২০১৮ চনৰ ভিডিঅ’ মাউণ্ট মেৰাপিত সংঘটিত শেহতীয়া আগ্নেয়গিৰি উদগীৰণৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ডিচেম্বৰ 12 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০১৮ চনৰ ভিডিঅ’ মাউণ্ট মেৰাপিত সংঘটিত শেহতীয়া আগ্নেয়গিৰি উদগীৰণৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে

মাউণ্ট মেৰাপিত যোৱা ৩ ডিচেম্বৰত ঘটা আগ্নেয়গিৰি উদগীৰণ বুলি পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে। (উৎস: এক্স/ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

এইটো ২০১৮ চনৰ ফেব্ৰুৱাৰীৰ ভিডিঅ’, আৰু ইয়াত ইণ্ডোনেছিয়াৰ মাউণ্ট চিনাবুঙত সংঘটিত আগ্নেয়গিৰি উদগীৰণৰ দৃশ্য দেখা গৈছে।

ক্লেইম আইডি b6285343

যোৱা ৩ ডিচেম্বৰত ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপত অৱস্থিত দেশখনৰ আটাইতকৈ সক্ৰিয় আগ্নেয়গিৰিসমূহৰ ভিতৰত অন্যতম মাউণ্ট মেৰাপিত আগ্নেয়গিৰি উদগীৰণ ঘটি ২২ জন লোকৰ মৃত্যু হৈছিল। বিবিচিৰ মতে, উদগীৰণৰ ফলত আগ্নেয়গিৰিটোৰ সমীপৰ কেইবাখনো গাওঁ ৩ কিলোমিটাৰ পৰ্যন্ত ছাইৰ ডাৱৰে আৱৰি ধৰে। আনহাতে, বিস্ফোৰণৰ সময়ত অঞ্চলটোত থকা ৭৫ গৰাকী পৰ্বতাৰোহী আৱদ্ধ হৈ পৰাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল।

কি দাবী কৰা হৈছে?

এই পটভূমিত একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) সেইটো মাউণ্ট মেৰাপিৰ শেহতীয়া আগ্নেয়গিৰি উদগীৰণৰ ভিডিঅ’ বুলি দাবী কৰিছে। ভিডিঅ’টোত এক প্ৰকাণ্ড ডাৱৰ সদৃশ ধোঁৱা আকাশলৈ উঠি অহা দেখা যায়।

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা ছ'চিয়েল মিডিয়া পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

তেনে এটা এক্স পোষ্টত (ইয়াত আৰ্কাইভ কৰা হৈছে) লিখা আছে, "ইণ্ডোনেছিয়াৰ মাউণ্ট মেৰাপিত পুনৰ উদগীৰণ, ফলত অঞ্চলটোৰ ৭৫ জন স্থানীয় পৰ্বতাৰোহীৰ ভিতৰত ১১ জনৰ মৃত্যু হয়। বিষয়াসকলে অতি কমেও আৰু ১২ জন লোক নিৰুদ্দেশ হৈ থকাৰ খবৰ দিছে। ষ্টে’ টিউণ্ড।" প্ৰকাশৰ সময়ত উক্ত পোষ্টটোৱে ৫৯,০০০ ৰো অধিক ভিউ লাভ কৰিছিল।

অসমীয়া নিউজ চেনেল প্ৰাগ নিউজেও এটা ভিডিঅ’ ৰিপৰ্টত ভাইৰেল ক্লিপটো ব্যৱহাৰ কৰিছে। যোৱা ৪ ডিচেম্বৰত চেনেলটোৱে তেওঁলোকৰ ফেচবুক পেজত (ইয়াত আৰ্কাইভ কৰা হৈছে) ভিডিঅ’টো পোষ্ট কৰি লিখিছিল, "আগ্নেয়গিৰি উদগীৰণৰ ফলত ১১ পৰ্বতাৰোহীৰ মৃত্যু।"

ভাইৰেল ভিডিঅ'টো শ্বেয়াৰ কৰা প্ৰাগ নিউজৰ ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

অৱশ্যে এইটো ২০১৮ চনৰে ভিডিঅ’ হয় আৰু ইয়াত ইণ্ডোনেছিয়াৰ মাউণ্ট চিনাবুঙৰ আগ্নেয়গিৰি উদগীৰণ দেখা গৈছে।

আমি কি বিচাৰি পালোঁ?

