ভিডিঅ'ত তৰোৱাল চলাই থকা মানুহজন ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা নহয়

লেখক: ৰাহুল অধিকাৰী
ডিচেম্বৰ 21 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভিডিঅ'ত তৰোৱাল চলাই থকা মানুহজন ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা নহয়

ভাইৰেল ভিডিঅ'ত তৰোৱাল চলাই থকা মানুহজন ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ভিডিঅ'টোত ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীক দেখুওৱা হোৱা নাই। এইজন আচলতে মধ্য প্ৰদেশৰ নতুন উপ-মুখ্যমন্ত্ৰী জগদীশ দেউৰা হয়।

ক্লেইম আইডি bdc8f1a4

উত্তৰ-ভাৰতৰ ৰাজস্থান ৰাজ্যত বিপুল বিজয়ৰ পিছত ভাৰতীয় জনতা পাৰ্টিয়ে ভজন লাল শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বাছি লৈছিল। এই সিদ্ধান্তয়ে বহুতকে আচৰিত কৰি তুলিছিল। ইপিনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বাতৰিৰ লগতে ছ’চিয়েল মিডিয়াতো শৰ্মাই বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ।

দাবী কি?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শৰ্মাক তৰোৱাল লৈ থকা দেখা পোৱা বুলি দাবী কৰা এটা ভিডিঅ’ প্ৰচাৰিত হৈছে। ভিডিঅ’টোত বগা কাপোৰ পিন্ধা এজন লোকে তৰোৱাল চালনা আৰু ঢাল ব্যৱহাৰ কৰাৰ কৌশল প্ৰদৰ্শন কৰা দেখা গৈছে আৰু লগতে দৰ্শকে তেওঁক উৎসাহিত কৰা দেখা গৈছে। এজন এক্স ইউজাৰে ভিডিঅ’টো শ্বেয়াৰ কৰি হিন্দীত কেপচনটো লিখিছে, যাৰ মোটামুটি অনুবাদ হৈছে, “আমাৰ ভজনলাল জীও কম নহয়... 🔹 মধ্যপ্ৰদেশৰ তৰোৱালধাৰী মুখ্যমন্ত্ৰী 🔹 ৰাজস্থানত তৰোৱালধাৰী মুখ্যমন্ত্ৰী এতিয়া চালৱাৰ বিক্ৰেতাজনৰ অৱস্থা ভাল নহব (sic )।” পোষ্টটোৱে (ইয়াত আৰ্কাইভ কৰা হৈছে) ২০ হাজাৰৰো অধিক ভিউ আৰু ১৩০০ৰো অধিক লাইক লাভ কৰিছিল। ফেচবুকত আন এটা অনুৰূপ পোষ্ট (ইয়াত আৰ্কাইভ কৰা হৈছে)ৰ কেপচন আছিল, “আমাৰ মুখ্যমন্ত্ৰী ভজনলালও কম নহয়...”

এক্স আৰু ফেচবুকত ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, ভিডিঅ’টোত দেখা মানুহজন হৈছে মধ্যপ্ৰদেশৰ নৱনিযুক্ত উপ-মুখ্যমন্ত্ৰী জগদীশ দেউৰা, যাক ভজন লাল বুলি ভুলকৈ চিনাক্ত কৰা হৈছে।

সত্য কি?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেম ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখা গ’ল যে ভিডিঅ’টোত থকা মানুহজন ভজন লাল নহয়। ২০২২ চনৰ আগষ্ট মাহত কেইবাটাও সংবাদ মাধ্যমে এই ভিডিঅ’টো প্ৰকাশ কৰিছিল, য’ত লোকজনক মধ্যপ্ৰদেশৰ তদানীন্তন বিত্তমন্ত্ৰী জগদীশ দেউৰা বুলি চিনাক্ত কৰিছিল। ২০২২ চনৰ ২৯ আগষ্টত এবিপি লাইভে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি দেউৰাৰ বিধানসভা সমষ্টিৰ মালহাৰগড়ত আয়োজন কৰা এক অনুষ্ঠানত দেউৰাক তৰোৱাল চালনা কৰা দেখা গৈছিল। এই দৃশ্যটো যোগ গুৰু বাবা ৰামদেৱৰ জন্ম বাৰ্ষিকী উপলক্ষে আয়োজন কৰা এক শোভাযাত্ৰাৰ বুলি দৈনিক ভাস্কৰে এক বাতৰিত উল্লেখ কৰিছিল।

এবিপি লাইভৰ বাতৰিৰ স্ক্ৰীণশ্বট। (উৎস: এবিপি লাইভ)

এই ভিডিঅ’টো হিন্দী নিউজ আউটলেট নিউজ নেচনৰ ইউটিউব চেনেলতো— যাৰ ল’গ’ ভাইৰেল ক্লিপটোৰ ওপৰৰ বাওঁফালৰ কোণত দেখা গৈছে—২০২২ চনৰ ২৯ আগষ্টত প্ৰকাশ পাইছিল। ভিডিঅ’টোৰ শিৰোনামত লিখা আছিল, “মন্ত্ৰীৰ ফেন্সিঙৰ ভিডিঅ’ ভাইৰেল হৈছিল? মন্দসৌৰ জগদীশ দেউৰা (অনুবাদিত)।"

২০২২ চনৰ ২৯ আগষ্টত দেউৰাই নিজেই নিজৰ এক্স হেণ্ডেলৰ পৰা ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। ভিডিঅ’টো পোষ্ট কৰি তেওঁ লিখিছিল, “মালহাৰগড়ৰ বাবা ৰামদেৱ জী মেলাত।” ২০২০ চনৰ পৰা ২০২৩ চনলৈকে শিৱৰাজ সিং চৰকাৰৰ অধীনত মধ্যপ্ৰদেশৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা দেউৰাই ২০২৩ চনৰ ৰাজ্য বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত ১৩ ডিচেম্বৰত উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে।

সিদ্ধান্ত

মধ্যপ্ৰদেশৰ নৱনিযুক্ত উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে তৰোৱাল চলোৱাৰ দক্ষতা প্ৰদৰ্শন কৰা এটা পুৰণি ভিডিঅ’ ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাৰ ভিডিঅ’ বুলি ভুলকৈ দাবী কৰা হৈছে। এই ভিডিঅ’টো ২০২২ চনৰ, তেতিয়াৰ মধ্যপ্ৰদেশৰ বিত্তমন্ত্ৰী জগদীশ দেউৰাই নিজৰ সমষ্টিৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। সেয়েহে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

অনুবাদ: অনুৰাগ বৰুৱা

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।