এদল আৰৱ যুৱকৰ সৈতে তিনি ইজৰাইলী যুৱতীৰ এইয়া সঁচাসচি মাৰপিটৰ দৃশ্য নহয়

লেখক: ঈশিতা গোৱেল জে
নৱেম্বৰ 17 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এদল আৰৱ যুৱকৰ সৈতে তিনি ইজৰাইলী যুৱতীৰ এইয়া সঁচাসচি মাৰপিটৰ দৃশ্য নহয়

ভিডিঅ'টোত ইজৰাইলী যুৱতীয়ে আৰৱ যুৱকৰ সৈতে মাৰপিট কৰা দেখা গৈছে বুলি ছ'চিয়েল মিডিয়া পোষ্টত দাবী কৰা হৈছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ফৰাচী ষ্টাণ্ট দল এটাৰ কোৰিঅ’গ্ৰাফী কৰা সমৰ কলাৰ ভিডিঅ’ মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে।

ক্লেইম আইডি a3e0d4c2

কি দাবী কৰা হৈছে?

ইজৰাইল-পেলেষ্টাইনৰ মাজত শেহতীয়াকৈ চলি থকা সংঘৰ্ষৰ মাজতে ছ’চিয়েল মিডিয়াত পুনৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত এটা সুৰংগ পথত কেইগৰাকীমান যুৱক যুৱতীৰ মাজত মাৰপিট লগা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশই এইবুলি দাবী কৰিছে যে ইয়াত তিনি গৰাকী ইজৰাইলী যুৱতীয়ে ১০জন আৰৱ ল’ৰাৰ সৈতে যুঁজি থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘ইজৰাইলী ছোৱালীৰ ওপৰত হাত দিলে কি হয় সেইয়া ফ্ৰান্সত এটা আণ্ডাৰপাছত ৩ গৰাকী ইজৰাইলী ছোৱালীয়ে ১০ জন আৰৱ যুৱকক দেখুৱাই দিয়ে।’’ একেধৰণৰ দাবীৰে আন এজন ব্যৱহাৰকাৰীয়েও ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। ইয়াত আৰু ইয়াত পোষ্ট দুটাৰ আৰ্কাইভ সংস্কৰণ চাব পাৰিব।

ভাইৰেল ভিডিঅ’টোৰ দুটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একেধৰণৰ দাবীৰে ভিডিঅ’টো ফেচবুকতো শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এজন লোকে অসমীয়াত লিখিছে, ‘‘যোৱা ১.১১.২০২৩ তাৰিখে তিনিগৰাকী ইজৰাইলী ছোৱালী একেলগে ওলাই গৈ আছিল,১৫ টাতকৈও অধিক আৰব গাহৰিৰ সেই সময়ত যৌন কামনা জাগি উঠিছিল। কিন্তু আৰব গাহৰিবোৰে পাহৰি গ'ল ইজৰাইলী ছোৱালীবোৰে সংঘাত আৰু বিপদৰ সৈতে কিমান মোকাবিলা কৰিব পাৰে💪 আৰু তিনিগৰাকী ইজৰাইলী ছোৱালীয়ে আৰব গাহৰিবোৰৰ চিকিৎসা সুন্দৰ ভাবে কৰি তাৰ পৰা মুকলি মনে ওলাই আহিল চোৱা আব্দুল😂’’ ভিডিঅ'টো ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ’টোৰ এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰকৃত সত্য কি?

ভিডিঅ’টো বিশ্লেষণ কৰাৰ সময়ত আমি ভিডিঅ’টোত দেখা পোৱা কেইজনমান যুৱকৰ টি-চাৰ্টৰ পিছফালে এটা ল’গ’ লক্ষ্য কৰিলোঁ। ০:০৭ টাইমষ্টাম্পত আমি এটা বৃত্তৰ ভিতৰত বগা ৰঙৰ "CUC" (চিইউচি) বুলি ছপা কৰা ল’গ’টো দেখিবলৈ পাওঁ।

ৱেবছাইট আৰু ভাইৰেল ভিডিঅ'টোত দেখা পোৱা ল’গ’ৰ তুলনা। (উৎস: এক্স/ৱেবছাইট/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এই সবিশেষ ব্যৱহাৰ কৰি আমি ভিডিঅ’টো প্ৰথমে পোষ্ট কৰা ইনষ্টাগ্ৰাম একাউণ্টটো পাইছিলোঁ। ২০২৩ চনৰ ২ নৱেম্বৰত কেম্পাছ.ইউনিভাৰ্ছ.কেচকেডচ (campus.univers.cascades) নামৰ একাউণ্টটোৱে এই ভিডিঅ'টো "ষ্ট্ৰীট ফাইট" বুলি কেপনচ লিখি পোষ্ট কৰিছিল।

কেম্পাছ.ইউনিভাৰ্ছ.কেচকেডে মূল ভিডিঅ'টো ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। (উৎস: ইনষ্টাগ্ৰাম)

