পেলেষ্টাইনত এটি শিশুৱে ইজৰাইলী সৈন্যৰ হাতত নিহত ভগ্নীক টানি নি থকা বুলি য়েমেনৰ ফটো প্ৰচাৰিত

লেখক: অংকিতা কুলকাৰ্ণী
নৱেম্বৰ 16 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পেলেষ্টাইনত এটি শিশুৱে ইজৰাইলী সৈন্যৰ হাতত নিহত ভগ্নীক টানি নি থকা বুলি য়েমেনৰ ফটো প্ৰচাৰিত

ইজৰাইলৰ সৈন্যই হত্যা কৰা এটি পেলেষ্টাইনী শিশুৰ ফটো বুলি দাবী কৰি শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইখন ২০২০ চনত য়েমেনত এগৰাকী শিশুক হাউথী স্নাইপাৰে গুলীয়াই হত্যা কৰা ফটো হয়। ইজৰাইল-হামাছৰ যুদ্ধৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

ক্লেইম আইডি 1eec8812

(সতৰ্কবাণী: এই লেখাটোত আপত্তিজনক আৰু হিংসাত্মক দৃশ্যৰ বৰ্ণনা কৰা হৈছে। পাঠকক বিবেচনা কৰি পঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে)

কি দাবী কৰা হৈছে?

ইজৰাইল-পেলেষ্টাইনৰ শেহতীয়া সংঘৰ্ষৰ মাজতে ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল এখন ফটোত এজন কম বয়সীয়া ল’ৰাই এগৰাকী সমবয়সীয়া ছোৱালীৰ মৃতদেহ ৰাস্তাত টানি নি থকাৰ এক কৰুণ দৃশ্য দেখিবলৈ পোৱা গৈছে। ফটোখন শ্বেয়াৰ কৰাসকলে দাবী কৰা মতে ইয়াত পেলেষ্টাইনৰ এটি শিশুৱে পানী আনিবলৈ যোৱাৰ সময়ত ইজৰাইলী সেনাই গুলীয়াই হত্যা কৰা তেওঁৰ ভগ্নীক টানি নিয়া দেখা গৈছে। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এনে এটা পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) কোৱা হৈছে, "প্ৰকৃত নাজী আচলতে কি হয় সেইটো ইজৰাইলে তেওঁলোকক দেখুওৱাৰ আগলৈকে যোৱা দুবছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেনে এখনে আনখনক নাজী বুলি অভিযোগ কৰি আহিছিল।" একে ধৰণৰ দাবীৰে ছবিখন এক্স আৰু টিকটকতো শ্বেয়াৰ কৰা হৈছে। পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। 

ইজৰাইলৰ সৈন্যই হত্যা কৰা এটি পেলেষ্টাইনী শিশুৰ ফটো বুলি দাবী কৰি শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/টিকটক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্য়ে এইখন য়েমেনৰ এখন পুৰণি ফটো হয় আৰু ইজৰাইল-হামাছৰ যুদ্ধৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

প্ৰকৃত সত্য় কি?

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ২০২০ চনৰ ১৮ আগষ্টত য়েমেন ডিটেইলছ নামৰ এটা স্থানীয় সংবাদ মাধ্যমে এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা একেখন ছবিৰ সৈতে এটা পোষ্ট লাভ কৰোঁ। পোষ্টটোৰ কেপচন “ব্ৰেকিং হাৰ্টছ। #য়েমেনৰ টাইজ চহৰত হাউথী স্নাইপাৰে হত্যা কৰা কণমানি ছোৱালী এজনীক টানি অনা এটি শিশুৰ ফটো।” 

এই সম্পৰ্কত গুগলত অধিক অনুসন্ধান কৰাত আমি ২০২০ চনৰ ১৮ আগষ্টত মিডল ইষ্ট মনিটৰে প্ৰকাশ কৰা এটা প্ৰতিবেদনত লাভ কৰোঁ য’ত কোৱা হৈছে যে প্ৰায় ন-দহ বছৰীয়া এগৰাকী ছোৱালীয়ে পৰিয়ালৰ বাবে পানী আনিবলৈ ওলাই যোৱাৰ সময়ত এজন হাউথী স্নাইপাৰে তেওৰ ওপৰত গুলী চালনা কৰিছিল। কিশোৰীগৰাকীক ৰুৱেইদা ছালেহ বুলি চিনাক্ত কৰাৰ লগতে তেওঁৰ ভাতৃয়ে নিজৰ আঘাতপ্ৰাপ্ত ভগ্নীক সেই স্থানৰ পৰা আঁতৰাই উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা দেখা গৈছিল বুলি কোৱা হৈছে। ইয়াত উল্লেখ কৰা মতে য়েমেনৰ অন্যতম বৃহৎ চহৰ টাইজৰ আল-ৰাউদা অঞ্চলত এই আক্ৰমণ সংঘটিত হৈছিল। প্ৰতিবেদনত লগতে কোৱা হৈছে যে বহুতে ছোৱালীজনীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছিল যদিও মৃত্যু পৰা তেওঁ ৰক্ষা পৰে।

২০২১ চনৰ ১৬ ফেব্ৰুৱাৰীত প্ৰকাশিত বিবিচিৰ এটা ভিডিঅ' প্ৰতিবেদনত এই ছবিখন সন্নিবিষ্ট কৰা হৈছে য’ত উল্লেখ কৰা মতে ছোৱালীজনীৰ ভায়েক আমৰিয়ে মূৰত গুলী লগা তেওঁৰ ভগ্নী ৰুৱেইদাক মূৰত নিৰাপদ স্থানলৈ লৈ গৈছিল। প্ৰতিবেদনটোত আৰু কোৱা হৈছে যে কিশোৰীগৰাকীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু দুটা অস্ত্ৰোপচাৰৰ পিছত তেওঁ সুস্থিৰ হৈ উঠিছিল।

২০১৪ চনত হাউথীয়ে য়েমেনৰ ৰাজধানী ছানাৰ ওপৰত নিয়ন্ত্ৰণ দখল কৰি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত চৰকাৰখন উফৰাই দিয়াৰ পিছৰে পৰা য়েমেনত সংঘাতৰ সৃষ্টি হৈছে। ৱাশ্বিংটন পোষ্টৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ছৌদি আৰৱৰ নেতৃত্বত গঠিত মিত্ৰজোঁটে হস্তক্ষেপ কৰি ৰাজধানীখনত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত চৰকাৰখন পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আহিছে। প্ৰতিবেদনটোত আৰু কোৱা হৈছে যে হাউথীয়ে ইৰাণৰ সমৰ্থনত দেশখনৰ উত্তৰ অংশৰ অধিকাংশ অংশ নিয়ন্ত্ৰণ কৰিছে। একাধিক স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে হাউথী আৰু চৰকাৰৰ সমৰ্থক বাহিনীৰ মাজত সংঘৰ্ষ হৈছে য’ত হাউথীসকলৰ স্নাইপাৰে সাধাৰণ নাগৰিক আৰু শিশুক লক্ষ্য কৰি লৈছে।   

সিদ্ধান্ত

য়েমেনত হাউথী বাহিনীয়ে গুলীয়াই আহত কৰা এগৰাকী ছোৱালীৰ এখন পুৰণি ফটো ইজৰাইল-পেলেষ্টাইনৰ শেহতীয়া সংঘৰ্ষৰ দৃশ্য বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।