পশ্চিমবংগৰ সন্দেশখালিত হিন্দু মহিলাৰ ওপৰত সাম্প্ৰদায়িক আক্ৰমণ বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত

লেখক: এনেট প্ৰীতি ফুৰ্টাডো
ফেব্ৰুৱাৰী 22 2024

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
পশ্চিমবংগৰ সন্দেশখালিত হিন্দু মহিলাৰ ওপৰত সাম্প্ৰদায়িক আক্ৰমণ বুলি পুৰণি ভিডিঅ’ প্ৰচাৰিত

পশ্চিমবংগৰ সন্দেশখালিত কেমেৰাৰ সন্মুখত এগৰাকী মহিলাক আক্ৰমণ চলোৱা বুলি দাবী কৰা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

২০১৮ চনৰ এই ভিডিঅ’টোত এগৰাকী বিজেপি কৰ্মীক টিএমচিৰ দলৰ এজন নেতাই আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল। সন্দেশখালিৰ শেহতীয়া পৰিস্থিতিৰ সৈতে ইয়াৰ সম্পৰ্ক নাই।

ক্লেইম আইডি cad3b78c

কি দাবী কৰা হৈছে?

বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত চলি থকা ৰাজনৈতিক সংঘাতক কেন্দ্ৰ কৰি পশ্চিমবংগৰ সন্দেশখালি গাঁওখনে যোৱা জানুৱাৰী মাহৰ আৰম্ভণিৰে পৰা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। সদ্যহতে অব্যাহত থকা এই উত্তেজনাময় পৰিস্থিতিৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত সাংবাদিকৰ কেমেৰাৰ সন্মুখত কথা কৈ থকা অৱস্থাত এগৰাকী মহিলাক এজন লোকে আহি উপৰ্যুপৰি আক্ৰমণ কৰা দেখা গৈছে।

ছয় ছেকেণ্ডৰ ভাইৰেল ভিডিঅ’টোত এটা নিউজ চেনেলত সাক্ষাৎকাৰ দি থকাৰ সময়তে এগৰাকী মহিলাক আক্ৰমণ কৰা দেখা যায়। ক্লিপটো শেষ হোৱাৰ ঠিক আগে আগে নীলা চাৰ্ট পৰিহিত আৰু হাতত লাঠি লৈ থকা এজন মানুহে কেমেৰাৰ পিছফালৰ পৰা আহি মহিলাগৰাকীক গঁতা মাৰি মাটিত বগৰাই দিয়ে।

এক্সত ভিডিঅ’টো সন্দেশখালিৰ বুলি দাবী কৰি সাম্প্ৰদায়িক কেপচনৰ সৈতে শ্বেয়াৰ কৰা হৈছে আৰু কোৱা হৈছে যে গাওঁখনত হিন্দু মহিলাসকলৰ ওপৰত মুছলমানে চলাই অহা যৌন নিৰ্যাতনৰ সম্পৰ্কে মাত মাতিবলৈ দিয়া নহয়। এনে পোষ্টৰ আৰ্কাইভ কৰা লিংক ইয়াত আৰু ইয়াত চাব পাৰিব ৷ এনে এটা পোষ্টে প্ৰায় ৬১ হাজাৰৰো অধিক ভিউ লাভ কৰিছে।

ভাইৰেল এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/ স্ক্ৰীণশ্বট/ লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

একেটা ভিডিঅ’ ফেচবুকতো (ইয়াত আৰু ইয়াত আৰ্কাইভ কৰা হৈছে) একেধৰণৰ দাবীৰে শ্বেয়াৰ কৰা হৈছে। আনহাতে, একেধৰণৰ দাবী কৰা এটা অসমীয়া ফেচবুক পোষ্টত ভাইৰেল ভিডিঅ’টোৰ সৈতে একেলগে সন্দেশখালিৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰস্তুত কৰা তিনিটা ভিডিঅ’ প্ৰতিবেদনৰ ক্লিপ শ্বেয়াৰ কৰা হৈছে। আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত চাব পাৰিব।

উল্লেখযোগ্য যে ৰেচন বিতৰণৰ এক কেইবা কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ উঠা তৃণমূল কংগ্ৰেছৰ নেতা শ্বাহজাহান শ্বেইখৰ বাসগৃহত যোৱা ৫ জানুৱাৰীত আইন বলবৎকাৰী সঞ্চালকালয় (ইডি)ৰ এটা দলে অভিযান চলোৱাৰ পিছৰে পৰা বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ সন্দেশখালি অঞ্চলত উত্তেজনাই বিৰাজ কৰি আছে। ইডিৰ অভিযানৰ পিছৰে পৰা পলায়ন কৰি থকা শ্বেইখ আৰু তেওঁৰ সহযোগীসকলে হিংসাত্মক কাৰ্যকলাপ আৰু যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত কৰি আহিছিল বুলি অভিযোগ তুলি ইয়াৰ প্ৰতিবাদত যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা গাঁওখনত ব্যাপক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

