পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে ডাউদ ইব্ৰাহিমৰ মৃত্যু হোৱা বুলি পোষ্ট দিয়া নাছিল

লেখক: ৰাহুল অধিকাৰী
ডিচেম্বৰ 20 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে ডাউদ ইব্ৰাহিমৰ মৃত্যু হোৱা বুলি পোষ্ট দিয়া নাছিল

পাকিস্তানী নেতাই ডাউদ ইব্ৰাহিমৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰি এক্সত পোষ্ট কৰিছিল ছ’চিয়েল মিডিয়াত দাবী কৰা হৈছিল। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

পাকিস্তানৰ নেতৃত্বই গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ মৃত্যু নিশ্চিত কৰা বুলি মিছাকৈ দাবী কৰি দুটা ভুৱা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা হৈছে।

ক্লেইম আইডি 3066c9f3

কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ মৃত্যু ঘটা বুলি যোৱা ১৭ ডিচেম্বৰত ছ’চিয়েল মিডিয়াত ব্যাপক গুজবৰ সৃষ্টি হৈছিল, এইদৰে কোৱা হৈছিল যে ডাউদক বিহ দিয়া হৈছিল। পাকিস্তানৰ এজন ইউটিউবাৰৰ এটা বিশেষ ভিডিঅ’ক কেন্দ্ৰ কৰিয়ে ছ’চিয়েল মিডিয়াত এই গুজবে ব্যাপক চৰ্চা লাভ কৰে। অৱশ্যে পিছত নিৰ্ভৰযোগ্য চোৰাংচোৱাৰ সূত্ৰৰ উদ্ধৃতি দি ইণ্ডিয়া টুডেত ১৮ ডিচেম্বৰত প্ৰকাশিত এক প্ৰতিবেদনত এইয়া এক উৰাবাতৰি বুলি কোৱা হয়।

কি দাবী কৰা হৈছে?

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ডাউদ ইব্ৰাহিমৰ নিশ্চিতভাৱে মৃত্যু হোৱা বুলি দাবী কৰা দুটা এক্স (পূৰ্বৰ টুইটাৰ) পোষ্টৰ স্ক্ৰীণশ্বট যথেষ্ট ভাইৰেল হৈ পৰে। পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনোৱাৰ-উল-হক কাকাৰ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে দিয়া বুলি দাবী কৰা উক্ত পোষ্ট দুটা ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছিল।

কাকাৰৰ তথাকথিত পোষ্টটোত ডাউদ ইব্ৰাহিমক প্ৰশংসা কৰি কোৱা হয়, "মানৱতাৰ ত্ৰাণকৰ্তা, প্ৰতিখন পাকিস্তানী হৃদয়ৰ মৰমৰ, আমাৰ অতি প্ৰিয় মহামান্য ডাউদ ইব্ৰাহিমৰ অজ্ঞাত বিষক্ৰিয়াৰ ফলত মৃত্যু হয়। তেওঁ কৰাচীৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। আল্লাই তেওঁক জন্নতত সৰ্বোচ্চ স্থান প্ৰদান কৰক।" ইন্না লিল্লাহী ৱা ইন্না ইলাইহি ৰাজি'উন। #ডাউদ ইব্ৰাহিম।” পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

উক্ত স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰা এটা অসমীয়া ফেচবুক পোষ্টৰ কেপচনত লিখা আছে, "আনুষ্ঠানিক নিশ্চিতকৰণ: ডাউদ ইব্ৰাহিমৰ//ইতিমধ্যে মৃত্যু হৈছে ।//মানৱতাৰ মচীহ, প্ৰতিজন পাকিস্তানী হৃদয়ৰ প্ৰিয়, আমাৰ প্ৰিয় মহামহিম দাউদ ইব্ৰাহিম অজ্ঞাত দ্বাৰা বিষক্ৰিয়াৰ বাবে শেষ নিশ্বাস ত্যাগ কৰে ।  কৰাচীৰ এখন চিকিৎসালয়ত শেষ উশাহ লৈছিল ।  আল্লাহে তেওঁক জান্নাতত সৰ্বোচ্চ পদবী প্ৰদান কৰক ।  ইন্না লিল্লাহী ৱা ইন্না ইলাইহি ৰাজিউন ।//ওপৰৰ ভাষ্যখিনি মোৰ নহয় এজন ডাউদৰ শুভাকাংশী আনৱৰ উল হক ককৰৰ হে  !!!” পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব।

ভাইৰেল এক্স পোষ্টটো শ্বেয়াৰ কৰা এটা অসমীয়া ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আনহাতে, শ্বৰীফৰ বুলি দাবী পোষ্টটোত লিখা আছিল, “দয়ালু ব্যক্তিত্বৰ সৈতে পাকিস্তানৰ এজন দায়িত্বশীল নাগৰিক মহামান্য ডাউদ ইব্ৰাহিমক বিহ খুৱাই হত্যা কৰা কাৰ্যক মই গৰিহণা দিছো। মানৱতাৰ প্ৰতি তেওঁৰ অৱদান পাহৰিব নোৱাৰি। এইয়া সমগ্ৰ পাকিস্তান আৰু পাকিস্তানৰ জনসাধাৰণৰ বাবে এক গভীৰ দুখৰ সময়। আল্লাই তেওঁক ক্ষমা কৰক আৰু তেওঁ জন্নতত উচ্চ স্থান লাভ কৰক।” আন এজন ব্যৱহাৰকাৰীয়ে এক্সত দুয়োটা স্ক্ৰীণশ্বটৰ এটা কলাজ শ্বেয়াৰ কৰিছিল। পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ  ইয়াত চাব পাৰিব।

