মূল বাংলাদেশত এটা হিন্দু পৰিয়ালৰ হত্যাকাণ্ডক মিছাকৈ সাম্প্ৰদায়িক ৰূপ দিয়া হৈছে

বাংলাদেশত এটা হিন্দু পৰিয়ালৰ হত্যাকাণ্ডক মিছাকৈ সাম্প্ৰদায়িক ৰূপ দিয়া হৈছে

লেখক: মহম্মদ ছলমান

ফেব্ৰুৱাৰী 7 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বাংলাদেশত এটা হিন্দু পৰিয়ালৰ হত্যাকাণ্ডক মিছাকৈ সাম্প্ৰদায়িক ৰূপ দিয়া হৈছে ইছলামধৰ্মী লোকে এটা হিন্দু পৰিয়ালক হত্যা কৰা বুলি দাবী কৰি শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

গোচৰটোৰ অভিযুক্ত আৰু ভুক্তভোগী একেটা পৰিয়ালৰে হয়। ঋণ পৰিশোধ নকৰাৰ উদ্দেশ্যে উক্ত হত্যাকাণ্ড সংঘটিত কৰা হৈছিল বুলি অনুমান কৰা হৈছে

কি দাবী কৰা হৈছে?

বাংলাদেশৰ এটা হিন্দু পৰিয়ালৰ হত্যাকাণ্ড সম্পৰ্কীয় কিছু ফটো আৰু দাবী এক সাম্প্ৰদায়িক দৃষ্টিকোণেৰে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈ আছে। হত্যাকাণ্ডটোৰ কেতবোৰ অতি নৃশংস ফটোৰ সৈতে শ্বেয়াৰ কৰা এই দাবীসমূহে যথেষ্ট প্ৰতিক্ৰিয়াৰ লগতে উদ্বেগৰ সৃষ্টি কৰিছে। (বি:দ্ৰ: দাবীসমূহৰ সৈতে ব্যৱহাৰ কৰা স্পৰ্শকাতৰতাৰ দৃশ্যসমূহৰ প্ৰতি লক্ষ্য ৰাখি আমি মূল পোষ্ট বা আৰ্কাইভ কৰা সংস্কৰণৰ লিংক ইয়াত সন্নিৱিষ্ট কৰা নাই।)

এক্সত দিয়া এটা পোষ্টত দাবী কৰা হৈছিল, "বাংলাদেশত একেটা হিন্দু পৰিয়ালৰ তিনিজন সদস্যক মুছলমানে ঘৰতে মূৰ কাটি হত্যা কৰিলে।" এই পোষ্টটোৱে  ১৬,০০০ৰো অধিক ভিউ লাভ কৰিছিল। আন এজন ব্যৱহাৰকাৰীয়ে ছিৰাজগঞ্জত ইছলামধৰ্মী লোকে এজন হিন্দু নেতাৰ পৰিয়ালক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি ছবিসমূহ শ্বেয়াৰ কৰিছে। নিহত লোককেইজনক বিকাশ সৰকাৰ, স্বৰ্ণ সৰকাৰ আৰু তেওঁলোকৰ কন্যা পাৰ্মিতা সৰকাৰ তুছি বুলি চিনাক্ত কৰা হৈছে।

ভাইৰেল ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে আমি এই দাবী মিছা বুলি জানিব পাৰোঁ। ঘটনাৰ ভুক্তভোগী তথা অভিযুক্ত একেটা পৰিয়ালৰে হয়। 

প্ৰকৃত তথ্য কি?

