'এআই-জেনেৰেটেড' ছবি অযোধ্যাৰ 'নতুন' ৰে’লৱে ষ্টেচনৰ ফটো হিচাপে ভাইৰেল

লেখক: চন্দন বৰগোহাঁই
নৱেম্বৰ 20 2023

শ্বেয়াৰ কৰক: facebook logo twitter logo linkedin logo
'এআই-জেনেৰেটেড' ছবি অযোধ্যাৰ 'নতুন' ৰে’লৱে ষ্টেচনৰ ফটো হিচাপে ভাইৰেল

ফেক্ট চেক

ৰায়দান ভুৱা

এই ভাইৰেল ছবিসমূহ 'এআই ইমেজ-জেনেৰেচন' সঁজুলি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে আৰু ইয়াত অযোধ্যা ৰে’লৱে ষ্টেচনটো দেখুওৱা হোৱা নাই।

ক্লেইম আইডি f3c91a63

কেইবা বছৰ ধৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ থকা অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। জানিব পৰা মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে জানুৱাৰীত মন্দিৰটো উদ্বোধন কৰিব। মন্দিৰটোৰ নিৰ্মাণকাৰ্য  অন্তিম পৰ্যায়ত চলি থকাৰ সমান্তৰালভাৱে অযোধ্যা চহৰৰ আধুনিকীকৰণৰ দিশটোৱে ইন্টাৰনেটত বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।

কি দাবী কৰা হৈছে?

এটা সুদৃশ্য ৰে’লৱে ষ্টেচনৰ দৃশ্য প্ৰদৰ্শন কৰা চাৰিখন ছবি ছ’চিয়েল মিডিয়াত বিভিন্নজনে শ্বেয়াৰ কৰি সেইয়া উত্তৰ প্ৰদেশৰ অযোধ্যা ৰে’লৱে ষ্টেচনৰ বুলি দাবী কৰা দেখা গৈছে। 

এক্স (পূৰ্বৰ টুইটাৰ)ৰ এজন ব্যৱহাৰকাৰীয়ে ৫ নৱেম্বৰত এই ছবিসমূহ শ্বেয়াৰ কৰি কয়, “অযোধ্যা ৰে’লৱে ষ্টেচন//অত্যন্ত ভব্য//জয় শ্ৰী ৰাম।” এই পোষ্টটোৰ এটা আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। 

ভাইৰেল ছবিকেইখন শ্বেয়াৰ কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: এক্স/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

এই ছবিসমূহ ফেচবুকতো শ্বেয়াৰ কৰা হৈছে, কেইবাজনো ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ছবিসমূহৰ এখনত “অযোধ্যা মেট্ৰ’ ষ্টেচন” দেখা গৈছে। তেনে এটা পোষ্টত লিখা আছে, “অযোধ্যা মেট্ৰ’ ষ্টেচনৰ ৰূপ মুকলি হ’ল!//জয় শ্ৰী ৰাম।”

ভাইৰেল ছবি শ্বেয়াৰ কৰা এটা পোষ্টৰ স্ক্ৰীণশ্বট। (উৎস: ফেচবুক/স্ক্ৰীণশ্বট/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

অৱশ্য়ে, এই ছবিসমূহ আৰ্টিফিচিয়েল ইন্টেলিজেন্স (এআই)-ৰ ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে আৰু ইয়াত প্ৰকৃত ৰেলৱে ষ্টেচন বা অযোধ্যাৰ কোনো ‘মেট্ৰ’ ষ্টেচন’ দেখুওৱা হোৱা নাই।

ছবি কেইখন

ভাইৰেল ছবিসমূহৰ এখনত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২৩ চনৰ ২৭ অক্টোবৰত ‘দ্য মধ্য প্ৰদেশ ইণ্ডেক্স’ নামৰ এজন ব্যৱহাৰকাৰীয়ে কৰা এটা এক্স পোষ্ট লাভ কৰোঁ। ব্যৱহাৰকাৰীজনে দাবী কৰা মতে উক্ত ছবিকেইখন এআই টুল ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে আৰু ছবিকেইখনৰ বাবে “@Amarrz” নামৰ এজন ব্যৱহাৰকাৰীক কৃতিত্ব দিয়া হৈছে।

একাউণ্টটোৱে (@Amarrrrz)-ৰ এই ফটোসমূহ ২৭ অক্টোবৰত পোষ্ট কৰিছিল। লজিকেলী ফেক্টছে ছবিসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে @Amarrrrz ৰ সৈতে যোগাযোগ কৰিছে। তেওঁ পৰা এই সন্দৰ্ভত কোনো সঁহাৰি পালে এই লেখাটো আপডেট কৰা হ'ব।

"@MohitGr4" নামৰ এজন এক্স ব্যৱহাৰকাৰীয়ে, যাৰ একাউণ্ট এতিয়া বিলোপ কৰা হৈছে, এস্কেলেটৰ দেখুওৱা ভাইৰেল এআই ছবিখন তেওঁ সৃষ্টি কৰা বুলি দাবী কৰিছে। ইণ্ডিয়া টুডেৰ এক ফেক্ট-চেক প্ৰতিবেদন অনুসৰি, @MohitGr4-এ বিং ইমেজ ক্ৰিয়েটৰ ‘টুল’ ব্যৱহাৰ কৰি এস্কেলেটৰ দেখুওৱা এআই-জেনেৰেটেড ছবিখন সৃষ্টি কৰা বুলি দাবী কৰে।

