অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মেক্সৱেলে তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰা ফটোখন সঁচা নহয়

লেখক: বিবেক জে
নৱেম্বৰ 15 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মেক্সৱেলে তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰা ফটোখন সঁচা নহয়

গ্লেন মেক্সৱেলে শচীন তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰা বুলি দাবী কৰা ছবিখনৰ সৈতে পোষ্টবোৰৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

গ্লেন মেক্সৱেলে তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰা ছবিখন ডিজিটেলভাৱে সলনি কৰা হৈছে। মূল ছবিখন ৭ নৱেম্বৰৰ অষ্ট্ৰেলিয়া-আফগানিস্তান খেলৰ এদিন আগৰ হয়।

ক্লেইম আইডি 865a20d1

দাবী কি?

২০২৩ চনৰ ৭ নৱেম্বৰত মুম্বাইৰ ৱানখেডে ক্ৰিকেট ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হোৱা আইচিচি ক্ৰিকেট বিশ্বকাপৰ খেলৰ পিছত অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ গ্লেন মেক্সৱেলে ভাৰতীয় ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰা বুলি দাবী কৰি এখন ছবি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰে।

এক্স (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ কৰা এনে এটা পোষ্টৰ কেপচনত লিখা আছিল, “যেতিয়া শচীন তেণ্ডুলকাৰে কালি গ্ৰাউণ্ডত মেক্সৱেলক অভিনন্দন জনাবলৈ আহিছিল, তেতিয়া মহান মেক্সৱেলে প্ৰণাম কৰি কিংবদন্তি, শচীন তেণ্ডুলকাৰৰ ভৰি চুই তেওঁৰ আশীৰ্বাদ বিচাৰিছিল। ক্ৰিকেটৰ ইতিহাসৰ অন্যতম মহান মুহূৰ্ত। এইসকল মহান ক্ৰিকেটাৰলৈ চেলুট। (sic)” এই ছবিখন থকা অনুৰূপ পোষ্টৰ আৰ্কাইভ ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

ভাইৰেল পোষ্টটোৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট)

এনে ধৰণৰ পোষ্ট ফেচবুকত অসমীয়াটো ভাইৰেল হোৱা দেখা গৈছে । আৰ্কাইভ ইয়াত চাব পাৰিব ।

অসমীয়া ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট)

কিন্তু লজিকেলী ফেক্টছে নিৰ্ধাৰণ কৰিছে যে এই ছবিখন বাস্তৱ নহয় আৰু ইয়াক ডিজিটেলভাৱে সম্পাদনা কৰা হৈছিল। খেলৰ পিছত গ্লেন মেক্সৱেলে শচীন তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰাৰ কোনো ৰিপৰ্ট নাই।

আমি কি পাইছিলোঁ?

ভাইৰেল ছবিখনত শচীন তেণ্ডুলকাৰৰ হাতখন ভালদৰে পৰ্যবেক্ষণ কৰিলে ইয়াক বিকৃত যেন লাগে, যিটোৱে ছবিখন ডিজিটেলভাৱে সম্পাদনা কৰাৰ ইংগিত দিয়ে।

ভাইৰেল ভিডিঅ’টোৰ কিফ্ৰেম ব্যৱহাৰ কৰি আমি গুগল ইমেজ চাৰ্চ কৰাৰ পিছত আমি কোনো অনুৰূপ ছবি পোৱা নাছিলো য’ত মেক্সৱেলক টেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰা দেখা গৈছিল।

গুগলত “শচীন তেণ্ডুলকাৰ” আৰু “আফগানিস্তান বনাম অষ্ট্ৰেলিয়া” শব্দ দুটা বিচাৰিলে উক্ত মেচখনৰ সম্পৰ্কিত শচীন তেণ্ডুলকাৰৰ কেইবাটাও বাতৰি আৰু ভিডিঅ’ দেখা পোৱা গৈছে য’ত তেণ্ডুলকাৰে মেক্সৱেলৰ সৈতে ভাইৰেল ছবিখনত দেখা একেটা টি-চাৰ্ট পিন্ধিছিল।

ভাইৰেল ছবিখনত দেখা পোৱা একেটা টি-চাৰ্ট পিন্ধা তেণ্ডুলকাৰৰ ভিডিঅ’ থকা ফেচবুক পোষ্ট। 

অনুষ্ঠানটোৰ ভিডিঅ’ আৰু ছবি পৰীক্ষা কৰি আমি ষ্টক ফটো ৱেবছাইট গেট্টি ইমেজত এখন ছবি পাইছিলোঁ য’ত শচীন তেণ্ডুলকাৰৰ ভংগীমা আৰু কাপোৰ ভাইৰেল ছবিখনৰ সৈতে প্ৰায় একে।

গেট্টি ইমেজৰ ফটোখনত তেণ্ডুলকাৰে এজন আফগান খেলুৱৈৰ সৈতে হাত মিলাই থকা দেখা গৈছে আৰু ছবিখনৰ কেপচনত উল্লেখ কৰা হৈছে যে এই ছবিখন ২০২৩ চনৰ ৬ নৱেম্বৰত ৱানখেডে ষ্টেডিয়ামত আফগানিস্তানৰ অনুশীলনৰ সময়ত তোলা হৈছে। আমি এই গেট্টি ছবিখনৰ সৈতে ভাইৰেল ছবিখন তুলনা কৰি দেখিলোঁ যে শচীন তেণ্ডুলকাৰৰ এই ছবি দুখনৰ বহুত মিল আছে।

ভাইৰেল ভিডিঅ’টোত তেণ্ডুলকাৰ আৰু তেণ্ডুলকাৰৰ আঁৰত দেখা পোৱা ৰছিদ খানৰ সৈতে হাত মিলাই থকা এজন আফগান খেলুৱৈ দুয়োকে ছবিখনৰ পৰা সম্পাদনা কৰি আঁতৰোৱা হৈছে, আৰু ইয়াত গ্লেন মেক্সৱেলৰ এটা অসংলগ্ন ছবি ডিজিটেলভাৱে সন্নিৱিষ্ট কৰা হৈছে।

ভাইৰেল ছবি আৰু গেট্টি ছবিৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: X/গেট্টি ইমেজ/স্ক্ৰীণশ্বট)

আফগানিস্তান-অষ্ট্ৰেলিয়াৰ খেলখনত শচীন তেণ্ডুলকাৰে ৱানখেদে ষ্টেডিয়ামত ব্যক্তিগতভাৱে উপস্থিত থকাৰ কোনো খবৰ আমি পোৱা নাছিলো। অৱশ্যে ৮ নৱেম্বৰত টেণ্ডুলকাৰে মেক্সৱেলক তেওঁৰ অফিচিয়েল এক্স একাউণ্টত দিয়া এটা পোষ্টত অভিনন্দন জনায়।

সিদ্ধান্ত

অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ গ্লেন মেক্সৱেলে ভাৰতীয় ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰা বুলি কোৱা ছবিখন ডিজিটেলভাৱে সলনি কৰা হৈছে। ভাইৰেল ফটোখনত তেণ্ডুলকাৰৰ মূল ছবিখন খেলখনৰ আগৰ দিনৰ হয়। সেয়েহে আমি এই দাবীক ভুৱা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।