ৰাহুল গান্ধীয়ে হিন্দু দেৱতাক অপমান কৰা বুলি দাবী কৰি ক্লিপ কৰা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
মাৰ্চ 18 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰাহুল গান্ধীয়ে হিন্দু দেৱতাক অপমান কৰা বুলি দাবী কৰি ক্লিপ কৰা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

ৰাহুল গান্ধীয়ে হিন্দু দেৱতাক অপমান কৰা বুলি ছ'চিয়েল মিডিয়াত মিছা অভিযোগ অনা হৈছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ৰাহুল গান্ধীয়ে তেওঁক আগবঢ়োৱা হিন্দু দেৱতাৰ মূৰ্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি মিছাকৈ দাবী কৰিবলৈ ভাইৰেল ভিডিঅ'টোৰ পিছৰ অংশখিনি কাটি দিয়া হৈছিল।

ক্লেইম আইডি 3f703ad5

ভাৰতৰ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ অংশ হিচাপে যোৱা বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ নাচিকত এক বৃহৎ ৰোডশ্ব’ অনুষ্ঠিত কৰে। ২৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰা অহা ২০ মাৰ্চত মুম্বাইত ৰ সামৰণি পৰিব।

কি দাবী কৰা হৈছে?

ইয়াৰ মাজতে, গান্ধীক মঞ্চত সম্বৰ্ধনা জনোৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে তেওঁক আগবঢ়োৱা এটা হিন্দু দেৱতাৰ মূৰ্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি হিন্দু ধৰ্মাৱলম্বী লোকৰ আৱেগক অসন্মান কৰা বুলি দাবী কৰা হৈছে। ক্লিপটোত গেৰুৱা ৰঙৰ কুৰ্তা পিন্ধা এজন ব্যক্তিয়ে ৰাহুল গান্ধীক প্ৰদান কৰাৰ উদ্দেশ্যে হিন্দু দেৱতাৰ এটা মূৰ্তি হাতত লৈ থকা দেখা যায় যদিও গান্ধীয়ে দেখাত মানুহজনৰ প্ৰতি কোনো সঁহাৰি জনোৱা নাছিল যেন লাগে।

ভিডিঅ’টো ( ইয়াত আৰ্কাইভ কৰা হৈছে ) এক্সত শ্বেয়াৰ কৰি ভাৰতীয় জনতা পাৰ্টিৰ আই টি চেলৰ মুৰব্বী অমিত মালভিয়াই লিখিছে, “ ৰাহুল গান্ধীয়ে মঞ্চত ভগৱান বিঠালৰ মূৰ্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। এয়া কেৱল ৱাৰকাৰীসকলৰ বাবেই নহয় দেৱতাজনক পুজা কৰা লাখ লাখ হিন্দু ভক্তৰ বাবেও এক অপমান। হিন্দু প্ৰতি থকা ঘৃণাই ডিএমকেৰ পৰা কংগ্ৰেছলৈকে ইণ্ডি মিত্ৰজোঁটক বান্ধি ৰাখিছে। হিন্দুমিছিয়াত আক্ৰান্ত ৰাহুল গান্ধী।” ১৪ মাৰ্চত শ্বেয়াৰ কৰা এই পোষ্টটোৱে ৩ লাখ ৬২ হাজাৰতকৈ অধিক ভিউ আৰু ৩৯০০ ৰিশ্বেয়াৰ লাভ কৰিছে। 

হিন্দী সংবাদ মাধ্যম ৰিপাব্লিক ভাৰতেও মালবিয়াৰ এই পোষ্টটো ব্যৱহাৰ কৰি গান্ধীয়ে মূৰ্তিটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ কৰি বাতৰি প্ৰকাশ কৰিছিল। বাতৰিটোৰ আৰ্কাইভ কৰা সংস্কৰণ আৰু একেধৰণৰ এটা এক্স পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ৰিপাব্লিক ভাৰত/এক্স/স্ক্ৰীণশ্বট)

ইফালে মহাৰাষ্ট্ৰ বিজেপিৰ এক্স একাউণ্টত একেটা ক্লিপৰ এটা অলপ দীঘলীয়া সংস্কৰণ (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি হিন্দু দেৱতা 'বিঠাল'ৰ মূৰ্তিক “অপমান” কৰাৰ বাবে ৰাহুল গান্ধীক সমালোচনা কৰা হৈছে। বিজেপি মহাৰাষ্ট্ৰই ক্লিপটোৰ স্ক্ৰীণত মাৰাঠীত লিখা আছে, ‘পাণ্ডুৰংগাৰ মূৰ্তি ল’বলৈ অস্বীকাৰ কৰিলে, তেওঁ মূৰ্তিটোও স্পৰ্শ কৰা নাছিল। কেইটামান ছেকেণ্ডৰ ভিতৰতে সন্মান জনাই পিন্ধোৱা পাগুৰিটো আঁতৰাই দিলে। তেওঁৰ নহয় তেওঁৰ চামচাবোৰৰ দোষ।” 

অৱশ্যে আমি ভিডিঅ’টো ক্লিপ কৰা হৈছে বুলি জানিব পাৰোঁ। ভিডিঅ’টোৰ এটা দীঘলীয়া সংস্কৰণত গান্ধীয়ে মঞ্চত তেওঁক আগবঢ়োৱা মূৰ্তিটো গ্ৰহণ কৰা দেখা যায়। 

আমি কি বিচাৰি পালোঁ?

