শ্ৰীনগৰৰ লাল চকত ভগৱান ৰামৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰা বুলি ডেহৰাডুনৰ ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

লেখক: অংকিতা কুলকাৰ্ণী
জানুৱাৰী 22 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
শ্ৰীনগৰৰ লাল চকত ভগৱান ৰামৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰা বুলি ডেহৰাডুনৰ ভিডিঅ' শ্বেয়াৰ কৰা হৈছে

শ্ৰীনগৰৰ লাল চকত থকা ক্লক টাৱাৰৰ ভিডিঅ' বুলি মিছাকৈ শ্বেয়াৰ পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ক্লিপটো শ্ৰীনগৰৰ নহয়, বৰঞ্চ ইয়াত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে ডেহৰাডুনৰ ক্লক টাৱাৰত ভগৱান ৰামৰ প্ৰতিছবি প্ৰক্ষেপ কৰা দেখা হৈছে।

ক্লেইম আইডি e55eb6c4

কি দাবী কৰা হৈছে?

বহু প্ৰতিক্ষিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক কেন্দ্ৰ কৰি আজি লোকে লোকাৰণ্য হৈ পৰে অযোধ্যা নগৰী। উল্লেখযোগ্য যে প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক লৈ দেশজুৰি চলি ব্যাপক চৰ্চাৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াত যোৱা কিছুদিনত বিভিন্ন সঁচা-মিছা দাবীৰে ফটো, ভিডিঅ’ আদি শ্বেয়াৰ হৈ থকাও দেখিবলৈ পোৱা গৈছে। এটা ক্লক টাৱাৰত ভগৱান ৰামৰ পতিচ্ছবি দেখা পোৱা এনে ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি একাংশই এয়া শ্ৰীনগৰৰ এক পৰিচিত স্থান লাল চকত থকা ক্লক টাৱাৰৰ দৃশ্য বুলি দাবী কৰিছে। ফেচবুকত হিন্দীত শ্বেয়াৰ কৰা এনে এটা পোষ্টৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) কেপচনত কোৱা হৈছে, ‘‘কাশ্মীৰৰ লালচক য’ত এসময়ত আনকি ত্ৰিৰংগা উৰুৱা হোৱা নাছিল আজি তাত আমাৰ আৰাধ্য ভগৱান ৰামে বিৰাজ কৰিছে।’’ 

ভিডিঅ'টো এক্সতো একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে আৰু এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আনহাতে ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি এজন লোকে অসমীয়াত এইদৰে লিখিছে - ‘‘জয় শ্ৰী ৰাম🙏 কাশ্মীৰৰ লালচ‘কত প্ৰভু ৰামৰ হৰ্ডিঙ যত এটা সময় ত্ৰিৰংগা উৰাব পৰাটো সম্ভৱ নাছিল৷ সময়ৰ পৰিবৰ্তন।’’ ইয়াত আৰ্কাইভ কৰা হৈছে।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

প্ৰকৃত তথ্য কি?

ভাইৰেল ক্লিপটোৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ১৫ জানুৱাৰীত 'হুইলছ_অন_এয়াৰ' নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা একেটা ভিডিঅ' লাভ কৰোঁ। এই ইউটিউব ভিডিঅ'টোত ভাইৰেল ক্লিপটোত দেখা একেটা ক্লক টাৱাৰৰ লগতে টাৱাৰটোত ভগৱান ৰামৰ এখন অনুৰূপ ফটোৰ প্ৰজেক্টচন দেখা যায়। ভিডিঅ’টোত শুনিবলৈ হিন্দী ভইচ অভাৰত ক্লক টাৱাৰটোত ভগৱান ৰামক দেখা পোৱা যায় বুলি কোৱা হৈছে। 'সুভাষ চৌধুৰী VLOGS’ নামৰ এটা ইউটিউব চেনেলে প্ৰকাশ কৰা আন এক অনুৰূপ ভিডিঅ’তো একেটা টাৱাৰ আৰু ভগৱান ৰামৰ একেখন প্ৰতিচ্ছবি দেখা গৈছে। দ্বিতীয়টো ভিডিঅ’ৰ শিৰোনাম আৰু বৰ্ণনা অনুসৰি ভিডিঅ’টোত দেখা টাৱাৰটো উত্তৰাখণ্ডৰ ৰাজধানী ডেহৰাডুনৰ হয়। ভিডিঅ’ দুটাত আমি উত্তৰাখণ্ডৰ পঞ্জীয়ন ক’ড ইউকেৰে আৰম্ভ হোৱা নম্বৰ প্লেটৰ গাড়ী দেখা পাওঁ।

১৮ জানুৱাৰীত হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ১৭ জানুৱাৰীত ডেহৰাডুন চহৰৰ ক্লক টাৱাৰত ভগৱান ৰামৰ ছবি প্ৰক্ষেপ কৰা হৈছিল। প্ৰতিবেদনটোত সংবাদ সংস্থা এএনআইয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ও সন্নিবিষ্ট কৰা হৈছিল য’ত একেধৰণৰ বৰ্ণনা দিয়া হৈছিল।

লজিকেলী ফেক্টছে গুগল মেপত ডেহৰাডুনৰ ঘণ্টাঘৰ এলেকাত থকা ক্লক টাৱাৰটো জিঅ’লোকেট কৰিবলৈ সক্ষম হয়। টাৱাৰটোৰ ৩৬০° দৃশ্যৰ দ্বাৰা ক্লক টাৱাৰটোৰ ভৌগলিক অৱস্থান আৰু ইয়াৰ গঠন ভাইৰেল ক্লিপটোত দেখা দৃশ্যৰ সৈতে যে একে অনুমান কৰিব পাৰি।

ভাইৰেল ক্লিপ আৰু গুগল মেপৰ ভিজুৱেলৰ মাজত তুলনা। (উৎস: এক্স/গুগল মেপ/স্ক্ৰীণশ্বট)

আমিও গুগল মেপত শ্ৰীনগৰৰ লাল চকত ক্লক টাৱাৰটো বিচাৰি পাওঁ আৰু দেখোঁ যে ই ভাইৰেল ক্লিপটোত দেখা টাৱাৰটোৰ গঠন আৰু ঠাইখিনিতকৈ যথেষ্ট বেলেগ।

শ্ৰীনগৰৰ লাল চকৰ ক্লক টাৱাৰ আৰু ডেহৰাডুনৰ ক্লক টাৱাৰৰ মাজত তুলনা। (উৎস: গুগল মেপ/স্ক্ৰীণশ্বট)

ইয়াৰ উপৰিও শ্ৰীনগৰৰ লাল চক ক্লক টাৱাৰত ভগৱান ৰামৰ ছবি প্ৰজেক্ট কৰা হৈছিল বুলি কোনো বাতৰি প্ৰকাশ পোৱা নাই।

গতিকে উপৰোক্ত প্ৰমাণে নিশ্চিত কৰে যে ভাইৰেল ক্লিপটোত শ্ৰীনগৰৰ লাল চকত থকা ক্লক টাৱাৰৰ নহয় বৰঞ্চ ডেহৰাডুনস্থিত ক্লক টাৱাৰটোহে দেখা গৈছে।

সিদ্ধান্ত

ডেহৰাডুনৰ এটা ক্লক টাৱাৰত ভগৱান ৰামৰ প্ৰতিচ্ছবি প্ৰজেক্ট কৰা এটা ভিডিঅ’ শ্ৰীনগৰৰ লাল চকত থকা ক্লক টাৱাৰৰ ভিডিঅ’ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।