চৰকাৰে দুগৰাকী নতুন নিৰ্বাচনী আয়ুক্ত নিযুক্ত দিয়া বুলি দাবী কৰি ভুৱা অধিসূচনা শ্বেয়াৰ কৰা হৈছে

লেখক: ৰজনী কে জি
মাৰ্চ 15 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
চৰকাৰে দুগৰাকী নতুন নিৰ্বাচনী আয়ুক্ত নিযুক্ত দিয়া বুলি দাবী কৰি ভুৱা অধিসূচনা শ্বেয়াৰ কৰা হৈছে

ভাৰত চৰকাৰে জাৰি কৰা অধিসূচনা বুলি শ্বেয়াৰ কৰা ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

লজিকেলী ফেক্টছে ভাইৰেল বিজ্ঞপ্তিটোত একাধিক বিসংগতি ধৰা পেলাইছে, ইয়াৰ দ্বাৰা এইখন এখন ভুৱা বিজ্ঞপ্তি বুলি গম পোৱা যায়।

ক্লেইম আইডি 66181f23

কি দাবী কৰা হৈছে?

একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভাৰত চৰকাৰৰ অফিচিয়েল গেজেট বুলি দাবী কৰা এখন পত্ৰ শ্বেয়াৰ কৰিছে, য’ত অৰুণ গোৱেলৰ শেহতীয়া পদত্যাগৰ পিছত ভাৰতীয় নিৰ্বাচন আয়োগত দুজন নতুন নিৰ্বাচনী আয়ুক্ত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰা হৈছে।

পত্ৰখনত “অৱসৰপ্ৰাপ্ত আই এ এছ ড০ ৰাজেশ কুমাৰ গুপ্তা’’, আৰু ‘‘অৱসৰপ্ৰাপ্ত আই এ এছ শ্ৰী প্ৰিয়াংশ শৰ্মা’’ক ক্ৰমে ‘‘মুখ্য নিৰ্বাচনী আয়ুক্ত’’ আৰু ‘‘অন্যান্য নিৰ্বাচন আয়ুক্ত’’ হিচাপে নিযুক্তি দিয়া হৈছে বুলি উল্লখ কৰা হৈছে। উক্ত নিযুক্তিত ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপিতয়ে অনুমোদন জনোৱা বুলি লগতে উল্লেখ কৰি ১৩ মাৰ্চৰ পৰা এইয়া কাৰ্যকৰী হ’ব বুলি কোৱা হৈছে।

এই পত্ৰখন এক্স আৰু ফেচবুকৰ আদি প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে, এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

ভাইৰেল বিজ্ঞপ্তিখন শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এইখন চৰকাৰী অধিসূচনা নহয়, বৰঞ্চ এখন ভুৱা বিজ্ঞপ্তিহে। ভাৰত চৰকাৰে এই নিযুক্তিৰ কথা ঘোষণা কৰা নাই।

প্ৰকৃত তথ্য

ৰাজেশ কুমাৰ গুপ্তা আৰু প্ৰিয়ংশ শৰ্মাৰ নিযুক্তি সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি বিচাৰি আমি গুগলত সন্ধান কৰিলো যদিও কোনো ফলাফল পোৱা নগ’ল। ভাইৰেল অধিসূচনাখন ভালদৰে পৰীক্ষা কৰিলে ভাৰত চৰকাৰৰ প্ৰকৃত গেজেট অধিসূচনাৰ তুলনাত একাধিক বিসংগতি দেখা যায়। এনে মূল বিসংগতিসমূহৰ ভিতৰত গেজেট নম্বৰৰ অনুপস্থিতি, তাৰিখৰ ভুল বিন্যাস, আৰু সাধাৰণতে চৰকাৰী দস্তাবেজত থকা ডাবল-লাইনযুক্ত হেডাৰৰ অভাৱ আদি অন্যতম। উল্লেখযোগ্য যে ভাইৰেল অধিসূচনাখনত ​​থকা তাৰিখৰ ফৰ্মেট চৰকাৰী অধিসূচনাৰ সৈতে মিলা নাই।

ভাইৰেল গেজেটখন আৰু প্ৰকৃত চৰকাৰী গেজেটৰ তুলনা। (উৎস: এক্স/ইণ্ডিয়া গেজেট/স্ক্ৰীণশ্বট)

ভাইৰেল ছবিখনত এটা অতিৰিক্ত অধিসূচনা নম্বৰ আছে (নং ৩৫০২(ই)/২৪/২৫/এমপিএ) যিটো চৰকাৰী ৱেবছাইটত পোৱা নগ’ল। ভাইৰেল ছবিখনত ব্যৱহাৰ কৰা ফণ্টটোও বেলেগ - অফিচিয়েল গেজেটসমূহত সাধাৰণতে টাইমছ নিউ ৰোমান ফন্টত থকাৰ বিপৰীতে ভাইৰেল ছবিখন কেলিব্ৰি ফণ্ট ব্যৱহাৰ কৰা হৈছে।

