নাছাই মঙ্গল গ্ৰহলৈ একমুখী অভিযানৰ বাবে ২০-বছৰীয়া এলিছা কাৰ্ছনক বাছনি কৰা নাই

লেখক: অনুৰাগ বৰুৱা
ফেব্ৰুৱাৰী 28 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
 নাছাই মঙ্গল গ্ৰহলৈ একমুখী অভিযানৰ বাবে ২০-বছৰীয়া এলিছা কাৰ্ছনক বাছনি কৰা নাই

ফেক্ট চেক

ৰায়দান মিছা

কাৰ্ছনে মঙ্গল গ্ৰহত ভৰি দিয়া প্ৰথম গৰাকী ব্যক্তি হ’ব খোজাটো সত্য যদিও নাছাই তেওঁক গ্ৰহটোলৈ একমুখী অভিযানৰ বাবে বাছনি কৰা নাই ।

ক্লেইম আইডি da1f8f88

পৃষ্ঠভূমি

এলিছা কাৰ্ছন নামৰ এগৰাকী ২০ বছৰীয়া মহিলাক নাছাই ২০২৩ চনৰ মাৰ্চত হবলগীয়া এক মঙল গ্ৰহ অভিমুখী একমুখী অভিযানৰ বাবে প্ৰথম গৰাকী ব্যক্তি হিচাপে নিৰ্বাচিত কৰা বুলি বিভিন্নজনে ফেচবুকত পোষ্ট কৰা দেখা গৈছে । আমি দেখিবলৈ পাইছো যে ভাৰতত অসমীয়া, বেংগলী ইত্যাদি ভাষাত বৰ্তমান ইয়াক লৈ চৰ্চা চলিছে যদিও ইংৰাজীত ২০২১ চনৰ মে’ মাহৰ পৰাই উক্ত দাবীটো প্ৰচাৰ হৈ আছিল ।

ফেব্ৰুৱাৰীত আপলোড কৰা একাধিক ফেচবুক পোষ্ট আমাৰ চকুত পৰিল য’ত কোৱা হৈছে যে কাৰ্ছনৰ মাত্ৰ ৯ বছৰ বয়সতে নাছাই তেওঁক মঙল গ্ৰহ অভিমুখী এক অভিযানৰ বাবে প্ৰথম গৰাকী ব্যক্তি হিচাপে নিৰ্বাচিত কৰিছিল । পোষ্টসমূহত লগতে এইবুলিও দাবী কৰা হৈছে যে যিহেতু এইয়া এক একমুখী যাত্ৰা হ’ব, গতিকে নাছাৰ অনুৰোধ ৰক্ষা কৰি তেওঁ কোনো সম্বন্ধ গঢ়ি নুঠে বুলি সন্মতি প্ৰকাশ কৰি এক চুক্তি স্বাক্ষৰ কৰিছে ।

অৱশ্যে, এইয়া এক মিছা দাবী আৰু নাছাই এনে কোনোধৰণৰ বাছনি কৰা নাই ।

প্ৰকৃত তথ্য

আমি ভাইৰেল ফটোখন লৈ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁ আৰু ২০২০ চনত বিজনেছ ইনচাইডাৰত প্ৰকাশিত এক প্ৰতিবেদন বিচাৰি পালোঁ য’ত কাৰ্ছনে তেওঁৰ মঙ্গল গ্ৰহলৈ যাত্ৰা কৰাৰ সপোনৰ কথা ব্যক্ত কৰিছিল । ভাইৰেল ফটোখন বাতৰিটোত সন্নিৱিষ্ট আছে আৰু ফটোখনৰ ক্ৰেডিতত তেওঁৰ দেউতাক বাৰ্ট কাৰ্ছনৰ নাম লিখা আছে। এলিছা কাৰ্ছনৰ লিংকডিন প্ৰফাইল আৰু ৱিকিপিডিয়া পেজত তেওঁক লুইজিয়ানাৰ বাসিন্দা আৰু ফ্ল'ৰিডা ইনষ্টিটিউট অৱ টেকন'লজিত অধ্যয়ন কৰি থকা বুলি দেখুওৱা হৈছে।

কাৰ্ছনৰ ৱেবছাইট Nasablueberry.com-ত উল্লেখ কৰা মতে তেওঁ তিনি বছৰ বয়সৰ পৰাই মহাকাশচাৰী হোৱা আৰু মঙ্গল গ্ৰহলৈ যোৱাৰ লক্ষ্য পুহি ৰাখিছে । ৱেবছাইটটোত লগতে কোৱা হৈছে যে বিশ্বৰ তিনিওটা নাছা মহাকাশ শিবিৰত অংশগ্ৰহণ কৰা তেওঁ প্ৰথম গৰাকী ব্যক্তি হয় । তদুপৰি তেওঁ নাছাৰ পাছপৰ্ট কাৰ্যসূচী সম্পূৰ্ণ কৰিছে বুলি ইয়াত কোৱা হৈছে, যাৰ অৰ্থ হ’ল তেওঁ নাছাৰ ১৪টা দৰ্শনাৰ্থী কেন্দ্ৰৰ আটাইকেইটা পৰিদৰ্শন কৰিছে । ৱেবছাইটটোৱে লগতে দাবী কৰে যে ২০২৩ চনত মঙ্গল গ্ৰহত এক মানৱ উপনিবেশ স্থাপনৰ লক্ষ্যৰে এটা ব্যক্তিগত ডাচ্চ সংগঠন Mars One-ক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰদূতসকলৰ ভিতৰত কাৰ্ছনক এগৰাকী এম্বেচাডৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল, কিন্তু নাছাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। অৱশ্যে, নিজৰ ৱেবছাইটত তেওঁ ক'তো দাবী কৰা নাই যে নাছা-ই তেওঁক মঙ্গল গ্ৰহলৈ একমুখী অভিযানৰ বাবে প্ৰথম গৰাকী ব্যক্তি হিচাপে বাছনি কৰিছে ।

ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ Envoy on Youth-ৰ বাবে থকা ৰাষ্ট্ৰসংঘৰ ৱেবছাইটত কাৰ্ছনক তেওঁলোকৰ Sustainable Development Goal (SDG) শীৰ্ষক কাৰ্যসূচীৰ ২০২২ বৰ্ষৰ Cohort of Young Leaders-ৰ এগৰাকী সদস্য হিচাপে উল্লেখ কৰা হৈছে । ৱেবছাইটটোত কাৰ্ছন সম্পৰ্কে লিখা এক টোকাত কোৱা হৈছে যে, ২০১৩ চনত নাছা টিভিত সম্প্ৰচাৰিত ভৱিষ্যতৰ মঙ্গল অভিযানৰ বিষয়ে অনুষ্ঠিত এক আলোচনাত ভাগ ল’বলৈ নাছাই তেওঁক ৱাশ্বিংটন ডিচিৰ MER 10 পেনেলত থাকিবলৈ আমন্ত্ৰণ জনাইছিল। ইয়াতো কাৰ্ছনক মঙ্গল গ্ৰহ অভিযানৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমজন ব্যক্তি হোৱাৰ বিষয়ে একো কোৱা হোৱা নাই।

লজিকেলি-য়ে এলিছাৰ দেউতাক বাৰ্ট কাৰ্ছনৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁ এই কথা নিশ্চিত কৰে যে নাছাৰ দ্বাৰা মঙল গ্ৰহ অভিযানৰ বাবে কাকো বাছনি কৰা হোৱা নাই। অৱশ্যে নাছাৰ বহু কেইগৰাকী মেন্টৰে এলিছাক ৭ বছৰ বয়সৰ পৰাই গাইড কৰি আহিছে বুলি দাবী কৰি তেওঁ কয়, "তাইৰ প্ৰকৃত প্ৰশিক্ষণ নাছা, ESA আৰু CSA-ৰ সৈতে কাম কৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞান প্ৰতিষ্ঠানত ১৫ বছৰ বয়সত আৰম্ভ হৈছিল।"

তদুপৰি কাৰ্ছনৰ সৈতে নাছাৰ যে কোনো আনুষ্ঠানিক সম্পৰ্ক নাই সেই কথা মহাকাশ গৱেষণা প্ৰতিষ্ঠানটোৱে ৰয়টাৰ্ছক অৱগত কৰিছে । "নাছাৰ মূল অভিযান আৰু মহাকাশ অন্বেষণৰ প্ৰচাৰৰ বাবে আমি শিক্ষাৰ্থীসকলৰ সৈতে বিভিন্ন প্ৰকাৰে জড়িত হওঁ, আৰু শিক্ষাৰ্থীসকলক আগ্ৰহী হোৱা দেখি আমি ভাল পাওঁ । কিন্তু, শ্ৰীমতী কাৰ্ছনৰ সৈতে আমাৰ কোনো আনুষ্ঠানিক সম্পৰ্ক নাই," নাছাৰ এগৰাকী মুখপাত্ৰই ২০২১ চনত ৰয়টাৰ্ছক কৈছিল । তদুপৰি, নাছাই তেওঁলোকৰ অভিযানৰ ক্ৰু সদস্যসকলক সদায় ঘৰলৈ ঘূৰাই আনিব বুলিও প্ৰতিষ্ঠানটোৱে ৰয়টাৰ্ছক স্পষ্ট কৰি দিয়ে ।

সিদ্ধান্ত

এলিছা কাৰ্ছনে দীৰ্ঘদিন ধৰি এগৰাকী মহাকাশচাৰী হোৱাৰ লগতে মঙ্গল গ্ৰহত ভৰি দিয়া প্ৰথম গৰাকী ব্যক্তি হোৱাৰ সপোন পুহি ৰাখিছে । অৱশ্যে, ছ'চিয়েল মিডিয়াত বহুতে দাবী কৰাৰ দৰে, নাছাই তেওঁক একমুখী অভিযানৰ বাবে নিৰ্বাচিত কৰা নাই। গতিকে, আমি উক্ত দাবীটো মিছা বুলি চিহ্নিত কৰিছো।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।