ভিডিঅ’টোত মানুহে অখিলেশ যাদৱলৈ জোতা নহয়, ফুলৰ মালা দলিয়াইছে

লেখক: মহম্মদ চলমান
মে’ 14 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভিডিঅ’টোত মানুহে অখিলেশ যাদৱলৈ জোতা নহয়, ফুলৰ মালা দলিয়াইছে

অখিলেশ যাদৱক ৰেলীত জোটা দলিওৱা হৈছিল বুলি দাবী কৰি ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

ভিডিঅ'টোত যোৱা ২৭ এপ্ৰিলত উত্তৰ প্ৰদেশৰ কনৌজত ৰোড শ্ব'ৰ সময়ত মানুহে সমাজবাদী পাৰ্টিৰ প্ৰধান অখিলেশ যাদৱলৈ ফুলৰ মালা দলিওৱা স্পষ্টকৈ দেখা গৈছে।

ক্লেইম আইডি 6c24af3b

কি দাবী কৰা হৈছে?

সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱৰ ৰোড শ্ব’ৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ নিজৰ প্ৰচাৰ বাহনত মানুহৰ শুভেচ্ছা গ্ৰহণ কৰা দেখা গৈছে। ভিডিঅ’টোত লিখা আছে ‘কনৌজ লাইভ’। ভিডিঅ’টোৰ জৰিয়তে দাবী কৰা হৈছে যে প্ৰচাৰৰ সময়ত জনসাধাৰণে তেওঁৰ ওপৰত জোতা আৰু চেণ্ডেল নিক্ষেপ কৰিছিল। 

এক্সত 'টাইমছ অফ বিএছপি' নামৰ এটা হেণ্ডেলে ভিডিঅ'টো শ্বেয়াৰ কৰি (ইয়াত আৰ্কাইভ কৰা হৈছে) কেপচনত লিখিছিল, "এখন সভাত স্বামী প্ৰসাদ মৌৰ্যৰ ওপৰত জোতা চলাৰ পিছত এতিয়া অখিলেশ যাদৱৰ ওপৰত তেওঁৰ ৰেলীত পৰিল। তেওঁ বিজেপিক কিদৰে সহায় কৰি আছে মানুহে সেই কথা গম পাইছে। ২০২৭ চনৰ বাবে সকলো পৰিকল্পনা কৰা হৈছে।" একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰা পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

একেটা ভিডিঅ’ অসমীয়াত ফেচবুকত শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে কেপচনত লিখিছে, ‘‘ৰাজনীতিত অসম্ভব ও সম্ভব হয় !!!! আজি যদি ফুলৰ মালা দিয়ে কালি হয়তু জুতাৰ মালা দিব !!!’’ ইয়াত আৰ্কাইভ কৰা হৈছে।

অৱশ্যে এই দাবীটো বিভ্ৰান্তিকৰ হয়। উত্তৰ প্ৰদেশৰ কনৌজত অনুষ্ঠিত ৰোড শ্ব’ৰ সময়ত ৰাইজে অখিলেশ যাদৱক জোতা-চেণ্ডেল নহয় বৰঞ্চ ফুলৰ মালাৰেহে আদৰণি জনাইছিল।

আমি সত্যটো কিদৰে জানিলোঁ?

আমি ভাইৰেল ভিডিঅ’টো ভালদৰে চাওঁতে এটা ইনষ্টাগ্ৰামৰ ল’গ’ৰ সৈতে  ‘@vikashyadavauraiwale’ বুলি লিখি থোৱা দেখিবলৈ পাওঁ। সাধাৰণতে, মূল ভিডিঅ’টো ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ একাউণ্টৰ পৰা ডাউনলোড কৰিলে এনেকুৱা হয়। ইয়াক ইংগিত হিচাপে লৈ আমি ইনষ্টাগ্ৰামত একেটা ইউজাৰনেম চাৰ্চ কৰিলোঁ আৰু বিকাশ যাদৱ নামৰ এজন ব্যক্তিৰ একাউণ্টটো বিচাৰি পালোঁ। আমি উক্ত একাউণ্টটোত ২০২৪ চনৰ ২ মে'ত আপলোড কৰা  এটা ভাইৰেল ভিডিঅ' লাভ কৰোঁ। (ইয়াত আৰ্কাইভ কৰা হৈছে)।

ভাইৰেল পোষ্টটোতকৈ এই ভিডিঅ'টো অলপ উন্নত মানদণ্ডৰ। আমি যেতিয়া ভিডিঅ'টো মন্থৰ কৰি চালোঁ তেতিয়া বুজা গ’ল যে অখিলেশ যাদৱৰ ফালে মানুহে ফুলৰ মালাহে নিক্ষেপ কৰিছিল। গোটেই ভিডিঅ’টোত আমি ক’তো জোতা বা চেণ্ডেল দেখা নাপালোঁ৷

ভিডিঅ’টো ক’ৰ আৰু কেতিয়াৰ হয়?