এনে পৰিস্থিতিৰ মাজতে সুন্দৰবনৰ এই গাঁওখনক কেন্দ্ৰ কৰি টিএমচি আৰু বিজেপিৰ মাজত ৰাজনৈতিক সংঘাতে এতিয়া তুংগত স্পৰ্শ কৰিছে। 

অৱশ্যে, ভাইৰেল ভিডিঅ’ ২০১৮ চনৰে হয়, আৰু ইয়াত এটা ৰাজনৈতিক ধৰ্মঘটৰ সময়ত এগৰাকী মহিলাৰ ওপৰত হোৱা আক্ৰমণৰ দৃশ্যহে দেখা গৈছে। 

আমি কি বিচাৰি পালোঁ?

ভাইৰেল ভিডিঅ’টোৰ কীফ্ৰেমত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১৮ চনৰ ৩০ ছেপ্টেম্বৰত কেয়া ঘোষ নামৰ এগৰাকী ব্যৱহাৰকাৰীয়ে, যি তেওঁৰ বায়’ত নিজকে পশ্চিমবংগ বিজেপিৰ মিডিয়া গোটৰ কৰ্মী হিচাপে পৰিচয় দিছে, শ্বেয়াৰ কৰা এটা পোষ্ট লাভ কৰোঁ। একেটা ভিডিঅ’ শ্বেয়াৰ কৰা উক্ত পোষ্টটোত দাবী কৰা মতে, ভিডিঅ’টোত দেখা নিলিমা দে সৰকাৰ নামৰ মহিলাগৰাকীক আৰছাদুজ্জামান নামৰ তৃণমূল কংগ্ৰেছৰ এজন নেতাই আক্ৰণ কৰিছিল। তেওঁ লগতে মহিলাগৰাকীয়ে তেওঁৰ ওপৰত চলা আক্ৰমণৰ কথা কেমেৰাৰ আগত কৈ থকাৰ সময়তে আৰছাদুজ্জামানৰ সহযোগী কুতুবুদ্দিনে সৰকাৰক মুকলিকৈ প্ৰহাৰ কৰে বুলিও অভিযোগ কৰে।

(উৎস: এক্স)

২০১৮ চনৰ অক্টোবত এনডিটিভিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত ভাইৰেল ভিডিঅ'টোত বন্দী হোৱা কাণ্ডৰ বিশদ বিৱৰণ দিয়া হৈছিল। প্ৰতিবেদনটোত উল্লেখ কৰা হৈছিল যে, অভিযোগ অনুসৰি ২০১৮ চনৰ ২৬ ছেপ্টেম্বৰত সংঘটিত উক্ত ঘটনাত টিএমচিৰ কিছু স্থানীয় নেতাই বাৰাছাটত দুবাৰকৈ পৃথকে পৃথকে বিজেপি কৰ্মী দে সৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। এনডিটিভিয়ে লগতে কয় যে নীলা চাৰ্ট পিন্ধা লোকজনক বিজেপিয়ে সৰকাৰ উপাধিৰ মহিলাগৰাকীক পোনপ্ৰথমে আক্ৰমণ কৰা আৰছাদুজ্জামানৰ সহায়ক কুতুবুদ্দিন বুলি চিনাক্ত কৰিছিল। প্ৰতিবেদনটোত মহিলাগৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ দুয়োটা ঘটনাৰ ভিজুৱেল দেখুওৱা ভিডিঅ’ প্ৰতিবেদনো সংযোজন কৰা হৈছিল। উক্ত ভিজুৱেলসমূহত ভাইৰেল ভিডিঅ’টোৰ দৃশ্য দেখা যায়। 

প্ৰথমটো আক্ৰমণৰ সময়ত, যিটোৰ ভিডিঅ’ কেমেৰাত আৱদ্ধ কৰা হৈছিল, দে সৰকাৰে আক্ৰমণকাৰীৰ প্ৰহাৰৰ পৰা নিজকে বচাবলৈ চেষ্টা চলাইছিল যদিও তেওঁক গোৰ মাৰি পথত বগৰাই দিয়া হৈছিল, যাৰ বাবে আৰক্ষীয়ে আহি হস্তক্ষেপ কৰিবলগীয়া হয়।