আমাৰ অনুসন্ধানত আমি বাংলাদেশৰ ফেক্ট-চেকাৰ শ্বোনাহুৰ ৰহমানে এটা ভাইৰেল পোষ্টত কৰা কমেণ্ট দেখা পালোঁ। তেওঁ উক্ত ঘটনাটোত কোনোধৰণৰ সাম্প্ৰদায়িক দিশ নাই বুলি স্পষ্টভাৱে উল্লেখ কৰাৰ লগতে অভিযুক্তজনক নিহত লোকজনৰ ভাগিনীয়েক ৰাজীৱ কুমাৰ ভৌমিক বুলি চিনাক্ত কৰিছিল।

ইংৰাজী আৰু বাংলা ভাষাত অনুসন্ধান কৰি আমি উক্ত ঘটনাটোৰ বিষয়ে একাধিক বাতৰি প্ৰতিবেদন লোভ কৰোঁ। ২০২৪ চনৰ ৩১ জানুৱাৰীত দ্য ডেইলী ষ্টাৰত ছিৰাজগঞ্জৰ তাৰাছাত একেটা পৰিয়ালৰ তিনিজন সদস্যক হত্যা কৰাৰ অপৰাধত ৰাজীৱ কুমাৰ ভৌমিকক গ্ৰেপ্তাৰ কৰাৰ এক বাতৰি প্ৰকাশ পাইছিল। প্ৰতিবেদনটোত ছিৰাজগঞ্জৰ আৰক্ষী অধীক্ষক আৰিফুৰ ৰহমানৰ উদ্ধৃতি দি উল্লেখ কৰা হৈছে যে ৰাজীবে মোমায়েকক দিবলৈ থকা ৩৫ লাখ বাংলাদেশী টাকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছিল। নিহতসকলক বিকাশ সৰকাৰ (৪৬), পত্নী স্বৰ্ণ ৰাণী সৰকাৰ (৪২) আৰু তেওঁলোকৰ ১৫ বছৰীয়া কন্যা বুলি চিনাক্ত কৰা হৈছে। স্বৰ্ণ ৰাণী সৰকাৰৰ ভাতৃ সুকোমল চন্দ্ৰ সাহাই তাৰাশ থানাত হত্যাৰ গোচৰ দাখিল কৰে।

ডেইলী ষ্টাৰ ইংলিছ, ফাইনেন্সিয়েল এক্সপ্ৰেছ, ডেইলী অবজাৰ্ভাৰকে ধৰি বাংলাদেশৰ একাধিক সংবাদ মাধ্যমত এই হত্যাকাণ্ডৰ বাতৰি প্ৰকাশ পাইছিল আৰু সকলোতে ৰাজীব ভৌমিকক অভিযুক্ত বুলি উল্লেখ কৰা হৈছিল। এজন স্থানীয় ফেক্ট-চেকাৰে এনে একাংশ প্ৰতিবেদন আমাৰ সৈতে শ্বেয়াৰ কৰিছিল।

আৰক্ষী অধীক্ষক আৰিফুৰ ৰহমানে সম্বোধন কৰা এখন সংবাদমেল ২০২৪ চনৰ ৩১ জানুৱাৰীত চেনেল আই নিউজৰ ইউটিউব চেনেলত আপলোড কৰা হৈছিল। উক্ত সংবাদমেলতো আৰক্ষী অধীক্ষক গৰাকীয়ে নিহত লোকজনৰ ভাগিনীয়েকক হত্যাকাণ্ডৰ অভিযুক্ত হিচাপে উল্লেখ কৰিছে।

সিদ্ধান্ত

আমাৰ অনুসন্ধানে এই কথা স্পষ্টভাৱে প্ৰমাণ কৰে যে বাংলাদেশত মুছলমান লোকে এটা হিন্দু পৰিয়ালক নিৰ্মমভাৱে হত্যা কৰা বুলি যি দাবী প্ৰচাৰ কৰা হৈছে সেয়া সম্পূৰ্ণ মিছা। হত্যাকাণ্ডৰ অভিযুক্ত নিহত লোকজনৰ ভাগিনীয়েক হয়। আৰক্ষীৰ ভাষ্য মতে মোমায়েকক দিবলগীয়া ঋণ পৰিশোধ কৰিব নোৱাৰাৰ তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিছিল। ঘটনাটোৰ সৈতে কোনোধৰণৰ সাম্প্ৰদায়িক দিশ জড়িত নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।