ইনষ্টাগ্ৰামৰ বায়’ত কোৱা হৈছে যে তেওঁলোক এটা ফৰাচী ষ্টাণ্ট দল: “ষ্টাণ্টমেন | যোদ্ধা | পাৰ্ফোৰ্মাৰ্ছ🔥 ব্ৰেক দ্য লিমিট 🌍 বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টাণ্ট স্কুল।"

তেওঁলোকৰ ৱেবছাইটৰ ‘এবাউট’ অংশত কোৱা হৈছে যে তেওঁলোক চিনেমা আৰু পৰিৱেশ্য কলাৰ অনুষ্ঠানৰ ষ্টাণ্ট কৌশলৰ প্ৰতি সমৰ্পিত এক পেছাদাৰী প্ৰশিক্ষণ কেন্দ্ৰ: "চৌহদটো উৎসাহী খেলুৱৈ, পুৰুষ আৰু মহিলা উভয়ৰ বাবে, যাৰ লক্ষ্য হৈছে এগৰকী পেছাদাৰী ষ্টান্টমেন হোৱা।" বিদ্যালয়খন পেৰিছৰ পৰা দুঘণ্টাৰ দূৰত্বত, কেট’-কেম্ব্ৰেচিছত অৱস্থিত।

ভাইৰেল ভিডিঅ'টোৰ সন্দৰ্ভত অধিক স্পষ্টীকৰণৰ বাবে লজিকেলী ফেক্টছে বিদ্যালয়খনৰ সৈতে যোগাযোগ কৰে। তেওঁলোকে কয় যে ভিডিঅ'টো ভুৱা প্ৰসংগৰ সৈতে শ্বেয়াৰ কৰা হৈছে আৰু লগতে কয় যে এইটো "কেৱল আমাৰ বিদ্যালয় (কেম্পাছ ইউনিভাৰ্ছ কেচকেডচ)-ৰ ষ্টান্টমেনৰ সৈতে কৰা এটা মঞ্চায়ন।" তেওঁলোকে লগতে কয় যে ভিডিঅ'টো "ষ্ট্ৰীট ফাইট" বিষয়ক এটা প্ৰশিক্ষণ অনুশীলনৰ অংশ হিচাপে প্ৰস্তুত কৰা হৈছিল, য'ত বিদ্যালয়ৰ ষ্টাণ্ট শিক্ষাৰ্থীসকল জড়িত আছিল। "ইয়াৰ উদ্দেশ্য হৈছে এই মঞ্চায়নলৈ সৰ্বাধিক বাস্তৱতা অনা, কিন্তু এইয়া কেৱল এটা ষ্টাণ্ট আৰু চিনেমাহে! সকলোবোৰ আগতীয়াকৈ প্ৰস্তুত কৰা হয়, আৰু সকলোবোৰ কোৰিঅ’গ্ৰাফ কৰা হয়।"

ইনষ্টাগ্ৰাম একাউণ্টটো স্ক্ৰ’ল কৰোঁতে আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা এনে বহুকেইটা সমৰ কলাৰ ভিডিঅ’ দেখিবলৈ পাওঁ, ইয়াৰে ভিতৰত কিছুমান অনুশীলনৰ ভিডিঅ’ও আছে। 

ইজৰাইল-হামাছ সংঘৰ্ষ

ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি গাজাৰ আল চিফা চিকিৎসালয় ইজৰাইলী বাহিনীৰ অন্যতম প্ৰধান  লক্ষ্যস্থানলৈ পৰিণত হৈছে। ইজৰাইলৰ সামৰিক বাহিনীয়ে অভিযোগ কৰা মতে তেওঁলোকে চিকিৎসালয়খনত পেলেষ্টাইনী উগ্ৰপন্থী হামাছৰ এটা কমাণ্ড চেণ্টাৰ তথা অস্ত্ৰ আৰু যুদ্ধৰ সঁজুলি বিচাৰি পাইছিল। তদুপৰি, ১৫ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে মানৱীয় সাহায্যৰ খাতিৰত ইজৰাইল আৰু হামাছ উগ্ৰপন্থীৰ মাজত বিৰতিৰ আহ্বান জনায়। 

সিদ্ধান্ত

এটা পেছাদাৰী ষ্টাণ্ট প্ৰশিক্ষণ কেন্দ্ৰই প্ৰস্তুত কৰা এটা সমৰ কলাৰ কৌশল প্ৰদৰ্শন কৰা এটা ভিডিঅ' ইজৰাইলী ছোৱালীয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰা আৰব ল'ৰাক প্ৰহাৰ কৰা দেখা গৈছে বুলি মিছা দাবীৰে শ্বেয়াৰ কৰা হৈছে। ভিডিঅ'টোৰ ইজৰাইল-হামাছৰ সংঘাতৰ সৈতে কোনো সম্পৰ্ক নাই। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।