বেইৰুট বন্দৰ বিস্ফোৰণৰ পুৰণি ভিডিঅ' ইজৰাইল-হামাছৰ যুদ্ধৰ বুলি মিছাকৈ দাবী কৰা হৈছে

লেখক: বিবেক জে
অক্টোবৰ 23 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
বেইৰুট বন্দৰ বিস্ফোৰণৰ পুৰণি ভিডিঅ' ইজৰাইল-হামাছৰ যুদ্ধৰ বুলি মিছাকৈ দাবী কৰা হৈছে

ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ ভিডিঅ' বুলি মিছাকৈ দাবী পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো ২০২০ চনৰ আগষ্টৰ ভিডিঅ' হয় আৰু ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি c0c5bfbc

কি দাবী কৰা হৈছে?

যোৱা ৭ অক্টোবৰত পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠন হামাছে গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলৰ বিৰুদ্ধে চলোৱা আক্ৰমণ আৰু ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে আৰম্ভ কৰা প্ৰতি-আক্ৰমণে এতিয়া এক পূৰ্ণাংগ যুদ্ধৰ ৰূপ লৈছে। 

যুদ্ধৰ এই পৰিস্থিতিৰ মাজতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহত বিভিন্ন ভুল তথ্য বিয়পি পৰা দেখা গৈছে। এক্স (X) (পূৰ্বে টুইটাৰ)ত শ্বেয়াৰ কৰা এনে এটা ভিডিঅ'ত গাজাত ইজৰাইলৰ বোমা বিস্ফোৰণ দেখুওৱা বুলি দাবী কৰা হৈছে। এই প্ৰতিবেদনত লিখাৰ সময়লৈকে ১০৬,০০০তকৈ অধিক ভিউ লাভ কৰা উক্ত পোষ্টটোৰ কেপচনত লিখা আছে, “ইজৰাইল ইজ ৰিয়েল নাও... ইজৰাইলৰ যুদ্ধ বিমানে #গাজা আক্ৰমণ কৰি #হামাছসন্ত্ৰাসবাদীৰ লক্ষ্যত ব্যাপক আক্ৰমণ চলায় .. আমি হামাছৰ পৃথিৱীৰ পৰা নিৰ্মূল কৰি দিয়াটো বিচাৰো। ইজৰাইল আগুৱাই যাওক।” একেটা ভিডিঅ'ৰ সৈতে এনে কেইবাটাও পোষ্ট আছে, য'ত কিছুমানে ইজৰাইলক সমৰ্থনত কৰিছে আৰু কিছুমানে পেলেষ্টাইনক সমৰ্থন কৰিছে। সেইসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰে।

ভাইৰেল ভিডিঅ’টোৰ ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে ভিডিঅ’টোত শেহতীয়া শংঘৰ্ষৰ মাজত ইজৰাইলে লেবাননৰ ওপৰত আক্ৰমণ কৰা দেখা গৈছে বুলি দাবী কৰে। ‘‘লেবাননক ইজৰাইলৰ উপযুক্ত প্ৰত্যুত্তৰ,’’ ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ অসমীয়াত লিখে। ২০ অক্টোবৰত শ্বেয়াৰ কৰা ভিঅ’টোৰ ওপৰত ব্যৱহাডিৰ কৰা গ্ৰাফিক্সত একেটা বাক্য দেখিবলৈ পোৱা যায়। ফেচবুক পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা এটা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এই ভিডিঅ’ ক্লিপটো পুৰণি আৰু ইজৰাইল-হামাছৰ শেহতীয়া যুদ্ধৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। তদুপৰি এইটো এটা লেবাননৰ ভিডিঅ’। 

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ’টোৰ ওপৰত ‘‘লেবানন বিস্ফোৰণ’’ বুলি লিখা আছে। 

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভাইৰেল ভিডিঅ’টোৰ ওপৰত “লেবানন বিস্ফোৰণ” শব্দ দুটা দেখা পোৱা যায়। (উৎস: X/স্ক্ৰীণশ্বট)

আমি ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁ আৰু ২০২০ চন সংঘটিত বেইৰুট বিস্ফোৰণৰ কেইবাটাও ভিডিঅ’ প্ৰতিবেদন লাভ কৰোঁ। ২০২০ চনৰ ৪ আগষ্টত স্কাই নিউজে শ্বেয়াৰ কৰা এটা ইউটিউব ভিডিঅ’ত ভাইৰেল ভিডিঅ’টোত দেখাৰ দৰে বিস্ফোৰণৰ একেখিনি দৃশ্য দেখিবলৈ পোৱা যায়। ভিডিঅ’ দুটাৰ তুলনা কৰাৰ পিছত আমি নিশ্চিত হওঁ যে দুয়োটা ক্লিপতে একেখিনি দৃশ্য দেখুওৱা হৈছে। এই একেখিনি দৃশ্য থকা একাধিক প্ৰতিবেদন ইন্টাৰনেটত উপলব্ধ

ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বট আৰু ২০২০ চনৰ স্কাই নিউজৰ ভিডিঅ'ৰ তুলনা। (উৎস: X/স্কাই নিউজ/স্ক্ৰীণশ্বট)

এপি নিউজৰ মতে, ২০২০ চনৰ আগষ্টত বেইৰুটত এমোনিয়াম নাইট্ৰেট মজুত থকা এটা গুদামত জুই লাগি সংঘটিত এক বৃহৎ বিস্ফোৰণত প্ৰায় ২১৮ জন লোকৰ মৃত্যু হৈছিল। 

ভাইৰেল ভিডিঅ'টোত বেইৰুট বন্দৰ বিস্ফোৰণৰ একাধিক দৃশ্য আছে যিসমূহ বিভিন্ন মানুহে তেওঁলোকৰ কেমেৰাত বন্দী কৰিছিল। উল্লেখযোগ্য যে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ সময়তো একেধৰণৰ দৃশ্য ভাইৰেল হৈছিল, লজিকেলী ফেক্টছে ইতিপূৰ্বে সেইসমূহৰ সত্য়তা নিৰূপণ কৰিছে। 

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত দেখা বিস্ফোৰণ ২০২০ চনৰ আগষ্টত বেইৰুট বন্দৰত সংঘটিত হৈছিল। ইজৰাইল আৰু হামাছৰ মাজত চলি থকা শেহতীয়া সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।