সমীক্ষাত ১০খন ৰাজ্যত ইণ্ডিয়া মিত্ৰজোঁটৰ জয়লাভৰ ভৱিষ্যদ্বাণী কৰা বুলি বাতৰি কাকতৰ ভুৱা ক্লিপিং প্ৰচাৰ

লেখক: ৰাহুল অধিকাৰী
এপ্ৰিল 17 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
সমীক্ষাত ১০খন ৰাজ্যত ইণ্ডিয়া মিত্ৰজোঁটৰ জয়লাভৰ ভৱিষ্যদ্বাণী কৰা বুলি বাতৰি কাকতৰ ভুৱা ক্লিপিং প্ৰচাৰ

দৈনিক ভাস্কৰৰ প্ৰাক নিৰ্বাচনী সমীক্ষা হিচাপে প্ৰচাৰিত ভাইৰেল ফটোখন শ্বেয়াৰ কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

প্ৰাক-নিৰ্বাচনী সমীক্ষা হিচাপে প্ৰচাৰিত ছবিখন ভুৱা হয়। দৈনিক ভাস্কৰে এনেধৰণৰ সমীক্ষাৰ কোনো বাতৰি প্ৰকাশ কৰা নাছিল বুলি স্পষ্টীকৰণ দিছে।

ক্লেইম আইডি 1330ff10

কি দাবী কৰা হৈছে?

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ বিভিন্ন সংবাদ মাধ্যম আৰু গৱেষণা সংস্থাই প্ৰাক নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰা আৰম্ভ কৰিছে। এনে প্ৰেক্ষাপটত ছ’চিয়েল মিডিয়াত একাধিক ব্যৱহাৰকাৰীয়ে হিন্দী দৈনিক কাককত ‘দৈনিক ভাস্কৰ’ৰ প্ৰাক নিৰ্বাচনী সমীক্ষা হিচাপে কাকতখনৰ এটা পৃষ্ঠাৰ এখন ফটো শ্বেয়াৰ কৰি আছে। সমীক্ষাটোত ২৬টা বিৰোধী দলৰ মিত্ৰজোঁট ইণ্ডিয়া এলায়েন্সে ১০খন ৰাজ্যত জয়লাভ কৰিব আৰু দক্ষিণৰ ৰাজ্যসমূহে বিজেপি মিত্ৰজোঁটক ক্ষমতাৰ পৰা উৎখাত কৰিব বুলি কোৱা হৈছে।

ভাইৰেল বাতৰি ক্লিপিংটোত উল্লেখ কৰা ১০খন ৰাজ্য হৈছে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিম বংগ, গুজৰাট, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, ৰাজস্থান, আৰু কেৰালা। “নিলছন দৈনিক ভাস্কৰৰ মেগা সমীক্ষা প্ৰকাশ! 'এনডিএ' মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাবলৈ সাজু 'ইণ্ডিয়া' মিত্ৰজোঁট! বিজেপি শাসিত ৰাজ্যসমূহত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰভাৱ ম্লান হোৱাৰ সম্ভাৱনা।” শীৰ্ষক শিৰোনামৰ উক্ত ক্লিপিংটো প্ৰকাশ পোৱা পৃষ্টাটো দৈনিক ভাস্কৰৰ প্ৰথম পৃষ্ঠাৰ সৈতে মিলে। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত চাব পাৰিব।

তেলেংগানাৰ হায়দৰাবাদৰ এগৰাকী কংগ্ৰেছ সদস্যই এক্সত উক্ত ফটোখন স্বেয়াৰ কৰি লিখিছে,  “১০খন ৰাজ্যত কংগ্ৰেছ স্পষ্টভাৱে এক শক্তিশালী স্থিতিত আছে। দৈনিক ভাস্কৰ-নেলছনৰ সমীক্ষা: ইণ্ডিয়া মিত্ৰজোঁট দহখন ৰাজ্যত আগবাঢ়ি আছে আৰু মাত্ৰ এই দহখনতে ২০০ ৰান পাৰ কৰাৰ সম্ভাৱনা আছে। আনকি হিন্দী বলয়ৰ ৰাজ্যসমূহতো বিজেপিয়ে ভোট লাভ কৰিবলৈ মোদীৰ যশ পৰ্যাপ্ত নহয়। মহাৰাষ্ট্ৰ, বংগ, আৰু বিহাৰত হোৱা বিপৰ্য্যয় এনডিএ-ই পৰীক্ষা কৰি আছে।”

