২০১৬ৰ কাশ্মীৰৰ আহত ব্যক্তিৰ ছবি চলিত কৃষক প্ৰতিবাদৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

লেখক: ৰাহুল অধিকাৰী
মাৰ্চ 1 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০১৬ৰ কাশ্মীৰৰ আহত ব্যক্তিৰ ছবি চলিত কৃষক প্ৰতিবাদৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে

চলি থকা কৃষকৰ প্ৰতিবাদত আঘাতপ্ৰাপ্ত ব্যক্তিৰ ফটো বুলি দাবী কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এই ছবিখন ২০১৬ চনৰ জুলাই মাহত কাশ্মীৰ অশান্তিৰ সময়ত বন্দী কৰা হৈছিল। ইয়াক চলি থকা কৃষক প্ৰতিবাদৰ সৈতে মিছাকৈ জড়িত কৰা হৈছে।

ক্লেইম আইডি 51a4c3b2

দাবী কি?

ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ সীমান্তৰ বাহিৰত চলি থকা কৃষক প্ৰতিবাদৰ সময়ত এজন লোক আহত হোৱা বুলি দাবী কৰি এজন লোকৰ আহত মুখৰ কাষৰ পৰা তোলা এখন ছবি প্ৰচাৰ কৰা হৈছে। মানুহজনৰ মুখত সৰু সৰু ক’লা ঘাঁ দেখা গৈছে, আৰু তেওঁৰ মুখমণ্ডলত কিছু মলম লগোৱা যেনও দেখা গৈছে ।

কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এই ফটোখন ফেচবুক আৰু এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰি দাবী কৰিছে যে ভাইৰেল ফটোখনত চলি থকা প্ৰতিবাদৰ সময়ত চৰকাৰী বাহিনীয়ে আক্ৰমণ কৰি আঘাত প্ৰাপ্ত কৰা এজন লোকক দেখা গৈছে। 

এজন এক্স ইউজাৰে লিখিছে, "মোডীৰ গণতন্ত্ৰ⬇️⬇️। শম্ভু/খানোৰী সীমান্ত।" আন এটা পাঞ্জাবী ভাষাত লিখা ফেচবুক পোষ্টত দাবী কৰা হৈছে যে ফটোখনত এজন কৃষকক পেলেটেৰে আঘাত কৰা দেখা গৈছে। ছবিখন শ্বেয়াৰ কৰা ভাইৰেল পোষ্টসমূহৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত, ইয়াত, ইয়াত, আৰু ইয়াত চাব পাৰিব।

ভাইৰেল পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

কিন্তু এই দাবী মিছা, কিয়নো ছবিখন ২০১৬ চনৰ হয়। ভাইৰেল ছবিখনত থকা লোকজন কাশ্মীৰত প্ৰতিবাদৰ সময়ত আহত হৈছিল।

আমি কি পাইছিলোঁ?

ভাইৰেল ফটোখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০১৬ চনৰ ১৬ ছেপ্টেম্বৰৰ এটা বাতৰি পোৱা গ’ল, য’ত একেখন ছবিয়েই আছিল। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, উক্ত লোকজনৰ নাম মহম্মদ ইমৰাণ পেৰে হয়, আৰু কাশ্মীৰত প্ৰতিবাদৰ সময়ত তেওঁ গুলীৰ আঘাতত আঘাতপ্ৰাপ্ত হৈছিল। 

এই কাণ্ড ২০১৬ চনত সংঘটিত হৈছিল, আৰু ভাৰতীয় নিৰাপত্তা বাহিনীৰ পেলেট গুলীচালনাত আহত হোৱা লোকসকলৰ ভিতৰত পেৰে অন্যতম বুলি জানিব পৰা গৈছে ।

দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰবন্ধত প্ৰকাশ পোৱা ভাইৰেল ছবিখনৰ স্ক্ৰীণশ্বট । (উৎস: দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ/স্ক্ৰীণশ্বট)

