ৰবটে ধান কটা এই ভাইৰেল ভিডিঅ’টো 'চিজিআই' হয়, সঁচা নহয়

লেখক: খ্ৰীষ্টিয়ান হাগ
এপ্ৰিল 3 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
ৰবটে ধান কটা এই ভাইৰেল ভিডিঅ’টো 'চিজিআই' হয়, সঁচা নহয়

ৰবটে পথাৰত ধান কাটি থকাৰ দৃশ্য বুলি দাবী কৰি ছ'চিয়েল মিডিয়াত চিজিআই ভিডিঅ' প্ৰচাৰিত। (উৎস: এক্স/স্ক্ৰীণশ্বট)

ফেক্ট চেক

ৰায়দান ভুৱা

এইটো এটা ভুৱা ভিডিঅ’ হয়, চিজিআই ভিজুৱেল এফেক্ট ছফ্টৱেৰ ব্যৱহাৰ কৰি ভিডিঅ’টো বনোৱা হৈছে।

ক্লেইম আইডি 0a0957e5

কি দাবী কৰা হৈছে?

এটা ৰবটে পথাৰত ধান কাটি থকা এটা ভিডিঅ’ যোৱা কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আগন্তুক দিনত ৰবটে শ্ৰেমিক হিচাপে যে মানুহৰ ঠাই দখল কৰিব এয়া তাৰেই এক প্ৰমাণ বুলি দাবী কৰে।  

এগৰাকী ব্যৱহাৰকাৰীয়ে এক্সত (ইয়াত আৰ্কাইভ কৰা হৈছে) ভিডিঅ'টো পোষ্ট কৰি কেপচনত লিখিছে, " অতি সোনকালে 'অভিজাত'সকলক তেওঁলোকৰ কামৰ বাবে মানুহৰ প্ৰয়োজন নাথাকিব। ডব্লিউইএফ আৰু চেটানিক গ্লোবালিষ্টসকলে এই 'অদৰকাৰী ভক্ষকবোৰক'লৈ কি কৰিব?" 

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট)

‘নতুন অসম’ নামৰ এটা ফেচবুকত পেজত পথাৰত ৰবটে ধান কটা এটা একেধৰণৰ ভিডিঅ’ শ্বেয়াৰ কৰি শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘‘মানুহ এদিন কাৰ গোলাম হ'ব জানেনে? ভিডিঅ'টো ভালকৈ শেষলৈকে চাওক আৰু ভাৱক। কমেন্ট কৰক আপোনাৰ মনোভাব।’’ ইয়াত আৰ্কাইভ কৰা হৈছে। 

অৱশ্যে, ভিডিঅ’টোত দেখা উক্ত ৰবটটো যে চিজিআই (কম্পিউটাৰ-জেনেৰেটেড ইমেজেৰী) দ্বাৰা প্ৰস্তুত কৰা হৈছে সেয়া ভিডিঅ’টোত থকা একাধিক বিসংগতিৰ পৰা ধৰিব পাৰি।

প্ৰকৃত তথ্য

ভিডিঅ’টো ভালদৰে চালে দেখা যায় যে ৰবটটোৱে মুঠি নমৰাকে ধান কাটি আছে, ইয়াৰ উপৰি ৰবটটোৰ ভৰি দুখনলৈ লক্ষ্য কৰিলে মাটিত নপৰাকৈ ওপৰত লৰচৰ কৰি থকা যেন লাগে। আনহাতে, ৰবটটোৰ সোঁ ভৰিখনৰ কাষত মানুহৰ ভৰি এখন দেখা যায়, ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি যে এটা চিজিআই ছবি ধান কাটি থকা এজন মানুহৰ ভিডিঅ’ৰ ওপৰত চুপাৰইম্প’জ কৰা হৈছে।

ভিডিঅ’টোত থকা বিভিন্ন বিসংগতিৰ দ্বাৰা এইটো চিজিআই জেনেৰেটেড বুলি ধৰিব পাৰি। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