আমি ভাইৰেল ভিডিঅ’টোৰ পৰা পোৱা তথ্যৰ ভিত্তিত অনুসন্ধান কৰি  ২৭ এপ্ৰিলত সমাজবাদী পাৰ্টিৰ ইউটিউব চেনেলত লাইভ ষ্ট্ৰীম কৰা এটা ভিডিঅ’ (ইয়াত আৰ্কাইভ কৰা হৈছে) পালোঁ য’ত অখিলেশ যাদৱৰ সৈতে এগৰাকী বগা আৰু ৰঙা শাৰী পিন্ধা মহিলাক দেখা পোৱা যায়, উক্ত মহিলাগৰাকী হৈছে কানৌজ লোকসভা সমষ্টিৰ অধীনৰ বিধুনা বিধানসভাৰ সমষ্টিৰ সমাজবাদী পাৰ্টিৰ বিধায়িকা ৰেখা ভাৰ্মা। তেওঁক ভাইৰেল ভিডিঅ’তোৰ ১০ ছেকেণ্ডৰ সময়ত দেখা পোৱা যায়।

আমি সমাজবাদী পাৰ্টিৰ অফিচিয়েল ফেচবুকত উক্ত ৰোড শ্ব'ৰ বহু ফটো (ইয়াত আৰ্কাইভ কৰা হৈছে) আৰু ভিডিঅ' (ইয়াত আৰ্কাইভ কৰা হৈছে) লাভ কৰোঁ, ২০২৪ চনৰ ২৭ এপ্ৰিলত এইবোৰ আপলোড কৰা হৈছিল। ইয়াত বিধায়িকা ৰেখা ভাৰ্মাক অখিলেশ যাদৱৰ সৈতে একে সাজ-পোছাকত স্পষ্টকৈ দেখা যায়। এই পোষ্টবোৰত (ইয়াত আৰ্কাইভ কৰা হৈছে) দেখুওৱা দৃশ্যবোৰ কনৌজৰ ৰাসুলাবাদৰ বুলি উল্লেখ কৰা হৈছে। 

আমি ভিডিঅ’টোত অখিলেশ যাদৱৰ সৈতে দেখা বিধায়িকা ৰেখা ভাৰ্মাৰ সৈতে কথা পাতিলোঁ, তেওঁ জোতা-চেণ্ডেল নিক্ষেপ কৰাৰ দাবীক খণ্ডন কৰি কয়, ‘মানুহে মাননীয় অখিলেশ যাদৱক ফুলৰ মালাৰে আদৰণি জনাইছিল। ভিডিঅ'টোত ফুলৰ মালা স্পষ্টকৈ দেখা গৈছে।" গেহৰা বিমানবন্দৰ এলেকা বিধুনা আৰু ৰাসুলাবাদৰ সীমান্তত অৱস্থিত।"

কনৌজৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এছ পিৰ অধ্যক্ষ অখিলেশ যাদৱৰ ৰোড শ্ব'ৰ ভিডিঅ' বিচাৰি থাকোঁতে আমি নিউজ১৮ ইউপি উত্তৰাখণ্ড (ইয়াত আৰ্কাইভ কৰা হৈছে)ৰ এটা লাইভ ষ্ট্ৰীম কৰা ভিডিঅ' লাভ কৰোঁ, য'ত কেইবাবাৰো মানুহে অখিলেশ যাদৱলৈ ফুলৰ মালা নিক্ষেপ কৰা দেখা গৈছিল৷ ভিডিঅ’টোত ৪.৩৫.১৬ সময়ত এনেধৰণৰ দৃশ্য দেখা যায়। 

উক্ত ৰোড শ্ব'টোক লৈ এনডিটিভিয়ে এটা ভিডিঅ' প্ৰতিবেদন (ইয়াত আৰ্কাইভ কৰা হৈছে) প্ৰকাশ কৰিছিল৷

আমাৰ অনুসন্ধানত কন্নৌজত বা শেহতীয়াকৈ অনুষ্ঠিত কোনো ৰেলীত অখিলেশ যাদৱৰ ওপৰত মানুহে জোতা-চেণ্ডত নিক্ষেপ কৰাৰ কোনো বাতৰি আমি লাভ কৰা নাই। দৈনিক ভাস্কৰে কনৌজত অখিলেশ যাদৱৰ ৰোড শ্ব’ৰ ওপৰত এটা বিশদ প্ৰতিবেদন প্ৰকাশ কৰিছে। উক্ত প্ৰতিবেদনতো এনে কোনো কাণ্ডৰ কথা উল্লেখ নাই।

সিদ্ধান্ত

আমাৰ অনুসন্ধানত এইটো নিশ্চিত হৈছে যে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অখিলেশ যাদৱৰ ৰোড শ্ব’ত মানুহে তেওঁক জোতা নিক্ষেপ কৰিছিল বুলি মিছাকৈ দাবী কৰিছে। প্ৰকিততে যাদৱক ফুলৰ মালা নিক্ষেপ কৰি আদৰা হৈছিল। সেয়েহে ভাইৰেল দাবীটো আমি বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

অসমীয়া , हिंदी

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।