কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণিৰ এই ফটোখন সম্পাদনা কৰা হৈছে

লেখক: ৰজনী কে জি
মাৰ্চ 13 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণিৰ এই ফটোখন সম্পাদনা কৰা হৈছে

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণিৰ ফটো বুলি সম্পাদিত ফটো শ্বেয়াৰ কৰা হৈছে। (উৎস: ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান ভুৱা

এইখন তুৰ্কীৰ এগৰাকী বেলী ডান্সাৰৰ ফটো হয় । সম্পাদনা কৰি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণিৰ মুখখন পাছত লগোৱা হৈছে।

ক্লেইম আইডি 73de5495

কি দাবী কৰা হৈছে?

কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণিয়ে বেলী নৃত্যৰ পোছাক পৰিধান কৰা এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোখনত তেওঁক এখন চকীত বহি থকা এজন ব্যক্তিৰ কাষত থিয় হৈ থকা দেখা যায়। এনে পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত আৰু ইয়াত উপলব্ধ।

ছ'চিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল ছবিখনৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/এক্স/লজিকলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্যে, এই ফটোখন ভুৱা হয়। প্ৰকৃততে এইখন তুৰ্কীৰ এগৰাকী বেলী নৃত্যশিল্পীৰ ফটো হয় আৰু স্মৃতি ইৰাণিৰ মুখখন ইয়াত সম্পাদনা কৰি লগোৱা হৈছে।

আমি কি বিচাৰি পালোঁ?

ফটোখন মন দি চালে দেখা যায় যে স্মৃতি ইৰাণিৰ মুখমণ্ডল শৰীৰৰ বাকী অংশটোৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়, ইয়াৰ দ্বাৰা ফটোখন সম্পাদনা কৰা হৈছে বুলি এক অনুমান হয়।

ৰিভাৰ্ছ ইমেজ চাৰ্চৰ জৰিয়তে আমি ট্ৰিপএডভাইজৰ নামৰ এটা ট্ৰেভেল ৱেবছাইটত মূল ফটোখন বিচাৰি পাওঁ। ফটোখনৰ কেপচনত “ফটো: তুৰ্কীৰ বিবিকিউ নাইটত বেলী ডান্সাৰ” বুলি লিখা আছিল আৰু তুৰ্কীৰ মাৰ্মাৰিছত থকা ক্লাব এক্সেলচিয়াৰ নামৰ এখন হোটেলত ফটোখন তোলা হৈছিল।

মূল ফটোখন আৰু সম্পাদিত ফটোখনত মহিলাগৰাকীৰ মুখখনৰ বাহিৰে বাকী সকলো অংশ একে। ইয়াৰ দ্বাৰা আমি নিশ্চিত হ'লোঁ যে ফটোখনত নৃত্যশিল্পী গৰাকীৰ মুখখনৰ ঠাইত স্মৃতি ইৰানিৰ মুখখন লগাই দিয়া হৈছে আৰু ফটোখন পুৰণি দেখুৱাবলৈ ইয়াক এখন ক’লা-বগা ফটোৰ ৰূপ দিয়া হৈছে। ফটোখনৰ মূল উৎস আৰু ফটোগ্ৰাফাৰ গৰাকীৰ পৰিচয় জানিব পৰা নগ’ল যদিও যিহেতু কেৱল উক্ত প্লেটফৰ্মতহে ফটোখন উপলব্ধ সেয়ে হোটেলখনলৈ যোৱা কোনো লোক বা ব্যৱহাৰকাৰীয়ে হয়তো ফটোখন আপলোড কৰিছিল বুলি অনুমান কৰিব পাৰি।

ভাইৰেল ফটোখনৰ সৈতে ট্ৰিপএডভাইজৰত উপলব্ধ মূল ফটোখনৰ তুলনা। (উৎস: ফেচবুক/ট্ৰিপএডভাইজৰ/লজিকলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

সিদ্ধান্ত

ভাইৰেল ফটোখনত এগৰাকী বেলী নৃত্যশিল্পীৰ ফটো সম্পাদনা কৰি তাত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণিৰ মুখখন লগোৱা হৈছিল। সেয়েহে আমি এই দাবীটো ভুৱা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।