এইটো অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ভিডিঅ' নহয়

লেখক: ৰজনী কে জি
ফেব্ৰুৱাৰী 1 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এইটো অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ভিডিঅ' নহয়

ৰাহুল গান্ধীৰ ভাইৰেল ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত ২০২৩ চনৰ নিৰ্বাচনৰ পূৰ্বে মধ্যপ্ৰদেশৰ ভূপালত ৰাহুল গান্ধীৰ এক ৰ’ডশ্ব’ দেখা গৈছে । ভাৰত জোড়ো ন্যায় যাত্ৰাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ।

ক্লেইম আইডি 79957a6b

পৃষ্ঠভূমি

কংগ্ৰেছৰ সংসদ সদস্য ৰাহুল গান্ধীৰ নেতৃত্বত গণ প্ৰচাৰৰ পদক্ষেপ, ভাৰত জোড়ো ন্যায় যাত্ৰা, ২০২৪ চনৰ ১৪ জানুৱাৰীৰ পৰা মণিপুৰত আৰম্ভ হয়। ১৫খন ৰাজ্যৰ ১১০খন জিলা অতিক্ৰম কৰি ৬৭০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ এই ৱাকাথন বিস্তৃত। কংগ্ৰেছৰ ৱেবছাইটত উল্লেখ কৰা অনুসৰি এই প্ৰচেষ্টাই নিবনুৱাকে ধৰি ভাৰতৰ যুৱক-যুৱতীসকলে সন্মুখীন হোৱা অসংখ্য প্ৰত্যাহ্বানৰ ওপৰত পোহৰ পেলোৱাৰ লগতে চলিত বৰ্ষৰ শেষৰ ফালে হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে সামাজিক আৰু ৰাজনৈতিক ন্যায়ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিব বিচাৰিছে। ২০২৪ চনৰ ২০ মাৰ্চত মুম্বাইত এই যাত্ৰাৰ সামৰণি পৰিব।

দাবী কি?

অসমৰ পিছত, ২০২৪ চনৰ ২৫ জানুৱাৰীত, ভাৰত জোড়ো ন্যায় যাত্ৰাই পশ্চিম বংগ গৈ পাইছিল । এই প্ৰসংগত, ছ’চিয়েল মিডিয়াত, গান্ধী এখন ট্ৰাকৰ ওপৰত বহি দৰ্শকৰ বিশাল সমাবেশক সম্ভাষণ জনোৱাৰ এক ভিডিঅ’ প্ৰকাশ পাইছিল, আৰু দাবী কৰা হৈছিল যে এইয়া অসম যাত্ৰাৰ সময়ছোৱাৰ দৃশ্য হয়। একেধৰণৰ দাবীৰ আৰ্কাইভ ইয়াত আৰু ইয়াত পোৱা যাব।

ৰাহুল গান্ধীৰ ভাইৰেল ভিডিঅ'ৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু এই দাবীৰ বিপৰীতে উক্ত ভিডিঅ'টো আচলতে ২০২৩ চনত মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সমাৱেশৰ সময়ৰ হয়, আৰু ২০২৪ চনৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

আমি এই কথা কেনেকৈ পৰীক্ষা কৰিলোঁ?

আমি ভিডিঅ’টোৰ পৰা কিফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ চাৰ্চ অনুসন্ধান কৰাত ইয়াৰ আচল কাহিনী উন্মোচিত হ’ল। ভাইৰেল স্নিপেটৰ এটা বৰ্ধিত কাট ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইউটিউব চেনেলত আৱিষ্কাৰ কৰা হৈছিল, যিটো ১৩ নৱেম্বৰ, ২০২৩ত আপলোড কৰা হৈছিল। ভিডিঅ'টোৰ বৰ্ণনাত স্পষ্ট কৰা হৈছে যে ইয়াত মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত এটা ৰোডশ্ব' প্ৰদৰ্শন কৰা হৈছে। ভিডিঅ’টোৰ ২৯:৪২ত এতিয়া চিনাকি ভিজুৱেলবোৰ দেখা গৈছে, যেনে ট্ৰাকখনৰ স্বকীয় ডিজাইন আৰু ৰঙৰ আঁচনিৰ উপৰিও কাষৰ নীলা ৰঙৰ ফলক এখনত 'বিবাহ কাৰ্ড' বুলি হিন্দীত লিখা থকা চিনাক্ত কৰিব পাৰি।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইউটিউব চেনেলৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/স্ক্ৰীণশ্বট)

ইয়াৰ উপৰিও টিভি৯ৰ নিউজ চেনেলে ২০২৩ চনৰ ১৩ নৱেম্বৰত ইয়াৰ আঞ্চলিক আউটলেট ‘টিভি৯ মধ্যপ্ৰদেশ ছত্তীশগড়’ত ভূপাল ৰেলী লাইভ সম্প্ৰচাৰ কৰিছিল।

ডেকান ক্ৰনিকলে প্ৰকাশ কৰা এক বাতৰি অনুসৰি গান্ধীয়ে কংগ্ৰেছ নেতা আৰিফ মাছুদ, তেতিয়াৰ ভূপাল চেণ্ট্ৰেলৰ বিধায়ক, আৰু মধ্যপ্ৰদেশ কংগ্ৰেছৰ সদস্য সুৰেশ পাচৌৰীৰ সৈতে ভূপাল উত্তৰৰ পৰা ভূপাল কেন্দ্ৰীয় বিধানসভা সমষ্টিলৈকে দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোডশ্ব’ৰ নেতৃত্ব দিছিল। সেইদিনা গান্ধীয়ে নীমুচ আৰু জাবাদতো নিৰ্বাচনী সভাত ভাষণ দিছিল, এই সকলোবোৰ ২০২৩ চনৰ ১৭ নৱেম্বৰত অনুষ্ঠিত মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰচাৰৰ অংশ আছিল।

সিদ্ধান্ত

মধ্য প্ৰদেশৰ দুমাহ পুৰণি ভিডিঅ’ অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দৃশ্য বুলি প্ৰচাৰ হৈছে । সেইবাবে এই দাবীক মিছা বুলি চিহ্নিত কৰা হৈছে ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।