২০২১ চনৰ ফটো ক্ৰপ কৰি ৰাহুল গান্ধীয়ে চলিত কৃষক প্ৰতিবাদত অংশগ্ৰহণ কৰা বুলি দাবী কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ফেব্ৰুৱাৰী 19 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২১ চনৰ ফটো ক্ৰপ কৰি ৰাহুল গান্ধীয়ে চলিত কৃষক প্ৰতিবাদত অংশগ্ৰহণ কৰা বুলি দাবী কৰা হৈছে

ৰাহুল গান্ধীৰ দুবছৰ পুৰণি ফটো এখনক শেহতীয়া কৃষকৰ প্ৰতিবাদৰ সৈতে মিছাকৈ সংযুক্ত কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এইখন ২০২১ চনৰ ২৬ জুলাইত ৰাহুল গান্ধীৰ সৈতে একাংশ কংগ্ৰেছ সাংসদে সংসদলৈ ট্ৰেক্টৰ চলাই তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা সময়ৰ ফটো হয়।

ক্লেইম আইডি 65a57b2e

কি দাবী কৰা হৈছে?

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এখন ফটোত হাতত পতাকা আৰু প্লেকাৰ্ড ধৰি থকা এদল লোকৰ সৈতে কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীক এখন ট্ৰেক্টৰৰ ষ্টিয়াৰিঙৰ পিছফালে বহি থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰা সকলে ইয়াক শেহতীয়াকৈ চলি থকা ‘দিল্লী চলো’ কৃষক প্ৰতিবাদৰ লগত জড়িত কৰিছে।

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন (ইয়াত আৰ্কাইভ কৰা হৈছে) শ্বেয়াৰ কৰি কেপচনত লিখিছে, "ভাৰত জোৰো যাত্ৰা বিফল হোৱাৰ পিছত মোদীজীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে #ভুৱা_কৃষক আন্দোলনৰ নেতৃত্ব দিছে বহুৰূপী ৰাহুল খান গান্ধীয়ে।"

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উল্লেখযোগ্য যে সন্মিলিত কৃষক মৰ্চা আৰু কৃষক মজদুৰ মৰ্চাৰ নেতৃত্বত আৰম্ভ হোৱা শেহতীয়া কৃষক প্ৰতিবাদে, যাক ‘কৃষক প্ৰতিবাদ ২.০’ বুলি নামাকৰণ কৰা হৈছে, সোমবাৰে এসপ্তাহত ভৰি দিয়ে। প্ৰতিবাদী কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ অধিক মূল্য আৰু নূন্যতম সমৰ্থন মূল্য (এমএছপি)-ৰ দাবীত দিল্লীৰ সমীপৰ শম্ভু সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে। 

অৱশ্যে, ইয়াৰ মাজতে ভাইৰেল হৈ পৰা ৰাহুল গান্ধীৰ ফটোখনৰ এই প্ৰতিবাদৰ সৈতে কোনো সম্পৰ্ক নাই। ফটোখন ২০২১ চনৰ হয় আৰু সেই সময়ত কেন্দ্ৰ চৰকাৰে নতুনকৈ গৃহীত কৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত চলা প্ৰতিবাদৰ সময়ত ফটোখন তোলা হৈছিল।

আমি কি বিচাৰি পালোঁ?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২১ চনৰ জুলাইত দ্য টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এটা প্ৰতিবেদন লাভ কৰোঁ। প্ৰতিবেদনটোৰ মতে ২০২১ চনৰ ২৬ জুলাইত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰে সেই সময়ত প্ৰৱৰ্তন কৰা কৃষি আইন (বৰ্তমান বাতিল কৰা হৈছে)ৰ প্ৰতিবাদত কংগ্ৰেছ নেতাজনে নিজৰ দলৰ আন সদস্যৰ সৈতে সংসদলৈ এখন ট্ৰেক্টৰ চলাই গৈছিল।

