ভাৰত-কানাডা সংঘাতৰ মাজতে কানাডাত 'আৰএছএছ'ক নিষিদ্ধ কৰা বুলি মিছা দাবী প্ৰচাৰ

লেখক: মহম্মদ চলমান
ছেপ্তেম্বৰ 22 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ভাৰত-কানাডা সংঘাতৰ মাজতে কানাডাত 'আৰএছএছ'ক নিষিদ্ধ কৰা বুলি মিছা দাবী প্ৰচাৰ

কানাডাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক নিষিদ্ধ কৰা বুলি দাবী কৰি কৰা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট । (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান মিছা

এই দাবী মিছা আৰু ভিডিঅ’টোত দেখা ব্যক্তিজন কানাডাৰ কোনো চৰকাৰী বিষয়া নহয় বৰঞ্চ এক অলাভজনক সংস্থাৰ চিইঅ’ হয়।

ক্লেইম আইডি d8033962

পৃষ্ঠভূমি

শেহতীয়াকৈ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজাৰৰ হত্যাকাণ্ডত ভাৰত জঢ়িত আছে বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে দুয়োখন দেশৰ সম্পৰ্কত ফাঁট মেলিছে। ভাৰতে এই অভিযোগ নাকচ কৰি ইয়াক অৰ্থহীন বুলি অভিহিত কৰিছে। এই সংক্ৰান্ত কানাডাই এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছিল, তাৰ পিছত ভাৰতে কানাডাৰ এজন জ্যেষ্ঠ কূটনীতিবিদক বহিষ্কাৰ কৰাৰ লগতে কানাডাৰ নাগৰিকৰ ভিছা সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিছে।

দুয়োখন দেশৰ মাজত চলি থকা কাজিয়াৰ মাজতে কানাডা চৰকাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক নিষিদ্ধ কৰা বুলি দাবী কৰি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভাইৰেল হোৱা ভিডিঅ’টোত এজন ব্যক্তিয়ে চাৰিটা বিষয়ত নিজৰ যুক্তি দাঙি ধৰা দেখা গৈছে, য’ত শেষৰটোত 'আৰএছএছ'ৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা আৰোপ কৰা আৰু কানাডাৰ আইনৰ অধীনত ইয়াৰ সদস্যসকলক কানাডাৰ পৰা আঁতৰোৱাৰ দাবী জনোৱা হৈছে।

এই ভিডিঅ’টো এক্স (পূৰ্বৰ টুইটাৰ) আৰু ফেচবুকত শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে কানাডা চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ 'আৰএছএছ'ক নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে আৰু সংস্থাটোৰ সদস্য কানাডা এৰি যাব কৈছে । (ইয়াত আৰু ইয়াত আৰ্কাইভ সংস্কৰণ চাওক)

এনে ধৰণৰ দাবী অসমীয়াতো প্ৰচাৰ হৈছে । (ইয়াত আৰু ইয়াত আৰ্কাইভ সংস্কৰণ চাওক)

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট (উৎস: এক্স, ফেচবুক/স্ক্ৰীণশ্বট)

কিন্তু আমি দেখিলোঁ যে কানাডা চৰকাৰে 'আৰএছএছ'ক নিষিদ্ধ কৰাৰ এনে কোনো আদেশ দিয়া নাই আৰু ভিডিঅ’টোত দেখা ব্যক্তিজন কানাডা চৰকাৰৰ কোনো বিষয়া নহয়, বৰঞ্চ ব্যক্তিজন নেশ্যনেল কাউন্সিল অৱ কানাডিয়ান মুছলিম নামৰ এটা অলাভজনক সংস্থাৰ চিইঅ' ষ্টিফেন ব্ৰাউন হয় ।

সত্য কি?

ভাইৰেল ভিডিঅ’টো ভালদৰে চাই আমি দেখিলোঁ যে আদেশ বা ঘোষণাৰ ওপৰত নহয়, ‘ডিমাণ্ড’ শব্দটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ফলত ভিডিঅ’টোৰ সত্যতাক লৈ আমাৰ সন্দেহ হ’ল। ইয়াৰ উপৰিও বিবৃতিটোত ডব্লিউ এছ অ’ আৰু এন চি চি এমৰ কথা উল্লেখ কৰা হৈছে, যাৰ হৈ চাৰিটা বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিমাণ্ড কৰা হৈছে।

মূল ভিডিঅ’টো শ্বেয়াৰ কৰা টিকটক একাউণ্টৰ ৱাটাৰমাৰ্ক @nccmuslims ৰ পৰা ইংগিত লৈ, আমি টিকটকত এই একাউণ্টটো বিচাৰিলোঁ আৰু ২০২৩ চনৰ ২০ ছেপ্টেম্বৰত আপলোড কৰা ১ মিনিটৰ এটা ভিডিঅ’ পাইছিলোঁ। ইয়াৰ কেপচনত বিতংভাৱে বুজাই দিয়া হৈছিল যে এনচিচিএমৰ চিইঅ’ ষ্টিফেন ব্ৰাউনে কানাডাৰ বিশ্ব শিখ সংস্থাৰ সৈতে যৌথভাৱে এই বিবৃতি প্ৰকাশ কৰে।

ভাইৰেল ভিডিঅ’ৰ মূল ভিডিঅ’ (উৎস: টিকটক/স্ক্ৰীণশ্বট)

ইয়াৰ উপৰিও আমি এই ভিডিঅ’টো এনচিচিএমৰ ইউটিউব চেনেল আৰু ইনষ্টাগ্ৰাম পেজতো পাইছিলোঁ আৰু একেটা বক্তব্য ফেচবুক আৰু এক্স (পূৰ্বৰ টুইটাৰ)তো পাইছিলোঁ। অৱশ্যে ইয়াৰ এক্স একাউণ্ট ভাৰতত নিষিদ্ধ কৰা হৈছে।

