ৰাম মন্দিৰৰ অভিষেকৰ বাবে গমনৰত 'বান্দৰ সেনা' বুলি থাইলেণ্ডৰ পুৰণি ভিডিঅ’ প্ৰচাৰ

লেখক: অনুৰাগ বৰুৱা
জানুৱাৰী 30 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাম মন্দিৰৰ অভিষেকৰ বাবে গমনৰত 'বান্দৰ সেনা' বুলি থাইলেণ্ডৰ পুৰণি ভিডিঅ’ প্ৰচাৰ

ভিডিঅ’টোত দেখা পোৱা বান্দৰ কেইটা ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ গৈ আছে বুলি দাবী কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক)

ফেক্ট চেক

ৰায়দান মিছা

২০২০ চনত ক’ভিড-১৯ৰ সংক্ৰমণৰ সময়ত থাইলেণ্ডত চিত্ৰগ্ৰহণ কৰা এই ভাইৰেল ভিডিঅ’টোৰ শেহতীয়াকৈ অনুষ্ঠিত হোৱা ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ লগত সম্পৰ্ক নাই।

ক্লেইম আইডি 61be9b46

দাবী কি?

ৰাস্তাত বান্দৰৰ দল এটাই টিঘিলঘিলাই ফুৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত এই দাবীৰে ভাইৰেল হৈ পৰিছে যে ইয়াত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ বাবে উত্তৰ প্ৰদেশৰ অযোধ্যা চহৰৰ দিশে গমনৰত এক ‘বান্দৰ সেনাবাহিনী’ দেখা গৈছে। ভাইৰেল ভিডিঅ’টোত থকা বান্দৰকেইটা হিন্দু মহাকাব্য ৰামায়ণৰ বান্দৰ দেৱতা হনুমানৰ পৌৰাণিক বান্দৰ সেনাৰ সৈতে জড়িত কৰি উক্ত দাবী কৰা হৈছে।

ভিডিঅ’টোত দেখা পোৱা বান্দৰ কেইটা ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ গৈ আছে বুলি দাবী কৰা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক) 

এই ভিডিঅ’ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে ভাৰতৰ আঞ্চলিক ভাষা অসমীয়াত একেধৰণৰ দাবীৰে ব্যাপকভাৱে শ্বেয়াৰ কৰিছে। ২০২৩ চনৰ ২০ জানুৱাৰীৰ এটা উল্লেখযোগ্য পোষ্টত লিখা আছিল, “অযোধ্যাৰ প্ৰভু শ্ৰীৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ আগে আগে অযোধ্যালৈ বজৰংবলীৰ বানৰ সেনাৰ সমাগমৰ এক অপূৰ্ব দৃশ্য..." I ইয়াক ৫১ বাৰতকৈও অধিকবাৰ শ্বেয়াৰ কৰা হৈছে।

আচলতে, এই ভিডিঅ’টো তিনি বছৰ পুৰণি আৰু ইয়াৰ উৎপত্তি স্থল থাইলেণ্ড হয়। শেহতীয়াকৈ ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হোৱা ৰাম মন্দিৰ অভিষেকৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

আমি কেনেকৈ পৰীক্ষা কৰিলোঁ?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমেৰে ৰিভাৰ্ছ ইমেজ চাৰ্চ চলাই আমি “থাইলেণ্ডৰ পৰ্যটনত ক’ৰ’নাই আঘাত কৰাৰ সময়তে খাদ্যক লৈ ভোকাতুৰ বান্দৰৰ কাজিয়া (অসমীয়ালৈ অনুবাদিত)” শীৰ্ষক এটা বাতৰিৰ ৰিপৰ্ট বিচাৰি পালোঁ। ১৩ মাৰ্চ, ২০২০ তাৰিখে দ্য গাৰ্ডিয়ানৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰকাশিত এই প্ৰতিবেদনত ০:২৯ৰ পৰা উক্ত ভাইৰেল ফুটেজ সন্নিবিষ্ট কৰা হৈছে।

গাৰ্ডিয়ানত প্ৰকাশ পোৱা ভিডিঅ’ ৰিপ’ৰ্ট। (উৎস: ইউটিউব/দ্য গাৰ্ডিয়ান)

