পুৰণি, অসংলগ্ন ফটো, ভিডিঅ’ চেন্নাইত ঘূৰ্ণিবতাহ মিগজাউমৰ তাণ্ডৱ বুলি প্ৰচাৰিত

লেখক: ৰাহুল অধিকাৰী
ডিচেম্বৰ 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পুৰণি, অসংলগ্ন ফটো, ভিডিঅ’ চেন্নাইত ঘূৰ্ণিবতাহ মিগজাউমৰ তাণ্ডৱ বুলি প্ৰচাৰিত

ঘূৰ্ণিবতাহ মিগজাউমৰ তাণ্ডৱ বুলি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ফটো আৰু ভিডিঅ’সমূহৰ ঘূৰ্ণিবতাহ মিগজাউমৰ ফলত চেন্নাইত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ সৈতে কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 8e370c98

বংগোপসাগৰত উৎপত্তি হোৱা ঘূৰ্ণিবতাহ মিগজাউমে যোৱা দুদিন ধৰি দক্ষিণ ভাৰতত তাণ্ডৱৰ সৃষ্টি কৰে। অন্ধ্ৰ প্ৰদেশত ৯,৫০০তকৈ অধিক লোকক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হয়। ভাৰতৰ পূব উপকূলত মিগজাউমে ধাৰাসাৰ বৰষুণ নমাই আনি তামিলনাডুৰ চেন্নাইত বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰাৰ উপৰিও অন্যান্য উপকূলীয় অঞ্চল বিলাকতো প্ৰভাৱ পেলায়।  

কি দাবী কৰা হৈছে?

ঘূৰ্ণিবতাহ মিগজাউমে সৃষ্টি কৰা এই তাণ্ডৱৰ মাজতে ছ’চিয়েল মিডিয়াত কেইবাটাও ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰা হৈছে। তেনে এখন ভাইৰেল ফটো শ্বেয়াৰ কৰি বহুতেই সেইয়া চেন্নাই বিমানবন্দৰৰ শেহতীয়া দৃশ্য বুলি দাবী কৰিছে। ফটোখনত এটা জলমগ্ন বিমানবন্দৰত কেইবাখনো বিমান পানীত আংশিকভাৱে ডুব গৈ থকা দেখা গৈছে। এজন ব্যৱহাৰকাৰীয়ে ফটোখন পোষ্ট কৰি লিখিছে, "বুজি লওক এইটো আজিৰ চেন্নাই বিমানবন্দৰ। সাগৰে যেন ইয়াক দখল কৰি লৈছে। আৰু বিমান সংস্থা এটাৰ আটাইতকৈ কম বেতনৰ কৰ্মচাৰীসকলে সাধাৰণতে এই সকলোবোৰ ৰক্ষা কৰে।। 👏👍(sic)" পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব৷

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আন এটা ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰি বহুতেই ইয়াত মিগজাউমৰ ফলত হোৱা ধাৰাসাৰ বৰষুণৰ পিছত চেন্নাইৰ এটা প্লাৱিত ৰাস্তা দেখা গৈছে বুলি দাবী কৰে। ভাইৰেল ক্লিপটোত এজন লোকে কঁকাললৈকে জলমগ্ন এটা ৰাস্তাত এখন দুচকীয়া বাহন পানীৰ পৰা তুলিবলৈ চেষ্টা কৰা দেখা গৈছে। এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা পোষ্টটোৰ কেপচনত লিখা আছে, "চেন্নাইৰ পৰিস্থিতি..." উক্ত পোষ্টটোৱে (ইয়াত আৰ্কাইভ কৰা হৈছে) এই প্ৰতিবেদন লিখাৰ সময়লৈকে ১৫৩,০০০ৰো অধিক ভিউ আৰু ১,৮০০ লাইক লাভ কৰিছিল। 

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

মিগজাউমৰ ফলত হোৱা বৰষুণৰ পিছত আৰু এটা ক্লিপ চেন্নাইৰ সৈতে সংযুক্ত কৰা হৈছে। ভিডিঅ'টোত দেখা গৈছে যে এজন মটৰচাইকেল আৰোহীয়ে এখন আংশিকভাৱে ডুব যোৱা দলং ব্যৱহাৰ কৰি এখন নদী পাৰ হ'বলৈ চেষ্টা কৰিছে। এজন ব্যৱহাৰকাৰীয়ে এক্সত ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিছে, "কোনে তেওঁক পানীত নামিবলৈ বাধা দিব... হয় আপুনিও চাব পাৰে 👀... 👇 #ChennaiRains #ChennaiRains2023 #chennairainupdate #cyclonemichaung 🌀 #Cyclones #CycloneAlert #RainAlert #ChennaiFloods।" পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি কি পাইছিলোঁ?

