ব্ৰাজিলৰ হত্য়াকাণ্ডৰ ভিডিঅ’ মণিপুৰত খ্ৰীষ্টান মহিলাৰ হত্যাকাণ্ড বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: উজমা আফ্ৰিন
আগষ্ট 14 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ব্ৰাজিলৰ হত্য়াকাণ্ডৰ ভিডিঅ’ মণিপুৰত খ্ৰীষ্টান মহিলাৰ হত্যাকাণ্ড বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টোত ব্ৰাজিলত এগৰাকী মহিলাক এটা অপৰাধী দলে নিৰ্মমভাৱে হত্যা কৰা দেখা গৈছে, মণিপুৰৰ হিংসাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 7424a8b8

(সতৰ্কবাণী: এই লেখাটোত দুখজনক দৃশ্যৰ বৰ্ণনা আছে, হিংসাৰ উল্লেখ আছে। পাঠকক বিবেচনা কৰি পঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে।)

পৃষ্ঠভূমি

হাত আৰু মুখ বান্ধি থোৱা এগৰাকী মহিলাক প্ৰহাৰ কৰি হত্যা কৰা এটা ভিডিঅ’ একাংশ লোকে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি মণিপুৰত এগৰাকী খ্ৰীষ্টান মহিলাক এদল উন্মত্ত লোকে হত্য়া কৰা বুলি দাবী কৰিছে। ভাইৰেল ভিডিঅ’টোৰ কেপচনত ‘‘আৰ এছ এছৰ দলে নিৰ্মমভাৱে হত্যা কৰা এগৰাকী খ্ৰীষ্টান মহিলাৰ ভিডিঅ’’ বুলি লিখা আছে । উক্ত পোষ্টটো বৰ্তমান আঁতৰাই দিয়া হৈছে যদিও ইয়াৰ এটা আৰ্কাইভ লিংকৰ দ্বাৰা আমি ভিডিঅ’টোৱে ১০০০ৰো অধিক দৰ্শন লাভ কৰিছিল বুলি জানিব পাৰোঁ।

মণিপুৰত অব্য়াহত থকা হিংসাৰ বিভিন্ন ভিডিঅ’ৰ উপৰি কিছুদিন পূৰ্বে পোহৰলৈ অহা ধৰ্ষণৰ শিহৰণকাৰী ভিডিঅ’ৰ পিছতে উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। অৱশ্য়ে এইটো এটা পুৰণি ভিডিঅ’ আৰু মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।  

প্ৰকৃত তথ্য়

ভাইৰেল ভিডিঅ’টোৰ এটা কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ভিডিঅ’টো ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত ছিহুয়া নিউজ নামৰ চীনৰ এটা নিউজ ৱেবছাইটত প্ৰকাশ হৈছিল বুলি জানিব পাৰোঁ। প্ৰতিবেদনটোত "মালয়েছিয়াৰ এগৰাকী মহিলা আৰক্ষীক হত্যা কৰা হৈছিল আৰু আৰক্ষীয়ে উৰা বাতৰি বিয়পোৱা লোকজনক বিচাৰি উলিওৱাৰ প্ৰতিশ্ৰুতি দিছিল" বুলি মিছাকৈ দাবী কৰা হৈছিল। একেটা ভিডিঅ’ ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় মূলৰ এজন মালয়েছিয়ান আৰক্ষী বিষয়াৰ বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছিল। প্ৰতিবেদনটোত মালয়েছিয়াৰ স্থানীয় বিষয়াসকলৰ উদ্ধৃতি দি এই দাবীসমূহ খণ্ডন কৰা হয় আৰু ভিডিঅ’টো ব্ৰাজিলৰ হ’ব পাৰে বুলি উল্লেখ কৰিছিল।

আমি পৰ্তুগীজ ভাষাত কীৱৰ্ড চাৰ্চ কৰি ২০২০ চনৰ ৩ অক্টোবৰত ফেচবুকত প্ৰকাশিত ব্ৰাজিলৰ সংবাদ সংস্থা জৰ্নাল জাংগাদেইৰোত প্ৰকাশিত উক্ত ঘটনাৰ এটা ভিডিঅ’ ৰিপৰ্ট লাভ কৰোঁ। এই ভিডিঅ’টোত ভুক্তভোগীৰ ফটো আৰু ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট দেখুওৱা হৈছিল। প্ৰতিবেদনটোৰ মতে ২০২০ চনৰ ২৬ আগষ্টত এগৰাকী মহিলাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। ভিডিঅ’টোত আৰক্ষী বিষয়া মাৰ্চিঅ’ লোপেছে উল্লেখ কৰা মতে হত্যা কৰাৰ পূৰ্বে মহিলাগৰাকীক অপহৰণ কৰি ব্ৰাজিলৰ চেয়াৰা ৰাজ্যত বন্দী কৰি ৰখা হৈছিল। 

লোপেছৰ মতে, অভিযুক্তই মহিলাগৰাকীৰ শত্ৰু ফৈদৰ সদস্যৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰমাণ লাভ কৰিছিল। যাৰ ফলত ফৈদৰ সদস্যসকলে এখন অনলাইন মিটিং কৰি তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে আৰু হত্য়াকাণ্ডৰ দৃশ্য় কেমেৰাত বন্দী কৰি ৰাখিছিল। 

আমি একেটা ঘটনাৰ ওপৰত আমি ব্ৰাজিলৰ একাংশ স্থানীয় বাতৰি ৱেবছাইটত একেধৰণৰ প্ৰতিবেদন লাভ কৰিছিলো। চিএন৭-ৰ এনে এটা প্ৰতিবেদনত কোৱা হৈছে, "(ভুক্তভোগী)ক ৰছীৰে বান্ধি মুখ বন্ধ কৰি বলপূৰ্বকভাৱে, বন্দুকৰ ভয় দেখুৱাই, ৰুৱা ক'ৰনেল ফেব্ৰিচিয়ানোৰ ওচৰৰ নদীৰ পাৰলৈ লৈ যোৱা হৈছিল আৰু তাতেই তেওঁক নিষ্ঠুৰভাৱে হত্য়া কৰা হৈছিল।" আগষ্ট মাহত চেয়াৰাত ১৭ গৰাকী মহিলাক হত্যা কৰা হৈছিল বুলি প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে।

স্থানীয় সংবাদ মাধ্য়ম টিভি চিডাডে ফৰ্টলেজাইও ২০২০ চনৰ ২ অক্টোবৰত এই হত্যাকাণ্ডৰ বাতৰি প্ৰকাশ কৰিছিল, যাৰ শিৰোনাম আছিল "Mulher é morta com golpes de machado e execução é transmitida ao vivo।" (মহিলাগৰাকীক কুঠাৰেৰে আঘাত কৰি হত্যা কৰা হয় আৰু হত্য়াকাণ্ডটোৰ ‘লাইভ’ ভিডিঅ’ কৰা হয়)। ভিডিঅ’ প্ৰতিবেদনটোত ভিডিঅ’টোৰ এটা অস্পষ্ট সংস্কৰণো প্ৰকাশ কৰা হৈছিল। ইয়াৰ দ্বাৰা এইটো স্পষ্ট হয় যে এই ভিডিঅ'টো ভাৰতৰ নহয়, আৰু মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। 

সিদ্ধান্ত

এই ভিডিঅ’টো ব্ৰাজিলৰ, য’ত ২০২০ চনৰ আগষ্ট মাহত এটা অপৰাধী দলে এগৰাকী ২৩ বছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰিছিল। মণিপুৰৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। সেয়েহে আমি দাবীটোক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।