আমি ভিডিঅ'টোত ব্যৱহৃত সম্পাদনা নকৰা মূল ফুটেজটো বিচাৰি উলিয়াব পৰা নাই যদিও ইয়াৰ পূৰ্বে ফুটেজটো আপলোড কৰা "গেজেটগ্ৰাউণ্ড" নামৰ এটা ইনষ্টাগ্ৰাম পেজ লাভ কৰোঁ য'ত ৰবটে ফাৰ্মৰ জীৱ-জন্তুক দানা খুৱাই থকা, এখন বেৰত প্লাষ্টাৰ কৰি থকা আদি কাম কৰা দেখা যায়।

লজিকেলী ফেক্টছে বিচাৰি উলিয়াই যে ভিডিঅ’টোত দেখুওৱা ৰবটটো ৱণ্ডাৰ ষ্টুডিঅ’ৰ সহায়ত নিৰ্মাণ কৰা হৈছে, যিটো ৱণ্ডাৰ ডাইনেমিক্সৰ দ্বাৰা নিৰ্মিত এটা এআই চালিত ভিজুৱেল ইফেক্টছ চফ্টৱেৰ হয় আৰু,ইয়াৰ দ্বাৰা সহজেই চিজিআই ইমেজৰী তৈয়াৰ কৰিব পাৰি। ভাইৰেল ভিডিঅ'টোত চফ্টৱেৰটোত উপলব্ধ "চাৰ্লি" মডেলটো ব্যৱহাৰ কৰা হৈছে।

ভাইৰেল ভিডিঅ'টো (বাওঁফালে), ছ'চিয়েল উপলব্ধ এটা অনুৰূপ ভিডিঅ’ (মাজত), আৰু ৱাণ্ডাৰ ষ্টুডিঅ’ত উপলব্ধ চাৰ্লি ৰবট মডেলৰ মাজত তুলনা। (উৎস: এক্স/ইনষ্টাগ্ৰাম/ৱাণ্ডাৰ ডাইনামিক্স/স্ক্ৰীণশ্বট)

শস্য চপোৱাত ৰবট ব্যৱহাৰ কৰা হয়নে? 

আন আন ক্ষেত্ৰৰ দৰেই আজিকালি কৃষিকৰ্মতো ৰবট প্ৰযুক্তিৰ ব্যৱহাৰ দেখা যায়। মানৱবিহীন বিমান (ইউএভি বা ড্ৰ’ন)-এ পচা বা কীটনাশকৰ স্থান নিৰ্ণয় কৰি কৃষিযোগ্য অঞ্চলৰ মানচিত্ৰ যুগুত কৰিব পাৰে, আনহাতে শস্য চপোৱাৰ বাবেও ৰবট ব্যৱহাৰ কৰিব পাৰি।

২০২৩ চনত চিবিএছে কেলিফৰ্ণিয়াৰ হাইড্ৰ’পনিক পথাৰত ষ্ট্ৰবেৰী তোলা কামত ব্যৱহৃত ৰবটৰ বিষয়ে এক প্ৰতিবেদন প্ৰকাশ কৰি কিদৰে প্ৰদেশখনত দেখা দিয়া খৰাং আৰু শ্ৰমিকৰ নাটনি সমাধান কৰিব পাৰি তাৰ উদাহৰণ দাঙি ধৰিছিল। একেদৰে এগ্ৰ’বটে ষ্ট্ৰবেৰী তোলাৰ বাবে ২৪খন হাতযুক্ত এটা ৰবট এটা প্ৰস্তুত কৰিছে। এনেধৰণৰ প্ৰযুক্তিগত উন্নতিয়ে বিভিন্ন ক্ষেত্ৰত সংস্থাপনৰ বাট বন্ধ কৰি শ্ৰমিকৰ প্ৰতি যে প্ৰত্যাহ্বান নমাই আনিব পাৰে তাক অস্বীকাৰ কৰিব নোৱাৰি। সেয়ে ব্ৰিটেইনৰ একাংশ বিশেষজ্ঞই শ্ৰমিক আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰি দায়িত্বসহকাৰে ৰবট প্ৰযুক্তিৰ বিকাশ আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

সিদ্ধান্ত

ভাইৰেল ভিডিঅ’টোত একাধিক বিসংগতি আছে যাৰ দ্বাৰা ধান কাটি থকা এটা ভিডিঅ’ত এটা চিজিআই ৰবটৰ ছবি চুপাৰইম্প’জ কৰা হৈছে বুলি ধৰিব পাৰি। সেয়েহে আমি এই ভিডিঅ'টো ভুৱা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।