আমি ওপৰত উল্লেখ কৰা ফটো আৰু ভাইৰেল ভিডিঅ’ৰ কীফ্ৰেমত ৰিভাৰ্ছ-ইমেজ চাৰ্চ কৰিলোঁ। আমি দেখিলোঁ যে ভাইৰেল ভিজুৱেলবোৰৰ কোনোটোৰেই মিগজাউমৰ ফলত চেন্নাইত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিৰ সৈতে একো সম্পৰ্ক নাই।

জলমগ্ন বিমানবন্দৰৰ ফটো

এই ভাইৰেল ফটোখন ২০১৫ চনৰে হয়। ২০১৫ চনৰ ২ ডিচেম্বৰত ৱিকিপেডিয়াত ফটোখন প্ৰকাশ পাইছিল। ফটোখনৰ বৰ্ণনাত লিখা আছে, "তামিলনাডুত ২০১৫ চনৰ ডিচেম্বৰত ধাৰাসাৰ বৰষুণৰ পিছত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰে লোৱা জলমগ্ন চেন্নাই বিমানবন্দৰৰ আকাশৰ পৰা দেখা দৃশ্য।" 

মূল ফটোখন ২০১৫ চনত কেমেৰাত বন্দী কৰা হৈছিল। (উৎস: ৱিকিপেডিয়া)

২০১৫ চনৰ ৩ ডিচেম্বৰত প্ৰকাশিত বিবিচিৰ এক প্ৰতিবেদনতো এই ফটোখন প্ৰকাশ পাইছিল। প্ৰতিবেদনটোত ফটোখনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এএফপিক কৃতিত্ব দিয়া হৈছিল। বিবিচিৰ প্ৰতিবেদন অনুসৰি বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে উপকূলীয় অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছিল, যাৰ ফলত হোৱা বানপানীত ২৬৯ জন লোকৰ কৰুণ মৃত্যু হৈছিল। নৱেম্বৰৰ প্ৰথম সপ্তাহত বৰষুণ আৰম্ভ হৈছিল আৰু ডিচেম্বৰৰ মাজভাগলৈকে ইয়াৰ প্ৰভাৱ অব্যাহত আছিল। 

চেন্নাই বিমানবন্দৰত পুনৰ বানপানী হ’লে কৰ্তৃপক্ষই তাক প্ৰশমন কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পৰিকল্পনা সন্দৰ্ভত দ্য হিন্দুয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত একেখন ফটো ব্যৱহাৰ কৰা হৈছিল। কেপচন অনুসৰি, ফটোখন ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰৰ পৰা লোৱা হৈছিল, আৰু এএফপি আৰু প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)ক ইয়াৰ কৃতিত্ব দিয়া হৈছিল।

এটা জলমগ্ন ৰাস্তাৰ ভাইৰেল ভিডিঅ'

১৭ ছেকেণ্ডৰ ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু "ক্ৰমপেট চেন্নাই তামিলনাডুত ধাৰাসাৰ বৰষুণ | চেন্নাই বৰষুণ | জুলাইত সৰ্বাধিক বৰষুণ।" শীৰ্ষক ১:০৬ মিনিটৰ ভিডিঅ' এটা ইউটিউব ভিডিঅ’ লাভ কৰোঁ। ২০২০ চনৰ ২৯ জুলাইত ‘টিএফপিচি’ নামৰ এটা ইউটিউব চেনেলত প্ৰকাশ কৰা এই ভিডিঅ’টোত বানপানীৰে ভৰা ৰাজপথ দেখুওৱা কেইবাটাও ক্লিপ ব্যৱহাৰ কৰা হৈছে। ভাইৰেল ক্লিপটোৰ ভিজুৱেল ইউটিউব ভিডিঅ’টোৰ প্ৰথম ১৭ ছেকেণ্ডৰ সৈতে মিলে। 

ভাইৰেল ক্লিপ আৰু ইউটিউব ক্লিপৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/ইউটিউব/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইউটিউব ভিডিঅ’টোৰ শিৰোনামৰ পৰা অনুমান কৰিব পাৰি যে ইয়াত উল্লেখ কৰা ক্লিপসমূহ ২০২০ চনত চেন্নাইৰ ক্ৰ’মপেটত হোৱা প্ৰচণ্ড বৰষুণৰ সময়ত বন্দী কৰা হৈছিল। অধিক অনুসন্ধানৰ অন্তত আমি দেখিলোঁ যে ইউটিউব ভিডিঅ’টোত শ্বেয়াৰ কৰা এটা ক্লিপ ২০২০ চনৰ ২৮ জুলাইত দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ অফিচিয়েল এক্স একাউণ্টৰ পৰাও পোষ্ট কৰা হৈছিল। এক্স পোষ্টটোৰ কেপচনত লিখা আছিল, "#ChennaiRains | বৰষুণৰ ফলত চেন্নাইৰ ক্ৰমপেটৰ ওচৰত প্ৰবল বানপানীৰ সৃষ্টি হয় কিয়নো অঞ্চলটোত ‘ষ্টৰ্ম-ৱাটাৰ’ নলাসমূহ বন্ধ হৈ পৰিছিল।"