ভিডিঅ'টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত ১৪ মাৰ্চত মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি নানা পাটোলেৰ এক্স পোষ্ট এটা পোৱা গ'ল।পাটোলে একেটা অনুষ্ঠানৰ এটা বেলেগ ক্লিপ শ্বেয়াৰ কৰি ভাইৰেল ভিডিঅ'টো ক্লিপ কৰা হৈছে বুলি আঙুলিয়াই দিয়ে। ভিডিঅ’টোৰ ০:১৯ টাইমষ্টেম্পত গান্ধীয়ে গেৰুৱা কুৰ্তা পিন্ধা সেই একেজন মানুহ আৰু বগা চাৰ্ট পৰিহিত আন এজন মানুহে আগবঢ়োৱা মূৰ্তিটো গ্ৰহণ কৰা স্পষ্টকৈ দেখা যায়।

পাটোলে দিয়া মাৰাঠী পোষ্টটোৰ (ইয়াত আৰ্কাইভ কৰা হৈছে) মোটামুটি অসমীয়া অনুবাদ হৈছে,  "আমি ৰামৰ উপাসক, এই মানুহবোৰ ৰামৰ ব্যৱসায়ী" - সন্ত জনবাইৰ অভং (ভক্তিমূলক গীত)ৰ এই শাৰীটো বিজেপিৰ মানুহৰ ক্ষেত্ৰত একেবাৰে উপযুক্ত। দল এটা কেনেকৈ ভাঙিব পাৰি আৰু কেনেকৈ এটা ভিডিঅ’ বিকৃত কৰি শ্বেয়াৰ কৰিব পাৰি সেয়া কৰি দুৰ্নীতিগ্ৰস্ত বিজেপি আৰু ইয়াৰ ৪০ পইচাৰ আই টি চেলে বহুত সন্তুষ্টি লয়।

ইয়াৰ ভিত্তিত আমি ইউটিউবত ১৪ মাৰ্চত ৰাহুল গান্ধীৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা অনুষ্ঠানটোৰ ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা হৈছে) বিচাৰি পাওঁ। ১ ঘণ্টা ১৭ মিনিট ১৪ ছেকেণ্ডৰ ভিডিঅ’টোৰ শিৰোনাম আছিল “কৃষক সভা | নাচিক | মহাৰাষ্ট্ৰ | ভাৰত জোড়ো ন্যায় যাত্ৰা।” 

মূল ফুটেজত স্পষ্টকৈ দেখা গৈছে যে গান্ধীয়ে মূৰ্তিটো গ্ৰহণ কৰা অংশটো বাদ দিয়াৰ উদ্দেশ্যে ভাইৰেল ভিডিঅ’টো ক্লিপ কৰা হৈছিল। মূল ভিডিঅ’টোৰ প্ৰায় ১৬:৩০ টাইমষ্টেম্পত ভাইৰেল ক্লিপটোত মঞ্চত কংগ্ৰেছ নেতাগৰাকীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে মূৰ্তিটো হাতত লৈ থকা মানুহজনক দেখা যায়। পিছত একেটা ভিডিঅ’ৰ ১৭:২৯ টাইমষ্টেম্পত গান্ধীয়ে মূৰ্তিটো গ্ৰহণ কৰি এখন ফটোৰ বাবে পোজ দিয়ে। 

ৰাহুল গান্ধীয়ে তেওঁক আগবঢ়োৱা মূৰ্তি গ্ৰহণ কৰা দেখুওৱা ইউটিউব ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/ৰাহুল গান্ধী/স্ক্ৰীণশ্বট)

গান্ধীয়ে মূৰ্তিটো গ্ৰহণ কৰাৰ ঠিক পিছতেই ভিডিঅ’টোত তেওঁক এখন কিতাপ আগবঢ়োৱাও দেখা গৈছে। মূৰ্তিটো গ্ৰহণ কৰাৰ দৰে কিতাপখনো তেওঁ গ্ৰহণ কৰা দেখা যায়।

সিদ্ধান্ত

কংগ্ৰেছ নেতাগৰাকীয়ে হিন্দু দেৱতাৰ মূৰ্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি মিছাকৈ দাবী কৰিবলৈ ভাইৰেল ভিডিঅ’টো ক্লিপ কৰা হৈছে। ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণত স্পষ্টকৈ দেখা গৈছে যে গান্ধীয়ে তেওঁক আগবঢ়োৱা মূৰ্তিটো গ্ৰহণ কৰিছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।