পুৰণি ফটোক মণিপুৰত মেইটেই মহিলাক কুকি লোকে ধৰ্ষণ কৰা বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ছেপ্তেম্বৰ 5 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পুৰণি ফটোক মণিপুৰত মেইটেই মহিলাক কুকি লোকে ধৰ্ষণ কৰা বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ফটোখন প্ৰকৃততে ২০২২ চনৰ আৰু উত্তৰ প্ৰদেশৰ হয়, মণিপুৰত সংঘটিত শেহতীয়া হিংসাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি 96403e17

(সতৰ্কবাণী: লেখাটোত শাৰীৰিক নিৰ্যাতন আৰু ধৰ্ষণৰ বৰ্ণনা আছে)

পৃষ্ঠভূমি

২০২৩ চনৰ ৩ মে'ত মণিপুৰৰ চুৰাচান্দপুৰত মেইটেই সম্প্ৰদায় আৰু কুকি, নাগা আদি জনজাতি সম্প্ৰদায়সকলৰ মাজত হিংসাত্মক সংঘৰ্ষ আৰম্ভ হৈছিল। মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি শ্ৰেণীৰ সংৰক্ষণ প্ৰদানৰ প্ৰস্তাৱৰ প্ৰতিবাদত মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে (এটিএছইউএম) আহ্বান কৰা 'জনজাতীয় সংহতি পদযাত্ৰা'ৰ সময়তে হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত ঘটে।

ইয়াৰ মাজতে ছ'চিয়েল মিডিয়া বিভিন্ন বিভ্ৰান্তিকৰ ভিডিঅ' আৰু ছবিৰে ভৰি পৰিছে । এনে ফটো, ভিডিঅ’সমূহ শ্বেয়াৰ কৰা সকলে দাবী কৰা মতে সেইসমূহত উক্ত সংঘৰ্ষৰ দৃশ্য দেখা হৈছে । এক্স (X) (পূৰ্বৰ টুইটাৰত) শ্বেয়াৰ কৰা এনে এখন ফটোত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত কুকি লোকে যৌন নিৰ্যাতন আৰু হত্যা কৰা এগৰাকী মেইটেই মহিলাৰ মৃতদেহ দেখা গৈছে বুলি দাবী কৰা হৈছে । ফটোখনত প্লাষ্টিকত মেৰিয়াই থোৱা এটা শৰীৰ আৰু বেকগ্ৰাউণ্ডত এটা ৰঙা চুটকেচ দেখা পোৱা যায়। টুইটটোৰ কেপচনত এইদৰে লিখা আছিল: "মণিপুৰত নিয়োজিত ভাৰতীয় সেনাই অনুপ্ৰৱেশকাৰীসকলক বহুত ভয় কৰে কিয়নো তেওঁলোকৰ ওচৰত উন্নত বন্দুক আছে’ মানুহে এইদৰে কৈ আহিছে। মেইটেই চিকিৎসক আৰু নাৰ্চসকলক মণিপুৰত ধৰ্ষণ কৰি হত্যা কৰিছিল আৰু কুকিসকলে আৰক্ষীৰ পোছাক পিন্ধিছিল আৰু মানুহৰ ওপৰত গুলীচালনা কৰিছিল।"  

অৱশ্যে, আমি নিশ্চিত কৰিলোঁ যে ফটোখন পুৰণি আৰু মণিপুৰৰ হিংসাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

প্ৰকৃত তথ্য

ভাইৰেল ফটোখন ২০২২ চনৰ আৰু ইয়াত জাতি-ভিত্তিক হত্যাৰ বলি হোৱা এগৰাকী মহিলাৰ মৃতদেহ দেখা গৈছে । ২০২২ চনৰ ২১ নৱেম্বৰত হিন্দী দৈনিক কাকত অমৰ উজালাই প্ৰকাশ কৰা এক প্ৰতিবেদনত আমি একেখন ছবি দেখিবলৈ পাওঁ । ছবিখনত দেখা মৃত মহিলা গৰাকীক তেওঁৰ পিতৃ-মাতৃয়ে গুলীয়াই পিছত মৃতদেহটো এটা ট্ৰলী বেগত উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছ ছাৰ্ভিচ পথত পেলাই দিছিল । উক্ত ভাইৰেল ফটোখন ব্যৱহাৰ কৰা আজ টক নিউজৰ এটা প্ৰতিবেদনতো একেধৰণৰ তথ্য উল্লেখ কৰা হৈছিল। ২০২২ চনত উক্ত ফটোখন বিভিন্ন ছ’চিয়েল মিডিয়া ব্য়ৱহাৰকাৰীয়ে এক্স (X)ত পোষ্ট কৰিছিল।

ইয়াৰ উপৰিও, আমি এই গোচৰটোৰ ওপৰত উত্তৰ প্ৰদেশৰ মথুৰা আৰক্ষীয়ে জাৰী কৰা এক বিভাগীয় বিবৃতিও বিচাৰি পাওঁ। বিবৃতিটোত, আৰক্ষীয়ে কৈছিল যে মহিলা গৰাকীয়ে নিজৰ পৰিয়ালৰ বিৰুদ্ধে গৈ অসবৰ্ণ বিবাহ কৰাৰ বাবে পৰিয়ালৰ লোকে তেওঁক হত্যা কৰিছিল। এই কথাই প্ৰমাণ কৰে যে উক্ত ঘটনাটো মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ সৈতে সম্পৰ্কিত নহয়।  

তদুপৰি, মণিপুৰৰ উখুৰল টাইমছ নামৰ স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ এক প্ৰতিবেদনত আৰক্ষী সঞ্চালক প্ৰধান পি ডুংগেলৰ এক বিবৃতিৰ উদ্ধৃতি দি ৰাজ্যখনত সংঘটিত শেহতীয়া সংঘৰ্ষৰ সময়ত আৰক্ষীয়ে চুৰাচান্দপুৰত এনেধৰণৰ কোনো ধৰ্ষণৰ ঘটনাৰ খবৰ পোৱা নাই বুলি সদৰী কৰে । 

ইয়াৰ দ্বাৰা এই কথা স্পষ্ট হয় যে এইখন এখন পুৰণি ফটো আৰু মণিপুৰৰ সংঘৰ্ষৰ সৈতে ইয়াৰ সম্পৰ্ক নাই। লজিকেলী ফেক্টছে মণিপুৰৰ শেহতীয়া হিংসাৰ বুলি দাবী কৰা এনেধৰণৰ একাংশ ফটো আৰু ভিডিঅ' ইতিমধ্যে ফেক্ট-চেক কৰিছে।

সিদ্ধান্ত

২০২২ চনত সংঘটিত এটা হত্যাকাণ্ডৰ এখন ফটোক মণিপুৰত মেইটেই সম্প্ৰদায়ৰ বিৰুদ্ধে যৌন হিংসাৰ ঘটনা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। মণিপুৰত সংঘটিত শেহতীয়া হিংসাৰ সৈতে ফটোখনৰ কোনো সম্পৰ্ক নাই। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছোঁ। 

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।