অসমৰ 'নিচাসক্ত' নাহৰফুটুকী বুলি ভুল দাবীৰে ভিডিঅ' ভাইৰেল

লেখক: অনুৰাগ বৰুৱা
ছেপ্তেম্বৰ 6 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
অসমৰ 'নিচাসক্ত' নাহৰফুটুকী বুলি ভুল দাবীৰে ভিডিঅ' ভাইৰেল

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ'টোত মধ্যপ্ৰদেশৰ এটা ৰোগীয়া নাহৰফুটুকীক দেখা গৈছে । কেনাইন ডিষ্টেম্পাৰত আক্ৰান্ত হোৱাৰ ফলত প্ৰাণীটোৱে অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰিছে ।

ক্লেইম আইডি 82c0dd8d

পৃষ্ঠভূমি

স্থানীয় সুৰা সেৱন কৰি এটা নাহৰফুটুকীয়ে অদ্ভুত আচৰণ কৰা বুলি এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে কিছু লোকে হাঁহি হাঁহি ঠাট্টা-মস্কৰা কৰি, নাহৰফুটুকীটোৰ লগত চেলফি লৈছে, আৰু বাঘটোৰ গাত উঠিবলৈ চেষ্টা কৰা দেখা গৈছে, কিন্তু অদ্ভুতভাৱে নাহৰফুটুকীটোৱে কোনো গৰ্জন কৰা নাই বা কাকো আক্ৰমণ কৰা নাই। এই ভিডিঅ’টো ইউ এ নিউজ নামৰ স্থানীয় নিউজ পৰ্টেল এটাৰ ফেচবুক পেজত, “➡️এই নাহৰফুটুকীটোৱে দেশী দাৰুৰ ভাট্টি এটাত চুলাই খাইছিল...গাঁৱৰ মানুহে তাক নিজৰ ঘৰলৈ আগবঢ়াই দিব লগা হৈছিল..#uanews #assam #northeast #india” বুলি কেপচন সম্বলিত এক পোষ্ট কৰা হৈছে আৰু এতিয়ালৈকে ২,২০,০০০ বাৰ চোৱা হৈছে। এই পোষ্টটোত লগতে ‘অসম’ হেচটেগ আছিল আৰু উত্তৰ-পূব ৰাজ্যত প্ৰচলিত আৰু জনপ্ৰিয় স্থানীয় সুৰাৰ কথা উল্লেখ কৰি এই ঘটনাটো অসমত সংঘটিত হোৱা বুলি ইংগিত দিয়া হৈছিল ।

আন এটা অসমীয়া নিউজ পৰ্টেল টাইম৮-এ এই ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি কয় যে নাহৰফুটুকীয়ে নিজৰ পৰিচয় পাহৰি স্থানীয় সুৰা সেৱন কৰি মানুহৰ লগত বন্ধুত্ব গঢ়ি তুলিছে।

ইউ এ নিউজ আৰু টাইম৮ৰ ফেচবুক পোষ্ট। (উৎস: ফেচবুক/ইউএ নিউজ, টাইম৮)

এই ভিডিঅ’টো আন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো একেধৰণৰ দাবীৰে ভাইৰেল হৈ পৰিছে।

এক্স (X)তো ‘মদ্যপান কৰা’ নাহৰফুটুকী দেখা পোৱা বুলি দাবী কৰা ভিডিঅ’টো প্ৰচাৰিত হৈছে।

অৱশ্যে ভিডিঅ’টোত দেখা পোৱা বাঘটোৱে ‘মদ্যপান কৰা’ নাই  বৰঞ্চ এইটো এটা বেমাৰী নাহৰফুটুকী হয় ৷

আমি কি বিচাৰি পাইছিলোঁ?

আমি ২০২৩ চনৰ ৩১ আগষ্টত প্ৰকাশিত দ্য টাইমছ অৱ ইণ্ডিয়াৰ এটা ভিডিঅ’ নিউজ ৰিপ’ৰ্ট পাইছিলোঁ, য’ত ভাইৰেল ক্লিপটোও আছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই ভিডিঅ’টো মধ্যপ্ৰদেশৰ দেৱাছ জিলাৰ। প্ৰতিবেদনত আৰু কোৱা হৈছে যে নাহৰফুটুকীটো স্নায়ুজনিত বিকাৰত ভুগিছিল, যাৰ ফলত মানুহে ইয়াৰ সৈতে ধেমালি কৰাৰ পাছতো ই অস্বাভাৱিক ধৰণে শান্ত আছিল।  ইয়াত লগতে কোৱা হৈছে যে গাঁৱৰ লোকে জন্তুটোৰ সম্মুখীন হোৱাৰ পিছত ইন্দোৰ চিৰিয়াখানালৈ চিকিৎসাৰ বাবে অনা হৈছিল।

মধ্য প্ৰদেশত কেমেৰাত বন্দী কৰা ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: দ্য টাইমছ অৱ ইণ্ডিয়া)

