ফিলিপাইনছৰ ভিডিঅ’ মণিপুৰৰ মেইটেইৰ দোকানত কুকি লোকে লুটপাত চলোৱা বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি
ছেপ্তেম্বৰ 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ফিলিপাইনছৰ ভিডিঅ’ মণিপুৰৰ মেইটেইৰ দোকানত কুকি লোকে লুটপাত চলোৱা বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টো তিনি মাহ পুৰণি আৰু ইয়াত প্ৰকৃততে ফিলিপাইনছৰ লুচেনা চহৰৰ এখন দোকানত সংঘটিত লুটপাতৰ দৃশ্য় দেখা গৈছে।

ক্লেইম আইডি 1f8d9453

পৃষ্ঠভূমি

মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ মাজতে ছ’চিয়েল মিডিয়াত বহুতো পুৰণি ভিডিঅ' আৰু ফটো ভাইৰেল হৈ পৰিছিল। উক্ত ফটো, ভিডিঅ’সমূহ শ্বেয়াৰ কৰা সকলে দাবী কৰা মতে সেইসমূহত উক্ত সংঘৰ্ষৰ দৃশ্য় দেখুওৱা হৈছে। এনে এটা ভিডিঅ' শ্বেয়াৰ কৰি এজন এক্স (X) (পূৰ্বৰ টুইটাৰ) ব্যৱহাৰকাৰীয়ে এইদৰে লিখিছে, "কুকি লোকে লুটপাত চলোৱা চুৰাচাদন্দপুৰৰ মেইটেই মালিকানাধীন এখন দোকানৰ চিচিটিভি ফুটেজ। তেওঁলোক ইমান অসভ্য। #savemeitei #savemanipurfrom_illegal_immigrants_kuki #manipurisburning #ManipurViolence।” ভিডিঅ'টোত একাংশ লোকে বলপূৰ্বকভাৱে এখন দোকানৰ দুৱাৰ খুলি, শ্বেল্ফত উঠি কাপোৰ থপিয়াথপি কৰা দেখা গৈছে।

অৱশ্যে, উক্ত দাবীটো মিছা। ভাইৰেল ভিডিঅ'টো প্ৰকৃততে ফিলিপাইনছৰ হয়।

চলিত বৰ্ষৰ ১৯ এপ্ৰিলত মণিপুৰ উচ্চ ন্য়ায়ালয়ে জাৰি কৰা এক নিৰ্দেশনাৰ পিছত যোৱা ৩ মে’ত অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ (এ টি এছ ইউ এম)-এ মেইটেই সকলক অনুসূচীত জনজাতি (এছ টি) হিচাপে স্বীকৃতি প্ৰদানৰ বাবে চলি থকা দাবীৰ প্ৰতিবাদত আহ্বান জনোৱা “ট্ৰাইবেল চ’লিডাৰিটি মাৰ্চ” ৰেলীত হিংসাৰ সূত্ৰপাত ঘটে। 

প্ৰকৃত তথ্য়

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ভিডিঅ'টো ২০২৩ চনৰ ফেব্ৰুৱাৰীৰ পৰা ইনটাৰনেটত উপলব্ধ বুলি জানিব পাৰো। ভাইচ নিউজৰ ইউটিউব চেনেলত ২০২৩ চনৰ ৩ মাৰ্চত একেটা ভিডিঅ' পোষ্ট কৰিছিল, ভিডিঅ’টোৰ শিৰোনাম আছিল: "ফিলিপাইনছত কাপোৰৰ দোকান মুকলি কৰাৰ সময়ত দেখা অৰাজক দৃশ্য় চাওক।"

ভিডিঅ’টোৰ বৰ্ণনাত উল্লেখ কৰা মতে ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত ফিলিপাইনছৰ লুচেনা চহৰৰ "উকাই-উকাই" নামৰ এখন থ্ৰিফ্ট ষ্টোৰত থকা চিচিটিভি কেমেৰাত উক্ত দৃশ্য় ৰেকৰ্ড কৰা হৈছিল। 'উকাই-উকাই' নামৰ উক্ত দোকানখনত কাপোৰ, পাৰ্চ, জোতা ইত্য়াদী সামগ্ৰী ৰেহাই মূল্য়ত লাভ কৰাৰ লগতে আগতে ব্যৱহাৰ কৰা বা ছেকেণ্ড হেণ্ড সামগ্ৰী পোৱা যায়।

ফিলিপাইনছৰ ডি জেড আৰ এইচ নিউজ টেলিভিছন নামৰ এটা টেলিভিছন নিউজ চেনেলত যোৱা ৩ মাৰ্চত একেটা ভিডিঅ' প্ৰচাৰিত হৈছিল, ফিলিপিনো ভাষাত লিখিত শিৰোনামটোত "লুচেনাত এখন উকাই-উকাই দোকান খোলাৰ সময়ত গ্ৰাহকৰ মাজত দৌৰাদৌৰি, হেতা-ওপৰা লাগে" বুলি কোৱা হৈছে। একেদৰে ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীত ফিলষ্টাৰ নিউজ নামৰ এটা ইউটিউব চেনেলে একেটা ভিডিঅ' পোষ্ট কৰিছিল আৰু ফিলিপিনোত লিখা বৰ্ণনাটোত ইয়াক এটা চিচিটিভি ফুটেজ বুলি উল্লেখ কৰি কয় যে লুচেনাৰ উকাই-উকাই নামৰ দোকানখনৰ পৰা কাপোৰ কিনিবলৈ গ্ৰাহকৰ মাজত হেতা-ওপৰা লগা দেখা গৈছিল। গতিকে ইয়াৰ দ্বাৰা এইটো নিশ্চিত হয় যে ভিডিঅ'টো ফিলিপাইনছৰহে হয়। 

শেহতীয়া মণিপুৰ হিংসাৰ বুলি মিছাকৈ দাবী কৰা আন এটা ভিডিঅ’ৰ আমি ফেক্ট-চেক কৰিছো। উক্ত প্ৰতিবেদনটো ইয়াত পঢ়িব পাৰে। 

সিদ্ধান্ত

ফিলিপাইনছৰ পৰা এটা তিনি মাহ পুৰণি ভিডিঅ' কুকি জনজাতি লোকে মণিপুৰৰ মেইটেই মালিকানাধীন এখন দোকানত আক্ৰমণ কৰা বুলি ভুলকৈ মিছাকৈ শ্বেয়াৰ কৰা হৈছিল। সেয়েহে, আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।