ভিডিঅ'টোৰ এটা কীফ্ৰেমত ৰিভাৰ্চ-ইমেজ চাৰ্চ কৰি আমি এক্সত শ্বেয়াৰ কৰা এটা দীঘলীয়া ক্লিপ লাভ কৰোঁ য’ত একেখিনি দৃশ্য দেখা যায়। উক্ত ক্লিপটো ২০১৮ চনৰ ১৯ ফেব্ৰুৱাৰীত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ প্ৰয়াত মুখপাত্ৰ চুটোপো পুৰো নুগ্ৰোহোৱে শ্বেয়াৰ কৰিছিল।

ভাইৰেল ভিডিঅ'টো আৰু এক্সত শ্বেয়াৰ কৰা মূল ভিডিঅ'টোৰ স্ক্ৰীণশ্বটৰ তুলনা। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

নুগ্ৰোহোৰ পোষ্ট অনুসৰি, ভিডিঅ'টোত ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপৰ আন এক সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট চিনাবুঙত ঘটা উগৰীৰণৰ দৃশ্য বন্দী কৰা হৈছে। ইণ্ডোনেচিয়ান ভাষাত লিখা তেওঁৰ পোষ্টৰ গুগল অনুবাদ হৈছে, "চিনাবুং পৰ্বতৰ উগৰীৰণৰ বিশালতা। স্তম্ভৰ ৫ কিলোমিটাৰ পৰ্যন্ত, ইয়াৰ লগত ৪.৯ কিলোমিটাৰ পৰ্যন্ত গৰম ডাৱৰ ছিটিকি গৈছে।  শব্দটা গর্জি উঠিল। ২০১৪-২০১৮ বৰ্ষৰ পিছত গৰ্জন কৰি এবাৰ প্ৰথমবাৰৰ বাবে উদগীৰণ হৈছে। কোনো লোকৰ মৃত্যু হোৱা নাই। ৰেড জোনৰ সকলো বাসিন্দাক বহুদিন আগতেই স্থানান্তৰ কৰা হৈছে। #volcano #Sinabung"।’’

এই একেটা ভিডিঅ' জাকাৰ্টাস্থিত সংবাদ প্ৰতিষ্ঠান ৰেডিঅ' এলশিণ্টাই ২০১৮ চনৰ ১৯ ফেব্ৰুৱাৰীত এক্স-ত শ্বেয়াৰ কৰিছিল। ৰেডিঅ' এলশিণ্টাৰ পোষ্টত উক্ত উদগীৰণ মাউণ্ট চিনাবুঙত সংঘটিত হৈছিল বুলি কোৱা হৈছে।

২০১৮ চনৰ ২০ ফেব্ৰুৱাৰীত দ্য গাৰ্ডিয়ানে জাকাৰ্টাৰ পৰা প্ৰায় ১,৯০০ কিলোমিটাৰ উত্তৰ-পশ্চিমত অৱস্থিত মাউণ্ট চিনাবুঙৰ উদগীৰণৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছিল ইয়াক সেই বছৰৰ আটাইতকৈ ডাঙৰ আগ্নয়গিৰি উদগীৰণ বুলি উল্লেখ কৰিছিল। প্ৰতিবেদনটোত এএফপি/গেটি ইমেজেছৰ বাবে এন্দ্ৰো ৰুচাৰিয়ান্তোৱে তোলা এখন আলোকচিত্ৰ ব্যৱহাৰ কৰা হৈছিল য'ত ভাইৰেল ভিডিঅ'টোত দেখা দৃশ্যৰ দৰে ধোঁৱাৰ ডাৱৰ আৰু একেধৰণৰ লেণ্ডস্কেপ দেখা যায়।

২০১৮ চনৰ ফেব্ৰুৱাৰীত মাউণ্ট চিনাবুং উদগীৰণৰ পিছত তোলা আলোকচিত্ৰ। (উৎস: দ্য গাৰ্ডিয়ান/স্ক্ৰীণশ্বট)

আমি এইটোও দেখিলোঁ যে উক্ত ভিডিঅ’টো ইয়াৰ পূৰ্বেও মাউণ্ট মেৰাপিৰ আগ্নেয়গিৰি উদগীৰণৰ ভিডিঅ’ হিচাপে ভাইৰেল হৈছিল। যোৱা মাৰ্চ মাহত মেৰাপিত সংঘটিত আগ্নেয়গিৰি উদগীৰণৰ সৈতে ভিডিঅ’টোক জড়িত কৰা এটা দাবীক এএফপিয়ে খণ্ডন কৰিছিল। উল্লেখযোগ্য যে ইণ্ডোনেছিয়াত ১২৯টা সক্ৰিয় আগ্নেয়গিৰি আছে, ইয়াৰে অন্যতম মাউণ্ট মেৰাপিত পূৰ্বেও আগ্নেয়গিৰি উদগীৰণ ঘটিছে।

সিদ্ধান্ত

২০১৮ চনৰ ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰনেটত উপলব্ধ ভাইৰেল ভিডিঅ'টোত  ইণ্ডোনেছিয়াৰ মাউণ্ট চিনাবুঙৰ আগ্নেয়গিৰি উদগীৰণ দেখা গৈছে। ভিডিঅ'টো মাউণ্ট মেৰাপিৰ উদগীৰণৰ সৈতে মিছাকৈ সংযুক্ত কৰা হৈছে। সেয়েহে, আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।