গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিয়ে ‘অনুসূচিত জাতি, জনজাতি, অ'বিচি সংৰক্ষণ বাতিল কৰিব’ বুলি কোৱা নাই

লেখক: মহম্মদ চলমান
এপ্ৰিল 30 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিয়ে ‘অনুসূচিত জাতি, জনজাতি, অ'বিচি সংৰক্ষণ বাতিল কৰিব’ বুলি কোৱা নাই

ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: X/ স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছ)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে। মূল ভিডিঅ’টোত গৃহমন্ত্ৰী অমিত শ্বাহে তেলেংগানাত মুছলমানসকলৰ বাবে সংৰক্ষণ বিলুপ্ত কৰাৰ উদ্দেশ্য ঘোষণা কৰিছে।

ক্লেইম আইডি c79e2ceb

দাবী কি?

ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহক লৈ এটা ভিডিঅ’ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ভিডিঅ’টোত শ্বাহে কোৱা শুনা গৈছে যে, “ভাৰতীয় জনতা পাৰ্টিয়ে যদি চৰকাৰ গঠন কৰে, তেন্তে আমি অসাংবিধানিক অনুসূচিত জাতি, অনুসূচিত জনজাতি, আৰু অবিচিৰ সংৰক্ষণ (হিন্দীৰ পৰা অনুবাদ) শেষ কৰি দিম।”

ইয়াৰ ফলত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচিৰ দৰে সংখ্যালঘু সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ বিৰোধী বুলি অভিযোগ উত্থাপন কৰিছে। এই দাবী কংগ্ৰেছৰ তেলেংগানা আৰু ঝাৰখণ্ড ইউনিটৰ দৰে কেইবাটাও ছ’চিয়েল মিডিয়া একাউণ্টে শ্বেয়াৰ কৰিছে।

এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত ভাইৰেল ভিডিঅ’টো পোষ্ট কৰি কেপচন দিছে, “বিজেপিয়ে যদি চৰকাৰ গঠন কৰে তেন্তে ই অ’বিচি, এছচি, এছটিৰ সংৰক্ষণৰ অন্ত পেলাব: অমিত শ্বাহ। ইয়াৰ প্ৰতি (হিন্দীৰ পৰা অনুবাদ কৰা) অ’বিচি, এছচি, আৰু এছটি সকলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া চাবলৈ আগ্ৰহী হ’ব।” পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

এনে ধৰণৰ পোষ্ট ফেচবুকত অসমীয়া ভাষাটো দেখা গৈছে। এন এছ ইউ আই অসমৰ ফেচবুক পেজৰ পৰাও উক্ত ভিডিঅ’টো এনে ধৰণৰ দাবীৰে পোষ্ট কৰা হৈছে । আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। আনহাতে এনে আন পোষ্ট ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: X/ স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছ)

অৱশ্যে ভাইৰেল ভিডিঅ’টো সম্পাদিত হয়। মূল ভিডিঅ’টোত শ্বাহে উল্লেখ কৰিছে যে মুছলমান সম্প্ৰদায়ৰ বাবে অসাংবিধানিক সংৰক্ষণ বন্ধ কৰা হ’ব।

আমি এই কথা কেনেকৈ পৰীক্ষা কৰিলোঁ?

ভাইৰেল ভিডিঅ’টোৰ তলৰ বাওঁফালৰ চুকত তেলেগু নিউজ টিভি চেনেল ভি৬ নিউজৰ ল’গ’ দেখা গৈছে। আমি শ্বাহৰ ভাষণৰ এটা ভিডিঅ’ (আৰ্কাইভ) বিচাৰি পালোঁ, যিটো নিউজ পৰ্টেলৰ ইউটিউব চেনেলত ২০২৩ চনৰ ২৩ এপ্ৰিলত আপলোড কৰা হৈছিল, যাৰ শিৰোনাম আছিল “মুছলিম সংৰক্ষণৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ মন্তব্য...”

