২০২৩ত ভাৰতত কোৰিয়ান ব্লগাৰৰ সৈতে হোৱা উৎপীড়নৰ ভিডিঅ' শেহতীয়া ঘটনা হিচাপে প্ৰচাৰিত

লেখক: মহম্মদ চলমান
মাৰ্চ 11 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২৩ত ভাৰতত কোৰিয়ান ব্লগাৰৰ সৈতে হোৱা উৎপীড়নৰ ভিডিঅ' শেহতীয়া ঘটনা হিচাপে প্ৰচাৰিত

ঝাৰখণ্ডত অলপতে এগৰাকী বিদেশী মহিলাক দলবদ্ধ ধৰ্ষণৰ পিছত ভাৰত ভ্ৰমণ কৰা এগৰাকী কোৰিয়ান মহিলা ব্লগাৰক যৌন নিৰ্যাতন কৰা হৈছিল বুলি ছ'চিয়েল মিডিয়াত দাবী কৰা গৈছে। (উৎস: এক্স/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান বিভ্ৰান্তিকৰ

এইটো ২০২৩ চনৰ ডিচেম্বৰৰ ভিডিঅ'। দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলা ব্লগাৰক পুনেত ৰাজহুৱা স্থানত উৎপীড়ন চলোৱাৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

ক্লেইম আইডি aec21c4a

সতৰ্কবাণী: প্ৰতিবেদনটোত যৌন নিৰ্যাতনৰ বৰ্ণনা কৰা গৈছে।

পৃষ্ঠভূমি

অলপতে ঝাৰখণ্ডত এগৰাকী স্পেনিছ ব্লগাৰক দলবদ্ধ ধৰ্ষণৰ ঘটনাই দেশজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ২০২৪ চনৰ ১ মাৰ্চত স্বামীৰ সৈতে ঝাৰখণ্ডৰ ডুমকাৰ কুঞ্জী-কুৰুমাহাট অঞ্চলত স্বামীৰ সৈতে এটা তম্বুত বাহৰ থকাৰ সময়তে মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। আৰক্ষীয়ে জনোৱা মতে, এই পৰ্যন্ত ঘটনাৰ সৈতে জড়িত মুঠ আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। 

কি দাবী কৰা হৈছে?

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত দুজন ব্যক্তিয়ে এগৰাকী বিদেশী মহিলা ব্লগাৰৰ সৈতে অনুচিত আচৰণ কৰা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ঝাৰখণ্ডত বিদেশী মহিলাৰ ওপৰত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ পিছতে ভাৰত ভ্ৰমণলৈ অহা এগৰাকী কোৰিয়ান মহিলা ব্লগাৰক যৌন নিৰ্যাতন চলোৱা হৈছে বুলি দাবী কৰা দেখা গৈছে। 

এক্সত এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, "ঝাৰখণ্ডত এগৰাকী বিদেশী মহিলাৰ ওপৰত সংঘটিত ধৰ্ষণ কাণ্ডৰ ২৪ ঘণ্টাও পাৰ হোৱা নাই। এইগৰাকী কোৰিয়ান ব্লগাৰ কেলী হয়, তেওঁ ভাৰত ভ্ৰমণ কৰিবলৈ আগিছে। তেওঁৰ লগত ঘটা এনে আচৰণ খুবেই আচৰিত। ইয়াৰ আগতেও ৰাজস্থানত এগৰাকী বিদেশী মহিলা ব্লগাৰক যৌন নিৰ্যাতন চলোৱা হৈছিল – এনে লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে।" পোষ্টটোৱে এতিয়ালৈকে ৮১,০০০ ৰো অধিক ভিউ লাভ কৰিছে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। 

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

অৱশ্যে, এই দাবীটো বিভ্ৰান্তিকৰ, কিয়নো দক্ষিণ কোৰিয়াৰ মহিলা ব্লগাৰৰ সৈতে দুৰ্ব্যৱহাৰৰ ঘটনা ২০২৩ চনত মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছিল, ইয়াৰ বিপৰীতে ভাইৰেল পোষ্টটোত ঝাৰখণ্ডৰ শেহতীয়া ঘটনাৰ পিছত এইটো সংঘটিত হৈছিল বুলি দাবী কৰা হৈছে।

আমি সত্যটো কিদৰে বিচাৰি উলিয়ালোঁ? 

