ভিডিঅ’ত এজন পেলেষ্টাইনী লোকে পুতলা নহয়, শিশুৰ মৃতদেহ কঢ়িয়াই লৈ ফুৰিছে

লেখক: অনুৰাগ বৰুৱা
অক্টোবৰ 27 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভিডিঅ’ত এজন পেলেষ্টাইনী লোকে পুতলা নহয়, শিশুৰ মৃতদেহ কঢ়িয়াই লৈ ফুৰিছে

ইজৰাইলৰ অফিচিয়েল X একাউণ্টকে ধৰি আন ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট, য’ত দাবী কৰা হৈছে যে এজন পেলেষ্টাইনীয়ে, ইজৰাইল-হামাছৰ যুদ্ধৰ সময়ত, এটা শিশুৰ মৃতদেহ বুলি এটা পুতলা লৈ ফুৰিছে। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

যোৱা ১২ অক্টোবৰত পেলেষ্টাইনত ইজৰাইলী বিমান আক্ৰমণত নিহত হোৱা ভুক্তভোগীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত এই ভাইৰেল ভিডিঅ’ ৰেকৰ্ড কৰা হৈছিল।

ক্লেইম আইডি 4a1f0e2a


ইজৰাইল আৰু হামাছৰ মাজৰ সংঘাতে ৭ অক্টোবৰত যুদ্ধৰ ৰূপ লয় আৰু ইয়াৰ ফলত গাজাত ৩ হাজাৰ লোকৰ মৃত্যু হয় আৰু ইজৰাইলত ১৪০০ৰো অধিক লোকৰ মৃত্যু হয়। ইফালে ১৭ অক্টোবৰত গাজাৰ আল-আহলী আৰব হাস্পতালত বিমান আক্ৰমণত শতাধিক লোকৰ মৃত্যু হৈছে। পেলেষ্টাইনী সকলে এই আক্ৰমণৰ বাবে ইজৰাইলক দোষাৰোপ কৰাৰ বিপৰীতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ৩০ ছেকেণ্ডৰ এটা ভিডিঅ’ প্ৰকাশ কৰি দাবী কৰে যে এইয়া ইজৰাইলৰ বিমান আক্ৰমণৰ ফলত হোৱা নাই বৰঞ্চ এক পেলেষ্টাইনী ইছলামিক জেহাদী সংগঠনৰ ৰকেটৰ লক্ষ্য ব্যৰ্থ হৈ চিকিৎসালয়খনত আঘাত হানে।

দাবী কি?

এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে, য’ত দাবী কৰা হৈছে যে এজন পেলেষ্টাইনী লোকে হাতত এক পুতলা লৈ মৃত শিশুৰ মৃতদেহ দাঙি ধৰাৰ অভিনয় কৰিছে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে ধূসৰ ৰঙৰ টি-চাৰ্ট পিন্ধা এজন ব্যক্তিয়ে বগা কাপোৰ মেৰিয়াই মৃতদেহ কঢ়িয়াই লৈ ফুৰিছে। কেইবাজনো ব্যৱহাৰকাৰীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “ইছলামিক ইউনিভাৰ্চিটি অৱ ভিক্টিম কাৰ্ডলৈ আপোনাক স্বাগতম। ইয়াত আপুনি শিকিব পাৰে যে কেনেকৈ এটা পুতলাক #ISRAEL-এ গুলীয়াই হত্যা কৰা শিশু বুলি দাবী কৰিব পাৰে । পুতলাৰ ছবিখন ঢাকিবলৈ পাহৰাত, প্ৰকৃত তথ্য ওলাই পৰিল।” ১৪ অক্টোবৰত শ্বেয়াৰ কৰা এনে এটা পোষ্টে ১ লাখ ৬২ হাজাৰৰো অধিক ভিউ আৰু ৪০০তকৈ অধিক লাইক লাভ কৰিছে। ইজৰাইল ষ্টেটৰ অফিচিয়েল X একাউণ্টেও ১৪ অক্টোবৰত ফটোখন পোষ্ট কৰিছিল আৰু কেপচন দিছিল, “হামাছে ভুলবশতঃ এটা পুতলা (হয় এটা পুতলা)ৰ ভিডিঅ’ পোষ্ট কৰিছিল, ই আইডিএফৰ আক্ৰমণৰ ফলত হোৱা হতাহতিৰ অংশ বুলি বুজোৱা হৈছিল।” পোষ্টবোৰৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত আৰু ইয়াত পোৱা যাব।

Xত ভাইৰেল পোষ্টবোৰৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, ভাইৰেল ভিডিঅ’টোত দেখা মানুহজনে আচলতে ইজৰাইল-হামাছ যুদ্ধত মৃত্যু হোৱা এটি শিশুৰ মৃতদেহ কঢ়িয়াই লৈ ফুৰিছে।

আমি কি পাইছিলোঁ?

