অসমৰ এক চিকিৎসক নিযুক্তিৰ ৬৪ শতাংশই মুছলমান ধৰ্মাৱলম্বী লোক বুলি মিছা দাবী কৰা হৈছে

লেখক: চন্দন বৰগোহাঁই
ছেপ্তেম্বৰ 11 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
অসমৰ এক চিকিৎসক নিযুক্তিৰ ৬৪ শতাংশই মুছলমান ধৰ্মাৱলম্বী লোক বুলি মিছা দাবী কৰা হৈছে

অসমৰ এক চিকিৎসক নিযুক্তিৰ ৬৪ শতাংশই মুছলমান ধৰ্মাৱলম্বী লোক বুলি মিছা দাবী কৰা এক্স পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: X/PIB_News)

ফেক্ট চেক

ৰায়দান False

নিযুক্তি পোৱা ৫৫ গৰাকী চিকিৎসকৰ বদলিৰ বাবে জাৰি কৰা নিৰ্দেশক ভুল ব্যাখ্যা কৰা হৈছে । নিযুক্তি পোৱাসকলৰ মাত্ৰ ৩৪ শতাংশ হে মুছলমান ধৰ্মাৱলম্বী হয়।

ক্লেইম আইডি 9c8d8a10

পৃষ্ঠভূমি

যোৱা কেইবছৰমানৰ পৰা উত্তৰ-পূব ভাৰতৰ ৰাজ্য অসমত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পাইছে, য’ত জাতি-জনগোষ্ঠী আৰু ভূমিৰ বাবে ঐতিহাসিকভাৱে অধিকাংশ সংঘৰ্ষৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা সাম্প্ৰদায়িক ভাৱ থকা বিভিন্ন বিভ্ৰান্তিকৰ দাবীয়ে ৰাজ্যখনৰ বিভিন্ন গোটৰ মাজত প্ৰায়ে উত্তেজনা জগাই আহিছে। অসমৰ নৱনিযুক্ত চৰকাৰী চিকিৎসকৰ অধিকাংশই ধৰ্মীয় সংখ্যালঘু বুলি দাবী কৰা তেনে এটা ছ’চিয়েল মিডিয়া পোষ্ট কেইবাটাও অনলাইন প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। চৰকাৰী অধিসূচনাৰ ফটো সন্নিবিষ্ট কৰা এই পোষ্টটো একাধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰি চিকিৎসকসকলৰ নিযুক্তি অসম লোকসেৱা আয়োগে কৰা বুলি দাবী কৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে নিযুক্তি পোৱা ৫৫ জন চিকিৎসকৰ তালিকা অন্তৰ্ভুক্ত কৰা এই জাননীখনৰ ফটো শ্বেয়াৰ কৰি দাবী কৰিছে যে মুঠৰ প্ৰায় ৬৪ শতাংশ কমেও ৩৫ জন চিকিৎসক মুছলমান। প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ অফিচিয়েল একাউণ্টৰ অনুকৰণ কৰা যেন লগা এটা একাউণ্টেও এই দাবী শ্বেয়াৰ কৰিছিল।

সংসদ সদস্য তথা অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুৰব্বী বদৰুদ্দিন আজমলৰ এক ভিডিঅ’ প্ৰকাশ পোৱাৰ পিছতে এই দাবী ভাইৰেল হৈ পৰিছিল। বিভিন্ন অসমীয়া নিউজ পৰ্টেলেও শ্বেয়াৰ কৰা ভিডিঅ’টোত 'ৰাজ্য চৰকাৰৰ অধীনত অসমত মুছলমান যুৱকক চাকৰিৰ পৰা বঞ্চিত কৰা হৈছে' বুলি আজমলে কোৱা শুনা যায়। ভাইৰেল দাবীৰ সৈতে এটা ফেচবুক পোষ্ট (মূলতঃ অসমীয়াত লিখা)ত লিখা আছিল- "এপিএছচিয়ে নিযুক্তি দিয়া ৫৫ জন চিকিৎসকৰ ভিতৰত ৩৫ জন ধৰ্মীয় সংখ্যালঘু। আমি কেৱল আন্দোলন কৰিবলৈ শিকিলো।" চিকিৎসকৰ তালিকাৰ সমান্তৰালকৈ এই পোষ্টটোত এটা অসমীয়া সংবাদ প্ৰতিষ্ঠানৰ গ্রাফিকছও শ্বেয়াৰ কৰা হৈছে৷ আজমলৰ ফটো থকা গ্রাফিকছটোত উল্লেখ কৰা হৈছে যে সাংসদগৰাকীয়ে মুছলমান প্রার্থীক চৰকাৰে চাকৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল ৷

