ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ প্ৰাকক্ষণত অযোধ্যাত জটায়ু পক্ষী দেখা গৈছিল বুলি পুৰণি ভিডিঅ'টো প্ৰচাৰিত

লেখক: আজৰা আলী
জানুৱাৰী 17 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ প্ৰাকক্ষণত অযোধ্যাত জটায়ু পক্ষী দেখা গৈছিল বুলি পুৰণি ভিডিঅ'টো প্ৰচাৰিত

অযোধ্যাত কিছুদিন পূৰ্বে জতায়ু পক্ষী দেখা গৈছিল বুলি দাবী কৰি পুৰণি ভিডিঅ' শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

লজিকেলী ফেক্টছে ভাইৰেল ভিডিঅ'টো এতিয়াৰ নহয় বুলি জানিব পাৰিছে, ভিডিঅ’টো অন্ততঃ ২০২১ চনৰ পৰা ইণ্টাৰনেটত আছে।

ক্লেইম আইডি f76f79e8

কি দাবী কৰা হৈছে?

অহা ২২ জানুৱাৰীত ৰাম মন্দিৰত অনুষ্ঠিত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ প্ৰাকক্ষণত উত্তৰ প্ৰদেশৰ অযোধ্যাত জটায়ু পক্ষীৰ আগমন ঘটা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এজাক শগুনৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত এটা পথৰ দাঁতিত দেখিবলৈ পোৱা শগুনৰ জাকটোক হিন্দু মহাকাব্য ৰামায়ণৰ জটায়ু পক্ষীৰ সৈতে তুলনা কৰা হৈছে, আৰু অযোধ্যালৈ ৰামৰ ভক্তসকল আহিবলৈ আৰম্ভ কৰিছে বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে। (উল্লেখযোগ্য যে  ৰামায়ণৰ মতে, যেতিয়া ভগৱান ৰামৰ পত্নী সীতাক ৰাৱণে অপহৰণ কৰি নিছিল তেতিয়া জটায়ু নামৰ এটা শগুনে তেওঁক ৰক্ষা কৰিবলৈ চেষ্টা কৰি নিজৰ প্ৰাণ বলি দিছিল।)

এজন এক্স ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি হিন্দীত এটা দীঘলীয়া কেপচন লিখিছে যাৰ সংক্ষিপ্ত অনুবাদ এনেধৰণৰ - "অযোধ্যাত জটায়ুৰ জাক দেখা পোৱা গৈছে...অযোধ্যাত এজাক শগুন দেখা গৈছে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সমাৰোহৰ পূৰ্বে প্ৰভূ ৰামৰ ভক্তসকল অযোধ্যা আহি পাইছে মানুহে কৈছে।" পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। এই লেখা প্ৰকাশৰ সময়ত পোষ্টটোৱে ১ লাখ ৩০ হাজাৰতকৈ অধিক ভিউ লাভ কৰিছে। 

একেধৰণৰ দাবীৰে ভিডিঅ'টো একাধিক ব্যৱহাৰকাৰীয়ে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহত ব্যাপকভাৱে শ্বেয়াৰ কৰিছে। এনে অধিক পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ইউটিউব/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমীয়াত ‘‘অযোধ্যাত দেখা পোৱা গ'ল বহুতো জটায়ু পক্ষী’’ শীৰ্ষক কেপচনেৰে ডিলাইটফুল ৱৰ্ডছ নামৰ এটা পেজে ফেচবুকত ভিডঅ’টো শ্বেয়াৰ কৰা আমি দেখিবলৈ পাওঁ, ইয়াত আৰ্কাইভ কৰা হৈছে। 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এটা অসমীয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই ভিডিঅ’টো এতিয়াৰ নহয়, অন্ততঃ ২০২১ চনৰ পৰা ভিডিঅ’টো ইণ্টাৰনেটত উপলব্ধ।

প্ৰকৃত সত্য কি?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখা গ’ল যে ভিডিঅ’টো কমেও ২০২১ চনৰ অক্টোবৰৰ পৰা ইণ্টাৰনেটত আছে। ২০২১ চনৰ ৮ অক্টোবৰত ফেচবুক পেজ ‘ডুজ دوز’ত ভিডিঅ’টো শ্বেয়াৰ কৰিছিল, আৰবী ভাষাত লিখা কেপচনটোত “আপুনি এই চৰাইটোৰ নাম জানেনে?” বুলি লিখা আছে। ডুজে ফেচবুক বায়’ত নিজকে নিউজ আৰু মিডিয়া ৱেবছাইট হিচাপে উল্লেখ কৰিছে আৰু পেলেষ্টাইনী আই এছ ডি ক’ডৰ সৈতে এটা ফোন নম্বৰ শ্বেয়াৰ কৰিছে।

২০২১ চনত ‘ডুজ دوز’- এ ফেচবুকত শ্বেয়াৰ কৰা ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমাৰ অনুসন্ধানৰ পৰা দেখা গ’ল যে ২০২২ চনৰ মাৰ্চ মাহতো ভিডিঅ’টো ভাইৰেল হৈছিল। সংবাদ ৱেবছাইট টিভি৯ মাৰাঠীয়ে ২০২২ চনৰ ২৪ মাৰ্চত প্ৰকাশিত এটা প্ৰতিবেদনত এই ভিডিঅ’টোৰ স্ক্ৰীণশ্বট ব্যৱহাৰ কৰিছিল। প্ৰতিবেদনটোৰ শিৰোনাম আছিল “এটা গুৰুতৰ বিষয়ত জৰুৰী বৈঠক অনুষ্ঠিত, শগুণৰ ভাইৰেল ভিডিঅ’ চাওক (মাৰাঠীৰ পৰা অনুবাদ কৰা হৈছে)।” প্ৰতিবেদনটোত কোৱা হৈছে যে ২০২২ চনৰ ২৩ মাৰ্চত এক্স (তেতিয়া টুইটাৰ বুলি কোৱা হৈছিল)ত ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া দিপাংছু কাব্ৰাই এক ধেমেলীয়া কেপচনৰ সৈতে এতিয়া ভাইৰেল হোৱা ভিডিঅ’টো শ্বেয়াৰ কৰিছিল, তেওঁ লিখিলিছ “নিশ্চয় কিবা গুৰুত্বপূৰ্ণ বিষয়ত এক জৰুৰী বৈঠকৰ আহ্বান কৰা হৈছে (হিন্দীৰ পৰা অনুবাদ কৰা হৈছে)।”

২০২২ চনত প্ৰকাশিত বাতৰি আৰু আইপিএছ বিষয়াই শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: টিভি৯ মাৰাঠী/এক্স/স্ক্ৰীণশ্বট)

আমি নিজাববীয়াকৈ ভিডিঅ’টো ক’ৰ হয় সেইটো নিশ্চিত কৰিব পৰা নাই যদিও ওপৰৰ প্ৰমাণসমূহে দেখুৱাইছে যে এইটো কমেও দুবছৰৰ আগৰে পৰা ইণ্টাৰনেটত আছে। সেয়েহে, এইটো ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাত গোট খোৱা শগুনৰ ভিডিঅ’ হ’ব নোৱাৰে।

সিদ্ধান্ত

অন্ততঃ ২০২১ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ এটা পুৰণি ভিডিঅ’ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহৰ পূৰ্বে এজাক জটায়ু পক্ষীয়ে অযোধ্যা ভ্ৰমণ কৰা বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।