আমি প্ৰাসংগিক কীৱৰ্ড ব্যৱহাৰ কৰি ভাইৰেল ভিডিঅ'টোত দেখা ঘটনাক লৈ অনুসন্ধান কৰাত কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদন লাভ কৰোঁ য'ত উক্ত ঘটনাটো যোৱা বছৰ মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছিল বুলি উল্লেখ কৰা হৈছে। তাৰ পিছত, ঘটনাটোৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, যাৰ পিছত আৰক্ষীয়ে অভিযান চলাই এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

এনডিটিভিৰ বাতৰিৰ স্ক্ৰীণশ্বট। (উৎস: এনডিটিভি/স্ক্ৰীণশ্বট)

২০২৩ চনৰ ২০ ডিচেম্বৰত প্ৰকাশিত এনডিটিভিৰ প্ৰতিবেদনত আৰক্ষীৰ উদ্ধৃতি দি কোৱা হৈছে যে ভাইৰেল ভিডিঅ'টোৰ ওপৰত গুৰুত্ব দি পিম্প্ৰি চিঞ্চৱাড আৰক্ষীৰ অপৰাধ শাখাই পিম্প্ৰি চিঞ্চৱাডৰ ৰাভেট অঞ্চলৰ লোকজনক বিচাৰি উলিয়াই তেওঁক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ আৰু ২৯৪ ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰে। বাতৰি অনুসৰি, নৱেম্বৰত পিম্প্ৰি চিঞ্চৱাডৰ ৰাভেট অঞ্চলত দেৱালীৰ সময়ত এই ঘটনা সংঘটিত হৈছিল।

ইণ্ডিয়া টুডেৰ বাতৰি মতে অভিযুক্ত লোকজনক কৰ্ণাটকৰ বিদাৰৰ বাসিন্দা ভাৰত উনচালে বুলি চিনাক্ত কৰা হৈছিল। 

দৰাচলতে ভাইৰেল ভিডিঅ'টোত, ব্লগাৰগৰাকীক নাৰিকল পানী খোৱাৰ সময়ত স্থানীয় দোকান এখনত দোকানী আৰু গ্ৰাহকৰ সৈতে বাৰ্তালাপ কৰা দেখা যায়। এনেতে হঠাৎ পিছফালে দুজন মানুহক দেখা যায় আৰু তেওঁলোকৰ এজনে যুৱতীগৰাকীক ডিঙিত গবা মাৰি ধৰে। যুৱতী গৰাকীয়ে আঁতৰি আহিবলৈ চেষ্টা কৰে যদিও অভিযুক্ত লোকজনে এৰি দিয়া নাছিল, যাৰ ফলত ব্লগাৰগৰাকীয়ে যথেষ্ট অস্বস্তি অনুভৱ কৰা দেখা যায় । ২০২৩ চনৰ ১২ ডিচেম্বৰত কেলীয়ে তেওঁৰ ইউটিউব চেনেলত পোষ্ট কৰা ভিডিঅ'টোত ব্লগাৰগৰাকীয়ে "মই ইয়াৰ পৰা পলাব লাগিব" বুলি কোৱা শুনা গৈছিল।

কোৰিয়ান ব্লগাৰগৰাকীৰ ইউটিউব চেনেলত শ্বেয়াৰ কৰা ভিডিঅ’টোৰ স্ক্ৰীণশ্বট। (উৎস: ইউটিউব/স্ক্ৰীণশ্বট)

সিদ্ধান্ত

ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি ইয়াক ঝাৰখণ্ডত এগৰাকী স্পেনিছ মহিলাৰ ওপৰত অলপতে সংঘটিত দলবদ্ধ ধৰ্ষণকাণ্ডৰ পিছৰ ঘটনা বুলি দাবী কৰিছে। কিন্তু এইটো ২০২৩ চনৰ ভিডিঅ’ আৰু মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত উক্ত ঘটনাৰ অভিযুক্তজনক পিছত গ্ৰেপ্তাৰ কৰা হৈছিল। সেয়েহে, আমি ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ বুলি চিহ্নিত কৰিছো। 

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।