মূল ফটোখনৰ সোঁফালে ওপৰত আমি স্পষ্টকৈ ‘কৃষি আইন বাতিল কৰক!’ বুলি ইংৰাজীত লিখা এখন প্লেকাৰ্ড দেখিবলৈ পাওঁ, ইয়াৰ দ্বাৰা ফটোখন যে ২০২১ চনৰ কৃষি বিৰোধী প্ৰতিবাদৰ সময়ৰ হয় সেই কথা স্পষ্টভাৱে গম পোৱা যায়। ভাইৰেল ফটোখনৰ পৰা এই অংশটো আঁতৰাবলৈ মূল ফ্ৰেমটো ক্ৰপ কৰা হৈছে।

ভাইৰেল ফটো আৰু মূল ফটোখনৰ তুলনা। (উৎস: ফেচবুক/দ্য টাইমছ অৱ ইণ্ডিয়া/স্ক্ৰীণশ্বট)

আমি ২০২১ চনৰ ২৬ জুলাইত প্ৰকাশিত ইকনমিক্স টাইমছৰ এটা প্ৰতিবেদন লাভ কৰোঁ য’ত ভাইৰেল ফটোখনৰ সৈতে একেটা অনুষ্ঠানৰ আন তিনিখন অনুৰূপ ফটো আছে। উক্ত ফটো কেইখনতো মাস্ক পিন্ধা গান্ধীক ট্ৰেক্টৰত তেওঁৰ দলৰ সতীৰ্থ সদস্যসকলৰ সৈতে দেখা যায়। কংগ্ৰেছৰ মতে, সংসদত কৃষকৰ সমস্যাসমূহক গুৰুত্বসহকাৰে উত্থাপন কৰাৰ লক্ষ্যৰে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। প্ৰতিবেদনটোত আৰু কোৱা হৈছে যে কংগ্ৰেছৰ সাংসদ প্ৰতাপ সিং বাজৱা, ৰৱনীত সিং বিট্টু, আৰু দীপিন্দৰ সিং হুদাই গান্ধীৰ সৈতে উক্ত প্ৰতিবাদত অংশ লৈছিল।

এই তথ্যসমূহৰ ভিত্তিত আমি ২০২১ চনৰ ২৬ জুলাইত ৰাহুল গান্ধীৰ অফিচিয়েল ফেচবুক পেজত শ্বেয়াৰ কৰা মূল ফটোখন বিচাৰি উলিয়াবলৈ সক্ষম হ’লোঁ। ফটো শ্বেয়াৰ কৰা পোষ্টৰ কেপচনত লিখা আছে, ‘‘যদি খেতি বিক্ৰী কৰিবলৈ বাধ্য কৰায়, তেন্তে সংসদত ট্ৰেক্টৰ চলিব-আমি সত্যৰ শস্য উৎপাদন কৰিম! কৃষি বিৰোধী আইন প্ৰত্যাহাৰ কৰক।"

২০২১ চনৰ  ২৬ জুলাইত ৰাহুল গান্ধীয়ে পোন প্ৰথমে ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)  

ফেচবুক ব্যৱহাৰকাৰী গৰাকীয়ে তেওঁৰ দাবীত ভাইৰেল ফটোখন ৰাহুল গান্ধীৰ নেতৃত্বত চলা ‘ভাৰত জোড়ো যাত্ৰা’ৰ পিছত তোলা হৈছিল বুলি বুজাব বিচাৰিছে। কিন্তু আমাৰ অনুসন্ধানে স্পষ্টভাৱে দেখুৱাইছে যে এয়া সঁচা নহয়। এই ফটোখন ২০২১ চনৰ ২৬ জুলাইত তোলা হৈছিল, ইয়াৰ বিপৰীতে ‘ভাৰত জোড়ো যাত্ৰা’ ২০২২ চনৰ ৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈ ২০২৩ চনৰ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত সমাপ্ত হৈছিল।

সিদ্ধান্ত

ভাইৰেল ফটোখন দুবছৰৰ আগৰ হয়। ২০২১ চনৰ জুলাইত ৰাহুল গান্ধীয়ে একাংশ কংগ্ৰেছ নেতাৰ সৈতে বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়ত ফটোখন কেমেৰাত আবদ্ধ কৰা হৈছিল। ফটোখন ক্ৰপ কৰি শেহতীয়া কৃষক প্ৰতিবাদৰ সৈতে মিছাকৈ সংযুক্ত কৰা হৈছে। সেয়েহে আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।