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অসমীয়াতো দৈনিক ভাস্কৰৰ প্ৰাক নিৰ্বাচনী সমীক্ষা বুলি দাবী কৰি এই ফটোখন ফেচবুকত শ্বেয়াৰ কৰা হৈছে।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে এইয়া এক মিছা দাবী। ১০খন ৰাজ্যত বিৰোধীয়ে জয়লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰা দেখুওৱাবলৈ দৈনিক ভাস্কৰত প্ৰকাশিত নিৰ্বাচনী সমীক্ষা হিচাপে এখন ভুৱা ছবি শ্বেয়াৰ কৰা হৈছে। সংবাদ প্ৰতিষ্ঠানটোৱে ভাইৰেল সমীক্ষাটো ভুৱা বুলিও স্পষ্ট কৰিছে।

আমি কিদৰে জানিব পাৰিলোঁ?

আমি দৈনিক ভাস্কৰ কাকতখনৰ পৃষ্ঠা বুলি দাবী কৰা ফটোখন ভালকৈ পৰীক্ষা কৰিলোঁ য’ত সংশ্লিষ্ট বাতৰিটো ২০২৪ চনৰ ১৩ এপ্ৰিলত কাকতখনৰ ভোপাল সংস্কৰণত প্ৰকাশ পোৱা বুলি উল্লেখ কৰা হৈছে। আমি ১৩ এপ্ৰিলত প্ৰকাশিত দৈনিক ভাস্কৰৰ মূল ভোপাল সংস্কৰণটোৰ সৈতে ভাইৰেল ফটোখন তুলনা কৰাত এইয়া ভুৱা বুলি নিশ্চিত হওঁ।

তুলনা কৰিলত দেখা গ’ল যে ভাইৰেল ফটোখনৰ মাষ্টহেডটো মূল কাগজখনৰ মাষ্টহেডৰ সৈতে একে। দুয়োখন কাগজতে তাৰিখ, সংস্কৰণৰ বিৱৰণ, তাপমাত্ৰা, চেন্সেক্স, ডলাৰ সূচকাংক একে। কিন্তু মাষ্টহেডটোৰ বাহিৰে ভাইৰেল ফটোখনত বাতৰিকে ধৰি আন সকলো বিষয়বস্তু সলনি কৰা হৈছে। মূল সংস্কৰণটোত বিজেপি এটা বিজ্ঞাপন আছে, যিটো ভাইৰেল ক্লিপিংটোত নাই।

ভাইৰেল ক্লিপিং আৰু ১৩ এপ্ৰিল তাৰিখৰ দৈনিক ভাস্কৰৰ মূল সংস্কৰণৰ মাজত তুলনা।(উৎস: এক্স/দৈনিক ভাস্কৰ/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

দৈনিক ভাস্কৰে এই সন্দৰ্ভত এক্সত এটা স্পষ্টীকৰণ জাৰি ভাইৰেল ফটোখন ভুৱা আৰু তেওঁলোকে এনে কোনো সমীক্ষা প্ৰকাশ কৰা নাই বুলি কয়। তদুপৰি প্ৰতিষ্ঠানটোৱে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও দাবী জনায়।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দৈনিক ভাস্কৰে “মোৰ ভোট, মোৰ পছন্দ” শীৰ্ষক এক প্ৰাক-নিৰ্বাচনী সমীক্ষা চলাইছিল। উক্ত সমীক্ষাত ৫৪৩টা লোকসভা সমষ্টিৰ ভিতৰত ৩০৮টা সমষ্টি সামৰি লোৱা হৈছিল য’ত ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮ লাখ লোকে অংশগ্ৰহণ কৰিছিল। সমীক্ষাটোত ৪৮ শতাংশ লোকে মোদী পুনৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাটো বিচাৰে বুলি ফলাফল আহিছিল। সমীক্ষাটোৰ ফলাফলৰ ভিত্তিত কাকতখনে একাধিক প্ৰতিবেদনো প্ৰকাশ কৰিছে। কিন্তু ১০ খন ৰাজ্যত ইণ্ডিয়া মিত্ৰজোঁট জয়ী হ’ব বুলি কোনো এটা প্ৰতিবেদনত উল্লেখ কৰা নাই।

সিদ্ধান্ত

ভাইৰেল ফটোখন ভুৱা। ১০খন ৰাজ্যত ইণ্ডিয়া মিত্ৰজোঁট জয়ৰ ভৱিষ্যদ্বাণী কৰি দৈনিক ভাস্কৰে কোনো সমীক্ষা প্ৰকাশ কৰা নাই আৰু সংবাদ প্ৰতিষ্ঠানটোৱে সেই কথা স্পষ্ট কৰিছে। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।