২০২১ চনৰ আফগানিস্তানৰ ফটো যুদ্ধবিধ্বস্ত গাজাৰ খালী শ্ৰেণীকোঠা হিচাপে শ্বেয়াৰ কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ডিচেম্বৰ 22 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
২০২১ চনৰ আফগানিস্তানৰ ফটো যুদ্ধবিধ্বস্ত গাজাৰ খালী শ্ৰেণীকোঠা হিচাপে শ্বেয়াৰ কৰা হৈছে

ইজৰাইল-হামাছৰ যুদ্ধৰ মাজত ছ'চিয়েল মিডিয়াত গাজাৰ শ্ৰেণীকোঠা বুলি আফগানিস্তানৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰিছে। (উৎস: ইনষ্টাগ্ৰাম/ফেচবুক/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ফেক্ট চেক

ৰায়দান মিছা

ভাইৰেল ফটোখনত ২০২১ চনত বোমা আক্ৰমণ সংঘটিত কাবুলৰ এখন বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা দেখা গৈছে। গাজাৰ শেহতীয়া সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ক্লেইম আইডি ba7e6d41

কি দাবী কৰা হৈছে?

এটা খালী শ্ৰেণীকোঠাৰ ভিতৰত এগৰাকী বোৰ্খা পিন্ধা মহিলাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, ফটোখনত শ্ৰেণীকোঠাটোত থকা ডেস্কসমূহত ফুলৰ থোপা থৈ দিয়া দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰা সকলে এইখন যোৱা দুমাহ ধৰি যুদ্ধ চলি থকা গাজাৰ এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ফটো বুলি দাবী কৰিছে। 

ফটোখন ফেচবুকত শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছিল: "গাজাৰ এখন বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা....শ্বহীদ হৈছে সকলো ছাত্ৰ-ছাত্ৰী। যি সময়ত শিক্ষয়িত্ৰীগৰাকীয়ে ফুল দি নিজৰ ছাত্ৰ-ছাত্ৰীক স্মৰণ কৰি আছে। মনত ৰাখিব গাজাত ২০২৩-২০২৪ শিক্ষাবৰ্ষ বাতিল কৰা হৈছে। কাৰণ প্ৰায় সকলো শিশু শ্বহীদ হৈছে।’’ ইয়াত আৰ্কাইভ কৰা হৈছে।

এগৰাকী ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে ফটোখন আৰবী কেপচনৰ সৈতে শ্বেয়াৰ কৰিছে, যাৰ অসমীয়া অনুবাদ হৈছে, "গাজাৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে প্ৰমাণপত্ৰ লাভ কৰিছে অভিনন্দন, গাজাৰ ছাত্ৰ-ছাত্ৰী আৰু গাজাৰ মাতৃসকল। (sic)"

ভাইৰেল ফটোখন শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ইনষ্টাগ্ৰাম/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

উল্লেখযোগ্য যে, যোৱা অক্টোবৰত আৰম্ভ হোৱা ইজৰাইল-হামাছ সংঘৰ্ষত এতিয়ালৈকে গাজাত কমেও ২০,০০০ পেলেষ্টাইনী নিহত হোৱা বুলি জানিব পৰা গৈছে। আল জাজিৰাৰ মতে, এই সময়ছোৱাত ইজৰাইলী বাহিনীয়ে গাজাত ৬,৬০০ তকৈও অধিক শিশুক হত্যা কৰিছে। ইজৰাইলৰ নিৰন্তৰ বোমা বিস্ফোৰণ আৰু বিমান আক্ৰমণৰ মাজতে নৱেম্বৰত গাজাৰ শিক্ষা মন্ত্ৰালয়ে ২০২৩-২০২৪ শিক্ষাবৰ্ষ স্থগিত কৰে বুলি জানিব পৰা গৈছে। 

অৱশ্যে, এইখন গাজাৰ ফটো নহয় আৰু শেহতীয়া ইজৰাইল-হামাছৰ যুদ্ধই বিধ্বস্ত কৰা ঠাইখনৰ শিশু তথা ছাত্ৰ-ছাত্ৰীসকলৰ দুৰ্দশাৰ ছবি ফটোখনে তুলি ধৰা নাই। ফটোখন প্ৰকৃততে ২০২১ চনত তোলা হৈছিল, আৰু ইয়াত বোমা আক্ৰমণ চলা আফগানিস্তানৰ এখন বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা দেখুওৱা হৈছে।

আমি কি বিচাৰি পালোঁ?

আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০২১ চনৰ ৭ ছেপ্টেম্বৰত ‘হিউমেন ৰাইটছ ৱাচ’ত প্ৰকাশিত এটা প্ৰতিবদেন লাভ কৰিলোঁ। "আফগানিস্তানৰ স্কুলত বিস্ফোৰক অস্ত্ৰৰ আক্ৰমণ বৃদ্ধি" শীৰ্ষক প্ৰবন্ধটোত একেখন ভাইৰেল ফটো ব্যৱহাৰ কৰা হৈছিল। এই ফটোখনৰ কৃতিত্ব এ পি ফটোৰ ৰহমত গুলক দিয়া হৈছে আৰু ২০২১ চনৰ ১৬ মে’ত গ্ৰহণ কৰা ফটোখনৰ কেপচনত লিখা আছিল- "২০২১ চনৰ ৮ মে'ত কাবুলৰ ছৈয়দ উল-ছুহাদা বালিকা বিদ্যালয়ত সংঘটিত নিৰ্মম বোমা বিস্ফোৰণত নিহতসকলৰ মাজৰ এগৰাকী স্কুলীয়া ছোৱালীৰ মাতৃয়ে নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে খালী ডেস্কত ফুলৰ থোপা থৈ দিয়া এটা শ্ৰেণীকোঠাৰ ভিতৰত থিয় হৈ আছে।"

২০২১ চনৰ ১৬ মে'ত কাবুলত এ পি ফটোৰ বাবে ৰহমত গুলে তোলা মূল ফটোখনৰ স্ক্ৰীণশ্বট। (উৎস: হিউমেন ৰাইটছ ৱাচ/এপি ফটো/স্ক্ৰীণশ্বট)

আমি এ পি ফটোত এনে আৰু ফটো আছে নেকি সেয়া বিচাৰি চাইছিলো আৰু ৰহমত গুলে কেমেৰাত আৱদ্ধ কৰা একেটা শ্ৰেণীকোঠাৰ একেধৰণৰ কিছু ফটো লাভ কৰিলোঁ। ফটোসমূহত থকা কেপচন অনুসৰি আটাইকেইখন ফটো ২০২১ চনৰ  ৮ মে’ত ছৈয়দ অল-ছাহদা স্কুলত সংঘটিত নৃশংস বোমা বিস্ফোৰণত নিহতসকলক ১৬ মে’ৰ দিনা বিদ্য়ালয়ৰ ছাত্ৰী আৰু অভিভাৱকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত লোৱা হৈছিল।

এ পি ফটোৱে শ্বেয়াৰ কৰা ২০২১ চনৰ ১৬ মে’ত কাবুলৰ শ্ৰেণীকোঠাটো দেখুওৱা ফটোসমূহৰ স্ক্ৰীণশ্বট।(উৎস: এ পি ফটো/স্ক্ৰীণশ্বট)

ৰয়টাৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০২১ চনৰ ৮ মে’ত আফগানিস্তানৰ ৰাজধানী চহৰখনৰ এখন বিদ্যালয়ৰ বাহিৰত গাড়ী বোমা আৰু মৰ্টাৰৰ জৰিয়তে সংঘটিত বিস্ফোৰণত কমেও ৫৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫০ জনতকৈ অধিক আহত হৈছিল, আৰু ইয়াৰ বেছিভাগেই স্কুলীয়া ছাত্ৰী আছিল। প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে তেতিয়াৰ আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানীয়ে এই আক্ৰমণৰ বাবে তালিবান বিদ্ৰোহীক দোষাৰোপ কৰিছিল। 

সিদ্ধান্ত

ভাইৰেল ফটোখন ২০২১ চনৰ হয় আৰু গাজাত চলি থকা সংঘৰ্ষৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। ইয়াত এটা শ্ৰেণীকোঠা দেখুওৱা হৈছে য’ত আফগানিস্তানৰ কাবুলত এখন বিদ্য়ালয়ত সংঘটিত বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ডেস্কত ফুলৰ থোপা ৰখা হৈছে। সেয়েহে আমি এই দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।