ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ দৃশ্য় বুলি পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

লেখক: এনেট প্ৰীতি ফুৰ্টাডো
অক্টোবৰ 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ দৃশ্য় বুলি পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে

উত্তৰ ছিকিমৰ লুনাক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ভিডিঅ’ বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ভিডিঅ’টোৰ ছিকিমত সংঘটিত শেহতীয়া ডাৱৰ বিস্ফোৰণৰ সৈতে কোনো সম্পৰ্ক নাই। প্ৰাপ্ত তথ্য় মতে, এইটো ২০১৮ চনৰ অষ্ট্ৰিয়াৰ ভিডিঅ’।

ক্লেইম আইডি 3ec98c97

ছিকিমত যোৱা ৪ অক্টোবৰত ডাৱৰ বিস্ফোৰণ আৰু তাৰ পিছত বানপানীয়ে ভয়ংকৰ জলপ্ৰলয়ৰ সৃষ্টি কৰে। ৰাজ্য়খনৰ লোনাক হিমবাহৰ ওপৰত থকা এটা হ্ৰদ পানীৰে উপচি পৰাৰ ফলত এই প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি হয়। বাঢ়নী পানীয়ে তিষ্টা নদীত থকা চুংথাং বান্ধ ভাঙি ধ্বংসলীলা নমাই আনে। হঠাতে অহা এই বানপানীত ৬ অক্টোবৰলৈকে কমেও ৪০ গৰাকীকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ উত্তৰ অংশত আন এটা হিমবাহৰ হ্ৰদত বিস্ফোৰণ হোৱা আশংকা কৰি প্ৰশাসনে তিষ্টা নদীৰ কাষত সতৰ্কতা জাৰি কৰিছে। আনহাতে, এই বানপানীত এতিয়ালৈকে ২২ জন সেনা জোৱানসহ ১০২ জন লোক সন্ধানহীন হৈ আছে।

কি দাবী কৰা হৈছে?

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত উক্ত ডাৱৰ বিস্ফোৰণৰ দৃশ্য় দেখুওৱা এটা ১৫ ছেকেণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ধুমুহা গাজনিৰে পাহাৰৰ কাষত থকা এটা জলাশয়ৰ ফালে ডাৱৰ নামি আহি প্ৰবল বৃষ্টিপাত পৰা দেখা গৈছে। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “উত্তৰ ছিকিমৰ লুনাক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণ।” ছ’চিয়েল মিডিয়াৰ পোষ্টসমূহৰ আৰ্কাইভড ভাৰ্ছন ইয়াত আৰু ইয়াত চাব পাৰে।


উত্তৰ ছিকিমৰ লুনাক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ভিডিঅ’ বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

কিন্তু এই ভিডিঅ’টোৰ শেহতীয়াকৈ ছিকিমত সংঘটিত ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ সৈতে কোনো সম্পৰ্ক নাই। ইয়াত ২০১৮ চনত অষ্ট্ৰিয়াৰ মিলষ্টেট হ্ৰদৰ ওপৰত হোৱা ‘মাইক্ৰ'বাৰ্ষ্ট’ৰ দৃশ্যহে দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

আমি ভিডিঅ'টোৰ এটা কিফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁ আৰু ইউটিউবত আপোলড কৰা একেটা ভিডিঅ' লাভ কৰোঁ, কোনোধৰণৰ শব্দ নথকা "অষ্ট্ৰিয়াত ডাৱৰ বিস্ফোৰণ" শীৰ্ষক উক্ত ভিডিঅ’টো ২০২০ চনত আপলোড কৰা হৈছিল।

তদুপৰি, আমি ২০২০ চনত আপলোড কৰা এটা ফেচবুক পোষ্ট লাভ কৰোঁ য’ত একেটা ভিডিঅ'ৰ এটা দ্ৰুত সংস্কৰণ দেখিবলৈ পোৱা যায়, ফৰাচীৰ পৰা অনূদিত পোষ্টটোৰ কেপচনত এইদৰে লিখা আছিল, "ধুনীয়া আবেলি অষ্ট্ৰিয়াত সুন্দৰ মাইক্ৰ'-বাৰ্ষ্ট", পোষ্টটোত "Piet_Floss"ক ভিডিঅ’টোৰ কৃতিত্ব দিয়া হৈছে।

আমি ভিডিঅ'টোৰ এটা সম্প্ৰসাৰিত সংস্কৰণো লাভ কৰোঁ, যিটো ২০১৮ চনৰ ১২ জুনত পিটাৰ মেয়াৰ (তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ নাম Piet_Floss) নামৰ এজন লোকে ইউটিউবত আপলোড কৰিছিল। মেয়াৰে দাবী কৰা মতে ভিডিঅ’টোত অষ্ট্ৰিয়াৰ মিলষ্টেট হ্ৰদৰ ওপৰত মাইক্ৰ’বাৰ্ষ্টৰ টাইমলেপছ দেখা গৈছে। এই বিশেষ ইউটিউব ভিডিঅ'টো ৫২ ছেকেণ্ডৰ হয় আৰু ভাইৰেল ক্লিপটোৰ সৈতে টাইমষ্টেম্প ০:০২ৰ পৰা ০:২৫লৈকে মিল আছে। উল্লেখযোগ্য যে এই দীঘলীয়া সংস্কৰণটোত এটা পৃথক ছাউণ্ডট্ৰেক শুনিবলৈ পোৱা যায়।