দ্বিতীয়টো ঘটনাত, মহিলাগৰাকীক এজন সাংবাদিকে প্ৰশ্ন কৰি থকাৰ সময়তে তেওঁৰ পুনৰ আক্ৰমণৰ বলি হোৱা দেখা যায়। তৃণমূল কংগ্ৰেছৰ বুলি অভিযোগ উঠা এজন নেতাই দে সৰকাৰৰ ওপৰত আক্ৰমণ কৰি তেওঁক মাটিত বগৰাই দিয়া উক্ত দৃশ্য কেমেৰাত আৱদ্ধ হৈ ৰৈছিল। ভাইৰেল ভিডিঅ’টোত দেখুওৱা দৃশ্যটো এনডিটিভিৰ ভিডিঅ’টোৰ ০:২৮ৰ পৰা ০:৩৪ টাইমষ্টেম্পৰ অংশখিনিৰ সৈতে মিলে।

২০১৮ চনৰ এনডিটিভিৰ বাতৰিৰ স্ক্ৰীণশ্বট য’ত এতিয়া ভাইৰেল হোৱা ক্লিপটোৰ ভিজুৱেল দেখা যায়। (উৎস: এনডিটিভি)

২০১৮ চনত কি হৈছিল?

২০১৮ চনৰ ২৬ ছেপ্টেম্বৰত উত্তৰ দিনাজপুৰ জিলাৰ ইছলামপুৰত উৰ্দু শিক্ষক নিযুক্তিক লৈ হোৱা এক সংঘৰ্ষৰ সময়ত ৰাজেশ সৰকাৰ আৰু তাপস বৰ্মন নামৰ দুজন ছাত্ৰৰ মৃত্যুৰ প্ৰতিবাদত বিজেপিয়ে বংগ বন্ধ (বংগত ৰাজ্যব্যাপী ধৰ্মঘট)ৰ আহ্বান জনাইছিল। উক্ত ধৰ্মঘটৰ অংশ হিচাপে কলকাতাৰ পৰা কিছু দূৰৈৰ বাৰাছাটত চলোৱা ৰেল অৱৰোধত দে সৰকাৰ উপাধিৰ মহিলাগৰাকীৰ লগতে বিজেপি একাধিক সমৰ্থকে অংশগ্ৰহণ কৰিছিল। খবৰ অনুসৰি স্থানীয় পঞ্চায়ত মুৰব্বী আৰছাদুজ্জামানৰ নেতৃত্বত ধৰ্মঘটৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা তৃণমূল কংগ্ৰেছৰ কৰ্মী আৰু সমৰ্থকে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায়।

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি, ঘটনাৰ মাত্ৰ এসপ্তাহ পূৰ্বে বিজেপিত যোগদান কৰা দে সৰকাৰে আক্ৰমণৰ পাঁচ দিনৰ পাছত বাৰাছাটৰ স্থানীয় আদালতলৈ গৈ অভিযোগ দাখিল কৰে। কাকতখনৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁৰ স্বামীয়ে অভিযোগ আনে যে তেওঁক লাঠিৰে প্ৰহাৰ কৰা হৈছিল, যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। 

হিন্দুস্তান টাইমছেও দে সৰকাৰে আন এজন লোকক আক্ৰমণৰ পৰা বচাবলৈ যাওঁতে তেওঁক প্ৰহাৰ কৰা হৈছিল বুলি বাতৰি প্ৰকাশ কৰিছিল।

আটাইবোৰ বাতৰিয়ে দে সৰকাৰক টিএমচিৰ দলৰ এজন কৰ্মীয়ে প্ৰহাৰ কৰা বুলি উল্লেখ কৰিছিল যদিও কোনো এটা বাতৰিতে যৌন নিৰ্যাতনৰ কোনো কথা উল্লেখ কৰা হোৱা নাই। তদুপৰি, এই ঘটনাটো ২০১৮ চনতে সংঘটিত হৈছিল আৰু ছ’চিয়েল মিডিয়াত দাবী কৰা ধৰণে সন্দেশখালিত ঘটা নাছিল।

সিদ্ধান্ত

কলকাতাৰ সমীপৰ বাৰাছাটত ২০১৮ চনৰ ছেপ্টেম্বৰত এগৰাকী বিজেপি কৰ্মীৰ ওপৰত চলা এটা পুৰণি আক্ৰমণৰ ভিডিঅ’ সন্দেশখালিৰ শেহতীয়া পৰিস্থিতিৰ সৈতে মিছাকৈ সম্পৰ্কিত কৰি প্ৰচাৰ কৰা হৈছে। সেয়েহে আমি দাবীটোক মিছা বুলি চিহ্নিত কৰিছো।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।