ভাইৰেল এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এই স্ক্ৰীণশ্বট দুটা সঁচা নহয়। ডিজিটেলভাৱে সম্পাদনা কৰি স্ক্ৰীণশ্বট দুটা তৈয়াৰ কৰা হৈছিল। পাকিস্তানী নেতা দুগৰাকীৰ কোনো এজনে ছ’চিয়েল মিডিয়াত এনে পোষ্ট দিয়া নাছিল।

আমি কি বিচাৰি পালোঁ?

পাকিস্তান চৰকাৰ, দেশখনৰ প্ৰধানমন্ত্ৰী বা আন কোনো বিষয়াই ডাউদ ইব্ৰাহিমৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছিল নেকি আমি বিচাৰি চাওঁ। কিন্তু, পাকিস্তানৰ নেতৃবৰ্গই এনেধৰণৰ কোনো বক্তব্য দিয়া দেখা নাপালোঁ।

ইয়াৰ উপৰিও আমি পোষ্ট দুটা তুলনা কৰিবলৈ সক্ষম হৈছিলোঁ আৰু দেখিলোঁ যে পোষ্ট দুটাৰ ফৰ্মেটিং প্ৰকৃত এক্স পোষ্টতকৈ পৃথক। 

আনোৱাৰ-উল-হক কাকাৰৰ বুলি দাবী কৰা ভাইৰেল পোষ্টটো 

আমি লক্ষ্য কৰিলোঁ যে কাকাৰৰ বুলি দাবী কৰা এক্স পোষ্টটো এণ্ড্ৰইড ফোনৰ এটা ভিউ যেন লাগিল। পোষ্টটোৰ আখৰ, তাৰিখ আৰু ট্ৰেকচন টাইলৰ আকাৰ এক্সৰ দৰে একে নহয়। ইয়াৰ উপৰিও এক্স পোষ্টত ডেটলাইন, ট্ৰেকচন টাইল, আৰু কমেন্ট চেকচনক ভাগ কৰা দুডাল সৰলৰেখা থাকে। অৱশ্যে ভাইৰেল স্ক্ৰীণশ্বটত সেই লাইন দুডাল নাই। আমি ভাইৰেল স্ক্ৰীণশ্বটটোক কাকাৰৰ অফিচিয়েল একাউণ্টৰ এক্স পোষ্টৰ এণ্ড্ৰইড সংস্কৰণৰ স্ক্ৰীণশ্বটৰ সৈতে তুলনা কৰিলোঁ আৰু বিসংগতিবোৰ লক্ষ্য কৰিলোঁ।

লগতে, আমি এইটোও লক্ষ্য কৰিলোঁ যে ভাইৰেল স্ক্ৰীণশ্বটত থকা ব্যৱহাৰকাৰীৰ নামৰ বানান কাকাৰৰ অফিচিয়েল এক্স একাউণ্টত দেখা ব্যৱহাৰকাৰীৰ নামৰ পৰা পৃথক। কাকাৰৰ প্ৰকৃত একাউণ্টত 'anwaar_kakar' নামটো ব্যৱহাৰ কৰা হৈছে, কিন্তু ভাইৰেল স্ক্ৰীণশ্বটত দেখা ব্যৱহাৰকাৰীৰ নাম হৈছে 'anwaar_kakkar', অৰ্থাৎ ইয়াত এটা অতিৰিক্ত ইংৰাজী 'কে' আখৰ আছে।

ভাইৰেল পোষ্ট আৰু আনোৱাৰ উল হকৰ এটা প্ৰকৃত এক্স পোষ্টৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি এইটোও জানিব পাৰিলোঁ যে ভাইৰেল স্ক্ৰীণশ্বটত থকা ব্যৱহাৰকাৰীৰ নামটো আনোৱাৰ উল হক কাকাৰ (ফেনছ) নামৰ এটা এক্স একাউণ্টৰ হয়। অৱশ্যে উক্ত একাউণ্টত আমি উল্লেখিত পোষ্টটো বিচাৰি নাপালোঁ। আমি এই একাউণ্টটোৰ বাবে ছ’চিয়েল মিডিয়া এনালিটিক্স ৱেবছাইট ‘ছ’চিয়েল ব্লেড’ ব্যৱহাৰ কৰি দেখিলোঁ যে ইয়াত যোৱা ৩০ দিনত কোনো পোষ্ট শ্বেয়াৰ কৰা হোৱা নাই।