আচলতে নেচনেল কাউন্সিল অৱ কানাডিয়ান মুছলিমছ (এনচিচিএম) কানাডাৰ এটা স্বতন্ত্ৰ, নিৰপেক্ষ আৰু অলাভজনক সংস্থা।

২০২৩ চনৰ ১৯ ছেপ্টেম্বৰত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণটোৰ আৰম্ভণিতে মানুহজনে নিজকে নেশ্যনেল কাউন্সিল অৱ কানাডিয়ান মুছলিমছ (এনচিচিএম)ৰ চিইঅ’ ষ্টিফেন ব্ৰাউন বুলি পৰিচয় দিছে আৰু বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজাৰক হত্যা কৰাৰ অভিযোগত ভাৰতৰ বিৰুদ্ধে কানাডা চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। বিবৃতিটোত আৰু দাবী কৰা হৈছে যে বিশ্ব শিখ সংস্থা আৰু এনচিচিএমৰ যৌথ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ঘৰুৱাভাৱে কানাডাৰ মুছলমানসকলে আৰএছএছৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে।

(উৎস: ইনষ্টাগ্ৰাম/স্ক্ৰীণশ্বট)

ইয়াৰ উপৰিও কোৱা হৈছে যে কানাডাৰ নাগৰিকৰ ওপৰত হোৱা হিংসা ভাৰতৰ সংখ্যালঘুসকলে প্ৰতিদিনে সন্মুখীন হ’বলগীয়া হৈছে। ইয়াক কানাডাৰ মাটিত বিদেশী চৰকাৰে ইচ্ছাকৃতভাৱে কৰা হিংসাত্মক কাৰ্য্য বুলি অভিহিত কৰা হৈছে আৰু কানাডা চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। বৰ্তমান ভাইৰেল হৈ থকা ভিডিঅ’টোত ৫:০৭ ছেকেণ্ডৰ সময়ৰ পৰা একেটা অংশই শুনা যায়। এই চাৰিটা দাবী কানাডাৰ বিশ্ব শিখ সংস্থা (WSO) আৰু এনচিচিএমৰ সৈতে অংশীদাৰিত্বৰে উত্থাপন কৰা হৈছে।

  1. ভাৰতত থকা কানাডাৰ ৰাষ্ট্ৰদূতক তাৎক্ষণিকভাৱে ঘূৰাই অনা 
  2. কানাডাত থকা ভাৰতীয় ৰাষ্ট্ৰদূতক বহিষ্কাৰ কৰা
  3. ভাৰতৰ সৈতে বাণিজ্যিক আলোচনা আনুষ্ঠানিকভাৱে বন্ধ কৰি দিয়া
  4. ফৌজদাৰী সংহিতাত উল্লেখ কৰা বিধানৰ অধীনত আৰএছএছৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা আৰু ইয়াৰ এজেণ্টসকলক কানাডাৰ পৰা আঁতৰোৱাৰ আহ্বান 

এই চাৰিটা পইণ্ট এনচিচিএমৰ ফেচবুক পেজতো শ্বেয়াৰ কৰা হৈছে।

এনচিচিএম আৰু ডব্লিউএছঅ’ই কানাডা চৰকাৰলৈ আগবঢ়োৱা দাবী (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

এই সন্দৰ্ভত আমি আল জাজিৰাৰ এটা প্ৰতিবেদন লাভ কৰিলোঁ, য’ত কোৱা হৈছে যে কানাডাৰ বিশ্ব শিখ সংস্থাৰ সভাপতি মুখবীৰ সিং আৰু কানাডাৰ মুছলমানৰ নেচনেল কাউন্সিলৰ চিইঅ’ ষ্টিফেন ব্ৰাউনে কানাডাৰ অট’ৱাত থকা হাউছ অৱ কমনছত অনুষ্ঠিত এক সংবাদমেলত যোৱা ১৯ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে অংশগ্ৰহণ কৰিছিল। এই প্ৰতিবেদনত কোৱা হৈছে যে শিখ আৰু মুছলমান সংগঠনৰ নেতাসকলে চৰকাৰক সম্ভাৱ্য ভাবুকি বন্ধ কৰিবলৈ আহ্বান জনাইছে।

লজিকেলী ফেক্টছে এই সমগ্ৰ বিষয়টোৰ ওপৰত আৰু অধিক তথ্য লাভ কৰিবলৈ ইমেইলৰ জৰিয়তে এনচিচিএমৰ সৈতে যোগাযোগ কৰিছে। তেওঁলোকৰ পৰা মন্তব্য লাভ কৰিলে এই প্ৰতিবেদনটো আপডেট কৰা হ'ব।

আমি আমাৰ তদন্তৰ সময়ত স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিও পৰ্যালোচনা কৰিলোঁ যদিও কানাডা চৰকাৰে 'আৰএছএছ'ক নিষিদ্ধ কৰা বুলি নিশ্চিত কৰা কোনো প্ৰতিবেদন পোৱা নাছিলো।

সিদ্ধান্ত

কানাডা চৰকাৰে 'আৰএছএছ'ক নিষিদ্ধ কৰা বুলি কৰা দাবী ভুল। কানাডাই এনে কোনো আদেশ জাৰি কৰা নাই, আৰু ভিডিঅ’টোত দেখা ব্যক্তিজন কানাডা চৰকাৰৰ কোনো বিষয়া নহয়, বৰঞ্চ এটা অলাভজনক সংস্থাৰ চিইঅ’ ষ্টিফেন ব্ৰাউন নামৰ এজন ব্যক্তি হয় ।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

অসমীয়া , हिंदी

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।