মূল চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ প্ৰজ্ঞান ৰভাৰৰ চাপ বুলি ফটোশ্বপ কৰা ছবি শ্বেয়াৰ কৰা হৈছে

চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ প্ৰজ্ঞান ৰভাৰৰ চাপ বুলি ফটোশ্বপ কৰা ছবি শ্বেয়াৰ কৰা হৈছে

লেখক: সোহম শ্বাহ

আগষ্ট 25 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ প্ৰজ্ঞান ৰভাৰৰ চাপ বুলি ফটোশ্বপ কৰা ছবি শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ছবিখন ফটোশ্বপ ছফ্টৱেৰ ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে, ফটোখনৰ সৃষ্টিকৰ্তাই এই কথা নিশ্চিত কৰিছে।

যোৱা ২৩ আগষ্টৰ সন্ধিয়া চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ পিছতে ভাৰত এই ক্ষেত্ৰত বিশ্বৰ প্ৰথমখন দেশ হিচাপে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইতিহাস ৰচনা কৰে। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমৰ অৱতৰণৰ পিছত ইছৰ’ই মহাকাশযানখনে সংগ্ৰহ কৰা চন্দ্ৰপৃষ্ঠৰ একাধিক দৃশ্য় শ্বেয়াৰ কৰে।

কি দাবী কৰা হৈছে?

২০১৯ চনত চন্দ্ৰযান-২ৰ ক্ৰেচ লেণ্ডিঙৰ হতাশাক ইতিহাসলৈ পৰিণত কৰা ইছৰ'ৰ ঐতিহাসিক সাফল্যক লৈ ভাৰত আনন্দিত হোৱাৰ সময়তে কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বগা ৰঙৰ বেকগ্ৰাউণ্ডৰ ওপৰত ছপা কৰা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভৰ সৈতে ইছৰ'ৰ ল’গ’ৰ এখন ছবি শ্বেয়াৰ কৰিছে। এই ফটোখনত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ ৰভাৰ প্ৰজ্ঞানৰ চকাৰ ছাপ দেখা গৈছে বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে।

এক্স (X)ত (পূৰ্বতে টুইটাৰ) এনে এটা পোষ্টত ফটোখন শ্বেয়াৰ কৰি কেপচন দিয়া হৈছে: "আজিৰ পৰা চন্দ্ৰৰ পৃষ্ঠত স্থায়ীভাৱে এই ছাপ থাকি যাব কাৰণ ৰভাৰৰ চকাত এই ছাপ আছে। যিহেতু চন্দ্ৰত কোনো বায়ু নাই সেয়েহে এই চিনবোৰ চিৰদিনৰ বাবে থাকিব।"

একেধৰণৰ দাবীৰে এই ছবিখন ফেচবুক আৰু হোৱাটছএপতো ব্যাপকভাৱে প্ৰচাৰিত হৈছে।

ছবিখন Xত শ্বেয়াৰ কৰা হৈছে।(উৎস:X/@chikhani_manish,@Pushpendraamu/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

 

অৱশ্যে এইখন ভুৱা ফটো আৰু ফটো এডিটিং ছফ্টৱেৰ ব্যৱহাৰ কৰি ইয়াক তৈয়াৰ কৰা হৈছে।

সত্য কি?

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা বেছিভাগ ছবিতে '© কৃষাঞ্চু গাৰ্গ'ৰ ৱাটাৰমাৰ্ক আছে।

ভাইৰেল ইমেজত কৃষাঞ্চু গাৰ্গৰ ৱাটাৰমাৰ্ক। (উৎস:X)

এই ক্লু ব্যৱহাৰ কৰি আমি দেখিলোঁ যে ছবিখন বুধবাৰে কৃষাঞ্চু গাৰ্গ (@KrishanshuGarg) নামৰ এজন ব্য়ৱহাৰকাৰীয়ে এক্স(X)ত পোষ্ট কৰিছিল।

ছবিখন কৃষাঞ্চু গাৰ্গে এক্সত শ্বেয়াৰ কৰিছে (উৎস:X/@KrishanshuGarg)

লজিকেলী ফেক্টছে এজন উদ্যোগী আৰু মহাকাশ অনুৰাগী গাৰ্গৰ সৈতে যোগাযোগ কৰে আৰু তেওঁ নিশ্চিত কৰে যে তেওঁ ফটো সম্পাদনা কৰা ছফ্টৱেৰ এড’ব ফটোশ্বপ ব্যৱহাৰ কৰি সৃষ্টি কৰিছে। লক্ষ্ণৌৰ বাসিন্দাগৰাকীয়ে কয় যে চন্দ্ৰযান-৩ৰ চন্দ্ৰত অৱতৰণৰ কাউণ্টডাউনৰ সময়ত তেওঁ এই ছবিখনো ‘ষ্ট’ৰী’ হিচাপে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল।

