বিশ্বকাপ ট্ৰফী প্ৰদান কৰি মোডীয়ে পেট কামিন্সৰ সৈতে ফটো উঠিবলৈ অস্বীকাৰ কৰা নাছিল

লেখক: উম্মে কুলচুম
নৱেম্বৰ 22 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বিশ্বকাপ ট্ৰফী প্ৰদান কৰি মোডীয়ে পেট কামিন্সৰ সৈতে ফটো উঠিবলৈ অস্বীকাৰ কৰা নাছিল

মিছা দাবীৰে ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোৰ এটা বৰ্ধিত সংস্কৰণত মোডীয়ে ট্ৰফী অৰ্পণ কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ অধিনায়কজনক কৰমৰ্দন কৰি তেওঁৰ সৈতে ফটোৰ বাবে প'জ দিয়া দেখা গৈছে।

ক্লেইম আইডি eb9ebd38

কি দাবী কৰা হৈছে? 

যোৱা ১৯ নৱেম্বৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ছয় উইকেটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি ষষ্ঠবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী দখল কৰে। 

খেলখনৰ পাছত ছ’চিয়েল মিডিয়াত অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক আইচিচি ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী প্ৰদান কৰা এটাৰ বিশেষ ভিডিঅ’ই ব্যাপক চৰ্চা লাভ কৰে।

ছ'চিয়েল মিডিয়াত ক্লিপটো শ্বেয়াৰ কৰি বিভিন্নজনে দাবী কৰিছিল যে মোডীয়ে অনুষ্ঠানটোৰ সময়ত পৰম্পৰাগত কৰমৰ্দন বা অভিবাদন নজনোৱাৰ কৰাৰ লগতে অষ্ট্ৰেলিয়াৰ অধিনায়কজনৰ সৈতে ফটো তুলিবলৈ অস্বীকাৰ কৰিছিল। বহুতো ক্ৰিকেট অনুৰাগীয়ে মোডীয়ে কামিন্সক উপেক্ষা কৰি মঞ্চৰ পৰা আঁতৰি অহা বুলি দাবী কৰি ট্ৰফী অনুষ্ঠানত কামিন্সক কৰা আচৰণ 'অপ্ৰীতিকৰ' আৰু 'লজ্জাজনক' আছিল বুলি কয়। ক্লিপটোৰ এটা সংস্কৰণ এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, "অনুগ্ৰহ কৰি সাৰ পাওক, অষ্ট্ৰেলিয়া জয়ী হৈছে পাকিস্তান নহয়, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াৰ অধিনায়কৰ সৈতে ফটো তুলিবলৈ অস্বীকাৰ কৰি লজ্জাজনক আচৰণ দেখুৱালে।" পোষ্টটোৱে ৩৮ হাজাৰতকৈ অধিক ভিউ লাভ কৰিছে। পোষ্টটোৰ এটা আৰ্কাইভ সংস্কৰণ ইয়াত পোৱা যাব।

উক্ত ভিডিঅ' ক্লিপটো ফেচবুককে ধৰি অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো একেধৰণৰ বৰ্ণনাৰে ভাইৰেল হৈ পৰিছে। ফেচবুকত শ্বেয়াৰ কৰা এটা পোষ্টে ৭,০০০ তকৈ অধিক লাইক আৰু প্ৰায় ১,৭০০ শ্বেয়াৰ লাভ কৰিছে। 

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভাইৰেল ক্লিপটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমতো বিভিন্ন ফেচবুক ব্যৱহাৰকাৰীয়ে এই ক্লিপটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কটাক্ষ কৰা দেখা গৈছে।

অসমৰ দুগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ভিডিঅ’টো ক্ৰপ কৰি ভুৱা দাবীৰে শ্বেয়াৰ কৰা হৈছে। বাস্তৱত প্ৰধানমন্ত্ৰী মোডীয়ে কামিন্সক সঠিকভাৱে অভিবাদন জনাইছিল আৰু অষ্ট্ৰেলিয়াৰ অধিনায়কগৰাকীক ট্ৰফী গতাই দিয়াৰ পিছত ফটোৰ বাবে পোজ দিছিল।

আমি কি বিচাৰি পালো?

