আমেৰিকাৰ কাৰ্টুনিষ্ট বেন গেৰিছনে কংগ্ৰেছক ব্যংগ কৰা বুলি সম্পাদিত কাৰ্টুন শ্বেয়াৰ কৰা হৈছে

লেখক: ৰাহুল অধিকাৰী
মে’ 30 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
আমেৰিকাৰ কাৰ্টুনিষ্ট বেন গেৰিছনে কংগ্ৰেছক ব্যংগ কৰা বুলি সম্পাদিত কাৰ্টুন শ্বেয়াৰ কৰা হৈছে

বেন গেৰিছনে কংগ্ৰেছক ব্যংগ কৰি কাৰ্টুন অঁকা বুলি ছ'চিয়েল মিডিয়াত দাবী কৰা হৈছে। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

এইটো ২০১৫ চনত অমল মেধিয়ে অঁকা এটা কাৰ্টুন হয় আৰু ইয়াত চৰকাৰৰ 'মেক ইন ইণ্ডিয়া' অভিযানক ব্যংগ কৰা হৈছে।

ক্লেইম আইডি 7d26c0d2

কি দাবী কৰা হৈছে?

আমেৰিকাৰ কাৰ্টুনিষ্ট বেন গেৰিছনে ভাৰতৰ মূল বিৰোধী দল কংগ্ৰেছক ব্যংগ কৰি এটা ৰাজনৈতিক কাৰ্টুন অঁকা বুলি দাবী কৰি ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰি থকা হৈছে। 

ভাইৰেল কাৰ্টুনটোত দেখা যায় যে কংগ্ৰেছৰ প্ৰতীক সম্বলিত এজনী মাইকী গৰুয়ে ভাৰতৰ মানচিত্ৰৰ আকৃতিৰ এখিলা পাত এটা খাই ‘ভাৰতৰ জনসাধৰণৰ বাবে’ বুলি লিখা এটা বাল্টিত মলত্যাগ কৰি আছে। তদুপৰি গৰুজনীৰ দুগ্ধ সংগ্ৰহ কৰিবলৈ ৰখা বাল্টিটোত ‘গান্ধী পৰিয়াল’ বুলি লিখা আছে। কাৰ্টুনটোৰ জৰিয়তে কংগ্ৰেছ দলক গান্ধী পৰিয়ালৰ এজনী খীৰতী গাই হিচাপে দেখুওৱা হৈছে, আৰু দেশৰ জনসাধাৰণে কেৱল ইয়াৰ উচ্ছিষ্টখিনিয়ে লাভ কৰে। ছবিখনৰ ওপৰত লিখা আছে, ‘‘আমেৰিকান কাৰ্টুনিষ্ট বেন গেৰিছনে ভাৰতৰ অৱস্থাক চিত্ৰণ কৰিছে। কংগ্ৰেছে ভাৰতত কিদৰে শাসন চলাইছিল তাৰ উৎকৃষ্ট ৰূপত দেখুওৱা হৈছে।" 

এক্সত ছবিখন শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “নেহৰুৰ পৰা ৰাহুলৰ শাসনৰ ইয়াতকৈ ভাল চিত্ৰণ হ’ব নোৱাৰে।” পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। 

ভাইৰেল পোষ্টটোৰ এটা স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এই দাবীটো মিছা। এইটো বেন গেৰিছনে অঁকা কাৰ্টুন নহয়। বৰঞ্চ এইটো অমল মেধি নামৰ এজন ভাৰতৰ কাৰ্টুনিষ্টে ২০১৫ চনত অংকন কৰা এটা কাৰ্টুন হয়, তদুপৰি ছবিখনত মেধিয়ে অঁকা মূল কাৰ্টুনটোক বিকৃত কৰা হৈছে। মূল কাৰ্টুনটোত চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপক ব্যংগ কৰা হৈছিল। 

কাৰ্টুনটো গেৰিছনে আঁকিছিল নেকি?

আমি ভাইৰেল পোষ্টটোৰ কমেণ্টসমূহ চাওঁতে কেইবাজনো ব্যৱহাৰকাৰীয়ে ছবিখন সম্পাদনা কৰা হৈছে বুলি দাবী কৰাৰ লগতে এইটো গেৰিছনে অঁকা কাৰ্টুন নহয় বুলি উল্লেখ কৰা দেখিবলৈ পাওঁ। 