ভাইৰেল গেজে

ভাইৰেল গেজেটখন আৰু প্ৰকৃত চৰকাৰী গেজেটৰ তুলনা। (উৎস: এক্স/ইণ্ডিয়া গেজেট/স্ক্ৰীণশ্বট)

সাধাৰণতে, চৰকাৰী এক পৃষ্ঠাৰ গেজেটসমূহ কৰ্তৃপক্ষই স্বাক্ষৰ কৰে, আৰু ফুটাৰত স্বাক্ষৰকাৰীৰ সবিশেষ আৰু কেতিয়া আপলোড কৰা হৈছিল, সেই বিষয়েও উল্লেখ কৰা হয়, ভাইৰেল ছবিখনত এই দুয়োটায়ে অনুপস্থিত। 

ভাইৰেল গেজেটখনৰ বাক্যসমূহৰ ওপৰত আমি এটা সূক্ষ্ম ধূসৰ বেকগ্ৰাউণ্ড দেখিবলৈ পাওঁ, এইটোৱে ইংগিত দিয়ে যে বাক্যসমূহ হয়তো আন ঠাইৰ পৰা কপি কৰা হৈছে। তদুপৰি, মূল বিজ্ঞপ্তিসমূহৰ বিপৰীতে, য’ত বাক্যসমূহ এক নিৰ্দিষ্ট সমৰৈখিকতা বৰ্তাই ছপা কৰা হয়, ভাইৰেল ছবিখনত বাক্যসমূহৰ বিন্যাস বাওঁফালে আছে।

পিআইবি (প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো)-এ উক্ত দাবীটো খণ্ডন কৰাৰ লগতে ভাইৰেল বিজ্ঞপ্তিখন ভুৱা বুলি কৈছে।

১৪ মাৰ্চত কংগ্ৰেছ নেতা অধীৰ ৰাজন চৌধুৰীয়ে সংবাদ সংস্থা এএনআইক জনাইছিল যে পঞ্জাবৰ সুখবীৰ সিং সান্ধু আৰু কেৰালাৰ জ্ঞানেশ কুমাৰ নামৰ দুজন প্ৰাক্তন আমোলাক ভাৰতীয় নিৰ্বাচন আয়োগলৈ নিৰ্বাচিত কৰা হৈছে। চৌধুৰীয়ে নতুন নিৰ্বাচনী আয়ুক্ত বাছনি কৰাৰ দায়িত্বত থকা কেন্দ্ৰীয় পেনেলত কাৰ্যনিৰ্বাহ কৰে। অৱশ্যে, এই প্ৰতিবেদন লিখাৰ সময়লৈকে চৰকাৰৰ পৰা আনুষ্ঠানিক নিশ্চিতি অহা নাই।

লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী আয়ুক্ত অৰুণ গোৱেলৰ পদত্যাগ

২০২৪ চনৰ ৯ মাৰ্চত নিৰ্বাচনী আয়ুক্ত অৰুণ গোৱেলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰ ঠিক আগতে পদত্যাগ কৰিছিল। ২০২৪ চনৰ ফেব্ৰুৱাৰীত নিৰ্বাচনী আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেৰ অৱসৰৰ ঠিক এমাহ পিছতে তেওঁ পদত্যাগ কৰিছিল। দ্য হিন্দুৰ এক প্ৰতিবেদন অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠিত এখন পেনেলে খালী পদসমূহ পূৰণ কৰিবলৈ ১৫ মাৰ্চৰ ভিতৰত দুগৰাকী নতুন নিৰ্বাচনী আয়ুক্ত নিযুক্তি দিয়াৰ কথা। এই নিযুক্তিত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে।

সিদ্ধান্ত

ভাৰত চৰকাৰে এনে কোনো গেজেট অধিসূচনা জাৰি কৰা নাই। প্ৰচাৰিত অধিসূচনাখন নকল আৰু ডিজিটেলভাৱে প্ৰস্তুত কৰা হৈছে। সেহেয়ে আমি এই দাবীটো ভুৱা বুলি চিহ্নিত কৰিছো।

(বিঃদ্ৰঃ নিযুক্তি সন্দৰ্ভত কংগ্ৰেছ নেতা অধিৰ ৰাজন চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্য সন্নিবিষ্ট কৰিবলৈ এই লেখাটো আপডেট কৰা হৈছে)

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।