মেয়াৰে তেওঁৰ ভেৰিফাইড ইনষ্টাগ্ৰাম একাউণ্টত আপলোড কৰা ফটোসমূহৰ পৰা তেওঁক অষ্ট্ৰিয়াত অৱস্থিত এজন ফটোগ্ৰাফাৰ যেন অনুমান হয়। ২০১৮ চনৰ জুনত মাইয়েৰে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰ'ফাইলত মাইক্ৰ'বাৰ্ষ্ট দেখুওৱা একাধিক ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰিছিল। এটা পোষ্টত অষ্ট্ৰিয়াৰ কেৰিন্থিয়াৰ মিলষ্টেট হ্ৰদ "Der Millstätter See"-ৰ অৱস্থান টেগ কৰা হৈছিল।

২০১৮ চনত প্ৰকাশিত একাংশ প্ৰতিবেদনত মেইয়াৰে অষ্ট্ৰিয়াৰ মিলষ্টেট হ্ৰদত কেমেৰাত বন্দী কৰাৰ দৃশ্য় সমূহৰ ওপৰত আলোকপাত কৰা হৈছিল। ইনচাইডাৰৰ এক প্ৰতিবেদনত মেইয়াৰে এক অসাধাৰণ মাইক্ৰ’বাৰ্ষ্টৰ সাক্ষী হোৱা বুলি বৰ্ণনা কৰা হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে মাইক্ৰ’বাৰ্ষ্ট হৈছে বজ্ৰপাতৰ ভিতৰত নিমজ্জমান বায়ুৰ এক স্থানবিশেষ স্তম্ভ। ইংৰাজী ভাষাৰ ৰাছিয়াৰ নিউজ চেনেল আৰটিয়েও এই ঘটনা আৰু ফুটেজটোৰ সত্য়তাক লৈ সৃষ্টি হোৱা প্ৰাৰম্ভিক সন্দেহ সম্পৰ্কে বাতৰি পৰিৱেশন কৰিছিল। এনে সন্দেহসমূহৰ প্ৰতিক্ৰিয়া হিচাপে মেয়াৰে ফেচবুকত এক মিনিট ছয় ছেকেণ্ডৰ এটা ভিডিঅ’ আপলোড কৰে য’ত টাইমলেপছ সংগীত অবিহনে ফুটেজটো দেখুওৱা হৈছে। জাৰ্মান ভাষাত লিখা পোষ্টটোৰ কেপচনৰ অসমীয়া অনুবাদ হৈছে, "যিসকলে এতিয়াও ইয়াক ভুৱা বুুলি ভাবি আছে তেওঁলোকৰ কাৰণে ইয়াত প্ৰকৃত ছাউণ্ড ক্লিপৰ সৈতে কেইটামান মূল ৰেকৰ্ডিং দিয়া হৈছে।"

পিটাৰ মেয়াৰৰ ফেচবুক পোষ্ট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

লজিকেলী ফেক্টছে নিজাববীয়াকৈ মেয়াৰে আপলোড কৰা ভিডিঅ'ৰ এটা কীফ্ৰেমৰ সৈতে গুগল মেপছত উপলব্ধ মিলষ্টেট হ্ৰদৰ এখন ফটোৰ তুলনা কৰি ভিডিঅ’টোত দেখা পোৱা হ্ৰদটো অষ্ট্ৰিয়াৰ মিলষ্টেট হ্ৰদ বুলি নিশ্চিত হয়। ভিডিঅ’টোত পাহাৰ আৰু পাহাৰৰ কাষৰ জলভাগ আৰু গুগল মেপত পোৱা হ্ৰদটোৰ ফটোৰ ভিত্তিত এই তুলনা কৰা হৈছিল।

গুগল মেপৰ ফটোৰ সৈতে পিটাৰ মেয়াৰে আপলোড কৰা ইউটিউব ভিডিঅ’টোৰ তুলনা। (উৎস: ইউটিউব/গুগল মেপছ/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

লজিকেলী ফেক্টছে এই সন্দৰ্ভত অধিক জানিবলৈ মেয়াৰৰ সৈতে যোগাযোগ কৰিছে, তেওঁৰ পৰা সঁহাৰি লাভ কৰিলে এই ফেক্ট-চেকটো আপডেট কৰা হ’ব।

সিদ্ধান্ত

উক্ত ভিডিঅ’টো ২০১৮ চনৰ পৰা ইন্টাৰনেটত উপলব্ধ আৰু ইয়াত অষ্ট্ৰিয়াৰ এটা হ্ৰদৰ ওপৰত মাইক্ৰ’বাৰ্ষ্টৰ দৃশ্য় দেখুওৱা বুলি ভুৱা দাবী কৰা হৈছে। সেয়েহে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।