অসমৰ সংবাদ মাধ্যমত লিবিয়াৰ ‘ষ্টৰ্ম ডেনিয়েল’ৰ দৃশ্য় বুলি পুৰণি, অসংলগ্ন ভিডিঅ' প্ৰচাৰ

লেখক: চন্দন বৰগোহাঁই
ছেপ্তেম্বৰ 15 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
অসমৰ সংবাদ মাধ্যমত লিবিয়াৰ ‘ষ্টৰ্ম ডেনিয়েল’ৰ দৃশ্য় বুলি পুৰণি, অসংলগ্ন ভিডিঅ' প্ৰচাৰ

লিবিয়াত ‘ষ্টৰ্ম ডেনিয়েল’ৰ ডেনিয়েলে সৃষ্টি কৰা প্ৰলয়ৰ বুলি অসংলগ্ন দৃশ্য় প্ৰচাৰ কৰা এনডি২৪-ৰ ভিডিঅ’ প্ৰতিবেদনৰ ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টোত লিবিয়াত সংঘটিত বানৰ বুলি অসংলগ্ন দৃশ্য় শ্বেয়াৰ কৰা হৈছে। বিশ্বাসযোগ্য প্ৰতিবেদনে এই ভিডিঅ’সমূহ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বুলি নিশ্চিত কৰিছে।

ক্লেইম আইডি db6c6f29

১০ ছেপ্টেম্বৰত ‘ষ্টৰ্ম ডেনিয়েল’-এ লিবিয়াত ভয়াৱহ বানপানীৰ সৃষ্টি কৰে যি ডেৰ্না চহৰৰ দুটা মথাউৰি ভাঙি ঘৰ-দুৱাৰ আৰু প্ৰৱেশ পথসমূহ উটুৱাই লৈ যায়। দ্য এছ’চিয়েটেড প্ৰেছৰ এক প্ৰতিবেদনত কোৱা হৈছে যে এটা সাহায্য গোটৰ মতে, ১৪ ছেপ্টেম্বৰত চহৰখনত মৃত্যুৰ সংখ্যা ১১,৩০০ হৈছেগৈ। এতিয়াও চহৰখনত হাজাৰ হাজাৰ লোক নিৰুদ্দেশ হোৱাৰ বাতৰি পোৱা গৈছে।

কি দাবী কৰা হৈছে?

উক্ত ধুমুহাৰ পিছত, যোৱা ১৩ ছেপ্টেম্বৰত অসমৰ এনডি২৪ নামৰ নিউজ চেনেলটোৰ ফেচবুক পে’জত লিবিয়াত ‘ডেনিয়েল’ ধুমুহাই সৃষ্টি কৰা ‘মহাপ্ৰলয়ৰ’ দৃশ্য় বুলি দাবী কৰি এটা ভিডিঅ’ প্ৰতিবেদন প্ৰকাশ কৰা হয়। ‘‘ভয়ংকৰ মহাপ্ৰলয়ৰ সন্মুখীন হৈছে উত্তৰ আফ্ৰিকা’’ শীৰ্ষক পোষ্টটোৱে এই প্ৰতিবেদন লিখাৰ সময়লৈকে ১,৪৭,০০০তকৈ অধিক ভিউ লাভ কৰিছে। পোষ্টটোৰ এটা আৰ্কাইভড ভাৰ্ছন ইয়াত চাব পাৰে।

এনডি২৪-ত প্ৰকাশিত পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট) 

আমি লাভ কৰা তথ্য়

ভিডিঅ’টো ভালদৰে পৰীক্ষা কৰিলে দেখা যায় যে ইয়াত ব্য়ৱহাৰ কৰা ক্লিপসমূহৰ বেছিভাগেই পুৰণি আৰু লিবিয়াত শেহতীয়াকৈ সংঘটিত বানপানীৰ সৈতে কোনো ইয়াৰ সম্পৰ্ক নাই। আমি ভিডিঅ’টোৰ বিভিন্ন কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখিলোঁ যে ভিডিঅ’টোত থকা কমেও ৬ টা ক্লিপ আচলতে আন দেশৰ হে হয়।

১. টৰ্নেডোৰ ভিডিঅ'