ইয়াৰ ভিত্তিত আমি অধিক অনুসন্ধান কৰি গেৰিছনে ২০১৭ চনত দিয়া এটা স্পষ্টীকৰণ লাভ কৰোঁ (ইয়াত আৰ্কাইভ কৰা হৈছে ) য’ত তেওঁ ভাৰতীয় ৰাজনীতিৰ ওপৰত কোনোধৰণৰ কাৰ্টুন অঁকা নাই বুলি কৈছিল। তেওঁ লিখিছিল, "নাই- মই কেতিয়াও ভাৰতৰ ৰাজনীতিৰ ওপৰত কোনো কাৰ্টুন অংকন কৰা নাই- মোৰ চহি থকা কিছুমান কাৰ্টুন ঘূৰি ফুৰিছে- মোৰ নহয় (sic)।" 

বেন গেৰিছনৰ স্পষ্টীকৰণ পোষ্টটোৰ এটা স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

আমি গেৰিছনৰ ৱেবছাইটটো চেক কৰিলোঁ, য'ত তেওঁৰ কাৰ্টুনসমূহ উপলব্ধ হয়, কিন্তু তাতো ভাইৰেল কাৰ্টুনটো বিচাৰি নাপালোঁ।

তেন্তে কোন?

আমি ভাইৰেল ছবিখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি দেখিলোঁ যে এই কাৰ্টুনটো দীৰ্ঘদিন ধৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈ আছে। 

২০২১ চনৰ এনে এটা পোষ্টত আমি এজন ব্যৱহাৰকাৰীয়ে দিয়া এটা কমেণ্ট দেখা পাওঁ (ইয়াত আৰ্কাইভ কৰা হৈছে) য’ত ছবিখন সম্পাদনা কৰা বুলি দাবী কৰা হৈছিল। ব্যৱহাৰকাৰী গৰাকীৰ মতে, ২০১৫ চনত অমল মেধি নামৰ এজন কাৰ্টুনিষ্টে মূল কাৰ্টুনটো শ্বেয়াৰ কৰিছিল আৰু তাত তদানীন্তন চৰকাৰক ব্যংগ কৰা হৈছিল। তেওঁ ২০১৫ চনৰ ছেপ্টেম্বৰৰ মেধিৰ ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰিছিল য’ত কাৰ্টুনটোৰ মূল সংস্কৰণ দেখুওৱা বুলি কোৱা হৈছে। কাৰ্টুনটোত মেধিৰ স্বাক্ষৰ দেখা পোৱা যায়।

অমল মেধিয়ে তেওঁৰ কাৰ্টুনটো শ্বেয়াৰ কৰা পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

আমি মেধি অসম নিবাসী এগৰাকী কাৰ্টুন শিল্পী বুলি জানিব পাৰোঁ। লজিকেলী ফেক্টছে মেধিৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, “হয়, মই ২০১৫ চনত কাৰ্টুনটো আঁকিছিলো। ছবিখন মোৰ ফেচবুক পেজত প্ৰকাশ পাইছিল। মোৰ কাৰ্টুনটো ফটোশ্বপ কৰা হৈছিল বুলি মই আগতেও স্পষ্ট কৰিছিলো। কংগ্ৰেছ দলৰ বিৰুদ্ধে ভাইৰেল কাৰ্টুনটো মই অঁকা নাই।” 

তেওঁৰ কাৰ্টুনটোৰ এটা স্ক্ৰীণশ্বটৰ লগতে তেওঁৰ পোষ্টটোৰ ফেচবুক লিংকটো আমাৰ সৈতে শ্বেয়াৰ কৰে। অৱশ্যে লিংকটো খুলিব পৰা নগ’ল যদিও পোষ্টটোৰ প্ৰিভিউত মূল কাৰ্টুনটো দেখা যায়।

অমল মেধিয়ে আমালৈ প্ৰেৰণ কৰা পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: অমল মেধি)

ওপৰত স্পষ্টকৈ দেখা যায় যে মূল কাৰ্টুনটোত গৰুজনীৰ ওপৰত কংগ্ৰেছৰ প্ৰতীক নহয়, বৰঞ্চ “মেক ইন ইণ্ডিয়া” বুলিহে লিখা আছে।

সম্পাদিত কাৰ্টুন আৰু মূল কাৰ্টুনটোৰ মাজত তুলনা। (উৎস: এক্স/অমল মেধি/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

সিদ্ধান্ত

আমেৰিকাৰ কাৰ্টুন শিল্পী বেন গেৰিছনে কংগ্ৰেছ দলক ব্যংগ কৰি কাৰ্টুন অঁকা বুলি দাবী কৰি এটা সম্পাদনা কৰা কাৰ্টুন শ্বেয়াৰ কৰা হৈছে। অসমৰ অমল মেধিয়ে অঁকা মূল কাৰ্টুনটোত কংগ্ৰেছ নহয়, চৰকাৰৰ “মেক ইন ইণ্ডিয়া” পদক্ষেপকহে ব্যংগ কৰা হৈছিল।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।