এই ভিডিঅ’টোৰ পাকিস্তানৰ বিমানঘাটিত শেহতীয়াকৈ সংঘটিত আক্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই

লেখক: বিবেক জে
নৱেম্বৰ 7 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
এই ভিডিঅ’টোৰ পাকিস্তানৰ বিমানঘাটিত শেহতীয়াকৈ সংঘটিত আক্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই

২০২৩ চনৰ ৪ নৱেম্বৰত হোৱা আত্মঘাতী আক্ৰমণৰ সময়ত 'পিএএফ'ৰ এখন বিমানত জুই জ্বলি থকাৰ ভিডিঅ’ বুলি দাবী কৰা পোষ্টবোৰৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

২০২৩ চনৰ মে’ মাহৰ এই ভিডিঅ’টোৰ ২০২৩ চনৰ নৱেম্বৰ মাহত পাকিস্তানৰ মিয়ানৱালী বিমানঘাটিত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি afd04ade

২০২৩ চনৰ ৪ নৱেম্বৰত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মিয়ানৱালী সামৰিক বিমানঘাটিত আত্মঘাতী বোমাৰুয়ে এক আক্ৰমণ চলায়। শেহতীয়া খবৰ অনুসৰি এই আক্ৰমণত প্ৰায় ১৭ জন জোৱান নিহত হৈছে, আৰু ৯ জন সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে। পাকিস্তানৰ দৈনিক কাকত ডনে আন্তঃসেৱা জনসংযোগৰ উদ্ধৃতি দি কয় যে তেওঁলোকৰ তিনিখন অকাৰ্যকৰী অৱসৰপ্ৰাপ্ত বিমানৰ কিছু ক্ষতি হৈছে ।

দাবী কি?

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এটা ভিডিঅ’ প্ৰচাৰ কৰি আছে য’ত তেওঁলোকে দাবী কৰিছে যে পাকিস্তানী বায়ুসেনাৰ এখন বিমানত জুই জ্বলি থকা দেখা গৈছে। এক্স (পূৰ্বৰ টুইটাৰ)ত ভিডিঅ’টো থকা এনে এটা পোষ্টৰ কেপচনত লিখা আছে, “পাক এয়াৰফৰ্চৰ যুঁজাৰু বিমানবোৰ জুইত জ্বলি উঠিছে। ইফালে মিয়ানৱালী এয়াৰবেছ আক্ৰমণ এতিয়াও চলি আছে (sic)।” একেধৰণৰ দাবীৰে আন কিছু পোষ্টও ফেচবুকত প্ৰচাৰিত হৈছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত পোৱা যাব।

ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমীয়া নিউজ পৰ্টেল ঈশান নিউজেও মিয়ানৱালী এয়াৰবেছ আক্ৰমণৰ এক ভিডিঅ’ নিউজ ৰিপ’ৰ্টৰ অংশ হিচাপে নিজৰ ফেচবুক পেজত এই ভিডিঅ’টো প্ৰকাশ কৰে। ২০২৩ চনৰ ৪ নৱেম্বৰত প্ৰকাশিত এই পোষ্টটোৱে প্ৰায় ৫৮ হাজাৰ ভিউ লাভ কৰিছে। ইয়াৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

ঈশান নিউজৰ পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু আমি দেখিলোঁ যে এই ভিডিঅ’টোৰ ৪ নৱেম্বৰত মিয়ানৱালী বিমানঘাটিত সংঘটিত হোৱা আত্মঘাতী আক্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই।

আমি কি পাইছিলোঁ?