প্ৰতিবেদনত ব্যাখ্যা কৰা হৈছে যে ভিডিঅ’টোত বেংককৰ উত্তৰ-পূবৰ বান্দৰৰ জনসংখ্যাৰ বাবে পৰিচিত চহৰ লোপবুৰীৰ এটা ৰাস্তাত দৈৰ পাত্ৰ এটাক লৈ বান্দৰৰ এটা বৃহৎ দলৰ মাজত হোৱা সংঘৰ্ষ দেখা গৈছে। এই ভিডিঅ’টো ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়ত চিত্ৰগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে, যি সময়ত বান্দৰক খুৱাবলৈ অতি কম সংখ্যক পৰ্যটক উপলব্ধ আছিল।

ইয়াৰ উপৰিও একেটা ভিডিঅ’ ২০২০ চনৰ ১১ মাৰ্চত থাই ভাষাৰ বাতৰি ৱেবছাইট ছানুকৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। এই প্ৰতিবেদনে ভিডিঅ’টোৰ স্থান হিচাবে ফ্ৰা কান মন্দিৰৰ সন্মুখৰ পথটোক নিৰ্দিষ্টভাৱে আঙুলিয়াই দিছিল।

ছাছালুক ৰত্নাচাইৰ ফেচবুক পোষ্ট। (উৎস: ফেচবুক)

ফেচবুকৰ এজন ব্যৱহাৰকাৰী ছাছালুক ৰত্নাচাইয়ে, একেটা ঘটনাৰ অতিৰিক্ত ফুটেজ আৰু ফটোৰ সৈতে, প্ৰথমে ১১ মাৰ্চত এই ভিডিঅ’টো পোষ্ট কৰিছিল আৰু স্থান হিচাপে 'লোপবুৰী' উল্লেখ কৰিছিল।


ভাইৰেল ভিডিঅ’ৰ স্ক্ৰীণশ্বট আৰু একে স্থানৰ গুগল মেপৰ স্ক্ৰীণশ্বটৰ মাজত তুলনা। (উৎস: স্ক্ৰীণশ্বট/ফেচবুক/গুগল মেপ)

তদুপৰি এই উৎসসমূহৰ পৰা পোৱা তথ্য ব্যৱহাৰ কৰি আমি ভাইৰেল ভিডিঅ’টোত দেখা সঠিক ঠাইখিনি থাইলেণ্ডৰ লপবুৰীৰ ফ্ৰা কান মন্দিৰৰ সন্মুখৰ পথ বুলি সফলতাৰে জিঅ’ল’কেশ্যন কৰিব পাৰিলো। এই নিশ্চিতকৰণে নিৰ্ণায়কভাৱে ইংগিত দিয়ে যে ভিডিঅ’টো ভাৰতৰ নহয়।

পূৰ্বেও লজিকেলী ফেক্টছে একেধৰণৰ দাবীৰ সত্যতা নিৰূপণ কৰিছে, য’ত ৰাম মন্দিৰৰ অভিষেকৰ সৈতে মিছাকৈ জড়িত কৰা শগুনৰ এটা পুৰণি ভিডিঅ’ও আছে, যিটো ৰামায়ণৰ পৌৰাণিক চৰাই জটায়ুৰ সৈতে জড়িত কৰা হৈছিল। আন এটা তথ্য পৰীক্ষাত এখন গাঁৱৰ ভালুকৰ ভিডিঅ’, ৰামায়ণৰ ‘জামৱন্ত’ৰ সৈতে ভুলকৈ সংযোগ কৰা হৈছে। মধ্যপ্ৰদেশৰ পৰা উৎপত্তি হোৱা এই ভিডিঅ’টো উদ্বোধনী অনুষ্ঠানৰ বাবে অযোধ্যালৈ যোৱা ভালুকৰ বুলি দাবী কৰা হৈছিল।

সিদ্ধান্ত

২০২০ চনত থাইলেণ্ডৰ লোপবুৰীৰ ফ্ৰা কান শ্ৰাইনৰ সন্মুখত চিত্ৰগ্ৰহণ কৰা এই ভাইৰেল ভিডিঅ’টো অযোধ্যাৰ ৰাম মন্দিৰ অভিষেকৰ সৈতে ভুলকৈ জড়িত কৰা হৈছে। সেইবাবে আমি দাবীটোক মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।