এনডি২৪ৰ ভিডিঅ’টোত ডিজিটেলভাৱে প্ৰস্তুত কৰা এটা ভিডিঅ’ক লিবিয়াৰ ‘ষ্টৰ্ম ডেনিয়েল’ৰ দৃশ্য় বুলি মিছাকৈ দাবী কৰা হৈছে। ভিডিঅ’টোৰ ০.৪৪ টাইমষ্টাম্পত এটা অট্টালিকাৰ পিছফালে মাজে মাজে বিজুলী মাৰি থকা টৰ্নেডোৰ এটা ১২ ছেকেণ্ডৰ ক্লিপ দেখা যায়।

ক্লিপটোত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৩ চনৰ ৪ ছেপ্টেম্বৰত ৰষ্টিস্লাভ ছাৰ’ভ (Rostyslav Tsarov) (@rtsarovvideo) নামৰ এজন ব্যৱহাৰকাৰীয়ে টিকটকত শ্বেয়াৰ কৰা একেটা ভিডিঅ’ লাভ কৰোঁ। ভিডিঅ’টোত লিখা আছিল, “উপকূলীয় নগৰত টৰ্নেডোৰ প্ৰলয়।” আমি অনুসন্ধান কৰি ষ্টক ফুটেজ ৱেবছাইট শ্বাটাৰষ্টকত উপলব্ধ ভিডিঅ’টোৰ মূল সংস্কৰণটোও লাভ কৰোঁ, য’ত টৰ্নেডো বা বিজুলীৰ দৃশ্য় নাই, যাৰ পৰা অনুমান কৰিব পাৰি যে এই দৃশ্য়খিনি ডিজিটেলভাৱে যোগ কৰা হৈছে। লজিকেলী ফেক্টছে ইতিমধ্য়ে এই ক্লিপটো ফেক্ট-চেক কৰিছে। ইয়াত পঢ়িব পাৰে।

মূল শ্বাটাৰষ্টক ভিডিঅ’টোত টৰ্নেডো বা বিজুলী দেখা নাযায়, যাৰ পৰা অনুমান কৰিব পাৰি যে দুয়োটা উপাদান ডিজিটেলভাৱে যোগ কৰা হৈছে। শ্বাটাৰষ্টক ভিডিঅ’টোৰ উৎসৰ অধিক তদন্তত দেখা গৈছে যে এই ভিডিঅ’টো ২০১৬ চনৰ ৭ অক্টোবৰৰ হয় আৰু ইয়াত ফ্ল’ৰিডাৰ জেকচনভিলৰ চাউথ বিচ প্লাজা মল দেখা গৈছে। লজিকেলী ফেক্টছে ইয়াত এই ফুটেজ ব্যৱহাৰ কৰি কৰা এটা ভুৱা দাবী নসাৎ কৰিছে।

ভাইৰেল ভিডিঅ'টোৰ সৈতে সম্পাদিত ভিডিঅ' আৰু প্ৰকৃত ভিডিঅ'ৰ তুলনা। (উৎস: ফেচবুক(বাওঁ)/ইউটিউব(মাজত)/শ্বাটাৰষ্টক(সোঁ)/স্ক্ৰীণশ্বট)

২. ডাৱৰ নামি অহাৰ ভিডিঅ'

প্ৰতিবেদনৰ ০.৫৬ টাইমষ্টাম্পত দেখিবলৈ পোৱ এটা ১১ ছেকেণ্ডৰ ক্লিপত আকাশত ধুমুহা আহিব যেন কৰাৰ লগতে ডাৱৰ নামি অহাৰ দৃশ্য দেখা যায়। আমি কীফ্ৰেমটোত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চাওঁ আৰু ২০২০ চনৰ ৭ আগষ্টত ‘দ্য ৱেদাৰ চেনেলত’ প্ৰকাশিত এটা ৰিপৰ্ট লাভ কৰোঁ, য’ত একেটা ক্লিপ ব্য়ৱহাৰ কৰা হৈছে। “টাইম-লেপছত অষ্ট্ৰেলিয়াত ধুমুহাৰ ভয়ংকৰ ৰূপ দেখা গৈছে” শীৰ্ষক প্ৰতিবেদনটোৰ মতে অষ্ট্ৰেলিয়াৰ পাৰ্থত এই পৰিঘটনাটো সংঘটিত হৈছিল।