আমি ভিডিঅ'টো পৰ্যালোচনা কৰি আৰবী ভাষাত এটা ৱাটাৰমাৰ্ক পালোঁ যাৰ অনুবাদ হৈছে “Momen El Halabi" (ম'মেন এল হালাবি) - আমি দেখিলোঁ যে হালাবী এজন পেলেষ্টাইন স্থিত ফটোগ্ৰাফাৰ। ভাইৰেল ভিডিঅ'টোৰ এটা দীঘলীয়া সংস্কৰণ ১২ অক্টোবৰত তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰকাশ কৰা হৈছিল। কেপচনৰ পৰা অনুমান কৰা হৈছে যে ভিডিঅ’টো ইজৰাইল আৰু হামাছৰ মাজত শেহতীয়াকৈ সংঘটিত হোৱা সংঘাতৰ হয়।

ভিডিঅ’টোত এটা পুতলা দেখা বুলি দাবী কৰি এটা পোষ্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হালাবীয়ে ১৭ অক্টোবৰত নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা কাহিনী শ্বেয়াৰ কৰিছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে ভিডিঅ’টোত দেখা মানুহজনে আচলতে ইজৰাইল-হামাছ যুদ্ধত মৃত্যু হোৱা এটা শিশুক কঢ়িয়াই লৈ ফুৰিছে। তেওঁ লিখিছিল, “নাই। পুতলা নাছিল, এটা প্ৰকৃত শিশু আছিল যাক তেওঁলোকে কেৱল অস্তিত্বৰ বাবেই হত্যা কৰিছিল। ইজৰাইল অপপ্ৰচাৰ যুদ্ধত পৰাস্ত হৈছে। শিশু এটাক হত্যা কৰি তাৰ পিছত পুতলা বুলি দাবী কৰিবলৈ কিমান বেয়া হ’ব লাগিব। ইয়াত আমি পৃথিৱীত কিহৰ সৈতে মোকাবিলা কৰি আছো? এই কথা নথিভুক্ত কৰিছে @momen.h1, এজন পেলেষ্টাইনী ফটোগ্ৰাফাৰে যিয়ে দৈনিক নিজৰ জীৱন বিপন্ন কৰি তেওঁলোকৰ আগ্ৰাসন নথিভুক্ত কৰে।”

লজিকেলী ফেক্টছে এক মন্তব্যৰ বাবে হালাবীৰ সৈতে যোগাযোগ কৰিছে। এই তথ্য-পৰীক্ষা আপডেট কৰা হ'ব যদি আৰু যেতিয়া আমি কোনো সঁহাৰি পাম I

ফটোগ্ৰাফাৰ মোমেন এল হালাবীয়ে পোষ্ট কৰা স্পষ্টীকৰণ। (উৎস: ইনষ্টাগ্ৰাম)

আমি গেট্টি ইমেজৰ দ্বাৰা প্ৰকাশিত এখন ছবিও পাইছিলোঁ য’ত ভাইৰেল ভিডিঅ’টোত দেখা পোৱা শিশুটিৰ সৈতে একেজন মানুহকে দেখা গৈছে। কেপচন অনুসৰি ছবিখনত দেখা গৈছে যে এটা অট্টালিকাত ১২ অক্টোবৰত হোৱা বিমান আক্ৰমণৰ ফলত নিহত হোৱা ভুক্তভোগীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত এজন পেলেষ্টাইনী লোকে বগা কাপোৰ মেৰিয়াই থোৱা শিশু এটাক ধৰি ৰাখিছে । আমি গেট্টি ইমেজৰ ফটোখন ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে তুলনা কৰিলোঁ আৰু লক্ষ্য কৰিলোঁ যে মানুহজনৰ টি-চাৰ্টত একেটা ল’গ’ আৰু বুটাম আছে আৰু তেওঁ একেটা আঙঠি পিন্ধিছে। মৃত শিশুটিৰ মুখখনো দুয়োটা ভিজুৱেলত একে। ছবিৰ তুলনা কৰি এই সিদ্ধান্তত উপনীত হোৱা হ'ল যে ভাইৰেল ভিডিঅ’টোত গেট্টি ইমেজৰ ফটোত বন্দী হোৱা একেটা ঘটনাই দেখা গৈছে আৰু সেইয়া পুতলা নহয়, এক শিশু কঢ়িয়াই লৈ ফুৰা দেখা গৈছে।

ভাইৰেল ভিডিঅ’ আৰু গেট্টি ইমেজছৰ দ্বাৰা প্ৰকাশিত ছবিৰ মাজত তুলনা। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

১২ অক্টোবৰত টাইমছ অৱ গাজা নামৰ এটা এক্স একাউণ্টে মাটিত শুৱাই থোৱা মৃতদেহৰ কিছু ফটো শ্বেয়াৰ কৰিছিল। ইয়াৰে এখন ছবিত ধূসৰ ৰঙৰ টি-চাৰ্ট পিন্ধা মানুহজনে বগা কাপোৰ মেৰিয়াই থোৱা মৃতদেহ এটা লৈ থকা দেখা গৈছে।

সিদ্ধান্ত

চলি থকা ইজৰাইল-হামাছ যুদ্ধৰ ভিজুৱেল দেখুওৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এজন লোকে এটা শিশুৰ মৃত্যু হোৱা বুলি ভাও ধৰিবলৈ এটা পুতলা লৈ এক নাটক কৰিছিল । বাস্তৱত মানুহজনে আচলতে বগা কাপোৰ মেৰিওৱা এটা শিশুৰ মৃতদেহ লৈ ফুৰিছিল । সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো ।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।