প্ৰকৃত তথ্য

এই দাবীৰ সৈতে ভাইৰেল হোৱা আনুষ্ঠানিক অধিসূচনাখন অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে প্ৰকাশ কৰা এক নিৰ্দেশহে হয়, এ পি এছ চিৰ নহয় । উক্ত অধিসূচনাখনত ৫৫টা নাম তালিকাভুক্ত কৰা হৈছে যদিও ইয়াৰে ৩৫টা মুছলমান সম্প্ৰদায়ৰ বুলি ধৰি ল’ব পাৰি (তালিকাখনত উল্লেখ কৰা ব্যক্তিসকলৰ উপাধিৰ ভিত্তিত কৰা ধাৰণা)। অধিসূচনাখন ভালদৰে চালে দেখা যায় যে এইখন আচলতে বদলি হবলগীয়া চিকিৎসকৰ তালিকাহে, নিযুক্তিৰ তালিকা নহয়। তালিকাখনত “চিকিৎসকৰ নাম” কলামৰ সোঁফালে আৰু দুটা স্তম্ভ আছে যিয়ে "নিযুক্তিৰ সময়ত পোষ্ট কৰা ঠাই" আৰু "পোষ্ট কৰাৰ পৰিৱৰ্তিত স্থান" সূচায়। তালিকাখনৰ পূৰ্বে থকা লিখনী অনুসৰি, ২০২৩ চনৰ ১৯ জানুৱাৰীত জাৰি কৰা এক অধিসূচনাত উল্লেখ কৰা মূল পোষ্টিঙৰ পৰা ৫৫ জন চিকিৎসকৰ পোষ্টিঙৰ স্থান সংশোধন বা সলনি কৰিবলৈ, ২০২৩ চনৰ ২৩ ফেব্ৰুৱাৰীত এই নিৰ্দেশ জাৰি কৰা হৈছিল। 

'লজিকেলী ফেক্টছ'য়ে জানিব পাৰিলে যে ১৯ জানুৱাৰীত জাৰি কৰা আদেশত ২৩ ফেব্ৰুৱাৰীৰ অধিসূচনাখনত উল্লেখ কৰা ৫৫ জন চিকিৎসককে ধৰি ৫৪১ জন নতুনকৈ নিযুক্তি পোৱা চিকিৎসকৰ নাম উল্লেখ কৰা হৈছে। ৫৪১ জন চিকিৎসকৰ নামৰ ক্ষন্তেকীয়া অধ্যয়নৰ অন্তত আমি দেখিলোঁ যে ইয়াৰে কমেও ১৮৩ জন সংখ্যালঘু সম্প্ৰদায়ৰ হ’ব পাৰে (আকৌ, উপাধিৰ ওপৰত ভিত্তি কৰি কৰা এটা ধাৰণা)। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে নিযুক্তি দিয়া চিকিৎসকৰ প্ৰায় ৩৪ শতাংশহে মুছলমান হ’ব পাৰে। ২০১১ চনৰ লোকপিয়লৰ হিচাপত অসমৰ মুছলমানৰ জনসংখ্যা প্ৰায় ৩৪.২২ শতাংশ বুলি অনুমান কৰা হৈছে। মন কৰিবলগীয়া যে ভাৰতে এতিয়ালৈকে ধৰ্মৰ ওপৰত ভিত্তি কৰি চৰকাৰী চাকৰিৰ বাবে আসন সংৰক্ষণ বা সঁহাৰিমূলক ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰা নাই।

সিদ্ধান্ত

এটা ভাইৰেল দাবীয়ে এক নিয়মীয়া বদলিৰ আদেশক ভুল ব্যাখ্যা কৰি অসমৰ এক চিকিৎসক নিযুক্তিৰ ৬৪ শতাংশই মুছলমান বুলি দাবী কৰা হৈছে । মূল নিযুক্তি নিৰ্দেশনাত দেখা গৈছে যে নিযুক্তিপ্ৰাপ্তসকলৰ মাত্ৰ ৩৪ শতাংশহে সংখ্যালঘু সম্প্ৰদায়ৰ। গতিকে আমি এই দাবীক মিছা বুলি চিহ্নিত কৰিছোঁ।

(অনুবাদ: চন্দন বৰগোহাঁই)

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।