আমি ভিডিঅ’টোৰ ওপৰৰ সোঁফালৰ চুকত “কেন আৰ্টি/চিভিয়াৰ ৱেদাৰ অষ্ট্ৰেলিয়া পাৰ্থ, অষ্ট্ৰেলিয়া ফেব্ৰুৱাৰী ২৫, ২০২০” বুলি লিখি থোৱা দেখিবলৈ পাওঁ। এইটোক ইংগিত হিচাপে লৈ আমি ২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীত ‘কেন আৰ্টি ফটোগ্ৰাফী’ নামৰ ফেচবুক পেজত পোষ্ট কৰা ২৯ ছেকেণ্ডৰ মূল ভিডিঅ’টো লাভ কৰোঁ। পোষ্টটোৰ কেপচনত দাবী কৰা মতে ভিডিঅ’টো পাৰ্থ বিমানবন্দৰৰ দৰ্শন স্থানত শ্বুট কৰা হৈছিল। ২০২০ চনৰ ২৬ ফেব্ৰুৱাৰীত আৰ্টিয়ে তেওঁলোকৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এই ভিডিঅ’টো পুনৰ পোষ্ট কৰিছিল। ইনষ্টাগ্ৰাম প্ৰফাইলৰ মতে কেন আৰ্টি হৈছে লেণ্ডস্কেপ, টাইমলেপছ আৰু ড্ৰ’ন ফটোগ্ৰাফীৰ প্ৰতি বিশেষভাৱে আগ্ৰহী এগৰাকী অষ্ট্ৰেলিয়ান ফটোগ্ৰাফাৰ।

ভাইৰেল ভিডিঅ'টোৰ সৈতে প্ৰকৃত ভিডিঅ'ৰ তুলনা। (উৎস: এনডি২৪(বাওঁ)/কেন আৰ্টি ফটোগ্ৰাফী(সোঁ)/ফেচবুক)

৩. বানপানীৰ পানী তললৈ যোৱা ভিডিঅ'

এনডি২৪ৰ ভিডিঅ’টোৰ ১.০৭ টাইমষ্টাম্পত আমি ১৪ ছেকেণ্ডৰ এটা ক্লিপত তললৈ তীব্ৰ বেগেৰে বৈ অহা বানপানীৰ এটা ধলে এখন চাপৰ দলঙত খুন্দা মৰা দেখিবলৈ পাওঁ। আমি ক্লিপটোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখোঁ যে ভিডিঅ’টোৰ পুৰণি সংস্কৰণ আৰবী ভাষাৰ নিউজ আউটলেট ‘দাৰালাখবাৰ’-এ ২০১৬ চনৰ ৮ এপ্ৰিলত ফেচবুকত আপলোড কৰিছিল। ভিডিঅ’টোৰ কেপচন আছিল “টিহামা কাহতানৰ ৱাদি আল-ফাৰ্ছাত এটা বানে গাড়ী আৰু পথচাৰীৰ বাবে পথ বন্ধ কৰি দিয়ে।” গতিকে এই ভিডিঅ’টো ২০১৬ চনত ছৌদি আৰৱত ৰেকৰ্ড কৰা হৈছিল আৰু লিবিয়াত শেহতীয়াকৈ সংঘটিত হোৱা বানপানীৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। লজিকেলী ফেক্টছে ইতিপূৰ্বে এই ভিডিঅ’টো ফেক্ট-চেক কৰিছে, ইয়াত পঢ়িব পাৰে।

ভাইৰেল ভিডিঅ'টোৰ সৈতে প্ৰকৃত ভিডিঅ'ৰ তুলনা। (উৎস: এনডি২৪(বাওঁ)/দাৰালাখবাৰ(সোঁ)/ফেচবুক)

৪. প্লাৱিত ৰাস্তাত আবদ্ধ হৈ পৰা গাড়ীৰ ভিডিঅ'