আমি ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু ২০২৩ চনৰ মে’ মাহত প্ৰকাশিত একাধিক এক্স পোষ্ট পাইছিলোঁ, য’ত দাবী কৰা হৈছিল, “মিয়ানৱালিত পাকিস্তান বায়ুসেনাৰ ঘাটিৰ বাহিৰত স্থানীয় লোকে চীনৰ শ্বেনয়াং এফ-৬ কীৰ্তিচিহ্ন/আৰ্হি বিমান জ্বলাই দিছিল।” ইয়াৰ পৰা দেখা যায় যে ভিডিঅ’টো অন্ততঃ ২০২৩ চনৰ মে’ মাহৰ পৰা অনলাইন যোগে উপলব্ধ আৰু ২০২৩ চনৰ নৱেম্বৰ মাহৰ আত্মঘাতী আক্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

২০২৩ চনৰ মে' মাহৰ পৰা ভাইৰেল ভিডিঅ'টোৰ সৈতে এক্স (পূৰ্বৰ টুইটাৰ) পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

অধিক গৱেষণাৰ অন্তত আমি ২০২৩ চনৰ ১০ মে’ৰ হিন্দুস্তান টাইমছৰ এটা ইউটিউব ভিডিঅ’ পাইছিলোঁ, য’ত লিখা আছিল, “মিয়ানৱালিত ইমৰাণৰ সমৰ্থকসকলে চীনৰ শ্বেনয়াং এফ-৬ আৰ্হি বিমান জ্বলোৱাৰ ফলত পাকিস্তানে লাজ পাইছে।” এই ভিডিঅ’ আৰু ভাইৰেল ভিডিঅ’টোৰ ভিজুৱেল তুলনা কৰাত স্পষ্ট হৈ পৰিল যে দুয়োটা একেটা ঘটনাৰ হয়।

ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আৰু ২০২৩ চনৰ মে’ মাহৰ হিন্দুস্তান টাইমছৰ ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/হিন্দুস্তান টাইমছ/স্ক্ৰীণশ্বট)

ফ্ৰী প্ৰেছ জাৰ্নেলৰ “চাওঁক: ইমৰাণ খানৰ সমৰ্থকসকলে পাকিস্তান বায়ুসেনাৰ ঘাটিৰ বাহিৰত চীনৰ আৰ্হি জেটত জুই লগাইছে” শীৰ্ষক প্ৰতিবেদনত বিমানখনৰ জুই জ্বলি থকাৰ ফটোও সন্নিবিষ্ট কৰা হৈছে। প্ৰবন্ধটোত প্ৰতিবাদৰ কেইবাটাও ভিডিঅ’ সন্নিবিষ্ট কৰা হৈছিল, য’ত বিমানখনত জুই জ্বলি থকাৰ ফুটেজও সন্নিবিষ্ট কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি সমগ্ৰ পাকিস্তানত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ বাবে ব্যাপক প্ৰতিবাদ হৈছিল। ইয়াত আৰু উল্লেখ কৰা হৈছে যে “ৰাৱালপিণ্ডিত পাকিস্তান সেনাৰ মুখ্য কাৰ্যালয় আৰু লাহোৰ কৰ্প কমাণ্ডাৰৰ এজন বাসিন্দাৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত মিয়ানৱালীত প্ৰতিবাদকাৰীসকলে বায়ুসেনাৰ ঘাটিৰ বাহিৰত চীনৰ শ্বেনয়াং এফ-৬ আৰ্হি বিমান এখন জ্বলাই দিয়ে।”

একেটা ভিডিঅ’ ইউৰেচিয়ান টাইমছৰ এটা বাতৰিত শ্বেয়াৰ কৰা হৈছিল, যিয়ে এই ঘটনাৰ বিষয়েও এক্সত পোষ্ট কৰিছিল।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনছাফৰ নেতা ইমৰাণ খানক ২০২৩ চনৰ ৯ মে’ত ইছলামবাদৰ উচ্চ ন্যায়ালয়ৰ ভিতৰত 'ৰাষ্ট্ৰীয় জবাবদিহিতা ব্যুৰোৱে' দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ ফলত সমগ্ৰ পাকিস্তানত ব্যাপক হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয়।

সিদ্ধান্ত

এই ভিডিঅ’টো ২০২৩ চনৰ মে’ মাহৰ, যেতিয়া পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মিয়ানৱালী বিমানঘাটিৰ বাহিৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সমৰ্থকে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত এখন আৰ্হি বিমানত জুই লগাইছিল। সেয়েহে আমি এই দাবীক বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।