ছবিকেইখনত থকা দৃশ্যমান ত্ৰুটিসমূহ

তদুপৰি, দুয়োখন ভাইৰেল ছবিতে আমি কিছুমান বিসংগতি থকা মন কৰোঁ:

  • ষ্টেচন (Station)ৰ বানান "ষ্টেটচন" (Stattion) আছে
  • অযোধ্যাক "আয়োহ্ৰ্য" (Ayohrya) আৰু "আয়োৰ্ডহেণ্ডি" (AYORDHANDY) বুলি লিখা আছে 

@Amarrrz নামৰ এক্স একাউণ্টে শ্বেয়াৰ কৰা ছবিবোৰত বানান ভুল আৰু অন্যান্য ত্ৰুটি দেখা যায়। (উৎস: এক্স/@Amarrrz/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত)

ইয়াৰ উপৰি ভাইৰেল ফটো কেইখনৰ এখনত দেখা পোৱা লোকসকল এআই-জেনেৰেটেড বুলি দেখাত গম পোৱা যায়।

ভাইৰেল ছবি এখন ক্ৰপ কৰিলে তাত থকা মানুহৰ চিত্ৰবোৰ যে বাস্তৱিক নহয় সেয়া স্পষ্টকৈ ধৰিব পাৰি। (উৎস: এক্স/@Amarrrz/লজিকেলী ফেক্টছৰ দ্বাৰা পৰিৱৰ্তিত) 

লজিকেলী ফেক্টছে এই ছবিসমূহ কোনো সৃষ্টি কৰিছে সেই কথা নিজাববীয়াকৈ পৰীক্ষা কৰা নাই যদিও এই ছবিসমূহ যে অযোধ্যাৰ ৰে’লৱে ষ্টেচনৰ নহয় সেয়া স্পষ্ট।

অযোধ্যাৰ ৰে’লৱে ষ্টেচনৰ বিষয়ে

২০২৩ চনৰ ১৩ নৱেম্বৰত প্ৰকাশিত ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পুনৰ নিৰ্মাণকাৰ্য চলি থকা ৰে’ল ষ্টেচনটো ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদনটোৰ মতে ভাৰতীয় ৰে'লৱেই ২০২৪ চনৰ ১৫ জানুৱাৰীৰ ভিতৰত ৰে'ল ষ্টেচনটোৰ পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে কাম চলাই আছে। শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ আৰ্হিত ৰে’ল ষ্টেচনটো নিৰ্মাণ কৰা হৈছে বুলিও প্ৰতিবেদনটোত লগতে কোৱা হয়।

২০২৩ চনৰ ২০ জুলাইত ৰে’ল মন্ত্ৰালয়ে এক্সত কৰা এটা পোষ্টত অযোধ্যা ৰে’লৱে ষ্টেচনৰ কেইখনমান প্ৰকৃত ছবি শ্বেয়াৰ কৰিছিল, ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ছবিসমূহৰ উক্ত ফটো কেইখনৰ সৈতে কোনো সাদৃশ্য নাই।

অযোধ্যাত মেট্ৰ’ ষ্টেচন আছে নেকি?

২০২৩ চনৰ ফেব্ৰুৱাৰীত প্ৰকাশিত এটা বাতৰি অনুসৰি উত্তৰ প্ৰদেশ মেট্ৰ’ ৰে’ল নিগমে অযোধ্যা, বাৰাণসী, আৰু মথুৰাত মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু উত্তৰ প্ৰদেশ মেট্ৰ’ ৰে’ল নিগমৰ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া একাউণ্টত ভাইৰেল ছবিসমূহৰ লগত সাদৃশ্য থকা কোনো ফটো বা এনে মেট্ৰ’ ষ্টেচনৰ কোনো তথ্য পোৱা নগ’ল।

সিদ্ধান্ত

এই ভাইৰেল ছবিসমূহ এআই ইমেজ-জেনেৰেচন ‘টুল’ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে আৰু ইয়াত অযোধ্যা ৰেলৱে ষ্টেচনটো দেখুওৱা হোৱা নাই। সেয়েহে এই দাবীটো ভুৱা বুলি চিহ্নিত কৰা হৈছে।

এই ফেক্ট-চেক পঢ়ক

English , অসমীয়া , ಕನ್ನಡ

ফেক্ট-চেক কৰাৰ উদ্দেশ্য়ে আপুনি একোটা দাবী দাখিল কৰিব বিচাৰিব নে আমাৰ সম্পাদকীয় দলৰ সৈতে যোগাযোগ কৰিব বিচাৰিব?

0
গ্ল’বেল ফেক্ট চেকসমূহ সম্পূৰ্ণ হৈছে

আমি আমাৰ জীৱনত সঠিক আৰু অৰ্থপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে তথ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, কিন্তু ইণ্টাৰনেটৰ বৈশিষ্টই এনে যে এতিয়া ভুল তথ্য আগতকৈ ক্ষিপ্ৰতাৰে অধিক মানুহৰ ওচৰলৈ গৈ পায়।