ম্যানমাৰত ড্ৰোনৰ দ্বাৰা বোমা নিক্ষেপৰ ভিডিঅ' মণিপুৰৰ সংঘৰ্ষৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

লেখক: সোহম শ্বাহ
ছেপ্তেম্বৰ 4 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ম্যানমাৰত ড্ৰোনৰ দ্বাৰা বোমা নিক্ষেপৰ ভিডিঅ' মণিপুৰৰ সংঘৰ্ষৰ বুলি মিছাকৈ শ্বেয়াৰ কৰা হৈছে

ফেক্ট চেক

ৰায়দান মিছা

ভিডিঅ’টো ম্যানমাৰৰ হয় আৰু ইয়াত কুকি উগ্ৰপন্থীয়ে মণিপুৰৰ মেইটেই গাঁৱত বোমা আক্ৰমণ কৰা দেখা যোৱা নাই ।

ক্লেইম আইডি b0b5181f

পৃষ্ঠভূমি

বিগত কেইবামাহ ধৰি মণিপুৰত মেইটেই আৰু কুকিসকলৰ মাজত গোষ্ঠীগত সংঘৰ্ষ চলি আছে। যোৱা ২৯ জুলাইলৈকে, এই সংঘৰ্ষত কমেও ১৮১ জন লোকৰ মৃত্যু হৈছে, যাৰ বেছিভাগ কুকি সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে ।

এই পটভূমিত, কেইবাজনো এক্স (X - আগতে টুইটাৰ বুলি জনাজাত) ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি কুকি উগ্ৰপন্থীয়ে মণিপুৰৰ মেইটেই গাঁৱত বোমা নিক্ষেপ কৰা দেখা গৈছে বুলি দাবী কৰিছে। ভিডিঅ'টোত প্ৰথমে দুজন মানুহে এটা ড্ৰোনত বোমা লগাই আকাশলৈ এৰি দিয়ে আৰু পিছৰ ফুটেজটোত কিছু ঘৰৰ ওপৰত ড্ৰোনৰ পৰা বোমা পেলোৱা দেখা পোৱা যায়। ভিডিঅ'টোৰ ওপৰত 'চিন কুকি' বুলি লিখা  আছে।

এটা এক্স একাউণ্টে ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত এইদৰে লিখিছে- "🚨লিক হোৱা ফুটেজত ধৰা পৰিছে #Kuki সন্ত্ৰাসবাদীয়ে #Manipurৰ অসংখ্য মেইটেই গাঁৱত বোমা বিস্ফোৰণৰ বাবে ড্ৰোন ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। সূত্ৰই জনোৱা মতে বিষ্ণুপুৰ জিলাত ৪০ টাতকৈও অধিক বোমা বিস্ফোৰণৰ খবৰ পোৱা গৈছে। #ManipurVideo #ManipurBurning #ManipurCrisis #ManipurVoilence #SaveManipur" পোষ্টটোৱে এই প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে ১৪,৭০০ ৰো অধিক দৰ্শন লাভ কৰিছিল। একেধৰণৰ দাবীৰে ফেচবুকতো এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।

অৱশ্যে, এই ভিডিঅ'টো ম্যানমাৰৰ হয় আৰু মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ সৈতে ইয়াৰ সম্পৰ্ক নাই ।

প্ৰকৃত তথ্য

আমি ইয়াণ্ডেক্সত ভিডিঅ’টোৰ কীফ্ৰেমসমূহৰ এটা ৰিভাৰ্চ ইমেজ চাৰ্চ কৰাত 'জেড ফাইটাৰ' নামৰ টেলিগ্ৰাম চেনেল এটাত একেটা ক্লিপ লাভ কৰোঁ। ভিডিঅ'টো ২ জুনত প্লেটফৰ্মটোত এটা বাৰ্মিজ বাৰ্তাৰ সৈতে পোষ্ট কৰা হৈছিল য'ত ফুটেজটো ম্যানমাৰৰ চাগাইং প্ৰদেশৰ এটা সামৰিক গোটৰ ওপৰত বোমা আক্ৰমণৰ আছিল বুলি কোৱা হৈছিল। ক্লিপটোৰ ওপৰৰ সোঁ কোণত 'এমএফপি মান্দালয় ফ্ৰী প্ৰেছ' ৱাটাৰমাৰ্ক দেখা যায়।

