শেহতীয়া কূটনৈতিক বিবাদৰ মাজতে মালদ্বীপত মোদী বিৰোধী প্ৰতিবাদ বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত

লেখক: এনেট প্ৰীতি ফুৰ্টাডো
জানুৱাৰী 11 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
শেহতীয়া কূটনৈতিক বিবাদৰ মাজতে মালদ্বীপত মোদী বিৰোধী প্ৰতিবাদ বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত

মালদ্বীপত মোদী বিৰোধী প্ৰতিবাদৰ শেহতীয়া ভিজুৱেল বুলি ছ'চিয়েল মিডিয়াত পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ভিডিঅ’টো চলিত বৰ্ষৰ জুনত মালদ্বীপত মোদীৰ বিৰুদ্ধে হোৱা এক প্ৰতিবাদৰ সময়ৰ হয়, শেহতীয়া ভাৰত-মালদ্বীপ বিবাদৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

ক্লেইম আইডি b50f81ef

চলিত মাহত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্যদ্বীপৰ পৰ্যটন ক্ষেত্ৰৰ বৃদ্ধিৰ উদ্দেশ্যৰে দ্বীপপুঞ্জটো ভ্ৰমণ কৰাৰ পিছৰে পৰা ভাৰত আৰু মালদ্বীপৰ মাজত কূটনৈতিক উত্তেজনা বৃদ্ধি পোৱা দেখা গৈছে। ভাৰত তথা প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি মালদ্বীপৰ মন্ত্ৰী মৰিয়ম শ্বউনা, মালছা শ্বৰীফ, আব্দুল্লা মাহজুম মজিদে অসন্মানজনক মন্তব্য কৰাৰ পিছতে এই বিবাদৰ সৃষ্টি হয়।

প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰা তেওঁৰ লক্ষদ্বীপ ভ্ৰমণৰ ফটো আৰু ভিডিঅ’ৰ দ্বাৰা প্ৰৰোচিত হৈ এনে মন্তব্যসমূহ কৰা হৈছে বুলি অভিযোগ উঠিছে। একাংশ লোকৰ মতে মোদীৰ উক্ত ভ্ৰমণৰ উদ্দেশ্য আছিল ভাৰতৰ দ্বীপপুঞ্জটোক মালদ্বীপৰ বিকল্প পৰ্যটনস্থলী হিচাপে প্ৰচাৰ কৰা।

পৰৱৰ্তী সময়ত তেওঁলোকে কৰা আপত্তিজনক মন্তব্যৰ বাবে মালদ্বীপ চৰকাৰে উক্ত মন্ত্ৰীসকলক পদৰ পৰা অপসাৰণ কৰে। আনহাতে, এই ঘটনাৰ পিছতে ভাৰতৰ বহু পৰ্যটকে মালদ্বীপলৈ ভ্ৰমণ নকৰাৰ সংকল্প লোৱা দেখা যায়। বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত #BoycottMaldives হেচটেগ ভাইৰেল হৈ পৰে।

কি দাবী কৰা হৈছে?

ক্ৰমাৎ বৃদ্ধি পোৱা উক্ত কূটনৈতিক বিবাদৰ মাজতে এক্সত এক মিনিটতকৈ দীঘল ভিডিঅ’ এটা প্ৰচাৰিত হৈছে। ফুটেজটোত একাধিক প্ৰতিবাদকাৰীক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিছবিৰ মাস্ক পৰিধান কৰি ৰাস্তাত সমদল কৰা দেখা গৈছে। ইয়াৰে এজন প্ৰতিবাদকাৰীয়ে এডাল চেণ্ডেলৰ মালা পিন্ধা দেখা গৈছে। ইয়াৰ উপৰিও ভিডিঅ'টোত একাংশ বিক্ষোভকাৰীয়ে "ইণ্ডিয়া আউট" লিখা বেনাৰ প্ৰদৰ্শন কৰাৰ বিপৰীতে আন একাংশই ৰঙা আৰু সেউজীয়া ৰঙৰ পতাকা জোকাৰি থকা দেখা গৈছে। 

ভিডিঅ'টো এক্সত পোষ্ট কৰি এইদৰে লিখা হৈছে, "মালদ্বীপত জেহাদীবোৰে আমাৰ প্ৰধানমন্ত্ৰীক অপমান কৰিছে। সকলো ভাৰতীয়ই মালদ্বীপ বৰ্জন কৰা উচিত।" এক্স পোষ্টটোৱে ৪৭,৬০০ৰো অধিক ভিউ লাভ কৰিছে। '#maldivesboycott' আৰু এনেধৰণৰ আন হেচটেগ ব্যৱহাৰ কৰা একেটা ভিডিঅ’ৰ স্ক্ৰীণশ্বট সন্নিবিষ্ট আন এটা পোষ্টৰ কেপচন লিখা হৈছিল, ''মালদ্বীপত হৈছে কি? এওঁলোকক ক্লাউন হিচাপে কিয় দেখুওৱা হৈছে? এই প্ৰতিবাদৰ উদ্দেশ্য কি?'' 

পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ভিডিঅ’টো ফেচবুকতো শ্বেয়াৰ কৰা হৈছে, য’ত লিখা হৈছে, "ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মালদ্বীপত এক বৃহৎ প্ৰতিবাদ। এসপ্তাহ পূৰ্বে মালদ্বীপৰ প্ৰধানমন্ত্ৰীৰ বিতৰ্কিত বক্তব্যৰ পিছত #maldives #india #politicalway #narendramodi #tourism #boycottmaldives #lakshdweep।"

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি অসমীয়াত এইদৰে লিখে, ‘‘মালদ্বীপৰ মুছলমানে প্ৰধানমন্ত্ৰী মোদীজীৰ ৰূপত এনেকৈ ভাৰতৰ উপলুঙা কৰিছে। ইয়াৰ শিক্ষা পাইছে আৰু পাব। @লাক্ষাদ্বীপ’’ ইয়াত আৰ্কাইভ কৰা সংস্কৰণটো চাব পাৰিব।

ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এইটো ভাৰত-মালদ্বীপৰ মাজত বৰ্তমান চলি বিবাদৰ আগৰ ভিডিঅ’ হয়। ২০২৩ চনৰ জুনত মালদ্বীপত হোৱা এক প্ৰতিবাদৰ সময়ত ভিডিঅ’টো কেমেৰাত আৱদ্ধ কৰা হৈছিল।

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ'টোৰ কিফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৩ চনৰ ১ জুলাইত "ইণ্ডিয়া আউট' প্ৰতিবাদৰ পিছত মালদ্বীপ চৰকাৰৰ গৰিহণা প্ৰকাশ" শীৰ্ষক স্ক্ৰলত প্ৰকাশিত এটা প্ৰতিবেদন লাভ কৰোঁ। প্ৰতিবেদনটোত ২০২৩ চনৰ ২৯ জুনত মালদ্বীপত ভাৰত বিৰোধী বিক্ষোভৰ বিশদ বিৱৰণ দিয়া হৈছে, য’ত প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাস্ক পৰিধান কৰি “ইণ্ডিয়া আউট” লিখা বেনাৰ প্ৰদৰ্শন কৰিছিল। এই প্ৰতিবাদৰ পিছতে মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি ইয়াক গৰিহণা দিয়ে আৰু ইয়াৰ বাবে দেশখনৰ বিৰোধী দলসমূহক দোষাৰোপ কৰে। 

স্ক্ৰলত প্ৰকাশিত প্ৰতিবেদনটোৰ এটা স্ক্ৰীণস্বট। (উৎস: স্ক্ৰল/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

তদুপৰি, প্ৰতিবেদনটোত ২০২৩ চনৰ জুনত এক্সত শ্বেয়াৰ কৰা এটা পোষ্টৰ উল্লেখ কৰা হৈছে, য'ত ''#IndiaOut'' কেপচনৰ সৈতে ২৩ ছেকেণ্ডৰ এটা ভিডিঅ' শ্বেয়াৰ কৰা হৈছিল। এই ভিডিঅ'টো ভাইৰেল ফুটেজটোত প্ৰায় ৫৩ ছেকেণ্ডৰ পৰা আৰম্ভ হোৱা ভিজুৱেলৰ সৈতে হুবহু মিল আছে। 

এই অংশটোত মোদী মাস্ক পৰিহিত তিনিজন ব্যক্তিয়ে, এজনে এডাল চেণ্ডেলৰ মালা পিন্ধিছে, সেউজীয়া আৰু ৰঙা পতাকা উৰুৱাই প্ৰতিবাদকাৰীৰ দল এটাক নেতৃত্ব দিয়া দেখা গৈছে। ইয়াৰ উপৰিও ফ্ৰেমটোত এজন ক’লা টি-চাৰ্ট আৰু নীলা জিন্স পিন্ধা ব্যক্তিক দেখা যায়।

ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট আৰু ২০২৩ চনৰ জুনত হোৱা প্ৰতিবাদৰ ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ তুলনা।  (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একেদৰে ২০২৩ চনৰ জুলাইত প্ৰকাশিত হিন্দুস্তান টাইমছৰ এটা ইউটিউব ভিডিঅ'ত ভাইৰেল ভিডিঅ'টোৰ ভিজুৱেল দেখা যায়। উক্ত প্ৰতিবেদনটোৰ মতে মালদ্বীপ চৰকাৰে ঈদ-আল আধাৰ সময়ত দেশখনৰ বিৰোধীয়ে "ইণ্ডিয়া আউট" অভিযান চলোৱাৰ পিছত লাঘৱ মোচনৰ কাম আৰম্ভ কৰিছিল।

মালদ্বীপৰ ‘ইণ্ডিয়া আউট’ প্ৰতিবাদ

ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা অনুসৰি ২০২০ চনত মালদ্বীপত প্ৰথমে ৰাজপথত আৰম্ভ হোৱা ‘ইণ্ডিয়া আউট’ অভিযানে পিছত ছ’চিয়েল মিডিয়াতো যথেষ্ট প্ৰচাৰ লাভ কৰিছিল।

২০২১ চনৰ ডিচেম্বত দ্য হিন্দুত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মালদ্বীপত মাজে মাজে ‘ইণ্ডিয়া আউট’ (#IndiaOut) অভিযানৰ উন্মেষ ঘটিছিল। জানিব পৰা মতে চৰকাৰৰ সমালোচনাকাৰীসকলে উক্ত অভিযানৰ নেতৃত্ব দিছিল।

২০২২ চনৰ এপ্ৰিলত দ্য হিন্দুৰ এক প্ৰতিবেদন মতে ৰাষ্ট্ৰপতি ছলিহে সেই সময়ত ‘ইণ্ডিয়া আউট’ অভিযানক দেশখনৰ “ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি” বুলি উল্লেখ কৰি ইয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল।

সিদ্ধান্ত

২০২৩ চনৰ জুনত মালদ্বীপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সাব্যস্ত কৰা এক প্ৰতিবাদৰ ভিডিঅ’ শেহতীয়াকৈ দেশ দুখনৰ মাজত চলি থকা বিবাদৰ সময়ৰ বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।