এনডি২৪ ভিডিঅ’ৰ টাইমষ্টাম্প ১.২২ত আৰম্ভ হোৱা এক ১১ ছেকেণ্ডৰ দীঘলীয়া ক্লিপত বানপানীৰ তীব্ৰ সোঁতত কিছু বাহন উটি যোৱা দেখা গৈছে । ভিডিঅ’টোত দেখা গৈছে যে বোকাময় পানী বৈ অহাৰ লগে লগে মানুহবোৰে নিজক বচাবলৈ গাড়ীৰ চাদত আঁকোৱালি ধৰিছে, আৰু লগতে তীব্ৰ সোঁতে লগত বহু বাহন উটুৱাই লৈ গৈছে । এই ক্লিপটোৰ কিছু কীফ্ৰেম ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাত আমি “স্পেনিছ বানপানীৰ পানীত গাড়ীৰ চালত আবদ্ধ মহিলা” শীৰ্ষক এটা ইউটিউব চৰ্ট ভিডিঅ’ বিচাৰি পালোঁ । ২০২৩ চনৰ ১০ জুলাইত ৯ নিউজ অষ্ট্ৰেলিয়াই ভিডিঅ’টো আপলোড কৰিছিল। বিৱৰণ অনুসৰি এই ভিডিঅ’টো স্পেইনৰ জাৰাগোজাৰ চহৰৰ। ভিডিঅ’টোৰ শেষৰ ফালে আমি এগৰাকী যুৱতীক নিজৰ গাড়ীৰ চাদত বহি থকা দেখিবলৈ পাওঁ।

ভাইৰেল ভিডিঅ'টোৰ সৈতে প্ৰকৃত ভিডিঅ'ৰ তুলনা। (উৎস: ফেচবুক(বাওঁ)/ইউটিউব(সোঁ)/স্ক্ৰীণশ্বট)

এই বিষয়ে স্পেনিছ ভাষাত বিচাৰি ফুৰোতে আমি ২০২৩ চনৰ ৭ জুলাইত প্ৰকাশিত এবিচি আৰাগনৰ এটা প্ৰতিবেদন পাইছিলোঁ, য’ত একেটা ঘটনাৰ ফুটেজ আছিল। প্ৰতিবেদন অনুসৰি এনডি২৪ৰ ক্লিপত দেখা এই কাণ্ডটো ৬ জুলাইৰ, আৰু গাড়ীৰ ওপৰত আবদ্ধ হৈ থকা দেখা যুৱতীগৰাকীৰ নাম, স্পেইনৰ মনৰিয়েল ডেল কেম্পোৰ বাসিন্দা, মাৰিয়া এল হয়। এবিচি আৰাগনে প্ৰকাশ কৰা ভিডিঅ’টোত এনডি২৪ ক্লিপৰ আৰম্ভণিতে ০:১৮ ছেকেণ্ডৰ টাইমষ্টেম্পত দেখা, এখন ক’লা গাড়ীৰ পৰা নামিবলৈ চেষ্টা কৰা, ক’লা বেগ লৈ বগা টিচাৰ্ট পিন্ধা একেগৰাকী মহিলাকে আমিও দেখা পালোঁ ।

৫. প্লাৱিত ৰাস্তাত ৰখাই থোৱা বাহনৰ ভিডিঅ'

এনডি২৪ৰ ভিডিঅ’টোৰ ২.১৬ টাইমষ্টাম্পত এটা চুটি ক্লিপত কেইবাখনো ৰখাই থোৱা বাহন প্লাৱিত পথত আবদ্ধ হৈ থকা দেখা গৈছে। আমি যেতিয়া ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিছিলো, তেতিয়া আমি ২০২৩ চনৰ ১১ জুলাইত ডেকান হেৰাল্ডত প্ৰকাশিত এখন ফটো ৰচনা পাইছিলোঁ, যাৰ শিৰোনাম আছিল, “ইন পিক্স | প্ৰচণ্ড বৰষুণত হিমাচল প্ৰদেশৰ জান মালৰ প্ৰচুৰ ক্ষতি ।” ক্লিপটোৰ ভিজুৱেলৰ সৈতে মিল থকা এখন ছবি এই ফটো ৰচনাখনত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰ কেপচন দিয়া হৈছে, “ছ’লানৰ পাৰৱানুত প্ৰচণ্ড বাৰিষাৰ বৰষুণৰ মাজত ফ্লেছ ফ্লাডৰ সময়ত বাহনসমূহ বুৰি গৈছে।” ইয়াৰ কৃতিত্ব পিটিআই ফটোক দিয়া হৈছিল।

ভিডিঅ'টোত ব্য়ৱহৃত এখন ছবিৰ সৈতে প্ৰকৃত ছবিখনৰ তুলনা। (উৎস: ফেচবুক(বাওঁ)/ডেকান হেৰাল্ড(সোঁ)/স্ক্ৰীণশ্বট)

