ্জাৰ, যিটো অট্টালিকা ২০২৩ চনৰ ৮ আগষ্টত সেই অঞ্চলত জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল।

এ পি ৱেবছাইটৰ কেপচনত লিখা আছে, “হাৱাইৰ লাহাইনাত ২০২৩ চনৰ ৮ আগষ্ট, মঙলবাৰে ৱাইনী ষ্ট্ৰীটৰ কাষেৰে লাহাইনাৰ ঐতিহাসিক ৱাইঅ’লা চাৰ্চৰ হল আৰু ওচৰৰ লাহাইনা হংৱাঞ্জি মিছনৰ হলটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে। (মেথিউ থায়েৰ/এপিৰ জৰিয়তে মাউই নিউজ)।”

মন কৰিবলগীয়া যে মূল ছবিখনক এক ভুৱা নেৰেটিভৰ লগত খাপ খুৱাবলৈ বিকৃত কৰা হৈছে।

এছ'চিয়েটেড প্ৰেছৰ ছবি আৰু ভাইৰেল ছবিৰ তুলনা (উৎস: এ পি, এক্স/জেকবটলি_১২৭ )

চিবিএছ নিউজৰ মতে, প্ৰথমে কিহৰ বাবে অগ্নিকাণ্ডৰ সূচনা হৈছিল সেইটো নিৰ্ণয় কৰিবলৈ তদন্ত চলি আছে, আৰু ইয়াৰ কাৰণ আনুষ্ঠানিকভাৱে নিৰ্ণয় কৰা হোৱা নাই। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি বিশেষজ্ঞসকলে জলবায়ু পৰিৱৰ্তন, ক্ষন্তেকীয়া খৰাং, 'ইনভেচিভ' ঘাঁহ আৰু তীব্ৰ বতাহ আদিয়েই জুইৰ দ্ৰুত বিস্তাৰৰ বাবে অৰিহণা যোগাইছে বুলি মত প্ৰকাশ কৰিছে।

সিদ্ধান্ত

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ছবিখন হাৱাইৰ হয় যদিও ইয়াত লেজাৰ সদৃশ ৰশ্মি ডিজিটেলভাৱে সম্পাদনা কৰি সন্নিবিষ্ট কৰা হৈছে যাতে এক ভুৱা নেৰেটিভ প্ৰচাৰ কৰিব পাৰি। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।