ইয়াৰ পিছত আমি কাকাৰৰ অফিচিয়েল এক্স একাউণ্টটো চাওঁ কিন্তু ১৮ ডিচেম্বৰৰ ভাইৰেল স্ক্ৰীণশ্বটত দেখা পোৱা পোষ্টটোৰ দৰে কোনো পোষ্ট ইয়াত বিচাৰি নাপালোঁ। কাকাৰে ১৮ ডিচেম্বৰত মাত্ৰ এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁ পাকিস্তান আৰু নৰৱেৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ তম বাৰ্ষিকীৰ শুভেচ্ছা জনাইছিল। ডাউদ ইব্ৰাহিমৰ তথাকথিত মৃত্যুৰ বিষয়ে তেওঁ একো পোষ্ট কৰা নাছিল। আমি ৱেবেক মেচিনত এক্স একাউণ্টটোৰ আৰ্কাইভ কৰা পোষ্টবোৰ পৰীক্ষা কৰিলোঁ আৰু তেনে কোনো পোষ্ট বিচাৰি পোৱা নাছিলোঁ। 

শ্বেহবাজ শ্বৰীফৰ বুলি দাবী কৰা ভাইৰেল পোষ্টটো 

শ্বৰীফৰ বুলি দাবী কৰা এক্স পোষ্টটোৰ ভাইৰেল স্ক্ৰীণশ্বটত ব্যৱহাৰকাৰীৰ নাম তেওঁৰ মূল একাউণ্টৰ দৰে একে। তদুপৰি ভাইৰেল স্ক্ৰীণশ্বটটোত ট্ৰেকচন বা পোষ্ট কৰাৰ তাৰিখ দেখা নাযায়। 

অৱশ্যে, আমি শ্বৰীফৰ এক্স একাউণ্টো চাই দেখিলোঁ যে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ১৭ ডিচেম্বৰৰ পৰা তিনিটা পোষ্ট শ্বেয়াৰ কৰিছে, ইয়াৰে কোনোটোৱেই ডাউদ ইব্ৰাহিমৰ তথাকথিত মৃত্যুৰ সৈতে সম্পৰ্কিত নহয়। আমি শ্বৰীফৰ এক্স একাউণ্টৰ বাবেও ৱেবেক মেচিনত পৰীক্ষা কৰি চাইছিলো কিন্তু ভাইৰেল পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ বিচাৰি নাপালোঁ।

ভাইৰেল পোষ্ট আৰু শ্বেহবাজ শ্বৰীফৰ এটা প্ৰকৃত এক্স পোষ্টৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

শ্বৰীফ আৰু কাকাৰৰ একাউণ্টৰ কাৰ্যকলাপ

কাকাৰ আৰু শ্বৰীফৰ অফিচিয়েল একাউণ্টৰ কাৰ্যকলাপসমূহ ট্ৰেক কৰিবলৈ আমি ‘ছ’চিয়েল ব্লেড’ ব্যৱহাৰ কৰিছিলোঁ। ‘ছ’চিয়েল ব্লেড’ৰ মতে, ৬ ডিচেম্বৰৰ পৰা কাকাৰ আৰু শ্বৰীফে এক্সত কোনো পোষ্ট ডিলিট কৰা নাই। ডাউদ ইব্ৰাহিমৰ মৃত্যুৰ অপৰীক্ষিত খবৰ ১৭ ডিচেম্বৰত ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল। সেই তেতিয়াৰ পৰা কোনো এটা একাউণ্টৰ পৰা একো পোষ্ট ডিলিট কৰা হোৱা নাই। 

তলৰ ছবিখনত ‘ফলৱাৰ্ছ’ আৰু ‘ফলৱিঙ’ৰ স্তম্ভকেইটাৰ তলৰ (+) আৰু (-) চিহ্ন দুটাই ক্ৰমে ‘ফলৱাৰ্ছ’ আৰু ‘ফলৱিঙ’ৰ লাভ কৰা/হেৰুৱা সংখ্যা সূচায়। 'টুইট' স্তম্ভৰ তলত থকা চিনবোৰে দিয়া/ডিলিট কৰা পোষ্টৰ সংখ্যা সূচায়। আমি দেখিবলৈ পাওঁ যে ১৭ ডিচেম্বৰৰ পৰা শ্বৰীফ বা কাকৰে কোনো পোষ্ট ডিলিট কৰা নাই।

আনোৱাৰ উল হক আৰু শ্বেহবাজ শ্বৰীফৰ এক্স একাউণ্টৰ এনালিটিক্স। (উৎস: ছ’চিয়েল ব্লেড)

সিদ্ধান্ত

ডাউদ ইব্ৰাহিমৰ মৃত্যু সন্দৰ্ভত আনোৱাৰ-উল-হক কাকাৰ আৰু শ্বেহবাজ শ্বৰীফে দিয়া বুলি দাবী কৰা ভাইৰেল এক্স পোষ্ট দুটা ভুৱাকৈ প্ৰস্তুত কৰা হৈছিল। পাকিস্তানৰ তত্বাৱধায়ক প্ৰধানমন্ত্ৰী বা প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে এক্সত ডাউদ ইব্ৰাহিমৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰা নাছিল।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , हिंदी , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।