এনডি২৪ ভিডিঅ’টোৰ ২.১৮ টাইমষ্টাম্পত বেলকনিৰ পৰা ৰেকৰ্ড কৰা এটা ক্লিপত দেখা গৈছে যে বানপানীয়ে পথত আবদ্ধ হৈ থকা বাহনসমূহ উটুৱাই লৈ গৈছে। আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু এবিপি নিউজে প্ৰকাশ কৰা ভাৰতৰ হিমাচল প্ৰদেশৰ জুলাই মাহৰ বানপানীৰ ভিডিঅ’ ৰিপ’ৰ্টত এই ক্লিপটো অন্তৰ্ভুক্ত পাইছিলোঁ, যাৰ শিৰোনাম আছিল, “বতৰৰ আপডেট: ছ’লানৰ পাৰৱানুত ৰখাই থোৱা গাড়ীবোৰ বানপানীৰ ফলত উটি যায়”। আমি ইউটিউবত একেটা ক্লিপৰ দীঘলীয়া সংস্কৰণো পাইছিলোঁ যিটো ২০২৩ চনৰ ১০ জুলাইত আপলোড কৰা হৈছিল। যদিও লজিকেলী ফেক্টছে ভিডিঅ’টোৰ উৎপত্তি স্বতন্ত্ৰভাৱে নিশ্চিত কৰিব পৰা নাই, ইউটিউব ক্লিপটোত আমি মানুহৰ হিন্দী ভাষাত কথা-বতৰা শুনিবলৈ পাওঁ, যি ইংগিত দিছে যে ইয়াৰ উৎপত্তি লিবিয়াত নহয়, ভাৰতত হয়।

ভাইৰেল ভিডিঅ'টোৰ সৈতে প্ৰকৃত ভিডিঅ'ৰ তুলনা। (উৎস: ফেচবুক(বাওঁ)/এবিপি(সোঁ)/স্ক্ৰীণশ্বট)

৬. বোকা খহনীয়াৰ ভিডিঅ'

এনডি২৪ ভিডিঅ’ৰ ৩.০১ টাইমষ্টেম্পত কিছু বাহন আৰু অট্টালিকা বুৰাই পেলোৱা এক বিশাল ভূমিস্খলনৰ পাঁচ ছেকেণ্ডৰ এটা ক্লিপ দেখা গৈছে। কিন্তু আমি দেখিছোঁ যে এই ক্লিপটো ২০২১ চনৰ জুলাই মাহৰ আৰু শেহতীয়াকৈ লিবিয়াত হোৱা বানপানীৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। লজিকেলী ফেক্টছে অনুসন্ধান কৰিলে আৰু ভিডিঅ’টো প্ৰকৃততে জাপানৰ আটামি চহৰৰ বুলি নিশ্চিত কৰা একাধিক বিশ্বাসযোগ্য প্ৰতিবেদন পাইছিল, যিখন চহৰত ২০২১ চনৰ জুলাই মাহত এই ঘটনা ঘটিছিল । আপুনি ইয়াত আমাৰ ফেক্ট-চেক পঢ়িব পাৰে।

ভাইৰেল ভিডিঅ'টোৰ সৈতে প্ৰকৃত ভিডিঅ'ৰ তুলনা। (উৎস: ফেচবুক(বাওঁ)/X(সোঁ)/স্ক্ৰীণশ্বট)

সিদ্ধান্ত

ভিডিঅ’ প্ৰতিবেদনটোত শেহতীয়াকৈ লিবিয়াত সংঘটিত হোৱা বানপানীৰ সময়ৰ বুলি কেইবাটাও অসংলগ্ন আৰু পুৰণি ভিজুৱেল ভুলকৈ প্ৰচাৰ কৰা হৈছে । সেয়েহে এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(আপডেট: কাহিনীটো আপডেট কৰা হৈছে যাতে টৰ্নেডো দেখুওৱা ভিডিঅ’টোৰ মূল সংস্কৰণটো ২০১৬ চনৰ অক্টোবৰৰ আৰু ইয়াত ফ্ল’ৰিডাৰ জেকচনভিলৰ চাউথ বিচ প্লাজা মল দেখা গৈছে বুলি সন্নিৱিষ্ট কৰিব পাৰি।)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।