গাৰ্গৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী হাইলাইট। (উৎস: ইনষ্টাগ্ৰাম/কৃষাঞ্চু গাৰ্গ)

গাৰ্গে কয়, "মোৰ উদ্দেশ্য কেতিয়াও কোনোধৰণৰ ভুৱা বাতৰি প্ৰচাৰ কৰা নাছিল। অৱতৰণৰ দহ ঘণ্টা আগতে কাউণ্টডাউনৰ ষ্ট’ৰীটো পোষ্ট কৰিছিলো, কিন্তু অৱতৰণৰ পিছত মানুহে ইয়াক প্ৰকৃত ইমেজ হিচাপে কেনেকৈ শ্বেয়াৰ কৰিছিল নাজানো। আনকি মইও আচৰিত হৈছো।" 

গাৰ্গৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীয়েও প্ৰমাণ কৰে যে বুধবাৰে সন্ধিয়া ৬:০৪ বজাত (IST) চফ্ট লেণ্ডিঙৰ পিছত প্ৰজ্ঞান ৰভাৰখন ৰোল আউট হোৱাৰ বহু আগতেই এই ছবিখন শ্বেয়াৰ কৰা হৈছিল।

ছাপটোৰ বিষয়ে আমি কি জানো?

প্ৰজ্ঞান ৰভাৰখনে সঁচাকৈয়ে চন্দ্ৰপৃষ্ঠত ভাৰতীয় জাতীয় প্ৰতীক আৰু ইছৰ'ৰ ল’গ’ৰ ছাপ এৰি যাব। মহাকাশ সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত শ্বেয়াৰ কৰা ইছৰ'ৰ চন্দ্ৰযান-৩ অভিযানৰ এটা এনিমেটেড উদ্বোধনী ভিডিঅ’ত ৪:০৮ টাইমষ্টেম্পৰ আশে-পাশে এই ছাপ কেনেকুৱা হ’ব সেয়া দেখুওৱা হৈছে ।

চন্দ্ৰত প্ৰজ্ঞান ৰভাৰক প্ৰতিনিধিত্ব কৰা ইছৰ'ৰ ভিডিঅ'। ভিডিঅ’টোত ভাৰতীয় জাতীয় প্ৰতীক আৰু ইছৰ’ৰ ল’গ’ৰ ছাপ দেখা গৈছে যিটো চন্দ্ৰৰ পৃষ্ঠত এৰি দিয়া হ’ব। (উৎস: স্ক্ৰীণশ্বট/ISRO)

২০১৯ চনৰ ২ ছেপ্টেম্বৰত ইছৰ’ই ইয়াৰ পূৰ্বৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-২ৰ ৰভাৰৰ এনিমেটেড ভিডিঅ’ও নিজৰ অফিচিয়েল ইউটিউব চেনেলত শ্বেয়াৰ কৰিছিল। ২:৪৬ টাইমষ্টেম্পৰ আশে-পাশে এই ভিডিঅ’টোত ৰভাৰখনেও চন্দ্ৰত একেধৰণৰ ছাপ এৰি যোৱা দেখা গৈছে ।

অৱশ্যে গাৰ্গে শ্বেয়াৰ কৰা ফটো আৰু বৰ্তমান ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ফটোখনৰ বিপৰীতে দুয়োটা ভিডিঅ’তে ট্ৰেকৰ দুয়োফালে প্ৰতীক আৰু ইছৰ’ৰ ল’গ’ দেখা গৈছে।

ইণ্ডিয়া টুডেৰ দৰে সংবাদ মাধ্যমেও প্ৰজ্ঞান ৰভাৰে চন্দ্ৰৰ পৃষ্ঠত ইছৰ’ৰ ল’গ’ আৰু অশোক স্তম্ভ খোদিত কৰা হ’ব বুলি প্ৰকাশ কৰি এই ছাপ কেনেকুৱা হ’ব তাৰ দৃশ্যগত উপস্থাপন প্ৰকাশ কৰিছে।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ছবিখন ভুৱা, কিয়নো এই লেখাটো প্ৰকাশৰ সময়লৈকে প্ৰজ্ঞান ৰভাৰখনে চন্দ্ৰত এৰিবলগীয়া ছাপৰ প্ৰকৃত ফটো ইছৰ’ই শ্বেয়াৰ কৰা নাই। 

সিদ্ধান্ত

আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছোঁ কাৰণ ভাইৰেল ছবিখন ফটোশ্বপ ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে আৰু ই চন্দ্ৰযান ৩ৰ প্ৰজ্ঞান ৰভাৰে এৰিবলগীয়া ছাপৰ প্ৰকৃত ফটো নহয় ।

(অনুবাদ: অনুৰাগ বৰুৱা)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।