আমি দেখিলোঁ যে পেৰেৰ আঘাতৰ ছবিখনৰ কৃতিত্ব সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছ (এপি)ক দিয়া হৈছিল। এপিয়ে ২০১৬ চনৰ ১৩ জুলাইত এতিয়া ভাইৰেল হোৱা এই ছবিখন প্ৰকাশ কৰিছিল, য’ত বৰ্ণনা কৰা হৈছিল যে সেই ছবিখন সেইদিনা ফটোগ্ৰাফাৰ দাৰ ইয়াছিনে বন্দী কৰিছিল। সংস্থাটোৱে আৰু কয় যে ছবিখনত শ্ৰীনগৰৰ এখন চিকিৎসালয়ত সুস্থ হৈ থকা পেৰেক দেখা গৈছে। ছবিখনৰ কেপচনত এইটোও উল্লেখ কৰা হৈছে যে স্থানীয় বিষয়া আৰু চিকিৎসকে কৈছিল যে কমেও চাৰিজন লোক নিহত হৈছে, আৰু ১০০ৰো অধিক লোক পেলেট বন্দুকৰ ফলত আংশিকভাৱে বা সম্পূৰ্ণৰূপে অন্ধ হৈ পৰিছে।

চলি থকা কৃষকৰ প্ৰতিবাদৰ মাজতে আন্দোলনকাৰীয়ে হাৰিয়ানা-পঞ্জাৱ সীমান্তৱৰ্তী শম্ভু আৰু খানাউৰীত আৰক্ষী বিষয়াই পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। হাৰিয়ানাৰ আৰক্ষী সঞ্চালক প্ৰধান শত্ৰুজীত কাপুৰে এনে অভিযোগ অস্বীকাৰ কৰাৰ বিপৰীতে চিকিৎসাৰ প্ৰতিবেদনত আহত প্ৰতিবাদকাৰীসকলক পৰীক্ষা কৰি পেলেট ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে। কিন্তু এই ভাইৰেল ছবিখন এই পৰিস্থিতিৰ সৈতে সম্পৰ্কহীন, বৰঞ্চ ২০১৬ চনৰ জুলাই মাহত কাশ্মীৰ উপত্যকাত প্ৰতিবাদৰ সময়ত এই ফটোখন বন্দী কৰা হৈছিল। 

কাশ্মীৰত কি হৈছিল?

২০১৬ চনৰ ৮ জুলাইত, ভাৰতৰ কাশ্মীৰ উপত্যকাত  হিজবুল মুজাহিদীনৰ উগ্ৰপন্থী বুৰহান ৱানীক হত্যা কৰাৰ পিছত অশান্তিৰ সৃষ্টি হৈছিল। এই সময়ত যথেষ্ট সংখ্যক প্ৰতিবাদকাৰী মৃত্যু মুখত পৰিছিল আৰু বহুতো আহত হৈছিল, ইয়াৰ মাজত বহুতো সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ সদস্যও আছিল। সেই সময়ত হোৱা আন্দোলনৰ বিষয়ে কেইবাটাও প্ৰতিবেদনত পেলেট গানৰ ব্যৱহাৰৰ তথ্য পোৱা গৈছিল, যাৰ ফলত ভুক্তভোগী লোকসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

বাতৰি অনুসৰি ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত কেইবাজনো প্ৰতিবাদকাৰী পেলেটৰ দ্বাৰা আহত হোৱাৰ পিছত তেতিয়াৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে কৈছিল যে চৰকাৰী সৈন্যই ভিৰ নিয়ন্ত্ৰণৰ বাবে শ্বটগানৰ পেলেটৰ পৰিৱৰ্তে কিছুমান জলকীয়া ভৰ্তি গোলা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব।

সিদ্ধান্ত

কাশ্মীৰত প্ৰতিবাদৰ সময়ত আহত হোৱা এজন লোকৰ পুৰণি ছবি শেহতীয়াকৈ দিল্লীত কৃষক প্ৰতিবাদৰ ফটো হিচাপে শ্বেয়াৰ কৰা হৈছে । ২০১৬ চনত শ্ৰীনগৰৰ এখন চিকিৎসালয়ত বন্দী হোৱা এই ছবিখন চলি থকা কৃষকৰ প্ৰতিবাদৰ সৈতে কোনো সম্পৰ্ক নাই। সেয়েহে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: অনুৰাগ বৰুৱা)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।