ভিজুৱেলসমূহৰ মাজত থকা সাদৃশ্য আৰু সেইসমূহ কেতিয়া শ্বেয়াৰ কৰা হৈছিল তাৰ পৰা এইটো অনুমান কৰিব পাৰি যে জলমগ্ন ৰাস্তাটোৰ ভাইৰেল ক্লিপটো ২০২০ চনত চেন্নাইত বন্দী কৰা হৈছিল। ২০২০ চনৰ ৩০ জুলাইত টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, প্ৰচণ্ড বৰষুণৰ ফলত চেন্নাইৰ ক্ৰমপেট আৰু পল্লৱৰামৰ কিছু অংশত পানী জমা হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিল।

নদী পাৰ কৰা এজন মটৰচাইকেল আৰোহী

এজন মটৰচাইকেল আৰোহীয়ে এখন নদী পাৰ হ'বলৈ চেষ্টা কৰা উক্ত ভাইৰেল ভিডিঅ'টো চেন্নাইত শেহতীয়াকৈ হোৱা বৰষুণৰ বহু আগৰে পৰা ইণ্টাৰনেটত উপলব্ধ। আমি ইণ্টাৰনেটত বিচাৰি পোৱা ভিডিঅ'টোৰ আটাইতকৈ পুৰণি সংস্কৰণটো 'মটৰঅকটেন' নামৰ এজন এক্স ব্যৱহাৰকাৰীয়ে ৬ এপ্ৰিলত পোষ্ট কৰিছিল। ইয়াৰ পিছত ভিডিঅ'টো লগে লগে ভাইৰেল হৈ পৰে, টাইমছ নাও আৰু ইণ্ডিয়া টিভি নিউজকে ধৰি কেইবাটাও মূলসুঁতিৰ সংবাদ মাধ্যমে এই বিষয়ে বাতৰি প্ৰচাৰ কৰিছিল।

যদিও আমি ভাইৰেল ভিডিঅ'টোৰ উৎস নিজাববীয়াকৈ পৰীক্ষা কৰিব পৰা নাই, কিন্তু যিহেতু অঞ্চলটোত অহা শেহতীয়া ঘূৰ্ণিবতাহৰ বহু আগৰে ভিডিঅ’টো ইণ্টাৰনেটত আছে গতিকে এই কথা নিশ্চিতভাৱে ক’ব পাৰি যে ঘূৰ্ণিবতাহ মিগজাউমৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। অধিক তথ্যৰ বাবে আমি এক্স ব্যৱহাৰকাৰী গৰাকীৰ সৈতে যোগাযোগ কৰিছো, তেওঁৰ পৰা সঁহাৰি লাভ কৰিলে এই ফেক্ট-চেকটো আপডেট কৰা হ'ব। 

আনহাতে আন এটা ভাইৰেল ভিডিঅ’ত এটা জলমগ্ন ৰাস্তাত এটা ঘঁৰিয়াল দেখিবলৈ পোৱা যায়। অৱশ্যে, বানপানী সদৃশ পৰিস্থিতিত ইয়াৰ আগতেও এই ভিডিঅ'টো একাধিকবাৰ শ্বেয়াৰ কৰা হৈছিল। ২০২২ চনৰ আগষ্টত মধ্য প্ৰদেশৰ শিৱপুৰীৰ এক আৱাসিক এলেকাত এই ভাইৰেল ভিডিঅ’টো কেমেৰাত বন্দী কৰা হৈছিল, লজিকেলী ফেক্টছে ইতিপূৰ্বে এই ভাইৰেল ভিডিঅ’টোৰ ফেক্ট-চেক প্ৰকাশ কৰিছে।

চেন্নাই বৰষুণ ২০২৩

ঘূৰ্ণিবতাহৰ ফলত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে চেন্নাইৰ দৈনন্দিন জীৱন ব্যাহত হৈ পৰিছে, যাৰ ফলত ৰাজপথসমূহ জলমগ্ন হোৱাৰ লগতে যথেষ্ট ক্ষতিসাধন হৈছে। শেহতীয়া খবৰ অনুসৰি মহানগৰীখনত ধুমুহা-বৰষুণৰ বাবে কমেও ৮ জন লোকৰ মৃত্যু হৈছে। চেন্নাইৰ বান সদৃশ পৰিস্থিতি দেখুওৱা কেইখনমান ফটো আগবঢ়োৱা হ’ল।

চেন্নাইত প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ ফটো। (উৎস: এক্স/গ্ৰেটাৰ চেন্নাই কৰ্পোৰেচন)

সিদ্ধান্ত

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল ফটো আৰু ভিডিঅ’সমূহৰ ঘূৰ্ণিবতাহ মিগজাউমৰ সৈতে কোনো সম্পৰ্ক নাই। পুৰণি ফটো আৰু ভিডিঅ’ চেন্নাইৰ শেহতীয়া দৃশ্য হিচাপে শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীবোৰ মিছা বুলি চিহ্নিত কৰিছো।

(চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।