মূল মুছলমান অনুপ্ৰৱেশকাৰীয়ে স্পেইনত এগৰাকী মহিলাক আক্ৰমণ কৰা বুলি চীনৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

মুছলমান অনুপ্ৰৱেশকাৰীয়ে স্পেইনত এগৰাকী মহিলাক আক্ৰমণ কৰা বুলি চীনৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: অনুৰাগ বৰুৱা

আগষ্ট 21 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
মুছলমান অনুপ্ৰৱেশকাৰীয়ে স্পেইনত এগৰাকী মহিলাক আক্ৰমণ কৰা বুলি চীনৰ ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

২০১৯ চনত চীনৰ লিয়াওনিং প্ৰদেশত সংঘটিত হোৱা এই আক্ৰমণত সাম্প্ৰদায়িক উদ্দেশ্য নিহিত থকাৰ কোনো ইংগিত নাই ।

(সতৰ্কবাণী: লেখাটোত শাৰীৰিক নিৰ্যাতন আৰু ধৰ্ষণৰ বৰ্ণনা আছে)

পৃষ্ঠভূমি

বৰ্ধিত অনুপ্ৰৱেশৰ সমস্যা এতিয়া ইউৰোপৰ বাবে কেৱল এক ৰাজনৈতিক বিতৰ্কৰ মাজতে সীমাবদ্ধ নহয় বৰঞ্চ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বিভিন্ন ইছলামবিদ্বেষী বাকধাৰাৰ সৈতেও ইয়াৰ সামঞ্জ্যতা আছে। এটা ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰি এইবুলি দাবী কৰা হৈছে যে ভিডিঅ’টোত স্পেইনত মুছলমান অনুপ্ৰৱেশকাৰীয়ে এগৰাকী মহিলাক আক্ৰমণ কৰি ধৰ্ষণ কৰা দেখা গৈছে । অত্যন্ত অপ্ৰীতিকৰ এক চিচি টিভি ফুটেজত ৰাস্তাৰে খোজ কাঢ়ি গৈ থকা এগৰাকী মহিলাক বিপৰীত দিশৰ পৰা অহা এজন লোকে হঠাতে উপৰ্যুপৰি প্ৰহাৰ কৰা আৰম্ভ কৰে আৰু চিচি টিভি দৃষ্টিৰ পৰা আঁতৰাই টানি নিয়াৰ পূৰ্বে মহিলা গৰাকীক বিবস্ত্ৰ কৰিবলৈ চেষ্টা কৰা দেখা যায়। অৱশ্যে, এই ভিডিঅ’টো স্পেইনৰ নহয়।      

প্ৰকৃত তথ্য

ভিডিঅ'টো ভালদৰে পৰীক্ষা কৰাৰ পিছত আমি চিচি টিভি ফুটেজটোত থকা সময় আৰু তাৰিখৰ ষ্টাম্প দেখা পালোঁ, য’ত দেখা গ’ল যে এই কাণ্ডটো ২০১৯ চনৰ ২২ জুন তাৰিখে পুৱা প্ৰায় ১২.৪৪ বজাত সংঘটিত হৈছিল। অৱশ্য ঘটনাটো ক’ত সংঘটিত হৈছিল সেয়া ফুটেজটোৰ পৰা নিৰ্ণয় কৰিব পৰা হোৱা নাছিল।

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত চীনৰ বাতৰি কাকত পিপলছ ডেইলীয়ে ২০১৯ চনৰ ২৬ জুনত প্ৰকাশ কৰা এটা বাতৰিৰ প্ৰতিবেদন পালোঁ। প্ৰতিবেদনটোত ভাইৰেল ভিডিঅ’টোৰ এটা স্ক্ৰীণগ্ৰেব ব্যৱহাৰ কৰি চীনৰ লিয়াওনিং প্ৰদেশৰ ডালিয়ানত উক্ত শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ ঘটনাটো সংঘটিত হৈছিল বুলি উল্লেখ কৰা হৈছে । বাতৰিটোত ডালিয়ান আৰক্ষীয়ে এই আক্ৰমণ সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি তদন্ত কৰি থকা বুলিও প্ৰকাশ কৰা হয়।

হংকঙৰ দৈনিক কাকত চাউথ চাইনা মৰ্নিং পোষ্ট (এছচিএমপি)ত ২০১৯ চনৰ ২৬ তাৰিখে এই কাণ্ডৰ এক বাতৰি প্ৰকাশ পাইছিল।ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট বহন কৰা উক্ত প্ৰতিবেদনত উল্লেখ কৰা মতে “ইণ্টাৰনেট অপৰাধ অনুসন্ধানকাৰীয়ে” লিয়াওনিং প্ৰদেশৰ ডালিয়ানৰ গাঞ্জিংজি জিলাৰ এটা ৰাস্তাত এই কাণ্ড সংঘটিত হৈছিল বুলি নিশ্চিত কৰে। দেশজুৰি চলা বিচাৰ অভিযানৰ অন্তত আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলিও প্ৰতিবেদনটোত প্ৰকাশ কৰা হয়।

প্ৰতিবেদনটোত অভিযুক্তৰ নাম উল্লেখ কৰা নাই যদিও তেওঁক ৱাং উপাধিৰ এজন ৩১ বছৰীয়া যুৱক বুলি চিনাক্ত কৰিছে। চাউথ চাইনা মৰ্নিং পোষ্টত লগতে কোৱা হৈছে যে প্ৰেয়সীৰ সৈতে কাজিয়া কৰি মদ্যপান কৰি থকা অভিযুক্তজনে ভুক্তভোগীক আগৰেপৰা চিনি নাপাই বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।

প্ৰতিবেদনটোত আৰক্ষীৰ এক বিবৃতিৰ উদ্ধৃতিও প্ৰকাশ কৰা হৈছে য’ত কোৱা হৈছে যে অভিযুক্তই প্ৰেমিকাৰ সৈতে কাজিয়া কৰাৰ পিছত নিজকে “আৱেগিক” হৈ পৰা বুলি দাবী কৰিছিল।

আন আন নিউজ ৱেবছাইট, যেনে চাইনা প্লাছেও ঘটনাটোৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছিল। কিন্তু কোনো এটা প্ৰতিবেদনতে আক্ৰমণকাৰীজন মুছলমান বুলি উল্লেখ কৰা নাই বা আক্ৰমণৰ আঁৰত সাম্প্ৰদায়িক উদ্দেশ্য নিহিত থকা বুলি অভিহিত কৰা নাই। 

সিদ্ধান্ত

এই ভিডিঅ’টো স্পেইনৰ আৰু ইয়াত এজন মুছলমান অনুপ্ৰৱেশকাৰীয়ে এগৰাকী মহিলাক আক্ৰমণ কৰা দেখা গৈছে বুলি কৰা দাবীটো মিছা । ভিডিঅ'টো প্ৰকৃততে চীনৰ আৰু ভুক্তভোগী গৰাকী আক্ৰমণকাৰীৰ পৰিচিত নহয় । তদুপৰি আক্ৰমণৰ আঁৰত সাম্প্ৰদায়িক উদ্দেশ্য থকাৰ কোনো ইংগিত নাই । সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0 গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।