৩১ আগষ্টৰ টি অ’ আইৰ আন এক প্ৰতিবেদন অনুসৰি ইন্দোৰৰ পৰা প্ৰায় ৯৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত দেৱাছৰ ইক্লেৰা গাঁৱত গাঁৱৰ লোকে হাৰাশাস্তি কৰি থকা নাহৰফুটুকীটোক প্ৰথমে কেমেৰাত ধৰা পৰিছিল। ২৯ আগষ্টত তোলা এই ভিডিঅ’টো পিছদিনা ভাইৰেল হৈ পৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে গাঁওবাসীৰ দলটোৱে বেমাৰী নাহৰফুটুকীটোৰ সৈতে খেলিছিল আৰু লগত চেলফি তুলিছিল আৰু তাৰ গাৰ উপৰত উঠিবলৈ চেষ্টা কৰিছিল।

১ ছেপ্টেম্বৰৰ আন এটা টি অ’ আইৰ প্ৰতিবেদনত ইন্দোৰ চিৰিয়াখানাৰ ভাৰপ্ৰাপ্ত ডাঃ উত্তম যাদৱৰ উদ্ধৃতি দি কোৱা হৈছে যে বাঘটোৰ স্বাস্থ্যৰ কিছু উন্নতি হোৱা যেন লাগে যদিও এতিয়াও পৰ্যবেক্ষণৰ অধীনত আছে, আৰু চিকিৎসাৰ পৰৱৰ্তী পন্থা নিৰ্ণয় কৰিবলৈ তেজৰ পৰীক্ষা কৰা হৈছে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে নাহৰফুটুকীটো সম্ভাৱ্য কেনাইন ডিষ্টেম্পাৰ বা ৰেবিজ ডাম্ব ফৰ্মৰ বাবে স্নায়ুজনিত বিকাৰত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে।

বিষয়াসকলে কি কয়?

লজিকেলী ফেক্টছে ইন্দোৰ চিৰিয়াখানাৰ কিউৰেটৰ আৰু শিক্ষা বিষয়া নিহাৰ পাৰুলেকাৰৰ সৈতে যোগাযোগ কৰে যি জনাই যে নাহৰফুটুকীটোক অধিক চিকিৎসাৰ বাবে দেৱাছৰ বন ৰেঞ্জ কাৰ্যালয়লৈ স্থানান্তৰ কৰা হৈছে। লজিকেলী ফেক্টছক তেওঁ লগতে কয় যে, ‘‘পৰীক্ষাৰ পাছত ৰোগটো কেনাইন ডিষ্টেম্পাৰ বুলি নিশ্চিত হোৱাৰ লগে লগে নাহৰফুটুকীটো স্থানান্তৰিত কৰা হৈছিল, যিহেতু এই ৰোগ চিৰিয়াখানাৰ আন প্ৰাণীসকললৈও বিয়পি পৰাৰ আশংকা আছিল।’’ একাংশ সংবাদ মাধ্যমৰ বাতৰিৰ বিপৰীতে নাহৰফুটুকীটো জীয়াই আছে বুলিও তেওঁ কয়।

ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা গুৰুতৰ আৰু সংক্ৰামক ৰোগ কেনাইন ডিষ্টেম্পাৰে নাহৰফুটুকীক দুৰ্বল কৰি তোলে বুলি জনা যায়। ইয়াৰ দ্বাৰা আক্ৰান্ত হৈ জীৱ-জন্তুৰ জ্বৰ হ’ব পাৰে, কোনো সঁহাৰি নিদিয়া হ’ব পাৰে আৰু গোটা বা জুলীয়া বস্তু সেৱন কৰিবলৈ অস্বীকাৰ কৰিব পাৰে।

ডাঃ যাদৱে লজিকলী ফেক্টছৰ লগত এই বিষয়ে কথা পাতে আৰু নিশ্চিত কৰে যে নাহৰফুটুকীটো কেনাইন ডিষ্টেম্পাৰত আক্ৰান্ত হৈছে, যাৰ বাবে ই অস্বাভাৱিক আচৰণ কৰিছিল। তেওঁ কয়, ‘এটা প্ৰাণীয়ে কেনাইন ডিষ্টেম্পাৰত আক্ৰান্ত হ’লে নাহৰফুটুকীৰ দৰে স্নায়ুজনিত বিকাৰৰ লক্ষণ প্ৰদৰ্শন কৰিব পাৰে।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত অসমত ‘মদ্যপান কৰা’ নাহৰফুটুকী দেখা যোৱা নাই । আচলতে ভিডিঅ’টো মধ্যপ্ৰদেশৰ, য’ত গাঁৱৰ একাংশ লোকে স্নায়ুজনিত ৰোগত আক্ৰান্ত নাহৰফুটুকী এটা ধৰিছিল। গতিকে আমি দাবীটো মিছা বুলি চিহ্নিত কৰিছো। 

এই ফেক্ট-চেক পঢ়ক

অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।