লজিকেলী ফেক্টছে বিশ্বকাপৰ লাইভ সম্প্ৰচাৰ কৰা অ’টিটি প্লেটফৰ্ম ডিজনী+ হটষ্টাৰত আপলোড কৰা অনুষ্ঠানৰ ফুটেজ লাভ কৰে। ৰিপ্লে’, ফাইনেল:  IND vs AUS শীৰ্ষক ভিডিঅ’টোত ১০:১৫:৩০ বজাৰ টাইমষ্টেম্পত প্ৰধানমন্ত্ৰী মোডীয়ে ট্ৰফী প্ৰদানৰ পূৰ্বে কামিন্সৰ সৈতে উষ্মভাৱে হাত মিলাই অভিবাদন জনোৱা দেখা যায়। ইয়াৰ পিছত কামিন্সে সেই সময়ত মঞ্চত থকা অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লছৰ সৈতে কৰমৰ্দন কৰে। ইয়াৰ পিছতে দুয়োগৰাকী নেতাই অষ্ট্ৰেলিয়াৰ অধিনায়কগৰাকীক ট্ৰফী প্ৰদান কৰি ফটোৰ বাবে পোজ দিয়ে। ফুটেজটোত মোডীয়ে কামিন্সৰ পিঠিত থপৰিয়াই থকা আৰু পুনৰ হাত মিলাই থকা দেখা গৈছে। ইয়াৰ পিছত মোডী আৰু মাৰ্লেছে মঞ্চৰ পৰা ওলাই আহি দলৰ বাকীসকলক অভিবাদন জনায় আৰু কামিন্সে কাপটো লৈ মঞ্চত ৰৈ থাকে, যিটো দৃশ্য ভাইৰেল ক্লিপটোত বন্দী হৈছে।

এই প্ৰতিবেদনটোত উল্লেখ কৰাৰ দৰে কামিন্সক কিছু মুহূৰ্তৰ বাবে অকলে মঞ্চত কিছু বিব্ৰতভোৱে ৰৈ থকা দেখা হৈছিল যদিও মোডীয়ে তেওঁক আওকান কৰাৰ কোনো প্ৰমাণ নাই।

ষ্টক ফটোগ্ৰাফী ৱেবছাইট গেট্টি ইমেজে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলৰ পিছত মোডীয়ে কামিন্সক বঁটা প্ৰদান কৰা আৰু অষ্ট্ৰেলিয়াৰ অধিনায়কজনৰ সৈতে কৰমৰ্দন কৰি থকা ফটো প্ৰকাশ কৰিছে।

পেট কামিন্সক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অভিবাদন জনোৱাৰ ফটো। (উৎস: গেটি ইমেজেছ)

সংবাদ সংস্থা এএনআইয়েও বঁটা প্ৰদান অনুষ্ঠানৰ কেইবাখনো ফটো পোষ্ট কৰিছিল। ইয়াৰে এখন ফটোত, কামিন্স আৰু মোডীক হাত মিলাই থকা দেখা যায়। 

পেট কামিন্স আৰু প্ৰধানমন্ত্ৰী মোডীয়ে কৰমৰ্দন কৰা দেখিবলৈ পোৱা এএনআইৰ এখন ফটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/@এএনআই)

মোডীয়ে তেওঁৰ অফিচিয়েল এক্স একাউণ্টত অষ্ট্ৰেলিয়াক বিশ্বকাপ বিজয়ৰ বাবে অভিনন্দন জনাই এইদৰে লিখিছিল, "বিশ্বকাপৰ এক সুন্দৰ বিজয়ৰ বাবে অষ্ট্ৰেলিয়াক অভিনন্দন! প্ৰতিযোগিতাখনত তেওঁলোকৰ প্ৰদৰ্শন প্ৰশংসনীয় আছিল, যাৰ ফলত এক চমৎকাৰ বিজয় সাব্যস্ত কৰে। ট্ৰেভিছ হেডক আজিৰ তেওঁৰ অনবদ্য খেলৰ বাবে অভিনন্দন।"

সিদ্ধান্ত

প্ৰধানমন্ত্ৰী মোডীয়ে আইচিচি বিশ্বকাপৰ ট্ৰফী কামিন্সক প্ৰদান কৰাৰ পিছত মঞ্চৰ পৰা ওলাই যোৱাৰ ভাইৰেল ভিডিঅ'টো ক্ৰপ কৰা হৈছে। অষ্ট্ৰেলিয়াই প্ৰতিযোগিতাখন জিকাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়কক উপেক্ষা কৰা আৰু তেওঁক অভিবাদন জনোৱা নাই বা তেওঁৰ সৈতে ফটো তোলা নাই বুলি মিছা দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ চন্দন বৰগোঁহাই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।