একেটা ভিডিঅ’ আমি 'মান্দালয় ফ্ৰী প্ৰেছ'ৰ ইউটিউব চেনেলত লাভ কৰোঁ। "গাঁৱত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰা এটা সামৰিক গোটৰ ওপৰত বোমা আক্ৰমণ (বাৰ্মিজৰ পৰা অনুদিত) শীৰ্ষক শিৰোনামেৰে ভিডিঅ’টো আপলোড কৰা হৈছিল। 

এজন বাৰ্মিজ ব্যক্তিৰ দ্বাৰা অনুবাদ কৰা ইউটিউব ভিডিঅ'টোৰ বিৱৰণ অনুসৰি ৩১ মে'ত ম্যানমাৰৰ সামৰিক/তাতমাদাও সৈন্যই চাগাইং ডিভিজনৰ মনৱা জিলাৰ আয়াদাও টাউনশ্বিপৰ ৱাটান গাঁৱত অভিযান চলাইছিল। অভিযান চলি থকাৰ সময়তে আয়াদাও বোন নাইং (এবিএন) পিডিএফ, মনৱা বেটেলিয়ন ১৯ আৰু আন কিছুমান সহযোগী গোটে ম্যানমাৰৰ সামৰিক সৈন্যক ড্ৰোন বোমাৰে আক্ৰমণ কৰে। ৱাটানত হোৱা আক্ৰমণত ম্যানমাৰৰ দুজন সামৰিক কৰ্মী নিহত হোৱাৰ খবৰ পোৱা গৈছে বুলি লিখনিটোত লগতে কোৱা হৈছে।

মান্দালয় ফ্ৰী প্ৰেছে ইয়াৰ ইউটিউব চেনেলত একে ধৰণৰ ড্ৰোন আক্ৰমণৰ আন একাধিক ভিডিঅ' পোষ্ট কৰিছিল।

গৱেষক বিকাশ কুমাৰ ভট্টাচাৰ্য, যি মণিপুৰক লৈ কাম কৰি আছে, লজিকেলী ফেক্টছক ভিডিঅ'টোৰ আৰম্ভণিতে দেখা লোক কেইজনে বাৰ্মিজ ভাষাত কথা কোৱা বুলি নিশ্চিত কৰে। ম্যানমাৰৰ এজন স্থানীয় বাৰ্মিজ লোকেও আমাক ভিডিঅ'টোত থকা লোককেইজনৰ কথা কোৱাৰ ধৰণ চাগাইং অঞ্চলত প্ৰচলিত কথনশৈলীৰ সৈতে মিল আছে বুলি জনায়।

ইয়াৰ উপৰিও লজিকেলী ফেক্টছে চাগাইং অঞ্চলৰ ৱাডান/ৱাটান গাঁৱৰ ড্ৰোন ফুটেজত দেখা অঞ্চলটোৰ জিঅ’লকেশ্যন কৰি ফুটেজটো ম্যানমাৰৰ হয় বুলি নিশ্চিত কৰে। চহৰখনৰ নামটো এম এফ পিৰ ভিডিঅ’ বৰ্ণনাত উল্লেখ কৰা গাঁওখনৰ সৈতে মিল আছে আৰু ভিডিঅ’টোত দেখা নীলা, সেউজীয়া আৰু ৰঙা চালৰ ঘৰবিলাক গুগল মেপতো দেখা পোৱা যায়।

সিদ্ধান্ত

আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো কাৰণ ভিডিঅ’টো ম্যানমাৰৰ চাগাইং অঞ্চলৰ হয় আৰু ইয়াত মণিপুৰৰ মেইটেই গাঁৱত কুকি উগ্ৰপন্থীয়ে বোমা আক্ৰমণ কৰা দেখা নাযায়। মণিপুৰত বৰ্তমান চলি থকা গোষ্ঠী সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।