ভিডিঅ’টোত ২:৩৮ মিনিটৰ টাইমষ্টেম্পত শ্বাহে কোৱা শুনা যায়, “ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিলে আমি অসাংবিধানিক মুছলমান সংৰক্ষণৰ অন্ত পেলাম। এই অধিকাৰ আচলতে তেলেংগানাৰ অ’বিচি, আৰু এছচি, এছটিৰ হয়। তেওঁলোকে সেই অধিকাৰ লাভ কৰিব, আৰু আমি মুছলমান সংৰক্ষণ (হিন্দীৰ পৰা অনুবাদ) শেষ কৰিম।”

ইয়াৰ পৰা নিশ্চিত হৈছে যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে। মূল ভিডিঅ’টোত শ্বাহে মুছলমানৰ বাবে অসাংবিধানিক সংৰক্ষণৰ অন্ত পেলোৱাৰ উদ্দেশ্য উল্লেখ কৰিছিল। ভাইৰেল ভিডিঅ’টোত তেওঁ “মুছলিম” শব্দটো কোৱা ছেগমেণ্টটো সম্পাদনা কৰি তাৰ ঠাইত “অ’বিচি, আৰু এছচি, এছটি” সংযোগ কৰা হৈছে।

আমি এই ভাষণৰ মূল ভিডিঅ’ (আৰ্কাইভ)ও পাইছিলোঁ, যিটো ২০২৩ চনৰ ২৩ এপ্ৰিলত শ্বাহৰ অফিচিয়েল ইউটিউব চেনেলত লাইভ ষ্ট্ৰীম কৰা হৈছিল। ১৪:৫৮ মিনিটৰ টাইমষ্টেম্পত আমি ভাইৰেল ভিডিঅ’টোৰ আৰম্ভণিতে তেওঁৰ মন্তব্য শুনিব পাৰো।

মন কৰিবলগীয়া যে ২০২৩ চনৰ ২৫ এপ্ৰিলত তেলেংগানাৰ ছিদ্দিপেটত এখন সভাত ভাষণ দি শ্বাহে ঘোষণা কৰিছিল যে মুছলমানৰ বাবে সংৰক্ষণ বন্ধ কৰা হ’ব। এই ঘোষণাৰ ৯:৩০ মিনিটৰ এটা ভিডিঅ' ইয়াত চাব পাৰিব।

তদুপৰি আমি আৱিষ্কাৰ কৰিলোঁ যে দিল্লী আৰক্ষীৰ চাইবাৰক্ৰাইম ইউনিটে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অভিযোগৰ পিছত এই সম্পাদিত ভিডিঅ’টোৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছিল।


 
তেলেংগানাত মুছলমান সংৰক্ষণ

২০২৪ চনৰ ২৫ এপ্ৰিলত হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি তেলেংগানাৰ মুছলমানসকলে অন্যান্য পিছপৰা (OBC) শ্ৰেণীৰ অধীনত শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত চাৰি শতাংশ সংৰক্ষণ লাভ কৰে। কিন্তু এই কোটা অ’বিচিৰ বৰ্তমানৰ কোটা হ্ৰাস কৰি নহয়, বিচি-ই নামেৰে জনাজাত অ’বিচিৰ এটা সুকীয়া শ্ৰেণী সৃষ্টি কৰি কাৰ্যকৰী কৰা হৈছে। প্ৰতিবেদনত আৰু কোৱা হৈছে যে এই সংৰক্ষণক একাধিকবাৰ আদালতত প্ৰত্যাহ্বান জনোৱা হৈছে, আৰু বৰ্তমান এই গোচৰটো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।

সিদ্ধান্ত

তেলেংগানাৰ চেভেলাত অমিত শ্বাহৰ ভাষণৰ এটা ভিডিঅ’ সম্পাদনা কৰি “মুছলিম” শব্দটোৰ ঠাইত “অ’বিচি, আৰু এছচি, এছটি” সংযোগ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে তেলেংগানাত অসাংবিধানিক মুছলমান সংৰক্ষণ বাতিল কৰা হ’ব। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(আপডেট: এই ভুৱা দাবী কৰা কেইবাটাও কংগ্ৰেছ একাউণ্টৰ পোষ্ট যোগ কৰিবলৈ কাহিনীটো আপডেট কৰা হৈছে।)

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , తెలుగు

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।